পৰ্ণকুটিৰ
ড° বুলজিৎ বুঢ়াগোহাঁই
সমাজখনৰ চৌদিশে হিংসা-অসূয়া,নেতিবাচক চিন্তাৰ আধিক্য পৰিলক্ষিত হ’লেও তাৰ মাজতে নিৰলে,নীৰৱে চলি থাকে শুভ চিন্তা আৰু ভাল কামৰ আখৰা । কেৱল তেনে খবৰ সঘনে ছপা নহয় বাতৰি কাকতত , সম্প্রচাৰিত নহয় নিউজ চেনেলত। কিন্তু শাশ্বত সত্য এয়ে যে ভাল কাম কৰা, ভাল চিন্তা কৰা এমুঠিমান মানুহৰ বাবেই সমাজখন বৰ্তি থাকে। প্রতিষ্ঠা হয় সত্য শিৱ সুন্দৰ।দীৰ্ঘদিন ধৰি লেখা-মেলা কৰি থকা পাৰ্থপ্রদীপ বৰাৰ সদ্য প্রকাশিত গ্রন্থ ‘পৰ্ণকুটিৰ’ তেনে শুভ প্রচেষ্টাৰে অংশ।
তেওঁ প্রতিটো লেখাত সমাজৰ কেতবোৰ শুভচিন্তা আৰু শুভচিন্তকক পোহৰলৈ উলিয়াই আনি এক ইতিবাচক পৰিৱেশ সৃষ্টি কৰিছে ।এইখিনিতে উল্লেখ কৰা ভাব হ’ব যে লেখকৰৰ প্রকাশিত অন্যান্য গ্রন্থবোৰ হ’ল-‘অৰ্ণৱ আৰু প্রস্তৰৰ গান’, ‘জীৱনঃ অসমাপ্ত পানীচিত্র’ , ‘এদিম ছেদিম বাই…’, ‘প্রথম আঁক-বাঁক’ আৰু ‘ডাঃ ম্যান হোৱান কিমৰ প্রেছক্রিপশ্যন’।

‘পৰ্ণকুটিৰ’ গ্রন্থখনত থকা লেখাবোৰ হ’ল –এখন দোপাট্রাৰ কাহিনী,ভালপোৱাৰ এটা ইলাজী,জীৱন মঞ্চৰ সংলাপ,অমিত্রাক্ষৰ,গোৱেবলছৰ অসম আক্রমণ,এটা ৰাজনৈতিক সাধুকথা, মকৰাজাল, পৰ্ণকুটিৰ, ঐতিহ্য:বাস্তৱ-বিভ্রম,স্বপ্ন-দুঃস্বপ্ন,বুলজিৎহঁতৰ সপোন,এজাক সপোন যেন বৰষুণ,এটা জানৰ অপমৃত্যু…,জীৱন…লাইভ!, এটা তৰ্জনীৰ সাধুকথা,ভগ্নাংশ,ঢৌ খেলা মানুহ , চেকনীৰ গল্প, এক অনিৰ্বাণ যাত্রা, ‘বৰ্হমথুৰি’ৰ সন্ধানত, জগতবন্ধু ফটা ছাতি ,মঞ্চত এজন সৈনিক,স্বাস্থ্যৱান লেখক আৰু ৰুগ্ন লেখক, শেষ নিশাৰ মালিতা, সভ্যতাঃ এক অভিনৱ অনুসন্ধান আৰু এলুমিনিয়ামৰ খিৰিকী।
এই গ্রন্থখন প্রকাশ কৰিছে ‘আঁক-বাক’ প্রকাশনে আৰু ইয়াৰ মূল্য আশী টকা। গ্রন্থখনত মুঠ ১১১ পৃষ্ঠা আছে আৰু গ্রন্থখন প্রথম প্রকাশ পাইছে ডিচেম্বৰ,২০১৩।
No comments:
Post a Comment