Saturday, July 6, 2013

সাময়িক দৃষ্টিকোন

গিনিপিগ হৈছে নেকি অসম আৰু অসমীয়া
পৰিৱর্তন জানো এনেকৈ আহে?

#প্ৰিয়ঙ্কু নাৰায়ণ বৰুৱা

প্রতিক্রিয়াশীল চক্রৰ উত্থান,ৰাষ্ট্রযন্ত্রৰ সন্ত্রাস আৰু পৰিস্থিতিতান্ত্রিক নৈৰাজ্যৰ গ্রাসত অসম আৰু অসমীয়াৰ অস্তিত্ব। চিষ্টেমত থাকি চিষ্টেম ঘোলা কৰা সকলেই পায় ৰাজ আতিথ্য! কি অসম, কি ভাৰত একেই পানী ঘোলা কৰা কাৰবাৰ। 

অন্ত:সাৰ শূণ্য দ্বন্দাত্মক আদর্শৰ জটিল উপস্থাপনে সহজ সৰল মানৱীয় প্রমূল্যক কুঁটি কুঁটি নিশেষ কৰি আহিছে প্রতিপল। বিভিন্ন সময়ত বহুজনে অসমীয়া কোন/খাটি অসমীয়া,উজনি-নামনি আদি ক্ষুদ্র চিন্তা সম্ভূত প্রক্ষেপনেৰে অসমৰ জাতীয় জীৱন ঠেক ইছ্যু ভিত্তিক চর্চাৰে কলুষিত কৰি আহিছে। এনেবোৰ ক্ষুদ্র চিন্তা আৰু আহঁ ফলা ৰাজনীতিৰ কৱলত পৰি সোলোক ঢোলোক সম্প্রতি বৰ অসমৰ এনাজৰী। 

থলুৱা কোন কোন কৰি থাকোতেই ভূপতিত খিলঞ্জীয়া ঐক্য? জনগোষ্ঠীয় ভাষা-সাংস্কৃতিক বিনিময়ৰ ক্ষেত্রত সচেতন সকলৰ পথ নির্দেশ অথলে যোৱাৰ উপক্রম হ’ল। সকলো স্তৰৰ অসমীয়াই যদি স্ব নৃ-গোষ্ঠীয় পৰিচয়ৰ মাজতে সীমাবদ্ধ হৈ পৰে তেন্তে কোন হ’ব অসমৰ অসমীয়া......কাক লৈ বাচি থাকিব অসম?
স্বাভাৱিকতেই ভাই ভাই সংঘাতত নামি ধর্ম,ভাষা,জাত-কুল,উজনি-নামনি,জনগোষ্ঠীয়-অজনগোষ্ঠীয় কৰি থাকোতেই অসম হৈ পৰিব [পৰিছে?] অবৈধ বিদেশীৰ চৰণীয়া পথাৰ। মূলত:অতি আবেগজনিত সংবেদনা,উগ্র জ্যাতাভিমান, ইতিহাসৰ অপবাখ্যা আৰু বৌদ্ধিক চাতুৰি জনিত ভুল পথ নির্দেশ, ৰাজনৈতিক অৰিয়াঅৰিৰ কেবাতৰপীয়া ভৰ সহিব নোৱাৰি বর্তমান অস্তিত্ব সংকটত অসমৰ সামাজিক-ৰাজনৈতিক ঐক্য।

বৌদ্ধিক ষড়যন্ত্র,ৰাজনৈতিক অভিসন্ধি, চুকত বহি বুকুত কামোৰা সকলৰ নিত্য নতুন সমীকৰণে ঘনে সলনি কৰে ৰাষ্ট্র যন্ত্রৰ চৰিত্র। পৰীক্ষাগাৰৰ গিণিপিগত পৰিণত সাধাৰণ মানুহ। মুদ্রাস্ফীতি,মূল্যবৃদ্ধিৰ কলাজ্বৰে মহামাৰীৰ ৰূপ ধৰে। হাঁহাকাৰত ছটফটাই শিক্ষিত নিবনুৱা। চমৎকাৰী ঘোষণাৰে চমক দিয়ে প্রতি নতুন চৰকাৰে। কোনোৱে বৰাক-ব্রহ্মপুত্রৰ বিভেদ বিচাৰে,আন কোনোৱে আকৌ উজনি-নামনিৰ ৰাজনীতি কৰে। 

অস্বাস্থ্যকৰ পৰিৱেশ। ক’ত পাষাণেৰে ভৰি পৰিল তাইৰ চৌপাশ..জাক জাক ৰঘূমলাই চুঁহি চুঁহি নষ্ট কৰিলে তাইৰ দেহ সুষমা..আপোন পুত্রহঁতৰ খোৱা কামোৰা.ভাই-ভাই তেজপিয়া! মাতৃৰ লাঞ্চনাৰ উমান সিহঁতে নাপায়? মাতৃ ভোগ লিষ্পাও জাগে নেকি তাহাঁতৰ? ধিক্- কদর্য?

জটিল অংক চম্ভালিব নোৱাৰি থৰকাছুটি হেৰায় মূঢ়মতি গঞাৰ। ছবি চাই ভোট দি অনুতাপ কৰে। নেতাই ভোট ভিক্ষা কৰে কম্বল বিলায়, অযুত অসমীয়াই ফটা কম্বলৰ ফাঁকেৰে জুমি চাই দেখে সীমান্তৰ সীপাৰৰ পৰা দিনে দিনে বগুৱা বাই আহি ক্রমাৎ অসমৰ বুকুতে বহি পৰা লক্ষ লক্ষ অচিন মুখ। হতাশা আৰু ক্লান্তিত ভাগি পৰা অসমীয়াই আন্দোলন ৰূপী চিঞৰ বাখৰৰ নামত আপোন ভোলা হৈ থকা সময়তে এপদ এপদকৈ সুলকি পৰে শৰীৰৰ প্রতি তৰপ বস্ত্র-অলংকাৰ। উলংগপ্রায় অসমীয়াই মাথো চিঞৰে আমাক পৰিৱর্তন লাগে!কিন্তু পৰিৱর্তন জানো এনেকৈ আহে?

No comments:

Post a Comment