গ্ৰন্থ আলোচনা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

গ্ৰন্থ আলোচনা

গ্ৰন্থ আলোচনা

Share This
‘কাটাৰৰ ডায়েৰী’- এখন সুখপাঠ্য গ্রন্থ
 বিদুল বৰুৱা


ডা: ভূপেন শইকীয়া ‘ইন্টাৰনেল মেডিচিন’ৰ এগৰাকী ব্যস্ত বিশেষজ্ঞ চিকিৎসক। অসমকে ধৰি বিদেশ ৰাষ্ট্র লিবিয়া,মালদ্বীপ,নেপাল,সংযুক্ত আৰব আমীৰাট আদি দেশত প্রচুৰ অভিজ্ঞতাৰে পুষ্ট ডা: শইকীয়া বৰ্ত্তমানে মধ্য প্রাচ্যৰ এখন ক্ষুদ্র অথচ বিশ্বৰ অন্যতম ধনী দেশ কাটাৰৰ ৰাজধানী চহৰ, ডোহাত স্বাস্থ্য বিভাগত ২০১১ চনৰে পৰা কৰ্মৰত। 

‘ফেচবুক’ৰ অন্যতম জনপ্রিয় গোট ‘অসমীয়া কথা-বতৰা'ৰ জৰিয়তে ঘাইকৈ স্বাস্থ্য আৰু ভ্রমণ সম্পৰ্কীয় লেখাৰে লেখক জীবনৰ আৰম্ভণি কৰা,ডা: শইকীয়াই পৰৱৰ্তি সময়ত ই-আলোচনী ‘সাহিত্য ডট অৰ্গ’ৰ উপৰি প্রতি বুধবাৰে প্রকাশিত অসমৰ অন্যতম বহুল প্রচাৰিত অসমীয়া দৈনিক বাতৰি কাকত ‘নিয়মীয়া বাৰ্ত্তা’ৰ ‘প্রবাসী অসমীয়া’ শিতানত ধাৰাবাহিক ভাবে ‘কাটাৰৰ ডায়েৰী’ লেখি আহিছে। তেখেতৰ সদ্য প্রকাশিত গ্রন্থ ‘কাটাৰৰ ডায়েৰী’ এই ধাৰাবাহিক সমূহৰ পৰিবৰ্ধিত একত্র সংকলন।

গ্রন্থখনৰ জৰিয়তে পাঠকে সম্ভেদ পাব, এনে এখন প্রাচ্যৰ মৰুৰ দেশৰ কথা - যি খন দেশ কেবল ১৯৭১ চনৰ ৩ ছেপ্তেম্বৰ তাৰিখে ব্রিটিছৰ পৰা মুক্ত হৈছে। প্রধানকৈ খাৰুৱা তেল আৰু প্রাকৃতিক গেচৰ ওপৰত নিৰ্ভৰশীল, এই দেশখনে অতি কম সময়ৰ ভিতৰতে অৰ্থনৈতিক প্রগতি লাভ কৰি বিশ্বক চমক দিছে। আয়তনৰ দিশেৰে অসমতকৈ ছয় ভাগৰ এভাগ, দেশখনৰ মুঠ জনসংখ্যা ১৭ লাখ। য’ত ৮০ শতাংশ লোকেই অনাকটাৰী।ইয়াৰে ১৮ শতাংশ ভাৰতীয় আৰু সংখ্যাৰ লেখেৰে কমেও এশ অসমীয়া পৰিয়াল দেশখনত আছে। জনসাধাৰণৰ নিৰাপত্তা সুৰক্ষিত, এখন প্রায় অপৰাধ শূণ্য দেশ। অতি সুলভ মূল্যত পেট্রল উপলব্ধ,এইখন দেশত ট্রেফিক আইনো বৰ কঠোৰ। য’ত টেক্সি চালক সকলে মিটাৰ মতে ছপা ৰছিদ যাত্রীক প্রদান কৰে। ইয়াৰ চৰকাৰে নাগৰিকত্বৰ ভেদভাৱ নকৰাকৈ ৰোগীক বৃক্ক সংস্থাপনৰ অস্ত্রোপ্রচাৰ বিনামূলীয়াকৈ কৰে। নগন্য সংখ্যক (০.৬ শতাংশ) নিবনুৱা থকা এই দেশখনৰ থলুৱা পুৰুষ-মহিলা উভয়ে সকলো পৰিবেশতে পৰম্পৰাগত সাজ পোছাক পৰিধানত অভ্যস্ত এখন আধুনিক প্রাচুৰ্যশীল দেশ।যাৰ নাম কাটাৰ।

সেয়েহে, তাহানিৰ কাটাৰ সম্বন্ধে পাঠকক অবগত কৰিবলৈ গৈ ডা:শইকীয়াই লেখিছে -‘কাটাৰৰ পশ্চিম প্রান্তৰ সমুদ্র উপকূলীয় চহৰ দোখান (Dukhan)ত ১৯৩৯ চনত পোনপ্রথমবাৰৰ বাবে খাৰুৱা তেল আৱিষ্কাৰ হয়।কাটাৰৰ খাৰুৱা তেলৰ সন্ধান নোলোৱালৈকে কাটাৰী লোকসকলৰ জীৱন-শৈলী আজিৰ দিনতকৈ সম্পূৰ্ণ পৃথক আছিল।জীৱন আৰু জীৱিকাৰ বাবে তেওঁলোকে কঠোৰ সংগ্রাম কৰিবলগীয়া হৈছিল।কৰ্ম আৰু খাদ্যৰ সন্ধানত একে ঠাইতে ৰৈ থকাতকৈ পৰিয়ালসহ মৰুৰ সংগী উটৰ এক কাফিলা লৈ যাযাবৰী, অঘৰী জীৱন যাপন কৰিছিল। এই বেদুইন সকলৰ কষ্টকৰ জীৱনলৈ খাৰুৱা তেলে আনিলে অভাৱনীয় সুখপদ পৰিৱৰ্তন। আজি বেদুইনৰ অস্তিত্ব নাই।জীৱিকাৰ আগৰ দিনৰ সমলবোৰ আজি বুৰঞ্জী মাথোন।’(পৃষ্ঠা-৬২)

ইয়াৰোপৰি, ‘কাটাৰ ডায়েৰী’ৰ মাধ্যমেৰে দেশখনৰ মানুহ, সমাজ,শিল্প,সংস্কৃতি, খ্যাদ্যাভাস,স্বাস্থ্য,শিক্ষা, জীৱিকা,জীৱন শৈলী, শাসন ব্যৱস্থা,অৰ্থনীতি,কাটাৰত কৰ্মৰত ভাৰতীয় সকলৰ লগতে ইয়াৰ অসমীয়া সমাজ আৰু তেওঁলোকে উদযাপন কৰা বিহুৰ কথা-কাহিনীবোৰ ৰসাল আৰু অনুভৱী ভাষাৰে লিখি গ্রন্থখনক সুখপাঠ্য কৰি তুলিছে। 

স্বাস্থ্য সম্বন্ধীয় এটা লেখাত ডা:শইকীয়াই লেখিছে- “ ডায়েবিটিজ,উচ্চ ৰক্ত-চাপ,ডিচলিপিডেমিয়া অৰ্থাৎ তেজত চৰ্বিৰ আধিক্য,গাওত আৰু বিভিন্ন হৃদ-ৰোগ জীৱন ধাৰণ পদ্ধতিৰ ফলত হোৱা বুলিয়েই চিকিৎসা বিজ্ঞানে কয়।টুনা,চালমন মাছ আদি সাগৰীয় মাছত স্বাস্থ্যৰ উপযোগী অমেগা-৩ ফেট্টি এচিদ থাকে। অমেগা-৩ ফেট্টি এচিদ হৃদ-ৰোগৰ প্রতিৰোধকাৰক,মস্তিষ্ক আৰু স্নায়ুৰ বাবে পৰম উপকাৰী।”(পৃষ্ঠা-২৭) 

তেনেকৈ, চুফী সংগীতৰ তালত ৰচনা কৰা কাটাৰী সংগীতৰ মেহফিলৰ অভিজ্ঞতা বৰ্ণাই লেখিছে- ‘বিদেশী শ্রোতা দৰ্শক সকলে সংগীতৰ ভাষা নুবুজিলে,তাত অন্তৰ্নিহিত হৈ থকা বেদনাৰ কৰুণ ভাবটো উপলব্ধি কৰিব পাৰে।কোনোবা প্রখ্যাত ব্যক্তিয়ে এনেয়ে কৈ যোৱা নাই: আটাইতকৈ মধুৰ সংগীত হ’ল আটাতকৈ কৰুণ।’(পৃষ্ঠা-৯৬)

‘কাটাৰ অসম সমাজ’ৰ অন্যতম প্রতিষ্ঠাপক সদস্য ডা: শইকীয়াই অকল কাটাৰৰ ‍‍ইতিহাস আৰু প্রাচুৰ্য্যৰ কথাই লিখা নাই কাটাৰনিবাসী অসমীয়াসকলৰ স্বাভিমানক জাগ্রত কৰাৰ লক্ষ্যৰে অসমৰ জাতীয় ঐতিহ্যক শ্রদ্ধাসহকাৰে স্মৰণ কৰিছে- ‘কি নাই আমাৰ? শিল্প,সাহিত্য,কলা, সংস্কৃতি সকলোতেই আমাৰ পূৰ্বাঞ্চল দেশৰ ভিতৰতেই অগ্রণী।এবাৰ-দুবাৰ নহয় ১৮ বাৰকৈ যুঁজ দিও অসমক মোগলে পৰাজিত কৰিব পৰা নাছিল।আমাৰ গৌৰৱময় ইতিহাস আছে আৰু আছে নানাৰঙী উৎসৱ-পাৰ্বণৰ বৰ্ণিল পৰম্পৰা।অতি প্রাচীন কালৰে পৰাই পালিত বিহুৰ আনন্দোৎসৱে প্রতিজন অসমবাসীৰ মনত আৰু হৃদয়ত খলকনি তোলে।দেশে-বিদেশে য’তে থাকিলেও আমাৰ আত্মাত একেটাই সুৰ,আমি একেডাল নেদেখা সূতাৰে বন্ধা।’(পৃষ্ঠা-১১৮) 

বিষয়ৰ সৈতে সংগতি ৰাখি লেখা সমূহৰ মাজে মাজে উদ্ধৃত কৰা স্বৰচিত কবিতাসমূহেও গ্রন্থখনক দিছে অন্যতম মাত্রা। উদাহৰণ স্বৰূপে – ১. মই যেন এক বেদুইন/মোৰ অঘৰী জোলোঙাত/আছে সৰু সৰু সুখ/আৰু সৰু সৰু দুখ।/নৰচোঁ সপোন মই/নোপোহোঁ বিশাল অভিলাষ/আজি মই বেদুইন/বাস কৰোঁ নিজে ৰচা/এক ক্ষুদ্র জগতত। ( বেদুইনৰ আত্মকথা) ২. মৰুভূমিত বনবাসত মই/মানুহ, মানুহ আৰু মানুহ/নানা বৰণৰ/নানা ভাষাৰ/কোলাহলৰ মাজতো/শীতল নিস্তব্ধতাত আবদ্ধ মন! (প্রবাসী মন) যেন এগৰাকী অসমীয়া ‘বেদুইন কবিৰ’ স্বচ্ছন্দে হৃদয়ৰ পৰা নিসৰিত হোৱা এক কৰুণ গাথা। গুৱাহাটীৰ চন্দ্রমা প্রকাশনে সুন্দৰকৈ প্রকাশ কৰা প্রবাসী অসমীয়া ডা: ভূপেন শইকীয়াৰ তথ্যসম্বলিত, ভ্রমণ বিষয়ক এই ‘কাটাৰৰ ডায়েৰী’ শীৰ্ষক গ্রন্থখন, অসমীয়া সাহিত্যলৈ উল্লেখযোগ্য সংযোজন বুলিব পাৰি।অসমীয়া মননক নিশব্দে কৰা মৃদু টোকৰ গ্রন্থ খনৰ এক অন্তৰ্নিহিত চিন্তনীয় দিশ। ডা: শইকীয়াৰ সাহিত্যৰ যাত্রা অব্যাহত হৈ ৰওঁক।

কাটাৰৰ ডায়েৰী প্রথম প্রকাশ:২০১৩ অক্টোবৰ মূল্য:১৭৫.00 টকা পৃষ্ঠা:১৫৩

No comments:

Post a Comment