হাস্য ব্যংগৰে সত্যৰ সন্ধান
১. ফেচবুকত সহজে কাকো বন্ধুত্ব তালিকাৰ পৰা বাহিৰ কৰি নিদিবঃ পাটনাত এনে কৰাৰ বাবে এগৰাকী কিশোৰীৰ পিঠিত গৰম পানী ঢলাৰ পাছত ফেচবুৰ ব্যৱহাৰকাৰী সকলৰ বাবে বিশেষ সৰ্তকতামূলক জাননী জাৰি কৰা হৈছে। নিজৰ বন্ধুত্ব ৰক্ষাৰ দ্বায়িত্ব আপোনাৰ, তাৰ বাবে পুলিচ প্ৰশাসন জগৰীয়া নহব বুলিও জানিব পৰা গৈছে।
২. বাবা ৰামদেৱে ৩৫টকাত পেট্ৰল দিয়াৰ বাবে দিলে বিশেষ অৰ্থনৈতিক দৰৱঃ এলপিজি ২৫০টকাত দিব পৰাৰো দৰৱ তেখেতৰ তাত থকা বুলি প্ৰকাশ কৰাত এতিয়া বাবা পেট্ৰলজাত সামগ্ৰীৰ নতুন বিশেষজ্ঞ ৰূপে পৰিগণিত হৈছে। বাবা টেকনলজিৰেহে এতিয়া ভাৰতৰ লোকচান ভৰি থকা শোধনাগাৰ সমূহে লাভৰ মুখ দেখিব বুলিও জানিব পৰা গৈছে।
৩. ৰেলৰ দুশ বিঘা মাটিত একেৰাতিতে সন্দেহজনক বাংলাদেশীয়ে বঙাইগাঁৱত বেদখল কৰাৰ নতুন অভিলেখ গঢ়াৰ বাতৰি পোৱা গৈছে। এই অভিলেখ স্থাপনত সহায় কৰা বাবে ছাত্ৰনেতা তথা দালাাল সকললৈ নতুন বেদখলকাৰী সংঘই ধন্যবাদ জ্ঞাপন কৰিছে। এই অভিলেখক গীনিজ বুকত স্থান দিবলৈকো তেখেতসকলে দাবী জনাইছে।
৪. অসমৰ মাথাউৰিত বালিৰ বস্তা দিবৰ বাবে কেন্দ্ৰই হাজাৰ হাজাৰ কোটি টকা দি ঠিকাদাৰ বিষয়া সৱলীকৰণৰ বাবে লৈছে বিশেষ ব্যৱস্থাঃ সৰ্বশিক্ষা আৰু বেমাৰ-আজাৰ বিভাগৰ ঠিকাদাৰেও এতিয়া কলগছ আৰু বালি-বস্তাৰে মাথাউৰি বনোৱা প্ৰযুক্তি আহৰণ কৰিবলৈ মন কৰা বুলি গোপনে খবৰ পোৱা গৈছে।
৫. দীপৰ বিলত মাজৰাতি মাছ মৰা প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ সুখবৰঃ আগ্ৰহী পৰ্যটকে হাতত পেট্ৰমাক্স লৈ পানী জুঁৱলিত নামি তাৰ আনন্দ লব পাৰিব বুলি দেখিও নেদেখাৰ ভাও ধৰা প্ৰশাসনৰ সূত্ৰই জনাইছে। মাছৰ লগতে মাত্ৰ চৰাই নামাৰিবৰ বাবেহে তেওঁলোকে চিকাৰী সংঘক আহ্বান জনাইছে।
৬. তৃতীয় বাৰলৈ প্ৰধান মন্ত্ৰী নহয় হেনো মনোমোহন সিঙ চাৰঃ এইবাৰ তেখেতৰ পাৰ্টিয়ে চলোৱা দুৰ্নীতিময় শাসনৰ ফলত এইবাৰতো চৰকাৰ বনাব পৰাকৈ ভোট নিদিয়াটো কনফাৰ্ম হোৱা বাবেই অসমৰ সাংসদ জনে আগতীয়াকৈয়ে সেই কথা ঘোষণা কৰি টেঙৰামি কৰা বুলি দিল্লীক পৰা ৰাখাল সিঙ নামৰ সাংবাদিকজনে জনাইছে।
৭. টেলিভিচন, মেডিয়াত মোদী চাৰ অৰবিন্দ বোলা এজনৰ হাতত পৰাজিত হোৱাৰ খবৰ পোৱা গৈছেঃ আগৰ দিনৰ কাগজৰ বাঘৰ দৰেই এই দুজন নতুন যুগৰ ইলেক্ট্ৰনিক পেপাৰলেছ বাঘে ভাৰতত দপদপাই থকা বুলি জানিব পৰা গৈছে।
৮. এতিয়াও কমা নাই আশাৰাম পাপুৰ ফেন ক্লাৱৰ বাবা প্ৰেমঃ স্বয়ং মধ্যপ্ৰদেশত গেৰুৱা পাৰ্টিৰ বিধায়িকাই "আশাৰাম পূজা " নামৰ ক্ৰিয়েটিভ পূজা কৰি লাভ কৰিলে সংবাদ শিৰোনামা।
৯. বাঁহৰ নিবিদাক লৈ নগাঁও কাগজ কলত হাংগামাঃ স্থানীয় ছিণ্ডিকেট হাজৰিকাৰ হস্তক্ষেপ দাবী কৰিলে ৰাইজে। ছিণ্ডিকেট পাতি শান্তি মতে সকলোৱে কামাই কৰি থাকিবলৈ কৰ্মী সংঘয়ো দিলে পৰামৰ্শ।
১০. পাঁচটা বেডৰুমৰ আবাস গৃহ দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰীৱালে গ্ৰহণ কৰাকলৈ গেৰুৱা পাৰ্টি ক্ষুন্ন হোৱাত সেই ঘৰ নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তাতো গেৰুৱা পাৰ্টিয়ে সমালোচনা কৰিছে। চাৰি লাখ টকীয়া নীলা ৱেগনাৰত ভ্ৰমি ফুৰাটোও গেৰুৱা দলে সমালোচনা কৰিছে, এতিয়া দহ লাখ টকীয়া ইনভা চৰকাৰী গাড়ীত চৰকাৰী কামত যোৱাটোও সমালোচনা কৰিছে। মেট্ৰত গলেও গেৰুৱা দলটোৱে ভাল পোৱা নাই। গেৰুৱা দলটোৱে কি কৰিলেনো ভাল পাব, তাকে লৈ আম আদমী পাৰ্টিয়ে চিঠিৰ উত্তৰ নিদিয়া পাৰ্টিটোলৈ পুনৰ এখন চিঠি লিখাৰেই সিদ্ধান্ত লৈছে!
No comments:
Post a Comment