Sunday, September 22, 2013

অনুভূতিৰ চিঠি

মাধুৰীমা ঘৰফলীয়াৰ কলমত
ককাইদেউলৈ চিঠি

মৰমৰ দাদা,
মৰম ল’বি । বৌকো মোৰ মৰম দিবি । আশা কৰো তহঁত দুয়োটাৰে ভাল । মোৰ আৰু জোনৰো ভালেই । গৰমটো গৈছে নহয়....চব ভাল হৈ গৈ আছে ।

দাদা..ঐ...তই চকু দুটা মেলি চিঠিখন পঢ়িছনে । মই জানো নহয় তই অফিচৰ পৰা গৈ সদায় কলমটিয়াই থাক । বৌক চাহ একাপ দিবলৈ ক...অ শুন আক...মই জান মাজে মাজে ভাবো...তোক আগতেই লগ পোৱাহেঁতেন...মোৰ মা তোৰ মা নোহোৱাকৈ হলেও তোক যদি আৰু পোন্ধৰ বছৰ আগত দাদা বুলি ক’বলৈ পালোঁহেঁতেন..তেতিয়া হয়তো এটা নিৰ্দিষ্ট সম্বন্ধৰ প্ৰতি থকা মোৰ তীব্ৰ ঘৃণাখিনি কাহানিবাই শেষ হ’লহেঁতেন । 

তই হয়তো মোৰ কাণ্ডবোৰ দেখি মোক খুব পিটিলিহেতেন । মোক স্পীডত চাইকেল চলোৱা দেখিলে চাইকেলখনকে ভাঙিলি হেতেন ন? আৰু বানপানী হ’লেই যে সোণ আৰু মই ভুৰ বনাবলৈ ভীমকলৰ গছবোৰ কাটি তহিলং কৰো...তই থকা দিলিহেঁতেন জানো .... মই জানো তই নিদিয় । তই মোক জামুক গছত উঠি জামুক খাবলৈও নিদিলিহেঁতেন (ছোৱালীয়ে গছত উঠে নি কিবা ন’) ।এইবোৰ

ভাবিলে ভাৱ হয় তই তেতিয়াই নাহিলি ভালেই হ’ল...অন্তত মই মোৰ শৈশৱটো ৰজাৰ দৰে পাৰ কৰিলোঁ । 

দাদা...ঠেহ পাতিছ নেকি আক....নাপাতিবি দেই...চাচোন তই অহাৰ পৰা তোক এৰিবই নোৱাৰা হলো দেখোন । তেতিয়াও অহা হলে চাগে একেই হল হেতেন বুজিছ ।

মই আজিকালি মনতে ভাবো..তই টঙি জাল এখন লৈ জানলৈ মাছ মাৰিবলৈ গৈছ’ পাছে পাছে খালৈটো লৈ জঁপিয়াই জঁপিয়াই মই । তই বাঘধকা কাটি মোৰ বাবে বৰলৰ টোপ বিচাৰি আছ... মই বৰশী এটা লৈ আঁতৰত ভয়ে ভয়ে ৰৈ আছো ।

মোক হোষ্টেলত থ’বলৈ যোৱাৰ চলেৰে তই ছোৱালী চাইছ...আৰু মই লগৰে কোনোবা এজনীক তোৰ বাবে পতাইছোঁ ।

দাদা....টোপনি গলি নেকি আক....যাহ...তই অলপ বেছি কৰ । এইবাৰ আমাৰ ইয়ালৈ আহিবি দেই..মই ৰন্ধা কিছুমান খাদ্য আনে খাবই নুখুজে...তই খাই চাবলৈ আহিবিচোন...আৰু নিলিখোঁ দে....বৌক মোলৈ ফোন এটা কৰিবলৈ কবি। আজিকালি বৰ চিকটি হৈছে তাই ।

শেষত বহুতো মৰমেৰে
তোৰ ভনী
অনুভূতি

No comments:

Post a Comment