যি কথা নহয় সঁচা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

যি কথা নহয় সঁচা

যি কথা নহয় সঁচা

Share This
(হাস্য ব্যংগৰে সত্যৰ সন্ধান)

১. পাছৱৰ্ড পাজোল
পদুম পাৰ্টি, মাউত সন্থাৰ সতে হাতোৰা পাৰ্টিয়ে এক প্ৰীতিমূলক পাছৱৰ্ড পাজোল প্ৰতিযোগিতা পাতিলে৷ বিশ্ব, ৰকি সকলোৱে ভাগ লবলৈ আহিল৷ পাছৱৰ্ড ক্ৰেক কৰা প্ৰতিযোগিতাত পদুম পাৰ্টিৰ পাছৱৰ্ড দুই মিনিটতে ক্ৰেক কৰিলে তীখৰগুটি বিশ্বই ৷ 

সুচমাৰ পাচৱৰ্ডত চানিয়া১২৩, ১২৩চানিয়া, গান্ধী১২৩ কম্বিনেচন দিলত সোনকালেই সুচমাৰ সঁফুৰা খোল খাই গ’ল৷ তপা মূৰত আঙুলিৰে মালিচ এটা দি বিশ্বই কৈ উঠিল বোলে, পাছৱৰ্ডৰ এটাই টেকনিক, নাপাহৰা মানুহৰ নাম মাৰক, যাক আটাইতকৈ ঘৃণা কৰে, তেওঁক পাহৰিবই বা কেনেকৈ!

বিশ্বৰ টেকনিক লৈ পদুমৰ প্ৰদ্যুতে এইবাৰ মাউত দলৰ মহন্তৰ পাচৱৰ্ডটো কৰি আনিলে দুই মিনিটতে৷ প্ৰদ্যুতে হিমু১২৩, ১২৩হিমু মাৰি দুবাৰতে ঘৃণনীয় শব্দৰ কম্বিনেশ্বনেৰে মহন্তৰ অনলাইন সঁফুৰা খুলি দিলে ৷

এইবাৰ পাল পৰিল, মাউত সন্থাৰ পৰা, গগৈ চাৰৰ পাচৱৰ্ডটো ক্ৰেক কৰিব লাগে৷ কম্পিউটাৰটো লৈ মূৰ খজুৱাই খজুৱাই মাউত সন্থাৰ প্ৰতিনিধি হৈ সকলো কৰ্ণধাৰ বহি আছে৷ সিফালে হেল্প কৰিবলৈ বহুতে টিপচ দিয়েই আছে.. বোলে ভাৱক আটাইতকৈ ঘৃণা কৰাজন কোন, সেয়াই কাৰেণ্ট পাচৱৰ্ড৷ কোনোৱে কাণত কৈয়ো গ’ল, হিমু হিমু....  ১০০বাৰ মান পাচৱৰ্ড মাৰিলে মাউত সন্থাৰ কৰ্ণধাৰ সমিতিয়ে বহি বহি, ভাবি গুণি... তথাপি শব্দটো জনা সত্বেও পাচৱৰ্ডটো দি সঁফুৰা খুলিব নোৱাৰিলে...মাৰি আছে হ হচিৰাকাৰে হি, ম হচুৰাকাৰে মু....ধুৰ!!!!!!!!!!!

তাকে লৈ ৰসাল গগৈৰ কি ফুৰ্তি, বোলে ইংৰাজীত ফনেটিক, লিংগুইষ্টিক কি-বৰ্ড নাইতো, বিশ্ব, প্ৰদ্যুতে পাৰিবই৷ অসমীয়া কি-বৰ্ডলৈ পাচৱৰ্ড মাৰিলে অনলাইন সঁফুৰা থোৰেহে খুলিব, ফনেটিক ,কী-বৰ্ড লৈছে, নে লিংগুইষ্টিক লৈছে, অভ্ৰ লৈছেনে বৰাহ (বৰাহ বুলিলেতো মদৰ লগত খোৱা বৰাহকেই বুজে!)...মাউত কেইটাই কেনেকৈ বুজিব...হেঃ হেঃ অসমীয়া ইউনিকোড খায়নে পিন্ধে মাউতে কি দৰে জানিব...... মাউত কেইটাৰ ইমান আইডিয়া নাইতো! মিচা ক’লে কি ডাল হব, হেঃ হেঃ হেঃ!!!!!

২. থিংক বিগ, থিংক বিগ-১

আঞ্চলিক হাতীপালক দলৰ নেতা সকলক সাহস যোগাবলৈ হাতোৰা পাৰ্টিৰ ফালৰ পৰা মাত লগাবলৈ আহিল৷ হাতোৰা পাৰ্টিৰ মানুহে লগত কলগছ, কলডিল, কল আদি আনিলে বোলে হাতীটোৱে নুখুৱা নোবোৱাকৈ আছে৷ পিছে কথা বেলেগ, হাতীটোৰ চকু লাল, বুকু খাল, যেন সেই পুৰষৰ লক্ষণ ভাল৷ বিপৰ্যস্ত হ’লেও হাতীয়ে নিজৰ ডেমাকি নেৰে৷
হাতোৰা পাৰ্টিৰ এজনে মাটিতে বহি থকা হাতীটোৰ ওচৰলৈ মুখখন লৈ গ’ল সাহস কৰি৷ ওৱাক, পুৰা-পুৰি মদৰ গোন্ধ, পূৰা-পূৰি মদমত্ত হাতী৷ সেয়েহে চাল্লা কেৰেপ নকৰে! কোনোৱে কয়, মহন্ত মাউতটোহে মদগৰ্বী৷ মুঠতে মদেই দুৰ্গতিৰ মূল৷ মদ খাই খাই মাউত কেইটা ডেকা কালতে অকাল বৃদ্ধটো হ’লেই, হাতীটোকো সুৰামত্ত কৰি তুলিলে৷ এতিয়া হাতীয়ে ক’ত গাঁৱৰ মানুহে মৰমত দিয়া কলগছ, কল খায়৷ গাঁৱৰ মানুহক নিচিনেই, কল দলিয়ালে ডবিয়াই খেদাহে মাৰি আহে৷ সেয়ে ৰাইজেও দূৰৈৰ পৰাই সেৱা কৰি নিজৰ বাট লয়৷ ধুৰ এনকুৱা হাতীক কোনে মৰম দিবহে টাইপত.....

আগৰ ৰাইজৰ মৰমত তজ-বজীয়া হাতীৰ খাৱন-শোৱন মাউতৰ বলতে সলনি হ’ল, এতিয়া চকু লাল, বুকু খাল, মদমত্ত হাতীৰ সেয়াই হেনো লক্ষণ ভাল!!!!

তথাপি একে ৰাজনৈতিক মিতিৰ ৰূপে হাতোৰা পাৰ্টিৰ এজনে মাউত এজনক পিঠিত চপৰিয়াই কৈ উঠিল, মন বেয়া নকৰিবা বন্ধু, সকলো ঠিক হৈ যাব, আচলতে কি জানা, থিংক বিগ থিংক বিগ৷

মাউতজন হঠাত সাৰ পাই হাতোৰা বন্ধুক ডবিয়াই উঠিল, কি কোৱাহে, হাতীটোকে পালি আছিলো, তাতকৈ আৰু কি থিংক বিগ কৰিবাহে..তাকোকৈ ডাঙৰ কিবা পালিবলৈ এতিয়া ডাইনচ’ৰ পালিবলৈ স্বৰ্গলৈহে যাব লাগিব!
হাতোৰা দাই ভাবিলে, কথাষাৰ মিছা নহয়.... মনেমনে কৈ উঠিল হয় হয় বন্ধু...সেয়াই!

৩. থিংক বিগ-২: নামৰ মুখা
মাউত সন্থাই দলৰ ভিতৰতে পদত্যাগ কৰিছে৷ তাকে দেখি শুভাকাংখী সকলে দুখ প্ৰকাশ কৰিছে৷ বোলে ঘৰৰ পদবী, ঘৰতে পদত্যাগ৷ কোনোবা আকৌ ঘৰ ত্যাগ৷ এইবোৰে একো ভাল ফল নিদিয়ে৷ থিংক বিগ, থিংক বিগ!

বেলেগ দললৈ গ’লেও মহন্ত, পাটোৱাৰী, হাজৰিকা, বৈশ্য আদিক কোনেও ভোট নিদিয়ে৷ সেই কথাষাৰ ভালকৈ শ্ৰীমতী সংঘৰ কানচোৱাই দিয়াৰ পাছত মাউতনী সংঘই বোলে পিছত পৰিল, গিৰিহঁতৰ নাম সলনি কৰিবলৈ৷ তাকে কৰিবলৈ জামান উকিলক খাটনি ধৰিলে বোলে, সকলোকে একোটা ভাল নাম দি দিয়ক, যাতে দল বদলি কৰিলেও ৰাইজে অন্ততঃ নামটো দেখিটো ঘৃণা কৰিব নোৱাৰিব৷ এইবাৰ বোলে এনেকুৱা নাম দিয়ক, যাতে নামেই কাম দিয়ে...

থিংক বিগ, থিংক বিগ.. জামান চাৰে বহু গৱেষণা কৰি এফিডএফিডখন টাইপ কৰি উলিয়ালে....বোলে সকলোৰে একদম নতুন নাম দি নতুন পৰিচয় বনাই দিয়া হ’ল.. এতিয়া মহন্ত হব মহাত্মা, চন্দ্ৰমোহন হব চন্দ্ৰচেখৰ, হাজৰিকা সুখদেৱ, বৈশ্য বল্লভভাই, শৰ্মাৰ নাম শংকৰ দয়াল, জয়নাথ গুচি জৱাহৰ লাল....এক গুলীতে দুই চিকাৰ, আঞ্চলিকতাবাদীৰ ৰাষ্ট্ৰীয় কৰণ... হয় হয় থিংক বিগ থিংক বিগ ৷

1 comment:

  1. কিবা পৰিবৰ্তন হ'বা জানো ? :)

    ReplyDelete