লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান
 ১. মেট্ৰিকত চেকেণ্ড ডিভিজন পোৱা সকলক নেটবুক লেপটপ দিয়াৰ ব্যৱস্থা হোৱাৰ পাছত থাৰ্ড ডিভিজন পোৱা সকললৈ এইবাৰ আগবঢ়োৱা হব স্মাৰ্টফোন! ৰাজ্যত প্ৰেম-অমৃতৰ বাণী বিলাবৰ বাবেই এই প্ৰেমজ্যোতি আঁচনিখনৰ উদ্বোধন কৰিব ৰসাল গগৈয়ে।  জাতিগত স্কলাৰশ্বিপৰ ধন এতিয়াৰ পৰা মোবাইল ৰিচাৰ্জৰ ৰূপতে প্ৰদান কৰি সেই ধন অপচয় হোৱাটো ৰোধ কৰিব পৰা যাব বুলিও গগৈ চাৰে ব্যৱস্থা লব বুলি জানিব পৰা গৈছে।

২.  আটাইতকৈ দীঘল তিল পিঠাৰে ভোগালী বিহু পাতি অভিলেখ গঢ়িলে বেড এফ এম নামৰ ৰেডিঅ' চেনেলেঃ জানিব পৰা মতে বিশ্বৰ আটাইতকৈ দীঘল তিল পিঠাটো তৈয়াৰ কৰি এই ৰেডিঅ' চেনেলে  গীনিজ বুকত অসমীয়া তিল পিঠাৰ স্থান সুনিশ্চিত কৰিছে। পৃথিৱীৰ বিভিন্ন কোণৰ পৰা ফেচবুক যোগে এই পিঠা কেইবা মিলিয়ন লোকে লাইক কৰাক এক পিঠা বিপ্লৱৰ সূচনা হোৱা বুলিও ৰেডিঅ' কৰ্তৃপক্ষই দাবী কৰিছে। অহা বহাগ বিহুত পৃথিৱীৰ আটাইতকৈ বৃহত তেল পিঠা পুৰিও অভিলেখ গঢ়ি দেখুৱাব বুলি জানিব পৰা গৈছে।

৩. হাইকামাণ্ডে চকী এৰিবলৈ কলে পাঁচ মিনিটতে চকী এৰিব বুলি মন্তব্য কৰিলে ৰসাল গগৈয়েঃ চকীৰ পৰা উঠিবলৈ এক চেকেণ্ডো সময় নালাগে, অথচ চাৰে পাঁচ মিনিট কিয় লব বিচাৰিছে বুলি জালুকবাৰীৰ পৰা সচেতন শৰ্মাই প্ৰশ্ন তুলিছে। এই শেষ পাঁচ মিনিটতে শত্ৰুতা শলা সকলৰ প্ৰতি কেজেং লগাই যোৱা অৰ্ডাৰ কৰি যাব বুলিও বিসম্বাদীসকল শংকিত হৈ প্ৰেছাৰৰ পিল খোৱা বুলি জানিব পৰা গৈছে।

৪. পেঞ্চন পোৱাক লৈ টেনছন নলব। অহা ৩১ মাৰ্চ উপলক্ষে পেঞ্চন অফিচ দালাল সন্থাই সুলভ মূল্যত ফটাফট সেৱা মুকলি কৰাৰ ভাল খবৰ বিজ্ঞপ্তি যোগে আমাক জনাইছে। নিজৰ নিজৰ থলুৱা দালাল সকলৰ জড়িয়তে দক্ষিণা সহ ফাইল-পত্ৰ চমজাই দি ঘৰতে বহি পেঞ্চন পোৱাৰ সুবিধা উপভোগ কৰিবলৈ সন্থাই আহ্বান জনাইছে। লগতে বকেয়া ধনৰ বাবে অতিৰিক্ত মাচুলেৰে আবেদন কৰিলে সেয়াও ৩১মাৰ্চৰ ভিতৰতে মোকোলাই অনাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

৫. হাতোৰা পাৰ্টিৰ হৈ লোকসভাৰ নিৰ্বাচন এজন প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ নাতিয়েকৰ পুতেকৰ নেতৃত্বত খেলিবলৈ টিকট পাবলৈ এজন মুখ্যমন্ত্ৰীৰ পুত্ৰই খুড়াকৰ সতে প্ৰাৰ্থীত্ব বিচৰাৰ লগতে আন এজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ দুয়ো পুত্ৰইয়ো প্ৰাৰ্থীত্বৰ আবেদন জমা কৰিছে। লগতে আবেদনৰ শেষ দিনৰ আগে আগে সকলোৰে পৰিয়াল পৰিজন, মাহী, পেহী, খুলশালী সকলোৱেই আবেদন কৰি নিজৰ নিজৰ পৰিয়ালৰ মানুহে টিকট পোৱাতো নিশ্চিত কৰিবলৈ সকলোকে আহ্বান জনাইছে। পৰিয়ালৰ বন-কৰা দূৰসম্পৰ্কীয় মহিলাকো আবেদন কৰিবলৈ উপদেশ দিয়াৰো গোপন খবৰ আমালৈ আহিছে।

৬. ধিঙত চান্দা সংগ্ৰহক কেন্দ্ৰ কৰি মাৰপিট, পাঁচ জনলৈ আহত হোৱাৰ ঘটনাত জাতীয় সংগঠন সমন্বয় সন্থাই উদ্বেগ প্ৰকাশ কৰিছে। চান্দা বৰঙণি শান্তিপূৰ্ণ ভাৱে তুলি সকলোৱে এনজয় কৰিব লাগে আৰু তাত এনে অসূয়া-প্ৰীতিয়ে সকলোৰে সান্দহ খোৱা বালিহে তল নিয়াব বুলিও মত প্ৰকাশ কৰিছে।


৭. দুই টকাকৈ পেট্ৰলৰ দাম কমিব বুলি খবৰ পাই, তেলৰ দাম বাঢ়িছে বুলি ইমানদিন বাইক কিনিবলৈ নিদিয়া ঘৰ-পৰিয়ালত কিশোৰ সকলে বিদ্ৰোহ সূচনা কৰাত, আজি ৰাতিপুৱাৰ ভিতৰতে বাইকৰ বিক্ৰী ১০% বৃদ্ধি হোৱা বুলি জানিব পৰা গৈছে। বহুতো ঠাইত আমৰণ অনশনৰ কাৰ্যসূচী হাতত লোৱাৰো খবৰ আমালৈ আহিছে।

৮. ভোগালীৰ আনন্দৰ মাজতে ৰাজ্যখনে অধিকাৰী হৈছে অন্য এক অভিলেখৰঃ সুৰাপান কৰি দুৰ্ঘটনা ঘটোৱা আৰু অতিপাত সুৰাপান কৰি চলায়ো দুৰ্ঘটনা নোহোৱাকৈ ঘৰ ওলোৱা দুয়োটা শিতানতে অসমীয়া ৰাইজে অভিলেখ গঢ়া বুলি যোৰহাটৰ ৰেকৰ্ড গঢ়া শাখা কাৰ্যালয়ৰ সূত্ৰই আমাক জনাইছে।

৯.  নৰেন্দ্ৰ ভাইয়ে অসমত পদুম ফুলৰ গুটি সিঁচিবলৈ অহাৰ দিনাই শিক্ষক হোৱাৰ বাবে নিজৰ যোগ্যতা প্ৰতিপন্ন কৰা পৰীক্ষা টেট পতাৰ বাবে ৰাজ্যজুৰি শিক্ষিত যুৱ মৰ্চাই প্ৰতিবাদ জনাইছে। যুৱ সন্থাই পৰীক্ষাৰ্থী সকলে নৰেন্দ্ৰ ভাইৰ জ্ঞানবৰ্ধক তথা জীৱন সলাই দিয়া ভাষণ চাই দেশৰ ছবি সলাই পেলাবলৈ সুবিধা দিবৰ বাবে  ভাষণৰ লাইভৰ সলনি সন্ধিয়ালৈ ডিফাৰড লাইভ দিবলৈ টিভি চেনেল সমূহলৈ আহ্বান জনাইছে।

১০. ভোগালী বিহুত চৰাদাম দি হ'লেও কি কি খালে তাকে লৈ কাৰ্যালয় সমূহত আলোচনা চলিছে। কোনোৱে হাজাৰ টকীয়া চিতল, দহ হাজাৰ টকীয়া স্কটচ পান কৰাৰ কাহিনী শুনি বাহিৰা ইনকাম নকৰা সকলে মুৰ্গীৰ কণী আৰু আলু দমেৰে বিহু পতাৰ দুখৰ কাহিনী কব নোৱাৰি অস্বস্তিত ভোগাৰ খবৰ আহিছে।

No comments:

Post a Comment