গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

গুজৱ.কম

গুজৱ.কম

Share This
(অৰ্ধ-সত্য বাতৰিৰে সপোনৰ বাতৰিৰ সন্ধান, লক্ষ্য সামাজিক ব্যংগহে, কোনোৱে নিজক সাঙুৰি ল’লে সুখ দুখ.কম দায়ী নহয়)
১. শেষ হব বিপিএলৰ চাউল, গেচ যোগানৰ কেৰজেৰ ব্যৱস্থা! ব্লক কংগ্ৰেছৰ সভাপতিৰ পৰা ডাইৰেক্ট পাব কুপন, প্ৰতিটো ব্লকতে স্থাপন হব লগা ৰাজীৱ ভৱনৰ কেণ্টিনতে খাব পাৰিব বিনামূলীয়া খানা ৷ হাত দুখন ফ্ৰী কৰি ৰাখিলেহে ভাৰত নিৰ্মাণত অৰিহণা যোগাব পাৰিব বুলি সন্তোষ প্ৰকাশ কৰি হাইকামাণ্ডাৰ মাতালৈ বাৰ্তা দিলে বিপিএল মহিলা সংস্থাই৷

২. শিক্ষা বিভাগ পাঠ্যক্ৰমত অন্তভুক্ত হব, "কোন কামৰ বাবে দিব কি পূজা" নামৰ পাঠ্যপুথি, লেখি উলিয়াইছে স্বয়ং সম্পূৰ্ণ শৰ্মাই ৷

৩. বিসম্বাদী বিধায়কৰ মাজত অনুষ্ঠিত হব গ্ৰীষ্মকালীন খেলি-ধেমালিঃ লক্ষ্মনৰেখা স্পৰ্শ প্ৰতিযোগিতাত ভাগ লবলৈ আগতীয়াকৈ সংসদীয় সচিবৰ লগত যোগাযোগ কৰক৷

৪. এইবাৰ মেয়ৰ খেলত বাইদেৱে ভাগ লব বুলি ৰিণিকি ৰিণিকি খবৰ আহিছে জালুকবাৰীৰ পৰাঃ সবিশেষ পৰিবাৰ.কমত চাওক৷

৫. দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থাত সণ্টুষ্ট হৈ মন-প্ৰজন্মই সুধিলে- "কষ্ট কৰি সীমাৰেখা পাৰ হোৱাৰ কি লাভ?"

৬. ডক্টৰেট ডিগ্ৰী লাভৰ লগে লগে বাতৰিত প্ৰকাশ হোৱা ফটোৰ লগত "এই ডিগ্ৰী ভুৱা নহয়" বুলি বিধি সন্মত সতৰ্কীৰণৰ নতুন ব্যৱ্স্থা প্ৰৱৰ্তন কৰিব বাতৰি কাকত সংস্থাই ৷

৭. ৰহাত ৰেলৰ দলং চাবলৈ গৈ দলঙৰ পৰা পৰিল জ্যেষ্ঠ অভিযন্তাঃ আনন্দিত স্থানীয় ৰাইজে গোমোচা পিন্ধাই সম্বৰ্ধনা জনালে কৰ্মৰত ঠিকাদাৰক ৷

৮. দেউৰী স্বায়ত্ত শাসিত পৰিষদত কোটি কোটি টকাৰ লুণ্ঠনৰ অভিযোগত জনজাতি কল্যান বিভাগৰ সন্তোষ প্ৰকাশঃ অচিৰেই লিমকা বুকৰ প্ৰতিনিধিৰ পঠোৱাৰ দিলে প্ৰতিশ্ৰুতি৷

 ৯. দেউৰী পৰিষদৰ লোকতথ্য বিষয়াই নিদেয়ে লোকক তথ্যঃ পৰিষদে শ্ৰেষ্ঠ কৰ্মচাৰীৰ বঁটা প্ৰদানৰ বাবে চলাইছে প্ৰস্তুতি ৷

১০.  ভালুকৰ সাঙীত পৰিণত হেঙুলী পানী আঁচনিত মন্ত্ৰী অৰ্ধেন্দু দেৰ পদাপৰ্ণত সুখী হৈ ৰাইজে ক’লে- এনেয় পৰি থকাতকৈ ইয়াত লুণ্ঠনৰ খেলকে এখন চলাওক চাৰ!

2 comments:

  1. "ডক্টৰেট ডিগ্ৰী লাভৰ লগে লগে বাতৰিত প্ৰকাশ হোৱা ফটোৰ লগত "এই ডিগ্ৰী ভুৱা নহয়" বুলি বিধি সন্মত সতৰ্কীৰণৰ নতুন ব্যৱ্স্থা প্ৰৱৰ্তন কৰিব বাতৰি কাকত সংস্থাই" ৷
    - এনে ব্যৱস্থাৰ কথা জানি সুখী হলোঁ৷

    ReplyDelete
  2. এতিয়াকৈ গুজৱেই হৈ আছে... সপোনৰ খবৰটো !!!!!!!!!!!

    ReplyDelete