পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১.  বিজনীৰ ইংখং ৱেলফেয়াৰ ছ'চাইটিয়ে ডাইনী প্ৰথাৰ বিৰুদ্ধে যুঁজ দিয়া বীৰুবালা ৰাভাক প্ৰদান কৰিলে ২০১৩ বৰ্ষৰ শ্ৰেষ্ঠ মানৱীৰ বঁটাঃ মুখ্য অতিথি প্ৰাক্তন ৰাষ্ট্ৰদূত উপেন বড়োৱে এটা স্মাৰক আৰু ছ'চাইটিৰ সদস্য ডঃ মংগলসিং হাজোৱাৰীয়ে ২৫হাজাৰ চেক এই বঁটাৰ সৈতে প্ৰদান কৰে।
মেজিৰ উমাল অনুভৱে দিয়ক
সমন্বয়ৰ বাৰ্তা
আলোকচিত্ৰঃ অজিত বুঢ়াগোহাঁই, ডিব্ৰুগড়

২. অহা ১৭-২০ জানুৱাৰীলৈকে গুৱাহাটীত অনুষ্ঠিত হব মহাপুৰুষীয়া সমাজৰ তৃতীয় বাৰ্ষিক কেন্দ্ৰীয় অধিবেশনখনিৰঃ ধীৰেনপাৰা-গনেশপাৰৰ চম্পাৱতী হাইস্কুৰ শংকৰ-মাধৱ ক্ষেত্ৰত প্ৰদৰ্শনী, "একশৰণ নামধৰ্ম, অন্ধবিশ্বাস আৰু বিজ্ঞান" শীৰ্ষক আলোচনাচক্ৰ, ভাগৱত পাঠ, গ্ৰন্থ উন্মোচনী আৰু সাংস্কৃতিক সমাৰোহৰ কাৰ্যসূচী এই অধিবেশনৰ অংশ হব বুলি জানিব পৰা গৈছে।

৩. দেশৰ পেট্ৰলিয়াম দপ্তৰৰ মন্ত্ৰী বীৰাপ্পা মৈলীয়ে কংগ্ৰেছ দলৰ ভিতৰৰ পৰাই অহা হেঁচাৰ ফলত চাবচিডি যুক্ত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ সংখ্যা বছৰি প্ৰতিঘৰৰ বাবে ১২টালৈ বৃদ্ধি কৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। এই বৃদ্ধিয়ে ৰাজহৰ বছৰি ৩৩০০কোটি টকাৰ প্ৰয়োজন হব বুলিও তেখেতে প্ৰকাশ কৰে।

৪. অৰবিন্দ কেজৰীৱালৰ নেতৃত্বত দিল্লী চৰকাৰে খুচুৰা বিক্ৰীৰ ক্ষেত্ৰত বিদেশী বিনিয়োগৰ বাবে দিল্লীৰ দুৱাৰ বন্ধ কৰাৰ সিদ্ধান্ত সদৰী কৰিছেঃ বিদেশী কোম্পানীৰ চুপাৰ মাৰ্কেট স্থাপন কৰিবলৈ অনুমতি উঠাই লোৱাৰ বাবে জাৰি কৰিলে নিৰ্দেশনাও।

৫. দেশৰ বিভিন্ন ৰাজ্যৰ তৃণমূলত কাম কৰি থকা সামাজিক সংগঠনৰ ঐক্যমঞ্চ স্বৰূপ নেচনেল এলাইয়েঞ্চ অফ পিপ'লচ মুভমেণ্টৰ নেতৃ মেধা পাটকাৰে আম আদমী পাৰ্টিলৈ তেখেতৰ নেতৃত্বত  সক্ৰিয় সমৰ্থন আগবঢ়াব বুলি কালি মুম্বাইত কৰিলে ঘোষণাঃ তৃণমূলীয়া গণসংগঠন সমূহৰ এই সমৰ্থনে দেশৰ বিভিন্ন কোণত আম আদমী পাৰ্টিৰ পূৰ্ণ স্বৰাজ, জাতি-ধৰ্ম-বৰ্ণভেদৰ উৰ্ধত ন্যায় তথা উন্নতিৰ বাবে নীতি নিৰ্ধাৰণ আদিৰ লক্ষ্যত সহমত প্ৰকাশ কৰি ৰাইজে জন-সমৰ্থনত ঢৌৰ সৃষ্টি কৰিব বুলি আশা কৰিব পাৰি।

৬. পহিলা মাঘৰ পৰা তীৰ্থ নগৰী হাজোৰ ঐতিহাসিক হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু পোৱামক্কা দৰগাৰত আৰম্ভ হব এমাহজোৰা কাৰ্যূচীৰে মাঘীমেলা তথা মণিকূট উতসৱ আৰু উৰুচ মেলাৰঃ সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত হাজোৰ সমন্বয়ৰবাণী তুলি ধৰিবলৈ প্ৰত্যেক বছৰেই পহিলা মাঘত অনুষ্ঠিত কৰা মণিকূট উতসৱ তথা সমন্বয় শোভাযাত্ৰাঃ মুখ্য অতিথিৰূপে ইমৰাণ শ্বাহ দেৱে কৰিব অংশগ্ৰহণ।

৭. অহা ১৭ জানুৱাৰীত শতবৰ্ষত ভৰি দিব গুৱাহাটীৰ পাণবজাৰৰ ধৰ্মীয় সামাজিক অনুষ্ঠান সনাতন ধৰ্মসভা হৰিসভাইঃ ১৭-১৮ তাৰিখে দুদিনীয়াকৈ শতবৰ্ষ উদযাপনৰ কাৰ্যসূচীৰ উদ্বোধন কৰিব অসমৰ ৰাজ্যপালে। ১৮ তাৰিখে মুকিল সভাত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰাৰ লগতে স্মৃতিগ্ৰন্থ উন্মোচন কৰিব ডঃ নগেন শইকীয়াই।

৮. কেন্দ্ৰীয় কৃষি মন্ত্ৰণালয়ৰ সহযোগত আৰু গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ উদ্যোগত ১১ জানুৰাতী ৰাণীত থকা ৰাষ্ট্ৰীয় গাহৰি গৱেষণা কেন্দ্ৰত কৃষি, উদ্যান শস্য, পশু চিকিতসা আৰু মীন বিশেষজ্ঞৰ সৈতে কঋ,ক,, পশুপালক আৰু মীন পালকৰ "আমাৰ পথাৰ-আমাৰ কথা" শীৰ্ষক মত বিনিময় কাৰ্যসূচী অনুষ্ঠিত হয়। এশ গৰাকী কৃষকে অংশগ্ৰহণ কৰাৰ সুখবৰ।

৯. সবিতা সভাৰ উদ্যোগত মহনগৰীৰ সত্যনাথ বৰা প্ৰেক্ষাগৃহত উন্মোচিত হল প্ৰয়াত ধৰ্মেশ্বৰ শৰ্মা অনুদিত আৰু ডঃ বাণীকান্ত শৰ্মা সম্পাদিত "শ্ৰীমদ্ভাগৱতৰ" সম্পূৰ্ণ গদ্য অনুবাদগ্ৰন্থখনিৰঃ উন্মোচন কৰিলে ভাষাতত্ববিদ ডঃ প্ৰমোদ ভ্ট্টাচাৰ্যই। বিশিষ্ট অতিথি ডঃ বীৰেন্দ্ৰ নাথ দত্তই অসমীয়া গদ্য সাহিত্যত গ্ৰন্থখন ভক্তিতত্বৰ আধাৰ গ্ৰন্থৰূপে এক অৱদান বুলিও মত প্ৰকাশ কৰে।

১০. শ্ৰীশ্ৰী আউনীআটি সত্ৰৰ উদ্যোগত অহা ২২জানুৱাৰীৰ পৰা ২ফেব্ৰুৱাৰীলৈ মাজুলীৰ মণিকাঞ্চন ৰংগক্ষেত্ৰত অনুষ্ঠিত হব অসম ভাওনা সমাৰোহঃ ২৩টা দলে কৰিব  অংশগ্ৰহণ, শংকৰদেৱৰ "ৰুক্মিনী হৰণ" নাটৰ আধাৰত সহস্ৰ শিশুপালৰ ৰূপত অভিনয় কৰিব শিশু সকলে, "ভাওনা ঐতিহ্য আৰু বিস্তৃতি" শীৰ্ষক গ্ৰন্থ হব উন্মোচিত। সৰ্বদিশতে শ্ৰেষ্ঠ শিল্পী গৰাকীক "ভাওনা মহীয়ান" খিতাপ প্ৰদান কৰাৰো ব্যৱস্থা  কৰাৰ সুখবৰ।

 যোৰহাটৰ খংগীয়া গাঁৱৰ আহোমনী পথাৰত 
ভোগালীৰ পৰম্পৰাগত ৰীতিনীতিৰে 
১১০ফুট উচ্চতাৰ বৰমেজি
১১. ভেৰাগাঁৱত সফল ভাৱে সামৰণি পৰিল নিখিল বড়ো ছাত্ৰ সংন্থা (এবছু)ৰ ৪৬ তম ভেৰাগাঁও অধিবেশনৰঃ অধিবক্তা ৰাম ৰেড্ডিয়ে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৱৰ সমস্যা সমূহক গুৰুত্ব নিদিয়াৰ বাবে প্ৰতিখন ৰাজ্যত ক্ষোভৰ জুই জ্বলা বুলি মতপ্ৰকাশ কৰে।

১২. গোৱালপাৰা জিলা প্ৰেছ ক্লাৱে জিলাখনৰ প্ৰয়াত, অৱসৰপ্ৰাপ্ত আৰু কৰ্মৰত সাংবাদিক সকলৰ জীৱনপঞ্জী প্ৰকাশ আৰু সাংবাদিক ন্যাস পুঁজি গঠন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই উদেশ্যে দুখনকৈ উপসমিতিও গঠন কৰাৰ সুখৰ খবৰ।

১৩. শোণিতপুৰ জিলা সাহিত্য সভাই কলাবাৰীত আয়োজন কৰিছে জিলা ভিত্তিক শিল্পী দিৱস উদযাপনৰঃ অহা ১৬-১৭ জানুৱাৰীত দুদিনীয়াকৈ উদযাপনৰ চলিছে আযোজন।

১৪. শিল্পী দিৱৰ দিনাই গোৱালপাৰাৰ পৰা প্ৰকাশিত হব নতুন তিনিমহীয়া আলোচনী "মুকুতামালা"ৰ প্ৰথম সংখ্যাৰঃ সমাজ সচেতক অনুষ্ঠান "মুকুতামালা"ৰ উদ্যোগতে এই আলোচনীখন প্ৰকাশিত হব।

১৫. বঙাইগাঁৱ জিলাত বিদ্যাৰ পোহৰৰে আলোকিত কৰা বিদ্যাপুৰ উচ্চতৰ মাধ্যমিকৰ সোণালী জয়ন্তী উতসৱ অহা ৭-৯ মাৰ্চত অনুষ্ঠিত কৰিবলৈ চলিছে ব্যাপক প্ৰস্তুতিঃ এই উদ্দেশ্যে গঠিত হৈছে ১৫১জনীয়া পৰিচালনা সমিতিৰো।

No comments:

Post a Comment