পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. আজি কাঠনিবাৰীৰ ঘাটৰ স্ৰষ্টা মহিম বৰা দেৱৰ ৯০তম জন্মদিনঃ গল্পৰ দিন হিচাবে ইয়াক পালন কৰে নগাঁওবাসীয়ে৷ কালি নগাঁও প্ৰেছ ক্লাৱত এই মাহৰ অতিথিৰূপে অংশগ্ৰহণ কৰি বৰা দেৱে ক’লে- "চিতাৰ জুয়ে গ্ৰাস নকৰা পৰ্যন্ত মানুহে স্বপ্ন দেখে"৷
২. তেজপুৰত শিশু বিজ্ঞানীয়ে কৰিলে উদ্ভাৱনৰ সমাহাৰঃ মোবাইলৰ পৰাই নিয়ন্ত্ৰণ সম্ভৱ হব ঘৰৰ ইলেক্ট্ৰনিক সা-সঁজুলিৰ ৷

৩. অসমক জনজাতি ৰাজ্য হিচাপে বিছাৰিছে আলফাইঃ সঠিক দিশেৰে আলোচনা আগবঢ়া বুলি জনালে মুখ্যমন্ত্ৰীয়ে ৷

৪. আছুৰ হেঁচাত অৱশেষত ছেৱাৰ সচিবৰ পদ এৰিলে দয়াৰাম ৰাজবংশীয়েঃ এতিয়াও আঁকোৰগোজ হৈ থকা অধ্যক্ষক আঁতৰাবলৈ দাবী কৰিলে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ ৷

৫. মুখ্যমন্ত্ৰীক জনালে কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী জয়ৰাম ৰমেশেঃ ২৫০জন বসতি থকা অঞ্চলকো সামৰি লব প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাই ৷

৬. নামখলাত সাধাৰণ জাতি বিকাশ পৰিষদৰ দ্বাৰা গঠিত হ’ল ৭২টাকৈ আত্ম-সহায়ক গোটঃ ৬০ গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীলৈ অনুদান বিতৰণৰ সু-খবৰ ৷

৭. বৰষুণৰ সম্ভাৱনাক লৈ এতিয়াও জাৰি হৈ আছে ৰেড এলাৰ্ট চাৰিখন জিলাতঃ মুখ্যমন্ত্ৰীয়ে নিজে দিলে স্পষ্টীকৰণ৷

৮. ছেবাৰ সাৰ্বিক সংস্কাৰ অচিৰেইঃ মুখ্যমন্ত্ৰীয়ে ক’লে ৰাইজে চিঞৰি থাকিলেহে মুল্যবৃদ্ধিৰ কথাটো তেখেতৰ চকুত পৰিব ৷

৯. ৭১বছৰত ভৰি থৈ ক’লে শিল্পী প্ৰভাত শৰ্মাই-মানুহৰ মনবোৰ বাঁহীৰ দৰেই সুৰীয়া হৈ উঠক ৷

১০. ভাৰতীয় ক্ৰিকেট দলত স্থান পোৱা প্ৰথমজন কাশ্মিৰী যুৱক হ’ল পাৰভেজ ৰচুলঃ বিৰাট কোহলীৰ নেতৃত্বত জিম্বাৱ’ৱে ভ্ৰমণৰ বাবে জাতীয় দলত লাভ কৰিলে স্থান ৷

চিন্তনীয় খবৰঃ
১. দহদিন ধৰি ঝাৰখণ্ডৰ দুৰ্গম অৰণ্যত যুদ্ধ সদৃশ পৰিবেশঃ মাওবাদীৰ লক্ষ্য দেশৰ ৫০%ভূমি দখলৰ, আগষ্টত অনুষ্ঠিত কৰিব পাৰ্টি কংগ্ৰেছ ৷

২. নলবাৰীৰ আৰিকুছিত উদ্ধাৰ হ’ল দুটাকৈ বোমাঃ তীব্ৰ চাঞ্চল্য ৷

৩. ৰাজ্যত ম্যাদ ওকলা ২৯৫টা মাথাউৰিৰ বিপদঃ জলসম্পদৰ দুৰ্নীতি উদঙালে যুৱ ছাত্ৰ পৰিষদে ৷

৪. মহানগৰীত কলেজৰ নামভৰ্তিৰ নামত দালালৰ ধন সংগ্ৰহৰ বাতৰিঃ বি বৰুৱা কলেজত অধ্যক্ষ আৰু ভিআইপি কোটাৰ দৰ ১৫হাজাৰ টকা ৷

৫. ৰাতি ৰাতি চলিছে অগপৰ বৈঠক, হোটেলতোঃ পিছে সংকটমোচনৰ সকলো চেষ্টা ব্যৰ্থ কৰি গাদী খামুচি বহি আছে দলৰ সভাপতি ৷

৬. বিজেপিৰ ৰাষ্ট্ৰীয় নেতাৰ বিস্ফোৰক মন্তব্যঃ অসমত বুদ্ধিজীৱীয়ে উৎসাহিত কৰিছে মাওবাদীক ৷

৭. ৰাজ্যজুৰি এনকেফেলাইটিছৰ ভয়াবহ ৰূপঃ খোৱাঙত চাৰিজনৰ মৃত্যু, হাজোতো আক্ৰান্তৰ চিন্তনীয় খবৰ ৷

৮. গড় হিচাবত দিনে চাৰি গৰাকীলৈ যোৱা ছমাহত দিল্লীত ৮০৬ যুৱতীৰ বলপূৰ্বক সতীত্ব নাশঃ ৰেপ কেপিটেল দিল্লীৰ বাতৰি ৷

৯. এতিয়াও চলি আছে ভাৰতত দেশজুৰি বছৰি প্ৰায় পাঁচ লাখ কণ্যা শিশুৰ ভ্ৰূণ হত্যাঃ ৰাষ্ট্ৰসংঘৰ শিক্ষা শিক্ষা পুঁজিৰ চিন্তনীয় তথ্য ৷

১০. মনোৰমা ইয়েৰ বুকত অসমৰ বিষয়ে অদ্ভুত তথ্যঃ অসমৰ ছটা ভাষাৰ ভিতৰত হেনো অন্যতম "ৰামলিং", প্ৰধান উৎসৱ বৈশাখী, প্ৰধান নৃত্য কঙালী আৰু মাঘ বিহু, দিছপুৰত আছে হেনো ৰেলৱে ষ্টেচন ৷

১১. ঝংকাৰ শইকীয়া হত্যাকাণ্ডঃ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিলে ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ ৷

১২. সদৌ অসম ট্ৰাইবেল সংঘৰ অভিযোগঃ ৰাজ্য চৰকাৰৰ একাংশ বিভাগে কৰিছে সংৰক্ষণ নীতি উলংঘাৰ ব্লু প্ৰিণ্ট ৷

No comments:

Post a Comment