লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান

১. নৱবৰ্ষৰ প্ৰাকক্ষণত অসমে ৰচিলে কেইবাটাও অভিলেখঃ মাত্ৰ ১৫০টা পথ দুৰ্ঘটনা আৰু ৭০কোটি টকাৰ সুৰাপান কৰি হস্পিতেল ব্যৱলায়ী সকল আৰু সুৰা কোম্পানীলৈ সাহাৰ্য আগবঢ়ালে অসমীয়া ৰাইজে। ৰাষ্ট্ৰীয় অভিলেখ গঢ়া এই সংখ্যা অহা বছৰত দুগুণ কৰিবই বুলি নৱ-প্ৰজন্ম অসমীয়া সংঘই বিজ্ঞপ্তি যোগে শপত গ্ৰহণ কৰাৰ খবৰ। মাত্ৰ ৫৫খন দুচকীয়া আৰু ৫১খন চাৰিচকীয়া বাহন একেদিনাই দু্ৰ্ঘটনাত পতিত হোৱাটো বিকশিত অসমৰ বিকশিত চিন বুলি ৰসাল গগৈয়ে মন্তব্য কৰিছে।
২. বিশিষ্ট অসমীয়া ৰসাল গগৈয়ে নিজকে দেশৰ আটাইতকৈ হেণ্ডচাম মানুহ বুলি নিজকে কৰিলে ঘোষণাঃ হাইকামাণ্ডৰ জৰী হাতত থকা মেডামৰ কাষলৈ গলে ঘৰৰ গৃহমন্ত্ৰীয়ে ভয় কৰে বুলি কৰিলে ৰসাল মন্তব্য!

৩. ৰাজসাহাৰ্য নথকা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য মাত্ৰ ২২০টকাকৈ বৃদ্ধি কৰাত চিন্তিত হৈ পৰিছে খেতি বাতি মন্ত্ৰী নীলমানি ডেকাঃ এতিয়া এসাঁজ ভাতৰ দাম কমেও চাৰে তিনি টকা হবই হব বুলি তেখেতে কৰিলে মন্তব্য। মুম্বাইত ইয়াৰ নতুন দাম কিমান হব তাৰ বাবে ৰাজ বব্বৰ চাৰৰ টুইটলৈ মুম্বাইকাৰ সকলে অপেক্ষা কৰি থকাৰ খবৰ।

৪. নৱবৰ্ষত চোৰাং চিকাৰী সংস্থাই প্ৰথমটো সফলতা লাভ কৰাৰ কোটি টকীয়া খবৰঃ মানাহত তেওঁলোকে মানাহত এগৰাকী মাইকী গঁড়ৰ খৰ্গ কাটি স্কৰ মুকলি কৰাৰ খবৰ পোৱা গৈছে। অনগাত দিনটো এইদৰে সফলতা লাভ কৰি অসমীয়াৰ গৌৰৱ অক্ষুন্ন ৰাখিব বুলি আশা প্ৰকাশ কৰিছে।

৫. ঘাটোৱাৰ চাৰৰ ডনাৰ নামৰ দোকানখনত টকা দিলেও পুঁজি কিনিবলৈ নোপোৱাৰ ডাঙৰ অভিযোগে এইবাৰ ৰাজনৈতিক ক্ষেত্ৰৰ ঠিকাদাৰ সকলক ক্ষুন্ন কৰাৰ বাতৰি আহিছেঃ ঠিকাদাৰৰ আশা পূৰণত এনেদৰে ব্যৰ্থ হ'লে দোকান চলোৱাৰ ভাৰ বেলেগলৈ দিয়াই ভাল হব বুলি ৰসাল গগৈয়ে মালিক মেডামলৈ ফেক্স কৰাৰ গোপন খবৰ পোৱা গৈছে।

৬. নৱবৰ্ষত চোৰাং চিকাৰীৰ সৈতে ফেৰ মাৰি বন্যহস্তী সকলেও নিজৰ খাটা খোলাৰ বাতৰি পোৱা গৈছে, ডিমাকুচিত বছৰটোৰ প্ৰথম দিনাই এজনক আক্ৰমণক হত্যা কৰা বুলি সংবাদ শিৰোনামা দখল কৰিছে।

৭. বনভোজস্থলীত সুৰাপান প্ৰতিযোগিতা আৰু বটল ভঙা প্ৰতিযোগিতাত উজলিছে অসমীয়া যুৱ সমাজৰ প্ৰতিভাঃ যুৱতী সকলেও সমানে ভাগ লব বিচৰা এই প্ৰতিযোগিতাক অসমীয়া সংস্কৃতিৰ এক এৰাব নোৱাৰা খেল ৰূপে অলিম্পিকত অন্তৰ্ভুক্ত কৰাৰ বাবে অসমীয়া অলিম্পিক সন্থাৰ সভাপতি ৰসাল গগৈলৈ এনজয় ফেন ক্লাৱে দাবী পত্ৰ প্ৰেৰণ কৰিছে।

৮. চৰকাৰী লোকপাল বিল আজিৰে পৰা আইনত পৰিণত হোৱা অক্ষম সংস্থাই জাহিৰ কৰিলে নিজৰ সন্তুষ্টিঃ এনে অক্ষম বিলেহে মানুহৰ দিলত অক্ষম হোৱাৰ কি বিড়ম্বনা সেয়া অনুভৱ কৰাব বুলি মন্তব্য কৰিলে সংস্থাৰ সম্পাদকে। 

৯. টুইটাৰ যোগে এইবাৰ হব শিক্ষক নিযুক্তিঃ স্মাৰ্ট চাকৰিপ্ৰাৰ্থী সকলক নিজৰ নিজৰ একাউণ্ট খুলি লিখা-পঢ়া মন্ত্ৰী বিশ্ব শৰ্মাই তেওঁক অনুসৰণ কৰিবলৈ জনালে আহ্বান। 

১০. ডিচেম্বৰত অসমক কমিল মাৰুতিৰ বিক্ৰীঃ তাৰ বিপৰীতে অতি দামী আৰু বিলাসী এচ ইউ ভি, দীঘল চিডান গাড়ীয়ে চুলে সৰ্বাধিক বিক্ৰীৰ অভিলেখ। এই নতুন ধনী বৃদ্ধিয়েইতো বিকশিত অসমৰ প্ৰমাণ বুলিও প্ৰকাশ কৰিলে ৰসাল গগৈয়ে।

No comments:

Post a Comment