Friday, June 20, 2014

শ্ৰদ্ধাঞ্জলিঃ সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ স্মৃতিত

বিষ্ণু ৰাভাই আত্মগোপন কৰা দুৰ্গম পাহাৰৰ দাঁতিৰ সেই জনজাতি গাওঁখনৰ গাওঁবুঢ়াজন
ৰক্তিম শৰ্মা

মানুহজনক দেখিলে এনে লাগে যেন কোনো বিখ্যাত চিত্ৰকৰৰ ছবিৰ বুকুৰ পৰা প্ৰাণ পাই ওলাই অহা এজন অশৰীৰী চান্তাক্লজ । মুখত যেন গৌতম বুদ্ধৰ দৰে প্ৰশান্তিৰ এমোকোৰা স্নিগ্ধ হাহি । ওখোৰা মোখোৰা পাহাৰীয়া পিছল বাটত থিয় হৈ যেন অন্তহীন প্ৰতীক্ষা কাৰোবালৈ ।সেই বাট বুদ্ধৰ বাট , শান্তিৰ বাট । সেই বাটেৰেই বাটবোলা সশস্ত্ৰ বিদ্ৰোহী গেৰিলাৰ এটি প্লাটুন । আজিৰ পৰা পঞ্চাছ বছৰ আগত সেই বাটেৰে গৈছিল আন এক বিদ্ৰোহীৰ দল । সেইসকল আছিল বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ কেডাৰ ।আজি পঞ্চাছ বছৰ পিছতো যেন একো সলনি হোৱা নাই । সলনি হোৱা নাই সেই পাহাৰ , অৰন্য , খৰস্ৰোতা নদীবোৰ আনকি মানুহবোৰো । কিছু দূৰৈত শুকুলা মেঘে ঢকা পাহাৰৰ তলত তৈলচিত্ৰৰ দৰে জনজাতি চাঙঘৰবোৰ । গাত খুন্দিয়াই যোৱা সেমেকা ডাৱৰৰ কনিকাবোৰ বুঢ়া চান্তাক্লজৰ গালে মুখে ।

--আপ্পা , নানগা লেপ্পলা (দেউতা, ভালে আছেনে)
---লেপ্পলা । ৱাই দিনছা ।(আছো, কলৈ যাৱনো)
--নানগা ফায়গালা ।(আপোনাৰ ঘৰলৈকে)
--অ লা...।(অ , হয়নে)

ধকধককৈ বগা দাঢ়ি চুলিৰে জনজাতীয় পোছাক পিন্ধা বুঢ়াজনৰ হাতত মহামুনিৰ চকৰি । যেন অভ্যাসবশতঃ ঘুৰায়েই আছে অনৰ্গল ।যেন যিমানেই ঘুৰাব সিমানেই মোক্ষ্যৰ দিশে আগবাঢ়ি যাব । বুঢ়াজন চিনঝিঙ ৱাংমো । ভুটানৰ ছানদ্ৰুপঝংখাৰ জিলাৰ অন্তৰ্গত নৰবুং গাওৰ গাওবুঢ়া । এই নৰবুঙৰ সীমান্ত অৰন্যত এসময়ত আৰ চি পি আইৰ শিবিৰ আছিল । পোন্ধৰজন কেডাৰৰ এটা সৰু ট্ৰুপ । হাতত ষ্টেনগান আৰু .৩০৩ ৰাইফল । পিন্ধনত জলফাই ৰঙী বা খাকী পুলীচৰ সাজ । ট্ৰুপটোৰ সকলোতকৈ বিচক্ষন পাহোৱাল কেকোৰা চুলিয়া ডেকাজন বিষ্ণু প্ৰসাদ ৰাভা ।এদিন কুমাও ৰেজিমেন্টে শিবিৰ আক্ৰমন কৰিলে । সেই ৰাতি বিষ্ণুৰাভা সতীৰ্থসকলৰ সৈতে গাওঁখনত উপস্থিত হলহি । তেওলোকক আশ্ৰয় দিলে চিনঝিঙে । সেয়েই প্ৰথম অহা । তাৰ পিছত প্ৰাসেই ড্ৰুকপা জনজাতীয় গাওঁখনলৈ খাদ্য সংগ্ৰহৰ কাৰনে আহে তেওঁলোক । দিনতো গাওঁতেই থাকি মাকৈ ধান আদি লৈ যায় শিবিৰলৈ । কেতিয়াবা দিনটো আৰা খাই আৰাৰ ৰাগীত মতলীয়াহৈ গান গাই নৃত্য গীত কৰি আমোদ দিয়ে বস্তিৰ মানুহক । চিনঝিঙ ৱাংমো ডেকা লৰা । তাৰ সৈতে সখী পাতে বিষ্ণুৰাভাই । দুয়ো প্ৰেম কাহিনী কয় ইজনে সিজনক । দুয়ো আৰাৰ ৰাগীত মতলীয়া হয় । চিনজিঙৰ ঘৰখনেই বিষ্ণুৰাভাৰ ভাতঘৰ হৈ থাকে বহুদিনলৈ ।

চিনঝিঙৰ বয়স চাৰিকুৰি পাৰ হল । কথাবোৰ পাহৰিছে । বিষ্ণুৰাভাৰ নামটোও মনত নাই । মনত আছে দেহৰ গঠন , নৃত্য কুশলী ৰাভাদেৱৰ সেই প্ৰতিভা । কিন্তু আমাৰ বাবে সেই স্মৃতিকেই বুকুত সাবটি যেন চিনঝিঙ ৰৈ আছিল অনন্ত কাললৈ । সচাকৈ একো সলনি হোৱা নাই । মাথো সলনি হৈছো আমি ।

No comments:

Post a Comment