হাস্য ব্যংগৰে সত্যৰ সন্ধান
১. দুমাহলৈ পিয়াঁজ খোৱা বন্ধ কৰি পিয়াঁজ বেপাৰীক নাকী লগাবলৈ পৰামৰ্শ দিলে ন্যায়ালয়ৰ ন্যায়াধীশে, কথাটোত সকলোৱে আচৰিত হৈছে। পিছে আচলতে শেহতীয়াকৈ বয়সীয়া ন্যায়াধীশে যৌন নিৰ্যাতন চলাই সংবাদ শিৰোনামা পোৱাৰ বাবেই ন্যায়মূৰ্তিয়ে নিজেও পিয়াঁজ বৰ্জন কৰি উত্তেজনা মৰিষণ কৰি থকা বুলি জানিব পৰা গৈছে। আৰু ৰাইজকো তেখেতৰ আদৰ্শকে গ্ৰহণ কৰিবলৈ ৰায়দান কৰিছে।
২. হাতোৰা পাৰ্টিয়ে প্ৰতিখন ৰাজ্যতে দলীয় টিকট বেচিবৰ বাবে ফ্ৰেঞ্চাইজী মুকলি কৰাৰ খবৰঃ অসমৰ বাবে মাৰাঠী এজনক এই আবণ্টন দিয়াৰ বাবে থলুৱা ব্যৱসায়ী সকল ক্ষোভিত হোৱাৰ খবৰ। মধ্যভোগীৰ জৰিয়তে হলেও থলুৱা লোকেহে যাতে এই বেপাৰ কৰি আৰ্জন কৰিব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ জালুকবাৰীৰ পৰা গোপন প্ৰচেষ্টা অব্যাহত থকা বুলি জানিব পৰা গৈছে।
২. হাতোৰা পাৰ্টিয়ে প্ৰতিখন ৰাজ্যতে দলীয় টিকট বেচিবৰ বাবে ফ্ৰেঞ্চাইজী মুকলি কৰাৰ খবৰঃ অসমৰ বাবে মাৰাঠী এজনক এই আবণ্টন দিয়াৰ বাবে থলুৱা ব্যৱসায়ী সকল ক্ষোভিত হোৱাৰ খবৰ। মধ্যভোগীৰ জৰিয়তে হলেও থলুৱা লোকেহে যাতে এই বেপাৰ কৰি আৰ্জন কৰিব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ জালুকবাৰীৰ পৰা গোপন প্ৰচেষ্টা অব্যাহত থকা বুলি জানিব পৰা গৈছে।
৩. লোকৰসেৱা আয়োগৰ সদস্যৰ পুত্ৰই অশ্লীল ফটো ফেচবুকত আপলোড কৰাৰ বাবে গ্ৰেপ্তাৰ হব লগা কথাটো সাংবাদিক কিয় বাতৰি কাকতত দিলে বুলি মাহীয়েকে প্ৰশ্ন তুলিছে। দেউতাকৰ দৰেই লোকৰ সেৱাতহে মানে লোকক মনোৰঞ্জন কৰিবলৈহে এই কাম কৰিছিল আৰু এয়াও এক প্ৰকাৰৰ সমাজসেৱাই বুলি মাইদেৱে আমাৰ সাংবাদিকক জনাইছে।

৪. মিচ নগৰ-চহৰ প্ৰতিযোগিতাৰ বাবে উজনিত উখল মাখল লগাৰ বাতৰিঃ জাতীয় সাজ পৰিধান কৰা গঞা সুন্দৰীক এই প্ৰতিযোগিতাত ভাগ লোৱাটো আধুনিকা সুন্দৰী সন্থাৰ সহযোগ লাভ কৰিবৰ বাবেই নিষেধ কৰাৰ গোপন খবৰ আহিছে। পটলুং, চুৰিদাৰৰ লগতে অতি কম বস্ত্ৰতে নিজৰ ৰূপ তুলি ধৰিব পৰা মিত্যৱয়ী সুন্দৰীৰ সন্ধানেই এই প্ৰতিযোগিতাৰ প্ৰধান লক্ষ্য বুলিও আয়োজক গেৰেলা দত্তই জানিবলৈ দিছে।
৫. ভোগালী বিহুৰ দিনা মূল্যবৃদ্ধিৰ প্ৰতিবাদত লাষ্ট গেটত অনশন কৰিব নতুন চাম যুৱক সন্থাইঃ উৰুকাৰ দিনা ডিঙিৰ গুৰিলৈকে ভোজন তথা পান কৰাৰ পাছত বিহুৰ দিনা সমাজৰ বাবে এসাজ অনশন হেঙ-অভাৰতে কৰি দিয়াই ভাল বুলিও সন্থাৰ সভাপতিয়ে ব্যক্ত কৰিছে।
৬. কেটেং মেটেং নাৰী সন্থাৰ ফালৰ পৰা মাঘ বিহুত ওজন নবঢ়াকৈ কেনেকৈ খাব শীৰ্ষক এখন বিশেষ ভোজন কৰ্মশালাৰ আয়োজন কৰা হৈছে। পঞ্চাশ কেজিৰ তলৰ সকলো স্বাস্থ্য সচেতন নাৰীয়ে এই কৰ্মশালা যোগে অতি সুন্দৰকৈ স্বাস্থ্য সচেতন ৰূপত ভোগালী বিহু ভোগ কৰাৰ টিপছ ইয়াত প্ৰদান কৰা হব বুলি আয়োজকে জনাইছে।
৭. গুজৰাটৰ পৰা ভোগালী বিহু উপলক্ষে ধোকলা, খাখৰা, ফাফৰা আদি জলপান আদি অসমৰ পদুম পাৰ্টিয়ে অনাৰ ব্যৱস্থা কৰিছে। নৰেন্দ্ৰ ভাই পি.এম হ'লে এই ভোগালী বিহুটি দেশ জুৰি উদযাপনৰ ব্যৱস্থা কৰিব বুলি নিৰ্বাচনী ইস্তাহাৰত প্ৰতিশ্ৰুতি দিব বুলি ফাফৰা খাই খাই আনন্দ সোনোৱালে ব্যক্ত কৰিছে।
৮. মানি ৰাম চুম্মা চাহাবে মিচ কল দি আম আদমী পাৰ্টিত যোগদান কৰিবৰ বাবে যো-জা কৰিছে। টিভিত ইমান ধুনীয়া ধুনীয়া নাৰীশক্তি এই পাৰ্টিত যোগদিয়া দেখাৰ পৰাই চুম্মা চাহাবৰ হিয়া উতলা হোৱা বুলি জানিব পৰা গৈছে। প্ৰয়োজন হ'লে আকৌ এবাৰ নতুনকৈ বিয়া পাতিবলৈকো সাজু থকা বুলি তেখেতৰ ব্যক্তিগত সহায়কে গোপনে জনাইছে।
৯. অসম আৰক্ষীৰ ৬০টা কনিষ্ট সহায়ক পদত এক ল'ৰা ধেমালিৰ খেল অনুষ্ঠিত হোৱাৰ বাতৰি পোৱা গৈছে। ২০১২ চনত বিজ্ঞাপন, ২০১৩ চনত লিখিত পৰীক্ষা হোৱাৰ পাছত এতিয়া মেডামৰ সৰু ল'ৰাটিয়ে পি.এমৰ চাকৰিটো পালেহে ফলাফল ঘোষণা কৰিব বুলি কইনাধৰাত সিদ্ধান্ত হোৱা বুলি গোপনে জানিব পৰা গৈছে।
১০. ৰসাল গগৈৰ পুত্ৰ কনপোনাক টিকেট নিদিবৰ উদ্দেশ্যে দিল্লীৰ বৰঘৰত সিন্ধি দিবৰ পাৰে বিশ্ব শৰ্মাৰ চোৰাংচোৱা সকলে গোপন আঁচনি যুগুত কৰাৰ খবৰ পোৱা গৈছে। আবেদন পত্ৰ ফাইলটোকে কেচ ডায়েৰী চুৰিৰ অভিজ্ঞতা থকা বিশাৰদ চোৰৰ সহায়ত বৰঘৰৰ পৰাই উঠাই আনি গগৈদেউক শলঠেকত পেলোৱাৰ আঁচনি চূড়ান্ত কৰি পেলোৱা বুলি জানিব পৰা গৈছে।
No comments:
Post a Comment