আজিৰ ভাল খবৰবোৰ
১. থলুৱা লোকবাদ্য নিৰ্মাণ কৰি অসমীয়া কলা-সংস্কৃতিৰ জগতলৈ আগবঢ়োৱা বৰঙণিৰ বাবে শিৱসাগৰৰ দ্বিজেন গগৈদেৱলৈ আগবঢ়োৱা হৈছে নলবাৰীৰ সু-সন্তান তথা শিল্পী মোহন ভাইৰাৰ স্মৃতিত প্ৰৱৰ্তিত হোৱা "মোহন ভাইৰা স্মৃতি বঁটা"।
২. যোৰহাটত উদযাপিত হ'ল বকুল বন দিৱসঃ দৰঙী ব্যাস ওজা আৰু খুলীয়া ভাউৰীয়া সংস্কৃতিৰ ধাৰক আৰু বাহক লোকশিল্পী বীৰেন্দ্ৰ শৰ্মাক প্ৰদান কৰিলে ২০৪বৰ্ষৰ বকুল বন বঁটা। বঁটা প্ৰদান কৰিলে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন দৰ্শনতত্ববিদ ডঃ গিৰীশ শৰ্মাই।
৩. তেজপুৰত দৰঙ মহাবিদ্যালয়ে আয়োজন কৰিছে চলচিত্ৰ মহোতসৱৰঃ "ডকুমেণ্টৰী এণ্ড ফিল্ম ফেষ্টিভেল এণ্ড বেছিক কেমেৰা ৱৰ্কশ্বপ" উদ্বোধন কৰিলে প্ৰখ্যাত ছবি পৰিচালক জাহ্নু বৰুৱাদেৱে। প্ৰদৰ্শিত হ'ল মামণি ৰয়ছম গোস্বামীৰ জীৱনৰ আধাৰত বৰুৱাদেৱে নিৰ্মাণ কৰা তথ্যচিত্ৰ "ৱৰ্ডছ ফ্ৰম দ্যা মিষ্ট"। এই মহোতসৱতে এলানি নিৰ্বাচিত বাচক-বনীয়া ছবি প্ৰদৰ্শন কৰিব বুলি উদ্যোক্তাই প্ৰকাশ কৰিছে।
৪. আজিৰে পৰা গুৱাহাটী বিশ্ববিদ্যালয় সংস্কৃত বিভাগে আয়োজন কৰিছে দুদিনীয়াকৈ এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰৰঃ মহৰ্ষি সন্দীপনি ৰাষ্ট্ৰীয় বেদবিদ্যা প্ৰতিষ্ঠান, উজ্জয়িনীৰ সহযোগত আয়োজিত এই আলোচনাচক্ৰৰ বিষয়- "ছাইণ্টিফিক এলিমেণ্টছ ইন দ্য ৱেদিক এণ্ড এলাইড লিটাৰেছাৰ" বুলি জানিব পৰা গৈছে। উপাৰ্চায ডঃ মৃদুল হাজৰিকাই উন্মোচন কৰিব লগা আলোচনাচক্ৰখনিত দেশৰ কেইবাখনো বিশ্ববিদ্যালয়ৰ গৱেষকে অংশগ্ৰহণ কৰিব।
৫. দেশৰ ৬৫তম গণৰাজ্য দিৱসত জাতীয় পতাকা খানাপাৰাৰ অসম পশু চিকিতসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত উত্তোলন কৰি অসমৰ ৰাজ্যপাল জে.বি পাটনায়কে অন্যায়-বৈষম্য দূৰ কৰি অসম গঢ়াৰ বাবে সকলোপক্ষলৈ জনালে আহ্বান। লগতে হাতত অস্ত্ৰ তুলি লোৱা সকলক সেই বাট ত্যাগ কৰি মূলসুঁতিলৈ উভতি আহিবলৈকো জনালে আহ্বান।
৬. অৰাজনৈতিক ব্যক্তিক প্ৰক্ষেপ কৰি বিৰোধী ঐক্যৰে এজন অসমীয়া নিকা মানুহক ৰাজ্য সভালৈ পঠাবলৈ উদ্যোগ লৈছে অসম গণ পৰিষদে। এ.আই.ইউ.ডি.এফে অগপৰ প্ৰস্তাৱৰ সমৰ্থন কৰাৰ বিপৰীতে বিজেপিয়ে নিৰপেক্ষ প্ৰাৰ্থী হ'লে এই প্ৰস্তাৱ বিবেচনা কৰিব পাৰে বুলিও ইংগিত দিছে।
৭. স্বামী বিবেকানন্দৰ ডেৰশ বছৰীয়া জন্ম-জয়ন্তীৰ সৈতে সংগতি ৰাখি তেজপুৰত আৰ এছ এছ য়ে আয়োজন কৰি তিনিদিনীয়াকৈ বিশাল যুৱ শিবিৰৰ। বিবেকানন্দৰ আদৰ্শ সম্পৰ্কে ভাষণ প্ৰদান কৰিলে শিক্ষাবিদ ডঃ অমৰজ্যোতি চৌধুৰীয়ে। আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতেই দিলে উদ্দাত্ত ভাষণ।
৮. অসম সাহিত্য সভাৰ অষ্টম বিশেষ বাৰ্ষিক গুৱাহাটী অধিৱেশনৰ স্থাপিত হ'ল লাইখুটাঃ ৭৫ লাখ টকাৰ বাজেটেৰে খানাপাৰাৰ অসম পশু চিকিতসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অহা ৩১ জানুৱাৰীৰ পৰা এই অধিবেশন অনুষ্ঠিত হব।
৯. অসমৰ জ্যেষ্ঠ নাগৰিক সকললৈ সুখবৰঃ ৰাজ্যখনৰ কুৰি লাখৰো অধিক জ্যেষ্ঠ নাগৰিকে এতিয়াৰ পৰা ৫০ শতাংশ ৰেহাই মূল্যত পৰিবহন নিগমৰ বাচত ভ্ৰমণ কৰাৰ সুবিধা লাভ কৰিব বুলি ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ বিভিন্ন দাবী সমূহ সহানুভূতিৰে বিবেচনা কৰিব বুলিও তেখেতে আশ্বাস প্ৰদান কৰে।
১০. দৰং জিলা বাৰ্তাজীৱি সংঘই পুনৰ প্ৰকাশ কৰিলে পথৰুঘাটৰ ৰণস্বাক্ষৰ "দলিতপুৰাণ" নামৰ অধুনালুপ্ত বহুমূলীয়া গ্ৰন্থ। প্ৰয়াত নৰোত্তম দাসে ৰচনা কৰা এই গ্ৰন্থখনি পুনৰোদ্ধাৰ কৰি প্ৰচাৰ আৰু সংৰক্ষণৰ বাবেই পথ সমন্বয় গোষ্ঠীৰ সহযোগত এই নতুন ৰূপ প্ৰদান কৰা হয়। গ্ৰন্থখন ছিপাঝাৰ সাহিত্য সভাৰ ধনাই বৰা ভৱনত উন্মোচন কৰিলে সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত লোকশিল্পী কিনাৰাম নাথ ওজাই।
![]() |
সাংবাদিক আৰু কাকত যোগনীয়াৰৰ অন্তৰংগ আলাপত জীপাল হ'ল পাগলাদিয়াৰ বালিচৰঃ নলবাৰীৰ প্ৰকাশন প্ৰতিষ্ঠান জাৰ্নাল এম্পৰিয়ামে আয়োজন কৰিছিল এই ব্যতিক্ৰমী অনুষ্ঠান |
১১. মৰিগাঁও জিলাৰ লাহৰীঘাট প্ৰেছ ক্লাৱৰ পঞ্চম দ্বি-বাৰ্ষিক অধিবেশনখনি অহা ২৯ আৰু ৩০ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব ভূৰাগাঁৱৰ বৰডোৱাটুপ গাঁও পঞ্চায়তৰ সমূহীয়া ভৱনত। "সমাজ উত্তৰণত সাংবাদিকৰ ভূমিকা" শীৰ্ষক আলোচনাচক্ৰও আন আন কাৰ্যসূচীৰ সতে আয়োজিত হৈছে। লগতে নিৰ্মাণ কৰিব লগা সাংবাদিক ভৱনৰ আধাৰশিলা স্থাপন কৰিবহি স্থানীয় সাংসদ ৰাজেন গোহাঁইয়ে। উন্মোচিত হব স্মৰণিকা "কলম"ৰো।
১২. গুৱাহাটীত অনুষ্ঠিত ১২ সংখ্যক যুগৰ কিশোৰ নেৱাটিয়া সোঁৱৰণী বাড চেলেঞ্জ ক্ৰিকেট টুৰ্নামেণ্টত শ্ৰেষ্ঠত্ব অৰ্জন কৰিলে বাড ক্ৰিকেট ক্লাৱ ব্লু দলেঃ কালি নেহেৰু ষ্টেডিয়ামত হোৱা ফাইনেল খেলত নৱজ্যোতি ক্লাৱক ২ উইকেটত পৰাস্ত কৰি এই খিতাপ দৰ কৰে। প্ৰতিযোগিতাখনিত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে নৱজ্যোতি ক্লাৱৰ পৰাগ দাসে।
১৩. আজি সামৰণি পৰিব ২২ জানুৱাৰীৰ পৰা ইণ্ডিয়া ক্লাৱ গুৱাহাটীৰ উদ্যোগত চলি থকা ১৬সংখ্যক ইণ্ডিয়া ক্লাৱ সদৌ অসম মুকলি টেনিচ প্ৰতিযোগিতাৰ। প্ৰতিযোগিতাখনিত চুবুৰীয়া ৰাজ্যৰ প্ৰতিযোগীকে ধৰি মুঠ দুই শতাধিক খেলুৱৈয়ে ভাগ লোৱাৰ সুখবৰ।
১৪. আজি গুৱাহাটীৰ প্ৰেছ ক্লাৱত উন্মোচিত হৈছে লণ্ডন নিবাসী অসমীয়াৰ উদ্যোগত প্ৰকাশিত বাৰ্ষিক আলোচনী "লুইতৰ পৰা টেমছলৈ"।
আলোচনীখনৰ মুখ্য সম্পাদক ডাঃ কৰুণাসাগৰ দাস।
১৫. গুৱাহাটীত অচিৰেই নিযুক্তি দিয়া হব আৰক্ষী আয়ুক্তঃ মু্খ্যমন্ত্ৰীয়ে এই নিযুক্তি এমাহৰে ভিতৰতে নিশ্চিত কৰাৰ পক্ষপাতি বুলি সাংবাদিকক ব্যক্ত কৰে।
No comments:
Post a Comment