পলকতে সুখ দুখৰ খবৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ খবৰ

পলকতে সুখ দুখৰ খবৰ

Share This
আজিৰ ভাল খবৰবোৰ
১. কৃষিখণ্ডত বিশেষকৈ মাহজাতীয় শস্য উতপাদনত প্ৰদৰ্শন কৰা পাৰদৰ্শিতাৰ বাবে অসমে দ্বিতীয়বাৰলৈ লাভ কৰিবলৈ সক্ষম হৈছে ২০১২-১৩ বৰ্ষৰ সন্মানজনক কৃষিকৰ্ম বঁটাঃ কেন্দ্ৰীয় কৃষি মন্ত্ৰী শাৰদ পাৱাৰে এক পত্ৰযোগে ৰাজ্যৰ কৃষিমন্ত্ৰীক এই সুখবৰ জনাইছে।


২. বছৰেকত ৰাজাসাহাৰ্য -প্ৰাপ্ত ৰন্ধন গেছ চিলিণ্ডাৰৰ সংখ্যা ৯টাৰ পৰা ১২ টালৈ বৃদ্ধি কৰা হব বুলি প্ৰকাশ কৰিলে কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী বীৰাপ্পা মৈলীয়েঃ ৰাহুল গান্ধীয়ে কালি এ.আই.চি.চিৰ মিটিঙত প্ৰধানমন্ত্ৰীক উদ্দেশ্যি ভাষণতে দিয়া আহ্বানত সঁহাৰি দিয়েই এই পদক্ষেপ লব বুলি জানিব পৰা গৈছে।

৩. ৰাজ্য জুৰি শিল্পী দিৱস উদযাপনঃ ৰবীন্দ্ৰ ভৱনত ৰাজেশ্বৰ বৰদলৈ আৰু নুৰুল হকক "শিল্পী বঁটা" প্ৰদান কৰিলে ৰাজহমন্ত্ৰী পৃথিৱী মাঝিয়ে। জ্যোতি বন্দনাৰে মুখৰিত হ'ল তেজপুৰঃ তামুলবাৰীত সদৌ অসম ছাত্ৰ সন্থাই উদযাপন কৰিলে কেন্দ্ৰীয় ভাৱে শিল্পী দিৱস।

৪. নেচনেল এলায়েঞ্চ ফৰ পিপলছ মুভমেণ্টৰ বৈঠকৰ পাছত অখিল গগৈয়ে আনুষ্ঠানিকভাৱে আম আদমী পাৰ্টিত যোগদান নকৰাৰ সিদ্ধান্ত প্ৰকাশ কৰিলেঃ আম আদমী পাৰ্টিলৈ ঘোষণা কৰিলে নৈতিক সমৰ্থনৰ।৫. উত্তৰ পূৱ সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰ উদ্যোগত দহ হাজাৰ ন-পুৰণি কবিৰ কবিতা সংকলন প্ৰকাশেৰে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত স্থান লিপিবদ্ধ কৰিবলৈ চলিছে প্ৰচেষ্টাঃ এই সংকলনখনৰ নাম "সেউজীয়া দেশৰ কবিতা" ৰখা বুলিও জানিব পৰা গৈছে।

৬. লোকাৰণ্য ঐতিহাসিক জোনবিল মেলাত আজি বহিব গোভা ৰজাৰ দৰবাৰঃ উখল-মাখল পৰিবেশৰ মাজেৰে উজ্জ্বীৱিত হ'ল প্ৰাচীন বিনিময় প্ৰথা।

৭. নিজৰ দ্বায়িত্ব-কৰ্তব্য নিষ্ঠা সহকাৰে পালন কৰাৰ বাবে ২০১৩ বৰ্ষৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ প্ৰশংসনীয় বঁটাৰ আগবঢ়োৱা হৈছে তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক পি পি সিং আৰু ২৩নং অসম আৰক্ষী বেটেলিয়ন (কাৰ্বি-আংলং) কমাণ্ডেণ্ট মজিবুৰ ৰহমানলৈঃ অসম আৰক্ষীৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া ৰাজীৱ শইকীয়াই এই কথা সদৰী কৰিছে।

৮. নগাঁও জিলাৰ কামপুৰৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান কামপুৰ জ্ঞানদীপ সংঘই প্ৰবৰ্তন কৰিছে সুধাকণ্ঠ ভূপেন হাজৰিকা সাহিত্য বঁটাঃ  কাইলৈ এই বঁটা কবি লক্ষেশ্বৰ শৰ্মাক প্ৰদান কৰিব বিশিষ্ট চলচিত্ৰ পৰিচালক হেমেন দাস, শিল্পী জে পি দাস আৰু কমল কটকীয়ে।

৯. দালাই লামাৰ নেতত্বত অহা ১ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হব আন্তঃ মৈত্ৰী সন্মিলনঃ কেইবাটাও ধৰ্ম গুৰুৱে সমন্বয়ৰ বাণীৰে এই সন্মিলনত অংশ গ্ৰহণ কৰিব।

১০. অহা চাৰি ফেব্ৰুৱাৰীত অনুষ্ঠিত হব ভাৰত ৰত্ন প্ৰদান অনুষ্ঠানঃ শচীন টেণ্ডুলকাৰ আৰু বিজ্ঞানী চি এন আৰ ৰাওক এই বঁটা দিল্লীত প্ৰদান কৰিব ভাৰতৰ ৰাষ্ট্ৰপতিয়ে।


১১. আনুষ্ঠানিকভাৱে দ্বায়িত্ব ভাৰ গ্ৰহণ কৰিলে অসম আৰক্ষীৰ নতুন ডিজিপি খগেন শৰ্মাইঃ মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ৰূপে দ্বায়িত্ব ল'লে  এম জি ভি কে ভানুৱে। 

১২. পাঠশালাত পথ নিৰাপত্তা সপ্তাহ উপলক্ষে সজাগতা সৃষ্টিৰ বাবে মেইন চকত প্ৰদৰ্শন কৰিলে বাটৰ নাটঃ পথ নিৰাপত্তা সপ্তাহ উদযাপন সমিতিৰ উদ্যোগত এই বাটৰ নাটখনি প্ৰদৰ্শিত হয়।

১৩. অসম ক্ৰিকেট সন্থাৰ উদ্যোগত ১৭ বছৰ অনুৰ্ধ আন্তঃজিলা ৰাধা গোবিন্দ বৰুৱা ক্ৰিকেট প্ৰতিযোগিতাখন অহা ২০জানুৱাৰীৰ পৰা বৰপেটাত অনু্ষ্ঠিত হব।
১৪. দুলীয়াজানৰ ২০০ খেলুৱৈৰ অংশগ্ৰহণৰে আৰম্ভ হৈছে সদৌ অসম জুনিয়ৰ টেনিছ চেম্পিয়নশ্বিপঃ অইল ইণ্ডিয়াৰ উদ্যোগত অনুষ্ঠিত হৈছে এই ক্ৰীড়া প্ৰতিযোগিতাখন।

১৫. তেজপুৰ গ্ৰন্থমেলা উন্মোচন কৰিলে সুলেখিকা অৰূপা পটংগীয়া কলিতাইঃ গ্ৰন্থপ্ৰেমীয়ে ললে কিতাপৰ সুৱাস।

No comments:

Post a Comment