পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This

আজিৰ ভাল খবৰবোৰ
১. স্বাস্থ্য খণ্ডলৈ সুখবৰ, দেশৰ চৰকাৰী চিকিতসা মহাবিদ্যালয় সমূহত এম বি বি এছ পাঠ্যক্ৰমৰ বাবে আন্তঃগাঁথনি গঢ়ি মুকলি কৰিব নতুনকৈ ১০হাজাৰখন আসনঃ দেশৰ জনতাৰ বাবে ভাল এই পদক্ষেপেৰে স্বাস্থ্য মন্ত্ৰণালয়ে দিয়া প্ৰস্তাৱত কেন্দ্ৰীয় কেবিনেটে অনুমোদন দিয়াৰ সুখবৰ।

২. বঙাইগাঁৱৰ বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৰ্ষজোৰা মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান তিনিদিনীয়াকৈ হৈছে আৰম্ভঃ সাংস্কৃতিক শোভাযাত্ৰাত প্ৰদৰ্শিত হল বিভিন্ন জনগোষ্ঠীৰ লোক সংস্কৃতি। গ্ৰন্থাগাৰ মুকলি কৰিলে বঙাইগাঁও শোধনাগাৰৰ ভাৰপ্ৰাপ্ত মহা-প্ৰৱন্ধক ৰাজেশ আহুজাই।

৩. দেশত মহিলাৰ সুৰক্ষাৰ বাবে কানপুৰত থকা ভাৰতীয় অস্ত্ৰ নিৰ্মাণ কোম্পানীয়ে নিৰ্মাণ কৰি উলিয়াছে মহিলা সকলে ব্যৱহাৰ কৰিব পৰাকৈ সৰু আকাৰৰ ৰিভলভাৰ "নিৰ্ভীক": ১লাখ ২২হাজাৰ দামৰ এই ৰিভলভাৰটো ভাৰতীয় নাৰীৰ বাবে ৬জানুৱাৰীত মুকলি কৰি দিয়া হৈছে আৰু এতিয়ালৈ ২০গৰাকী নাৰীয়ে ইয়াৰ বুকিং কৰা বুলি নিৰ্মাণ সংস্থাটোৰ মহাপ্ৰৱন্ধক আব্দুল হামিদে ব্যক্ত কৰিছে।

৪. মধ্যপ্ৰদেশৰ জব্বলপুত অনুষ্ঠিত ডাক বিভাগৰ সৰ্ব-ভাৰতীয় সাংস্কৃতিক সমাৰোহত অসম চক্ৰই শ্ৰেষ্ঠ সাংস্কৃতিক দলৰ সন্মান লাভ কৰিবলৈ সক্ষণ হৈছেঃ কেইবাটাও শিতানত সোণৰ পদক জিনি শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰা দলটোৰ পৰিচালক আছিল মহম্মদ নাজিৰ। এই দলৰ শিল্পী সকলৰ বাবে  অহা ২৬জানুৱাৰীত এক সম্বৰ্ধনা অনুষ্ঠানৰো আয়োজন কৰাৰ বতৰা পোৱা গৈছে।

৫. নলবাৰীত হোৱা অষ্টাদশ বাৰ্ষিক সদৌ অসম আন্তঃজিলা জুনিয়ৰ খো-খো প্ৰতিযোগিতাৰ সফল সামৰণিঃ ১৩খন জিলাৰ দলে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতাৰ ল'ৰাৰ শাখত নলবাৰী আৰু ছোৱালীৰ শাখাত সোণাপুৰ দল চেম্পিয়ন হবলৈ সক্ষম হয়।

৬. কাৰ্বি পাহাৰত চলি থকা সংঘৰ্ষ পীড়িতৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰিলে অসম সাহিত্য সভাৰ সভাপতি ইমৰাণ শ্বাহদেৱে, সমন্বয়ৰ ঐতিহ্য অক্ষুন্ন ৰখাৰ বাবে সকলো পক্ষলৈ জনালে আহ্বান।

৭. ডিফুত সাহিত্য সভাৰ জনগোষ্ঠীয় লেখক সমাৰোহৰ সফল সামৰণিঃ অসমত বসবাস কৰা সকলো জনগোষ্ঠীৰ মেৰুদণ্ড অসম সাহিত্য সভা বুলি মন্তব্য কৰিলে অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক প্ৰহ্লাদ চন্দ্ৰ তাছাই।

৮.  হাইস্কুল পৰ্যায়ৰ শিক্ষান্ত পৰীক্ষাত ৫০ শতাংশ নম্বৰপ্ৰাপ্ত শিক্ষাৰ্থীলৈ নেটবুক প্ৰদানৰ মুখ্যমন্ত্ৰী বিশেষ বঁটা আঁচনিৰ শুভাৰম্ভ কৰিব অহা ১৬ জানুৱাৰীত, সৰুসজাই ষ্টেডিয়ামত।

৯. নেহৰুবালিত চলিছে সদৌ নগাঁও ভোগালী বিহু উতসৱৰ প্ৰস্তুতিঃ ১০১ সংখ্যক এই উতসৱ ১৩-১৫ জানুৱাৰীলৈকে অনুষ্ঠিত হব। পাৰম্পৰিক ম'হযুঁজ, ভেলাঘৰত নাম-কীৰ্তন, বিভিন্ন ক্ৰীড়া প্ৰতিযোগতাৰ লগতে ভোগালীত গীতৰ গধূলি শীৰ্ষক এক সাংস্কৃতিক সন্ধিয়াৰো হৈছে আয়োজন।

১০. মহানগৰীৰ লক্ষ্মীৰাম বৰুৱা সদনত সাহিত্যিক অতুলানন্দ গোস্বামীয়ে উন্মোচন কৰিলে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জীৱনভিত্তিক লেখক গোবিন কুমাৰ খাউণ্ডৰ  উপন্যাস "উৰণীয়া মৌ": গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে যোৰহাটৰ প্ৰকাশন প্ৰতিষ্ঠান গ্ৰন্থ-সংস্কৃতিয়ে।

১১. বিধান সভাৰ অধ্যক্ষ প্ৰণৱ গগৈয়ে গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰিলে লোকসংস্কৃতি বিষয়ক প্ৰদীপ কুমাৰ দেউৰীৰ গ্ৰন্থ "জাৰিয় বিচু চাজেবা": লগতে গ্ৰন্থখন ইংৰাজীলৈ অনুবাদ কৰিলে এই নৃগোষ্ঠীয় গৱেষণাৰ এক ভাল সমল হব বুলি তেখেত মত প্ৰকাশ কৰে।

১২. উৰিষ্যাৰ কটকত হোৱা পঞ্চম কট মহোতসৱত হোৱা "আন্তঃৰাষ্ট্ৰীয় নৃত্য আৰু সংগীত  উতসৱ-২০১৪"ত বিভিন্ন দেশৰ শিল্পীৰ সতে অসমৰ হৈ সত্ৰীয়া নৃত্যশিল্পী শিখা হাজৰিকা ডেকাই পৰিবেশন কৰিলে বাহাৰ নাচঃ  এই উতৱসতে শিল্পী গৰাকীক ৰাষ্ট্ৰীয় নৃত্য শিৰোমণি বঁটাৰে সন্মানিত কৰাৰ সুখৰ খবৰ।

১৩. গুৱাহাটীৰ খানাপাৰাত চলি থকা প্ৰথম অসম আন্তঃৰাষ্ট্ৰীয় কৃষি উদ্যান শস্য প্ৰদৰ্শনী হৈ পৰিছে জনসমুদ্ৰঃ পঞ্চাশ হাজাৰৰো অধিক লোকে এই প্ৰদৰ্শনী চাবলৈ অহাৰ বাতৰিয়ে উতসাহিত কৰিছে আয়োজক তথা ১৪দেশৰ পৰা আহি ভাগ লোৱা কৃষক প্ৰতিনিধি সকলকো।

১৪. অহা ৩১জানুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ মণিৰাম দেৱান আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী বাণিজ্য মেলা হৈছে আয়োজিতঃ মল্লযুঁজ প্ৰদৰ্শনৰ বাবে আহিব আমেৰিকাৰ চাৰিগৰাকী মল্লযুঁজাৰু, অংশ লববি বাংলাদেশৰ ৪০টাকৈ কোম্পানীয়েও। আন কেইবাখনো দেশৰ ব্যৱসায়ীয়েও কৰিব অংশগ্ৰহণ।

১৫. নগাঁৱৰ সাধনা কলাক্ষেত্ৰৰ ব্যৱস্থাপনাত সফল ভাৱে সমাৰণি পৰিল সদৌ অসম ভিত্তিত আয়োজিত ভাৰত নৃত্যম প্ৰতিযোগিতাৰঃ নগাঁও জিলা পুথিভঁৰালত হোৱা এই প্ৰতিযোগিতা উদ্বোধন কৰে অভিনেতা গুণ মহন্থই।

১৬. যোৰহাটত সাপ্তাহিক "বৰ্তমান" কাকতৰ বৰ্ষপুতি উদযাপনঃ "সংবাদ মাধ্যমত মূল্যবোধৰ অৱক্ষয়" শীৰ্ষক আলোচনাত ভাগ লৈ ডঃ প্ৰতাপ বৰুৱাই সংবাদ মাধ্যমৰ ভাষা, বিকৃত বাতৰি আদি দিশতো আলোকপাত কৰে।

১৭. জামুগুৰিহাটত অসম ৰাইফলছে সেনাৰ "যুৱ সৱলীকৰণ আঁচনি"ৰ অধীনত  যুৱক সকলক সেনাত যোগদানৰ বাবে উতসাহিত কৰা উদ্দেশ্যে আয়োজন কৰিলে এক অত্যাধুনিক অস্ত্ৰৰ প্ৰদৰ্শনীৰঃ কুসুমটোলা আঞ্চলিক হাইস্কুল খেলপথাৰত এই মেলা পাঁচ শতাধিক পুৰুষ মহিলাৰ লগতে চাৰিশমান ছাত্ৰ ছাত্ৰীয়ে উপভোগ কৰে।

১৮. শোণিতপুৰ ২২২কোটি টকীয়া গ্ৰামোন্নয়ন কেলেংকাৰী সন্দৰ্ভত ইণ্ডিয়ান বেংকৰ তদানীন্তন পৰিচালক লক্ষীকান্ত বলক কৰিলে গ্ৰেপ্তাৰঃ ইন্দিৰা আবাস যোজনাৰ হিতাধিকাৰীৰ নামত ভুৱা একাউণ্ট খোলা আৰু জালিয়াতিৰ গোচৰত কৰা হৈছে এই গ্ৰেপ্তাৰ।

১৯. অহা ২৭ জানুৱাৰীত গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত হৈছে ঐতিহাসিক পথৰুঘাটক লৈ বিশেষ আলোচক্ৰৰঃ  পথৰুঘাটৰ পথৰু সমন্বয় গোষ্ঠী আৰু এক সাংবাদিক সংস্থাৰ উদ্যোগত চলিছে এই আয়োজন।

২০. শিৱসাগৰত উন্মোচিত হ'ল এখন নতুন পষেকীয়া বাতৰিকাকত "কলঞ্চুপাৰ": উন্মোচন কৰিলে ক্ৰীড়িবিদ ভোগেশ্বৰ বৰুৱা দেৱৰ সৈতে অভিলেখ সৃষ্টিকাৰী অভিজিত বৰুৱাই

২১. ফুটবল জনপ্ৰিয় কৰণৰ বাবে বিগত শিশু দিৱসত দুটা ভাগত বিভক্ত হৈ ১৯০ জন শিশুৱে শিৱসাগৰত ফুটবল খেলি গঢ়িছিল অভিলেখঃ এই সকল শিশুক ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ ফালৰ পৰা কালি প্ৰদান কৰিলে প্ৰমাণপত্ৰ।

২২. দেশজুৰি অহা ২৬জানুৱাৰী পৰ্যন্ত ১কোটি জনতাক দলৰ সদস্যভৰ্তি কৰাৰ লক্ষ্যৰে আম আদমী পাৰ্টিয়েঃ কোনো মাচুল নোহোৱাকৈ ০৭৭৯৮২২০০৩৩ নম্বৰত মেচেজ দি বা মিচকল দি সদস্য ভৰ্তিৰ বাবে আবেদন কৰাৰ বাবে আহ্বান জনালে দলটোৰ নেতৃত্বই।

No comments:

Post a Comment