চিন্তনঃ বাঘজানবাসীৰ বাবে ন্যায়িক যুদ্ধ 'সেউজ ন্যায়াধিকৰণ'তঃ কিয় আৰু কেনেকৈ? :: সমুদ্ৰজিত গোহাঁই - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ বাঘজানবাসীৰ বাবে ন্যায়িক যুদ্ধ 'সেউজ ন্যায়াধিকৰণ'তঃ কিয় আৰু কেনেকৈ? :: সমুদ্ৰজিত গোহাঁই

চিন্তনঃ বাঘজানবাসীৰ বাবে ন্যায়িক যুদ্ধ 'সেউজ ন্যায়াধিকৰণ'তঃ কিয় আৰু কেনেকৈ? :: সমুদ্ৰজিত গোহাঁই

Share This
বাঘজানবাসীৰ বাবে ন্যায়িক যুদ্ধ 'সেউজ ন্যায়াধিকৰণ'তঃ কিয় আৰু কেনেকৈ? 
সমুদ্ৰজিত গোহাঁই
ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ পৰা মাত্ৰ ৯০০ মিটাৰ নিলগত যোৱা ২০০৭ চনৰ পৰা বাঘজান তৈল খাদত গেছৰ উৎপাদন চলাই অহা হৈছে৷ উল্লেখনীয় যে অইলৰ (OIL)ৰ এই খাদটো প্ৰথমৰপৰাই যথেষ্ট বিতৰ্কৰ সন্মুখীন হৈ আহিছল৷ পৰিবেশ প্ৰেমী সকলে বাঘজানৰ এই তৈলখাদটোৱে জৈৱ বৈচিত্ৰ্যৰ বাবে বিখ্যাত ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় অভয়াৰণ্য আৰু লগতে মাগৰি মটাপুঙ বিলৰ বাবে তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে বুলি অভিযোগ উথাপন কৰি আহিছিল৷ ভাৰত চৰকাৰৰ পৰিৱেশ মন্ত্ৰণালয়ৰ বিভিন্ন নীতি-নিয়মক সুৰুঙাৰে একাষৰীয়া কৰিহে এই তৈল অন্বেষণ আৰু উতপানৰ কাম-কাজ চলি আছিল বুলি স্থানীয় সংগঠন সমূহে দশক জুৰি অভিযোগ কৰি আছিল। পৰিবেশৰ ওপৰত পৰিব পৰা প্ৰভাৱৰ বিষয়ে সকলো ষ্টেক-হল্ডাৰৰ সৈতে জন-শুনানি বা তাৰ পাছত লব লগীয়া সাৱধানতাৰ ক্ষেত্ৰতো যে বিভিন্ন আসোঁৱাহ ৰৈ গৈছিল সেই বিষয়ে দল-সংগঠনে বহু দিনৰ পৰা আশংকা প্ৰকাশ কৰি আহিছিল।
আৰু এই আশংকাবোৰ যে অমূলক নাছিল, সেইটো যোৱা ২৬ মে ২০২০ৰ দিনা সত্য বুলি পৰিগণিত হ’ল৷ তৈলক্ষেত্ৰখনৰ ৫ নং খাদৰ পৰা প্ৰায় ৪০০০ psi চাপত ২০০ মিটাৰ উচ্চতালৈ ৯০,০০০ ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ হাৰত গেছ দৈনিক হিচাপত ব্ল-আউটৰ ঘটনাৰ জৰিয়তে৷ এই অনিয়ন্ত্ৰিত হাৰৰ গেছৰ লগতে কিছু তৰল পদাৰ্থ (condensate) নিগৰি ওলাই কাষৰীয়া গছ,পাত,মাটি ইত্যাদিত লাগি থকা পৰিলক্ষিত হয়৷ এই তৰলীকৃত পদাৰ্থৰ নিগৰনে বাঘজানৰ ঘটনাটো যে এটা সাধাৰণ দুৰ্ঘটনা নহয়, তাৰ প্ৰাথমিক কিছু আভাস পোৱা যায়৷ প্ৰচণ্ড জুই, ধোঁৱা, শব্দ, তেল, গেছৰ, কনডেনচেটৰ প্ৰভাৱত সেই অঞ্চলটোত যে সকলো প্ৰকাৰৰ প্ৰদূষণে বাঘজানক চানি ধৰিছে। এতিয়া ভূতৰ ওপৰত দানৱ পৰাদি বানপানীৰ প্ৰকোপ। এনে জটিল পৰিস্থিতিৰ সম্ভাৱনীয়তাবোৰ, সেই অঞ্চলত তৈল খাদ বহোৱাৰ সময়ত সঁচাই বিবেচনা কৰা হৈছিল নে? এই প্ৰশ্নৰ উত্তৰ আজি বিচাৰিলেও সময়তো কেৱল পোৱা যাব আশ্চৰ্যকৰ নিৰৱতাহে!! 

এইখিনিতে কনডেনচেট নো আচলতে কি বুজা দৰকাৰ৷ গেছ,কনডেনছেট বা ক্ৰুড অইল হৈছে প্ৰাকৃতিক ভাৱে গঠন হোৱা হাইড্ৰকাৰ্বন ৷ কনডেনছেটৰ ভৌতিক (Physical) ধৰ্ম গেছ আৰু খাৰুৱা অইলৰ মাজতে৷ কনডেনছেটত প্ৰপেন, বিউটেন আৰু হেকচেন গেছ থাকে৷ আনহাতে তৈল খাদৰ পৰা ওলোৱা গেছ সাধৰণতেই মিথেন গেছ হয়৷ মিথেন গেছতকৈ কনডেনছেট গেছৰ অনুকনাৰ (Molecule) মাছ (Mass ) ৩/৪ গুন বেছি৷ লগতে কনডেনছেটৰ Surface tension তুলনামূলকভাবে বহুত বেছি৷ কনডেনছেটৰ এই দুটা প্ৰধান বৈশিষ্ট্যৰ বাবে কনডেনছেট তুলনামূলকভাবে যদি যথেষ্ট পৰিমাণে (ধৰক ২০% বা তাতকৈ বেছি)থাকে,তেতিয়া হলে খাদৰ খননৰ সময়ত যথেষ্ট সতৰ্কতা লব লগা হয়৷ কাৰণ এনে খাদত Blowout হোৱাৰ সম্ভাৱনা থাকে ৷ আনহাতে surface tension বহুত বেছি হোৱাৰ বাবে কনডেনছেটে গছৰ পাত বা পানীৰ ওপৰত এনে এক চামনি সৃষ্টি কৰে যে তাত oxygen বা আন কোনো গেছ পাৰ হৈ যাব নোৱাৰে৷ গতিকে পানীত থকা মাছ, কাছ ইত্যাদি oxygenৰ অভাৱত মৃত্যুও হ’ব পাৰে৷ 

আন এটা কথা হ’ল যে সাধাৰণ মিথেন গেছতকৈ কনডেনছেট বহুত বেছি দাহ্য(inflammable) পদাৰ্থ৷ গতিকে কনডেনছেটৰ পৰা গছ, বন, বাসগৃহ আদিৰ জুই লগাৰ সম্ভাৱনীয়তা বহুত বেছি৷ এনেই তুলনামূলকভাবে বেছি দাহ্য,তাতে আকৌ গেছৰ তুলনাত গধুৰ হোৱা বাবে ওপৰলৈ উৰি নাযায়৷ গেছ ওপৰলৈ উৰি যোৱা বাবে জুই লাগিলেও উলম্বভাবেহে(vertically) লাগিব৷ কিনতু কনডেনছেটত জুই লাগিলে তৎক্ষণাত মাটিৰ (horizontally) গাতে লাগি বিয়পি যাৱ পাৰে বহুত দূৰলৈকে৷ এই দিশ সমূহৰ বিবেচনাও তৈল খাদ বহোৱাৰ সময়ত তৈলক্ষেত্ৰখনত কৰা হৈছিল নে? এনে ঘটনাৰ ফলত সৃষ্টি হব লগা পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ চৰকাৰী নিয়ম অনুসৰি কি কি সাৱধনাতা পালন কৰিব লগীয়া আছিল, কি কি আচলতে বাস্তৱত পালন কৰা হৈছিল। এইবোৰ হৈছে উত্তৰ পাবলগীয়া কিছুমান প্ৰশ্ন।


ৰাইজ আৰু পৰিৱেশৰ অৱস্থা

পৃথিৱীত যি কোনো এজনৰ সমস্যাক সঠিকভাৱে অনুধাৱন কৰিবলৈ আটাইতকৈ উত্তম উপায় হৈছে নিজকে সেই ব্যক্তিজনৰ ঠাইত কল্পনা কৰি সেই পৰিস্থিতিত আপুনি কি কৰিলেহেতেন সেই কথা এবাৰ ভাবি চোৱাতো। হয়, মই বাঘজান বাসীৰ কথাই কৈছো। কোম্পানী এটাই নিজৰ ব্যৱসায়ৰ বাবে আহি এটা ব্যৱসায়িক উদ্যম আপোনাৰ ঘৰৰ কাষত আৰম্ভ কৰিলেহি। এতিয়া সেই ব্যৱসায়িক উদ্যমত হোৱা কোনো ঘটনাৰ বাবে আপুনি আৰু আপোনাৰ পৰিয়াল, ওচৰ চুবুৰীয়া হাজাৰ হাজাৰ ৰাইজ আজি আপোন ঘৰখন এৰি স্কুলৰ একোটা হলঘৰত শিশুৱে, মহিলাই, পুৰুষে, আবাল বৃদ্ধ বনিতাই মাটিত ঢাৰি পাৰি শুব লগা হৈছে। তাকো, কেইদিন সেয়া অনিৰ্দিষ্ট। প্ৰতিদিনে কোম্পানীয়ে জুই নিৰ্বাপনৰ বাবে কৰা কামৰ দৈনিক খতিয়ান জাৰি কৰে। কোনোবা দিন অমুক কামটো হ'ল, আজি বৰষুণ বেছি, আজি বানপানীৰ প্ৰকোপ, কাইলৈ দলঙ ভাঙিলে। ইফালে দেশত অতিমাৰী, লক-ডাউন, চ'চিয়েল ডিষ্টেনচিঙৰ বাবে চিঞৰ বাখৰ, গণ-বিমৰ্ষতা। তাৰ মাজত এনেকৈ অনিশ্চিত দিন গণি গণি যদি আপোনাৰ পৰিয়াল, শিশু-মাতৃৰ সৈতে দুবেলা দুমুঠি যোগান ধৰা খাদ্য খায় শিবিৰত পৰি থাকিব লগীয়া হয় আপোনাৰ প্ৰতিক্ৰিয়া কি হব। কোম্পানীৰ চাকৰিয়াল, ঠিকাদাৰ কোম্পানীৰ কৰ্মী, ঠিকাদাৰী ৰিগৰ মালিক-অংশীদাৰৰ পৰিয়ালে হয়তো এই গৰমত বাতানুকূল ৰুমৰ পৰা ওলাবলগীয়াটোকো যন্ত্ৰণা বুলি অনুভৱ কৰে, তেনে ক্ষেত্ৰত এই সকল লোক, পৰিয়াল, শিশু-মাতৃ, বৃদ্ধ-বৃদ্ধা! কোনো কোঠা হিচাবত পৰিয়াল থকাৰ ব্যৱস্থা নাই, নাই প্ৰাইভেচীৰ নুন্যতম গুৰুত্ব! তেওঁলোকৰ দোষ কি, যে বাঘজানত তৈল খাদ বহাবৰ সময়ত প্ৰতিৰোধ কিয় নগঢ়িলে সেয়াই নেকি? পৰিয়ালে প্ৰতি কেৱল ত্ৰিশ হাজাৰ টকাৰ এক-কালীন সাহাৰ্যৰে এই স্থাৱৰ-অস্থাৱৰ ক্ষতি, মানসিক হাৰাশাস্তিক ক্ষতিপূৰণ দিয়া সম্ভৱনে? আপুনি সেই স্থানত, সেই অৱস্থাত প্ৰায় দুমাহ থাকিলে কেনে হব অনুভৱ, কেনে হব প্ৰতিক্ৰিয়া! 

মাজতে অসম চৰকাৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে তৈলক্ষেত্ৰ বন্ধ কৰাৰ জাননী জাৰি কৰি আকৌ দুদিন পিছতে সেই জাননী উঠাই লোৱাৰ দৰেই ঘটনা ৰাইজে দেখিলে। কাক, কি, পৰ্যায়ত হেঁচা প্ৰয়োগ কৰা হৈছে, কোন পক্ষক কেনেকৈ মেনেজ কৰা চেষ্টা চলিছে সেয়াও অসমৰ ৰাইজে নিশ্চয় নজনাকৈ থকা নাই। মেডিয়াইয়ো শিবিৰত ৰাইজৰ জীৱন যাতনা প্ৰথমে দুদিনমান দেখুৱাই তাতে সামৰিলে। বানৰ প্ৰকোপত একেখিনি ৰাইজেই খেতিৰ ধান, পশুধন আদিকো হেৰুৱাব লগা হৈছে। কিন্তু তেওঁলোকৰ জীৱন আজিও আবদ্ধ, সাহাৰ্য শিবিৰতে। 

উপৰোক্ত সকলো দিশৰ কথা স্পৰ্শকাতৰ ভাৱে বিবেচনা কৰি আমি আৰু দুজন বন্ধু (সোনেশ্বৰ নৰহ, মহম্মদ আফি্ৰন হোছেইন) ডাঙৰীাই যোৱা ২৭ জুন তাৰিখে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণত(National Green Tribunal) অইলৰ বিপক্ষে এক গোচৰ(৫০/২০২০/EZ) ৰুজো কৰিলোঁ৷ লগতে Assam Pollution Control Board, National Board of Wildlife আৰু Ministry of Environment & Forest ক গোচৰত পদকীয়া কৰা হ’ল৷ যোৱা ৭ জুলাই তাৰিখে হোৱা শুনানীত আমাৰ হৈ যুক্তি প্ৰদান কৰে উচ্চতম ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা প্ৰশান্তো চন্দ্ৰ সেনে৷ আমাৰ অধিবক্তাৰ যুক্তিত পতিয়ন গৈ মাননীয় ন্যায়ধীশ ৱাংলে আৰু সদস্য ড° নাগীন নন্দাই অহা ২৯ জুলাইত পৰৱৰ্তী শুনানীৰ দিন ধাৰ্য্য কৰে৷

আমি এই আবেদনত দাবী কৰিছো যে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে বাঘজানৰ ঘটনা যেন এটা সাধাৰণ 'গেছ ব্ল-আউট'ৰ ঘটনা বুলি গণ্য নকৰে৷ কিয় বুজন পৰিমাণে কনডেনছেট থকাৰ পাছতো অইলে লব লগীয়া অধিকতৰ সাৱধানতা লোৱা নাছিল, তাৰ উচিত তদন্ত হ’ব লাগে আৰু সেই অনুপাতে ক্ষতিপূৰণৰ পৰিমাণ বৃদ্ধি পাব লাগে৷ সেই ইক'-চেনচিটিভ জ'নত পৰিৱেশৰ ক্ষয়-ক্ষতি, প্ৰদূষিত পৰিৱেশৰ শুদ্ধিকৰণ, জৈৱ-বৈচিত্ৰ ঘূৰাই অনাৰ বাবে পদক্ষেপ আদিৰ লগতে স্থানীয় ভুক্তভোগী ৰাইজৰ নাৰ্যতাৰ সকলো দিশ আমি একত্ৰে এক ন্য়ায়িক যুঁজৰ মঞ্চত তুলি ধৰিবলৈ চেষ্টা কৰিছো। যুক্তিক যুক্তিৰে আৰু তথ্যক তথ্যৰে পৰাভূত কৰি ৰাইজৰ সমূহীয়া স্বাৰ্থৰ বিজয় কৰাৰ এই যাত্ৰাত সকলোৰে দিহা-পৰামৰ্শৰ লগতে এই ন্যায়িক যুদ্ধৰ বাবে অসমবাসী ৰাইজৰ আশীষ বিচাৰিছো।

লেখক ডুবাই নিবাসী এগৰাকী অৰ্থনৈতিক ক্ষেত্ৰৰ বিশেষজ্ঞ তথা পৰামৰ্শদাতা।
লেখকৰ অন্যান্য প্ৰকাশিত লেখা পঢ়িবৰ বাবে 
ক্লিক কৰক তলৰ সূত্ৰঃ

2 comments:

  1. Very good effort Many thanks to all the entrepreneurs for making such dynamic work available on the internet in Assamese as well

    ReplyDelete
  2. আপোনাৰ মন্তব্যৰ বাবে অশেষ ধন্যবাদ।

    ReplyDelete