প্ৰৱন্ধ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Assamese LIFELINE on SOCIAL MEDIA

সামাজিক যোগসূত্ৰৰ মঞ্চত ইতিবাচক বাৰ্তাবাহক
ভাল খবৰ ভাল সমল, পঢ়ি লভক আনন্দ বিমল

Post Top Ad

Responsive Ads Here

প্ৰৱন্ধ

Share This
স্পষ্টবাদী সাহিত্যিক-সাংবাদিকজন
প্রিয়ংকু নাৰায়ণ বৰুৱা
‘নিশাৰ পূৰবী’ (১৯৬২)উপন্যাসৰদ্বাৰা যাত্ৰা আৰম্ভ কৰা এইজনা প্ৰথিতযশা সাহিত্যিকৰ অসমীয়া সাহিত্যলৈ অন্যতম উল্লেখযোগ্য অৱদান হ’ল- ‘যাকেৰি নাহিকে উপাম’ আৰু ‘গঙা-চিলনিৰ পাখি’। ১৯৬৩ চনত ৰচিত ‘গঙা-চিলনিৰ পাখি’ৰ আধাৰতে প্ৰয়াত পদূম বৰুৱাই একে নামেৰে চলচ্চিত্ৰও নিৰ্মাণ কৰে।‘পাতাল ভৈৰবী’ৰ বাবে ১৯৮৮ চনৰ সাহিত্য অকাডেমী বঁটাৰে বিভূষিত এইজনা মানৱদৰদী সাহিত্যিকে ২০০৮ চনত আন এখন ব্যতিক্ৰমধৰ্মী কল্পবিজ্ঞান উপন্যাস ‘কায়কল্প’ৰ বাবে ‘সৰস্বতী’ সন্মান লাভ কৰে।
তেখেতেই ডঃ লক্ষ্মীনন্দন বৰা।

বৰাদেৱে "ৰামধেনু"ত গল্পকাৰৰূপে আত্মপ্ৰকাশ কৰে । তেখেতৰ গল্পসমূহ ৰামধেনু, নতুন অসমীয়া, অৰুণাচল আদিত প্ৰকাশ হৈছিল । সাংবাদিকতাৰ লগতো জড়িত বৰাৰ বাৰটি গল্প সংকলন আৰু পঁচিছখনৰো অধিক উপন্যাস প্ৰকাশ হৈছে । ১৯৮৮ চনত তেখেতে "পাতাল ভৈৰৱী"গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা আৰু২০০৪ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে । ড. বৰা অসম সাহিত্য সভাৰ ১৯৯৬চনৰ বোকাখাত অধিৱেশনৰ সভাপতি আছিল। "আমাৰ অসম"কে ধৰি কেইবাখনো কাকতৰ সম্পাদনাৰ অভিজ্ঞতাৰে পুষ্ট বৰাদেৱ বৰ্তমান "গৰীয়সী" আলোচনীৰ সম্পাদক ।

"গঙা চিলনীৰ পাখি" হ’ল তেখেতৰ অন্যতম উপন্যাস ৷ "কাল বলুকাত খোজ" তেখেতৰ আত্মজীৱনীমূলক গ্ৰন্থ । গঙা চিলনীৰ পাখি,মেঘালী দুপৰ,বলুকাত বিজুলী,উত্তৰ পুৰুষ, বিশেষ এৰাতি,পতন, পাতাল ভৈৰৱী,নায়ক অধিনায়ক, মৎস্যকন্যা, সেহি গুণনিধি, মেঘত মাদল বাজে, চতুৰংগ, কাঁচিয়লিৰ কুঁৱলী,মন মাটি মেঘ,গৌৰি ৰূপক,নিষিদ্ধ চেতনা, মাজত তৃষাৰ নৈ,মাটিত মেঘৰ ছাঁ,কায়কল্প, আকৌ শৰাইঘাট,এৰাবাৰীৰ লেছেৰী, প্ৰেয়সী, পাখি, হিয়াত তিৰেবিৰায় ইত্যাদি বহুকেইখন কালজয়ী উপন্যাসৰ ৰচনা কৰি তেখেতে অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াইছে। মূলত: মেহনতী মানুহৰ দুখ-দুর্দশা,কৃষকৰ অর্থনৈতিক স্বাৱলম্বীতাৰ সূত্র তৈয়াৰত আদি সময়ছোৱাত ৰাজনৈতিক সামাজিক পটভূমিত গুৰুত্ব দি তেখেতে যুগজয়ী সৃষ্টিত অৰিহনা যোগাইছিল।অসমৰ সমাজ জীৱনৰ অন্যতম সুঁতি স্বৰূপ শংকৰী কলা-কৃষ্টিৰ প্রতিও শ্রদ্ধাশীল আছিল বৰাদেৱ। এজন আধুনিক সমাজ সচেতক সংগঠক ৰূপে তেখেতে নিজৰ ৰচনাৱলীৰ জৰিয়তেও দায়বদ্ধতা পালন কৰিছিল।তেখেতৰ নাটক "মহে গুণ গুণ কৰে" এখন সমাজ সচেতনধর্মী ৰচনা।

গল্পকাৰ ৰূপে বহু সমাদৃত লক্ষ্মীনন্দন বৰাৰ প্রায়বোৰ গল্পতে কৃষক সমাজৰ দুখ দুর্দশাৰ ছবি অংকিত হৈছে।গল্পকাৰে কৃষিপ্রধান গ্রাম্যজীৱনৰ কর্মব্যস্ত ছবি এখন তুলি ধৰাৰ সার্থক প্রয়াস কৰিছে। গাওঁ অঞ্চলত দেখা দিয়া বানপানী,মহামাৰীৰ সমস্যাৰ ক্ষয়ংকৰী স্বৰূপ নির্দেশ কৰা হৈছে অন্য কিছুমান গল্পত। শ্রমজীৱি মানুহৰ জীৱন-যন্ত্রণা,সুখ- দুখ,পৰম্পৰা, খেতি-খোলা আদিকে ধৰি অন্য বহু দিশ অকৃত্রিম ৰূপত উপস্থাপনৰ কষ্টসাধ্য প্রয়াস কৰাটো বৰাদেৱৰ সাফল্য। এই বিশেষ কর্মসম্পাদনত তেওঁ যথেষ্ট সফলতা লাভ কৰিছে। “পকা ধানৰ গোন্ধ,মাটিৰ গোন্ধে কৃষকৰ মন মতলীয়া কৰে।গৰুহালেৰে মাটি চহাই থকা কৃষকজনৰ দুচকুত তিৰবিৰণি।দুখ-কষ্টৰ মাজতো এক অনামী আনন্দ-উৎকণ্ঠা।সেয়া যেন সৃষ্টিৰ সাধনা,ধৰাৰ বুকুত সোণসেৰীয়া শইচৰ উৎপাদনৰ প্রতীক্ষাৰ আনন্দ।”এই সকলোবোৰ উপাদানেৰেই সমাহিত বৰাদেৱৰ গল্পৰাজি। গোহালিত জাগ দিয়া, বিহুৱান লোৱা, হুঁচৰি গোৱা,আদি পৰম্পৰাগত বিষয়ো কোনো কোনো গল্পত সন্নিৱিষ্ট কৰা হৈছে। “সখা দামোদৰ”বৰাদেৱৰ এনে এক মনোগ্রাহী সৃষ্টি।

ডঃ নমিতা ডেকাই গল্পকাৰজনৰ বিষয়ে উল্লেখ কৰি প্রকাশ কৰিছে“গ্রাম্য জনজীৱনৰ মাদকতাই আপ্লুত কৰা লক্ষ্মীনন্দন বৰাৰ গল্পৰ প্রতি ছাত্রে ছাত্রে অনুৰণিত হৈ আছে গাঁৱৰ সুখ-দুখ,হাঁহি কান্দোন আৰু গাঁৱলীয়া জীৱনৰ মূল্যৰ খতিয়ান।কৃষি,পথাৰ,প্রাকৃতিক সৌর্ন্দয,সংস্কৃতিৰ সঁফুৰাক বাদ দি গ্রাম্যজীৱন সম্পূর্ণ হ’ব নোৱাৰে। এই আটাইবোৰৰ ওপৰেদি বৈ যোৱা প্রেমৰ বা ছাটিয়ে গাৱৰ জীৱনত কেতিয়াবা সুখ আৰু কেতিয়াবা বিৰহৰ জোৱাৰ তোলে।” ৰামধেনু যুগৰ বিশিষ্ট গল্পকাৰ সকলৰ অন্যতম লক্ষ্মীনন্দন বৰা দেৱৰ প্রথম গল্প ভাওঁনা প্রকাশ হৈছিল ৰামধেনুৰ পাততে(১৯৫৪চনত)।গোপন গধূলি,মন মাটি মেঘ,মন বিৰিখৰ জোখ  দৃষ্টি ৰূপা আদিকে ধৰি বহুকেইখন সংকলনৰ লেখক জনে তেওঁৰ গল্পসমূহত গ্রাম্যজীৱনৰ চিত্রসমূহ সঠিক ৰূপত উপস্থাপনৰ চেষ্টা কৰিছে।কলাত্মক শৈলীত বিভিন্ন চৰিত্রক তেওঁ নির্ভৰযোগ্য ৰূপত তুলি ধৰিবলৈ চেষ্টা কৰিছে।ই হৈছে তেওঁৰ সাহিত্যক জীৱনৰ অন্যতম প্রাপ্তি।

পদার্থ বিজ্ঞানৰ কৃতী ছাত্রজনৰ সুক্ষ্ম সমাজ অধ্যয়ন আৰু মানৱ মনস্তত্বৰ বীক্ষণে তেখেতৰ লেখনিক গুণগত ভাৱে অনন্য মাত্রা প্রদান কৰি আহিছে।অসম সাহিত্য সভাৰ ৬৩ তম অধিৱেশনত ভাষণ পাঠ কৰি তেখেতে কৈছে “অসম সাহিত্য সভাৰ সুচিন্তিত কাৰ্যসূচীয়েই কেৱল সাম্প্ৰতিক বিভেদশীল পৰিস্থিতিত ঐক্য স্থাপন কৰিব পাৰে। কাৰণ আজিৰ ৰাজনীতিয়ে মানুহক ভাগ ভাগ কৰে, সাহিত্য-সংস্কৃতিয়েহে একগোট কৰে। মোৰ কাৰ্যকালত ইয়াৰ প্ৰমাণ পালোঁ। চৰ-চাপৰিৰ দুৰ্গম ঠাইলৈ গৈ দেখিলোঁ যে তাত যুৱক-যুৱতী আৰু প্ৰবীণ ব্যক্তিয়ে অসমীয়া সমাজৰ মূল সূঁতিৰ মাজত সোমাই অসমীয়া গল্প, কবিতা লিখি নিজ খৰচত ছপা কৰিছে। এনে প্ৰচেষ্টা দেখিছোঁ মিছিং-দেউৰী প্ৰভৃতি জনজাতীয় অঞ্চলত। চাহ বাগিছাৰ ব্যস্ত আৰু বৰ্ণাঢ্য জীৱনে অসম সাহিত্য সভা আৰু অসমীয়া সাহিত্য-সংস্কৃতিক আদৰিছে”- সমাজৰ প্ৰতি শ্ৰেণীৰ মানুহৰ প্ৰতি ভিন্ন ভিন্ন ৰূপত কলম চলাই অসমীয়া জাতিটোক একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰা ড° লক্ষ্মীনন্দন বৰাৰ বক্তব্যত স্পষ্টবাদীতা প্রকাশ পাইছে।

এঠাইত সাক্ষাৎকাৰ প্রসংগত বৰাদেৱে অসমীয়া সমালোচক আৰু সমালোচনাৰ ধাৰাটো সম্পর্কত অসন্তুষ্টি ব্যক্ত কৰিছে।প্রকৃত সমালোচনাই যদিও সোণ পুৰি উজ্বল কৰে বৰাদেৱে কিন্তু সমালোচনাৰ দ্বাৰা ব্যক্তিগত ভাৱে উদ্গতি লাভ কৰা নাই বুলিহে মত প্রকাস কৰিছে। এই মন্তব্যৰ গভীৰতালৈ লক্ষ্য কৰিলে অনুভৱ হয় তেখেতে যেন সাম্প্রতিক সময়ৰ সমালোচনাৰ ধাৰাটোক লৈ এই বিষোদগাৰ প্রকাশ কৰিছে।অগ্রজচামক অনুজ সকলে প্রেৰণা দিয়া উচিত।সমালোচনা আৰু সমালোচনাত্মক মূল্যায়ন নিৰপেক্ষ,গঠনমূলক ভাৱে চর্চিত হ’লেহে তাৰ সঠিক উপস্থাপনৰ সার্থকতা অনুভৱ হয়।

প্রশ্ন হয় বোলছবি ৰূপে বহু বছৰ পিছত নির্মিত হৈ সমাদৃত হোৱা গঙা চিলনীৰ পাঁখিৰ কাহিনীভাগ অসমীয়া সমালোচক পণ্ডিত সকলে বহু পূর্বতেই আলোচনাৰ আওঁতালৈ আনিব নালাগিছিল জানো? বৰাদেৱৰ বিষোদগাৰৰ নির্মোহ পষ্ট’মর্টেম সাপেক্ষে ক’ব পাৰি যে অসমীয়া সাহিত্যৰ সমালোচনাত্মক আধাৰত পুঙ্খানুপুঙ্খ চর্চাৰ দিশটো এতিয়াও অতি দুর্বল পর্যায়তেই আছে। আশাব্যঞ্জক দিশ এয়াই যে সাম্প্রতিক অসমীয়া সাহিত্য চর্চাকাৰী সকলৰ একাংশই অসমীয়া সাহিত্য ইতিহাসৰ অধ্যয়ন আৰম্ভ কৰিছে। এই ক্ষেত্রত লক্ষ্মীনন্দন বৰাদেৱৰ ৰচনাৰাজিৰ উপযুক্ত চর্চা আৰু আলোচনাৰ নিশ্চয় প্রাসংগিকতা আছে। সর্বোপৰি আমাৰ এই লেখনিৰ উদ্দেশ্য বৰাদেৱৰ ৰচনাৰাজিৰ বিশ্লেষণ নহয় অথবা সেই দু:সাহস কৰিব পৰাকৈ আমাৰ অধ্যয়ন এতিয়াও অসম্পূর্ণ।বৰঞ্চ এই লেখাত বিভিন্ন সময়ত অত তত অধ্যয়ন আদি সহ সাহিত্যকজনৰ সর্ম্পকে লব্ধ অভিজ্ঞতাৰে সৃষ্ট কিছু ভাৱৰ বুৰবুৰণিহে প্রতিফলিত হৈছে।

তেজপুৰ বিশ্ববিদ্যালয়ৰ আলোচনী “সৃজন”ৰ বাবে সংগৃহীত এটি সাক্ষাৎকাৰত তেওঁ অসমীয়া ভাষা-অসম সাহিত্য সভা আৰু অসমীয়া জাতীয় জীৱনৰ অন্যতম সমস্যা নদীবান্ধ সর্ম্পকে মত প্রকাশ কৰিছে। সাহিত্য সভা সর্ম্পকত প্রাক্তন সভাপতিজনৰ স্পষ্ট অভিমত হুবহু দাঙি ধৰা হ’ল। তেখেতে কৈছে“জাতীয় সংগঠন হ’লে ই(সাহিত্য সভাই) জনসাধাৰণৰ স্বাৰ্থত মাত মাতিব লাগিব। কেইখনমান কিতাপ উলিওৱাটো অকল সাহিত্য সভাৰ উদ্দেশ্য হ’ব নোৱাৰে। আজি অসমত বিভিন্ন সমস্যা। বৰ্তমান বৃহৎ নদীবান্ধক লৈ অসম উত্তাল। কিন্তু সাহিত্য সভাতো মনে মনে আছে। পূৰ্ণাংগ ভাষা হ’বলৈ হ’লে বিভিন্ন ভাষাৰ পৰা বিভিন্ন সমল অসমীয়ালৈ অনুবাদ হ’ব লাগিব। আচলতে পূৰ্ণাংগ ৰূপ দিব পাৰে বুদ্ধিজীৱীসকলেহে। একেদৰে অসমীয়া ভাষাৰ অপূৰ্ব সৃষ্টিসমূহো ইংৰাজীলৈ অনুবাদ হ’ব লাগিব। এই যে ‘জীৱনৰ বাটত’ উপন্যাসখন, ইমান সুন্দৰ উপন্যাস, কিন্তু তাৰতো ইংৰাজী অনুবাদ নাই। চোৱাঁ, আমাৰ যিখিনি মানুহে ইংৰাজীলৈ অনুবাদ কৰিব পাৰে, তেওঁলোকে ইজনে সিজনৰ লগত কাজিয়া কৰি আচল কামটো কৰা নাই। ধীৰেন্দ্ৰনাথ বেজবৰুৱা, তেওঁ সাংবাদিকহে, তেওঁ অনুবাদৰ ক্ষেত্ৰত যিখিনি কাম কৰিছে, আমাৰ ইংৰাজী অধ্যাপকসকলে যিমানখিনি কৰা নাই।”

তেখেতে একেটা সাক্ষাৎকাৰতে নদীবান্ধ সর্ম্পকে কৈছে “আচলতে অখিল গগৈকে ধৰি আন্দোলনকাৰীয়ে ভাল কামেই কৰিছে। বৃহৎ নদীবান্ধৰ ওপৰত মই অধ্যয়ন কৰা মানুহ। বৃহৎ নদীবান্ধে অসমৰ জনসাধাৰণৰ সৰ্বস্ব কাঢ়ি নিব পাৰে।”(তীৰভূমি,২০১১-২০১২ বর্ষ সংগ্রহ) তেখেতৰ সাহসী মন্তব্য প্রকাশ আৰু সচেতন সামাজিক চেতনাবোধে আমাক সদায়ে আকর্ষিত কৰি আহিছে।স্পষ্ট অভিমত প্রকাশ তেখেতৰ ব্যক্তিত্বৰ শক্তিশালী দিশ যিটো তেখেতৰ লিখনীত প্রতিফলিত হয়। এই গুণ নতুন প্রজন্মৰ বাবে পাথেয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages