ইতিবাচক ব্যতিক্ৰম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ইতিবাচক ব্যতিক্ৰম

ইতিবাচক ব্যতিক্ৰম

Share This
এ.টি.এমত এইবাৰ মাত্ৰ মাত্ৰ পইচাই নহয়,
 ২৪ ঘণ্টাই ওলাব গাখীৰো
"এনী টাইম মিল্ক" চমুকৈ এ.টি.এম সেৱাৰ শুভাৰম্ভ কৰিলে দেশৰ আগশাৰীৰ সমবায় প্ৰতিষ্ঠান "আমূল"য়ে। এতিয়াৰ পৰা এ.টি.এমৰ পৰা মাত্ৰ পইচা ওলায় বুলি কব নোৱাৰিব দেশৰ জনতাই। গুজৰাটৰ আনন্দ চহৰত এনে প্ৰথমটো মেচিন স্থাপিত হোৱাৰ ইতিবাচক ব্যতিক্ৰমী খবৰ পোহৰলৈ আনিছে আজ টক চেনেলে। 

এই "এনী টাইম মিল্ক" যন্ত্ৰৰ জৰিয়তে ৩০০মি.লি. পৰিমাণৰ গাখীৰৰ পেকেট বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে আৰু তাৰ বাবে দহ টকা মূল্য নিৰ্ধাৰণ কৰা হৈছে। আমূলৰ জন-সম্পৰ্ক বিভাগৰ সূত্ৰই প্ৰকাশ কৰা তথ্য মতে খেড়া আৰু আনন্দ জিলাত অচিৰেই এনে ১১০০ টা এনে মেচিন স্থাপন কৰাৰ বাবে আমূল কৰ্তৃপক্ষই উদ্যোগ গ্ৰহণ কৰিব।

এই ২৪ঘণ্টাই গাখীৰ পোৱা এ.টি.এমে ৰাইজৰ পাৰ প্ৰৱল সঁহাৰি লাভ কৰা বুলি জানিব পৰা গৈছে আৰু আমূল ডেইৰীয়ে অতি সোনকালেই সুগন্ধিযুক্ত গাখীৰ, চীজৰ পেকেট আৰু চকলেটো এনে এটিএম যোগে উপলদ্ধ কৰিবলৈ আঁচনি গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰিছে।

উল্লেখখনীয় যে, দেশত সমবায় আন্দোলনৰ পৰা শ্বেত বিপ্লৱৰ সূচনা কৰা আমূলে এই ক্ষেত্ৰত সদায়েই অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে। এক উদ্যোগৰ ৰূপ লাভ কৰা আমূলে দেশৰ বিভিন্ন প্ৰান্তলৈকো গাখীৰৰ প্ৰৱাহ বোৱাই নিয়াৰ নেটৱৰ্ক গঢ়ি তুলিছে। 

কানহাৰ কাৰ্টুনৰ ৰূপত আমূলৰ বিজ্ঞাপনেও দেশৰ
সাম্প্ৰতিক বিষয়ক আকৰ্ষণীয় ৰূপত
সদায় তুলি ধৰি আহিছে
পুঁজিবাদ আৰু গোলকীকৰণৰ মাজতো গ্ৰাম্য অৰ্থনীতিক উন্নত কৰাৰ স্থানীয় মডেল ৰূপে আমূলক দেশৰ আন আন ৰাজ্যয়ো অনুকৰণ কৰাৰ সময় আহি পৰিছে। সমবায় ক্ষেত্ৰত প্ৰফেশনেল পদক্ষেপ তথা আঁচনি গ্ৰহণৰ ক্ষেত্ৰতো আমূলে সফলতা লভি দেশৰ সৰ্বাধিক জনপ্ৰিয় গাখীৰৰ ব্ৰেণ্ডৰূপে সমাদৃত হৈ আহিছে। এই প্ৰতিষ্ঠানক ৰূপদান কৰাত স্থানীয় লোক সকলৰ লগতে দেশৰ "মিল্ক-মেন" খ্যাত বিজ্ঞানী ডঃ কুৰিয়ানৰ অৱদানো সদায়েই দেশবাসীয়ে স্মৰণ কৰিবই লাগিব।

No comments:

Post a Comment