পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. ধেমাজিৰ বিষ্ণুপুৰ শান্তিপুৰ মাজগাঁৱৰ কৰ্মোদ্যমী মহিলা  লাৱ্ণ্য কলিতাই "উজ্জ্বল" ব্ৰেণ্ডৰ কাপোৰ ধোৱা চাবোন আৰু ডিটাৰ্জেণ্ট পাউদাৰৰ কুটিৰ উদ্যোগেৰে লাভ কৰিছে জিলা খনৰ বিভিন্ন প্ৰান্তৰ বজাৰঃ লগতে "সুৰক্ষা" আৰু "নাশক" নামৰ দুই প্ৰকাৰৰ ক'লা-বগা ফেনাইল প্ৰডাকশ্বন কৰি বিক্ৰীৰ বাবে মুকলি কৰিছে। বহুজাতিক কোম্পানীৰ বিজ্ঞাপনৰ পয়োভৰৰ মাজতো এই গৰাকী মহিলাই গঢ়িছে থলুৱা উদ্যোগেৰ স্বাৱলম্বনৰ নতুন পথ।

২. দিল্লীত দুৰ্নীতিৰোধৰ বাবে অৰবিন্দ কেজৰীৱাল চৰকাৰে মুকলি কৰিলে দুৰ্নীতিবিৰোধী হেল্পলাইন নম্বৰ ০১১-২৭৩৫৭১৬৯: এই নম্বৰত ফোন কৰি প্ৰতিজন নাগৰিকেই দুৰ্নীতিনিবাৰক বিষয়া ৰূপে কাম কৰিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী গৰাকীয়ে।
৩. অসমৰ সাংস্কৃতিক জগতলৈ ব্যতিক্ৰমী সংযোজন ঘটাই কেৱল অসমৰ ৩৫গৰাকী আগশাৰীৰ অভিনেত্ৰীয়ে অংশ লব অংকীয়া ভাওনাতঃ চলিত মাহতে প্ৰদৰ্শন হব লগা এই ভাওনাত দশৰথৰ  ৰূপত মলয়া গোস্বামী, ৰামৰ ভাৱত মাধুৰীমা চৌধুৰী, লক্ষ্মণৰ ৰূপত দেখা যাব নিশিতা গোস্বামীকো।

৪. উত্তৰ পূৱৰ বিভিন্ন ৰাজ্যৰ মাজত আকাশী পথেৰে সৰবৰাহ সুচল কৰিবলৈ অসমীয়া উদ্যোগীৰ নেতৃত্বত পূৰ্বায়ণ গ্ৰুপ প্ৰাইভেট লিমিটেডে আশাৰ বতৰা কঢ়িয়াই অনাৰ বাতৰিয়ে পালে সংবাদ শিৰোনামাঃ পহিলা জানুৱাৰীৰ পৰা পৰীক্ষামূলক ভাৱে আৰম্ভ হোৱা এই সেৱাৰ বাবে ড'নিয়াৰ-২২৮ বিমানেৰে বৰ্তমান এয়াৰ এম্বুলেঞ্চ আৰু চাৰ্টাড সেৱা আগবঢ়োৱা হৈছে।  অহা মাহৰ পৰা নিয়মীয়া বিমান সেৱাৰে শিলচৰ আৰু আইজলক সামৰি লব আৰু নিৰ্ধাৰিত ভাৰাৰ আন কোম্পানীৰ দৰে সা-সলনি নহব বুলিও প্ৰকাশ কৰিছে।


৫. দেশ বিদেশৰ ১০২খন বিপনী আৰু ৰাজ্যৰ ৩২৪খন বিপনীৰে শুভাৰম্ভ হ'ল প্ৰথম অসম আন্তঃৰাষ্ট্ৰীয় উদ্যান শস্য প্ৰদৰ্শনীৰঃ আধুনিক কৃষি পদ্ধতিৰে আৰু দক্ষিণ এছিয়াৰ দেশ সমূহৰ সৈতে সহযোগিতাৰে অসমৰ কৃষি খণ্ডক আগুৱাই নিয়াৰ বাবে চেষ্টা চলাব বুলি প্ৰকাশ কৰিলে এই প্ৰদৰ্শনী উদ্বোধন কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে।

৬. অহা ২৯ আৰু ৩০ জানুৱাৰীত গুৱাহাটীৰ সোনাৰাম হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত হব  "ৰোজগাৰ মেলা-২০১৪": নিয়োগ বিনিময় কেন্দ্ৰৰ পঞ্জীকৰণ কাৰ্ড লৈ চাকৰি প্ৰাৰ্থী সকলে বিভিন্ন ক্ষেত্ৰত নিযুক্তিৰ বাবে অহা কোম্পানীবোৰত থিতাতে চাকৰিৰ বাবে আবেদন কৰিব । সবিশেষ জানিবৰ বাবে ওচৰৰ নিয়োগ বিনিময় কেন্দ্ৰ, আই টি আই বা গুৱাহাটীৰ নিয়োগ আৰু ক্ৰাফটমেণ্ট সঞ্চালকালয়ত খবৰ কৰিবৰ বাবেও আগ্ৰহী সকলক আহ্বান জনাইছে।

৭. ভূটানৰ জনতাক পৰ্যটনৰ বাবে আকৰ্ষণৰ হেতু সীমান্তৰ বৰনদীৰ পাৰৰ বগামাটিত স্থাপিত হ'ল বুদ্ধৰ সুউচ্চ মূৰ্তিঃ আনুষ্ঠানিক ভাৱে মুকলি কৰিলে পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্মই। লগতে বগামাটিৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১কোটি টকাৰ অনুদানো মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে।

৮. গোলাঘাটত আৰম্ভ হ'ল  ১৮তম উত্তৰ পূৱ ভাৰত  মুকলিটেনিছ প্ৰতিযোগিতাঃ দুশ গৰাকীতকৈ অধিক খেলুৱৈয়ে এই প্ৰতিযোগিতাত ভাগ লৈছে।

৯. পাঠশালা সাহিত্য সভাৰ বিশেষ অধিবেশন অনুষ্ঠিতঃ  গ্ৰহণ কৰিলে বজালী অঞ্চলৰ বিশিষ্ট লোক সকলৰ পৰিচয়মূলক জীৱনীগ্ৰন্থ, বজালীৰ লোক সংস্কৃতি বিষয়ক গ্ৰন্থ প্ৰকাশ, ধীৰেন্দ্ৰ তালুকদাৰ, নাৰায়ণ শৰ্মাৰ প্ৰৱন্ধ সংকলনকে ধৰি কেইবাখনো গ্ৰন্থ প্ৰকাশ কৰা বাবে বিশেষ আঁচনি।

১০. জয়পুৰ আন্তঃৰাষ্ট্ৰীয় মহোতসৱৰ প্ৰতিযোগিতামূলক শাখাত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে চিত্ৰ সাংবাদিক পৱিত্ৰ কুমাৰ ডেকাৰ জীৱন আৰু কৰ্মৰ ভিত্তিত নিৰ্মিত হোৱা তথ্যচিত্ৰ "বাইলেন-টু": ইতিমধ্যে তথ্যচিত্ৰ খনে বিভিন্ন কথাছবি মহোসৱত উচ্চ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে।

১১. মেট্ৰ' ৰে'লসেৱা আৰম্ভ কৰাৰ বাবে দ্ৰুত প্ৰদক্ষেপ গ্ৰহণ কৰিছে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণেঃ চলিত মাহতে ডি পি আৰ প্ৰস্তুত কৰিবলৈ দিয়া নিবাদাত অংশ লোৱা নটা সংস্থাৰ ভিতৰত যোগ্যজনক কৰা হব বাছনি।

১২. ষ্টেটফেডৰ কৰ্মচাৰী সকলৰ নায্য ধন আদায়ৰ বাবে হস্তক্ষেপ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়েঃ ঘৰ ভাৰাৰ ভাত্তা, চিকিতসা ভাত্তা, আৰু চহৰী ভাত্তাৰ পৰা বঞ্চিত হৈ থকা কৰ্মচাৰী সকলক তিনি মাহৰ ভিতৰতে এই অনাদায় হৈ থকা ধন মোকেলাই গিবলৈ ৰাজ্য চৰকাৰলৈ জাৰি কৰিলে নিৰ্দেশ।

১৩. এইবাৰ তেজপুৰৰ জয়মতী পথাৰৰ বাকৰিত আৰম্ভ হৈছে উত্তৰ পূৰ্বাঞ্চলৰ থলুৱা খাদ্যৰ মেলাঃঅহা দহ জানুৱাৰলৈকে চলিব লগা এই খাদ্য মেলাত খাদ্যৰ জুতি ল'লে অষ্ট্ৰেলিয়ান পৰ্যটকৰ দলেও। 

১৪. বৰপেটাত চলি আছে বৰপেটা জিলা বড়ো সাহিত্য সভাৰ ৩৭তম অধিবেশনঃ বিভিন্ন জনগোষ্ঠীৰ সাহিত্য সভাৰ সৈতে হাতত হাত ধৰি সকলো ভাষা সাহিত্য বিকাশৰ নেতৃত্ব অসম সাহিত্য সভাই গ্ৰহণ কৰিব লাগিব বুলি গ্ৰন্থ উন্মোচনী সভাত মন্তব্য কৰিলে হাগ্ৰামা মুহিলাৰীয়ে। লগতে উন্মোচন কৰিলে মতিলাল দৈমাৰীৰ "আগলি খান্দা" শীৰ্ষক এখন গ্ৰন্থ। অধিবেশনখনিৰ স্মৃতিগ্ৰন্থও  উন্মোচন কৰিলে ধেমাজিৰ শিক্ষা বিষয়া ভবেন দেউৰীয়ে।

১৫. ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ "আই এইচ এম ই"ৰ অধ্যয়নত প্ৰকাশ পাইছে এক সুখবৰঃ প্ৰকাশ হোৱা তথ্য মতে বিগত তিনি দশকত ভাৰতত হ্ৰাস পাইছে দহ শতাংশ ধুম্ৰপায়ী।


১৬. ৰাজ্য চৰকাৰ-ভুৱা বিত্তীয় প্ৰতিষ্ঠানক ন্যায়পালিকাই দিলে কঠোৰ সকীয়নিঃ এমাহৰ ভিতৰত বিনিয়োগকাৰীক ধন ঘূৰাই নিদিলে হাইক'ৰ্টে দিলে কঠোৰ ব্যৱস্থা গ্ৰহণৰ জাননী।

১৭. আজি আবেলি তিনি বজাৰ পৰা আইজল দলৰ সতে ৬২তম বৰদলৈ ট্ৰফী জিনিবৰ বাবে সমুখ সমৰত নামিব কলিকতাৰ ভবানীপুৰ দল।

No comments:

Post a Comment