লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান
১.  মাত্ৰ পাঁচ টকাতে সকলো মেডিয়া, বাতৰি, টি ভি চেনেল যোগে জনপ্ৰিয়তা লাভ কৰিলে অমৃত চিমেণ্ট নামৰ কোম্পানীটোৱেঃ অতি স্পৰ্শকাতৰ জাতিটোৰ মাজত ইয়াৰ ব্ৰেণ্ডৰ নাম সহজে চিনাকি কৰা তথা প্ৰতিষ্ঠাৰ বাবে "অসমীয়া ক'লে পাঁচ টকা ফাইন"  ভৰোৱাৰ অলৌকিক আইডিয়াটোৰ বাবে ইণ্ডিয়ান চেম্বাৰ অৱ কৰ্মাচে শলাগ লৈছে। লগতে "বৰ্ষটোৰ ডাৰুণ আইডিয়া ৰাষ্ট্ৰীয়" বঁটাৰ বাবে কোম্পানীটোৰ মহা-প্ৰৱন্ধকজনৰ নাম মনোনীত কৰাৰো গোপন খবৰ পোৱা গৈছে।
কি ৰকিং ৰেচিপি বে..তোৰ মাংসৰ

২. কুকুৰৰ মাংসৰ জোল ৰেচিপিৰে সকলো ধৰ্মৰ ৰাইজৰ ভূয়সী প্ৰশংসা পোৱাৰ পাছত এইবাৰ আপলোড কৰিবলৈ ওলাইচে "কুকুৰৰ মগজুৰ কীমা" ব্যঞ্জনৰ ৰেছিপিটোৰঃ গৰু আৰু গাহৰিৰ ৰেছিপিক লৈ বিতৰ্কত ধৰ্মানুভূতিপ্ৰৱণ ৰাইজ ব্যস্ত থকাৰ মাজতে কুকুৰৰ এই ৰেছিপিয়ে সকলোকে পিছ পেলাই আগৰবাৰৰ দৰেই এইবাৰো সৰ্বাধিক ক্লিক লাভ কৰি, বৰ্ষটোৰ ফেচবুকৰ প্ৰিয়তম ৰেছিপিৰূপে পৰিগণিত হব বুলি লেখক গৰাকীয়ে আত্মবিশ্বাস প্ৰকাশ কৰিছে। 

৩. খেলমাটি ৰাজহ বিষয়াৰ কাৰ্যালয়ত   হাতে হাতে কামৰ বিনিময়ত মুকলিকৈ চলিছে ধনৰ লেনদেনঃ পেঞ্চন অফিচৰ দৰে কত পইচা দিলে কাম হয়, সেইটো ধৰিব নোৱাৰাৰ বাবে বৃদ্ধ বৃদ্ধ লোকে জীয়াতু ভূগিব লগীয়া হোৱা ঘটনালৈ লক্ষ্য কৰিয়ে কৰ্মচাৰী সংস্থাই এইটো কাৰ্যলয়ত সকলো খোলা বজাৰ কৰি দিছে। এই আদৰ্শ গ্ৰহণ কৰিবলৈ পেঞ্চন অফিচৰ কৰ্মচাৰী সকলকো লগতে আহ্বান জনাইছে।

৪. গুৱাহাটীত ইংৰাজী নাম ফলকত কলা ৰঙ সানি ঘৰত নিজৰ ল'ৰা ছোৱালীৰ গালি খাব লগা হ'ল সাহিত্য সভাৰ বিষয়-ববীয়াইঃ টিভিত এনেকৈ দেখি ইংৰাজী মাধ্যমত পঢ়া শিশু সকলৰ লগৰবোৰে "তোৰ দেউতাইযে ৰং সানি ফুৰিছে, তই জানো অসমীয়া পঢ়িব জান?" বুলি ইতিকিং সূচক প্ৰশ্ন কৰাৰ ফলতে এই দুৰ্গতি হোৱা বুলি জানিব পৰা গৈছে। কেইবাজনো মাইনা-মাইনীয়ে ভাত নাখাই আৰু এনে অদৰকাৰী কামত হাত দি টিভিত নোলাবলৈ দেউতাকক শপত খুওৱা বুলিও গোপন সূত্ৰই জনাইছে।

৫. মাত্ৰ ১৫০ কেডাৰেৰে অপহৰণ, হত্যাৰ বিজনেচত চংবিজিত নামৰ এজন যুৱকে বিশেষ সাফল্য লাভ কৰা পাছত, বিশ্বৰ বহু কোণৰ পৰা এইবোৰৰ ব্যৱস্থাপনা কেনেকৈ সফলভাৱে কৰিছে জানিবৰ বাবে বহু সংগঠনে গোপনে জানিব খুজিছে। পাৰিলে অপহৰণ বেপাৰৰ ১০১ টা কিটিপ নামৰ এখন গ্ৰন্থও চংবিজিত চাৰে লিখি উলিয়ালে নতুন কৰ্ম প্ৰজন্মক বাট দেখুৱাব পৰা এখন মহত গ্ৰন্থৰ সৃষ্টি হব বুলিও মতামত প্ৰকাশ কৰিছে।

৬.  দিহিং পাটকাইত অবাধে কাটিছে হোলোং গছঃ চোৰাং কাঠ ব্যৱসায়ী সংস্থাৰ উদ্যোগত গঢ় দিয়া এই চাফাই অভিযানত পৃষ্ঠপোষক ৰূপে নিজৰ অৱদান আগবঢ়োৱা বাবে বন বিষয়ালৈ নিকা-চাফা অসম লক্ষ্যত উপনীত কৰাত সহায় কৰাৰ বাবে  ৰাষ্ট্ৰীয় প্ৰশংসা বঁটা প্ৰদানৰ উঠিছে দাবী। হাবি বন মন্ত্ৰীয়ে এনে প্ৰতিভাবান বন বিষয়াকৈ সু-দৃষ্টি দিবলৈকো আহ্বান জনাইছে সংস্থাটোৱে।

৭. ৰসাল গগৈ দেৱে "বিকশিত অসম"ৰ ক্ষেত্ৰত এটি উল্লেখনীয় ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে বুলি অভিলেখ বৰুাই জনাইছেঃ কেৱল ঘোষণাতে ৫৫খনকৈ আঁচনি সীমাবদ্ধ কৰি ৰখাৰ অভিলেখ আৰু কোনো ৰাজ্যই এই ভাৰতবৰিষ কি কোনো দেশতে কৰিব পৰা নাই বুলি মতামত দি গগৈ চাৰ টেলেণ্টক বিশ্বৰ দৰবাৰলৈ নিবই বুলি বৰুৱাই দৃঢ়তা প্ৰকাশ কৰিছে।

৮. ই ভি এম টেম্পাৰিং নকৰিলেও অসমত কংগ্ৰেছেই সকলো আসনত জয়ী হব প্ৰকাশ কৰিলে প্ৰফুল্ল বদন মহন্তইঃ ৰাজনীতিত মিছা কথাই শেষ আশ্ৰয় বুলি জনাৰ পাছতো বিজ্ঞ ৰাজনীতিবিদ গৰাকীয়ে সত্য কথা এষাৰ কেনেকৈ কৈ দিলে বুলি ৰাইজৰ মাজত তুমুল বিতৰ্কৰ সৃষ্টি হৈছে।  আমবাৰীৰ পৰা জানিব পৰা গোপন বাতৰি মতে ১৪টা লোকসভা সমষ্টিৰ বাবে ১০জনকৈ প্ৰাৰ্থীয়ে আবেদন কৰিছে।  এই খবৰটো পোৱাৰ পাছৰে পৰাই মহন্ত চাৰে হতাশাত ভূগি সঁচা কবলৈ আৰম্ভ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে।

৯. এক দশকত দেশত ১১ লাখ মানুহে পথ দুৰ্ঘটনো যোগেই স্বৰ্গাৰোহন কৰে বুলি প্ৰকাশ কৰিছে ৰোড কংগ্ৰেছৰ অধিবশনেঃ ভাল ৰাস্তা পালে মানুহে গাড়ী বাইকত আৰু স্পীড দিবলৈ ধৰিব আৰু ফলত বেছি মানুহ স্বৰ্গাৰোহন কৰিব, ফলত দেশত ভোটাৰৰ সংখ্যা সাংঘাতিককৈ কমি যোৱাৰ সম্ভাৱনা আছে। সেয়ে দেশৰ ঠিকাদাৰ সকলৰ কল্যাণৰ কথালৈকো চকু দি, লগতে ৰাইজকো জীয়াই থকাৰ সুযোগ দি ৰাস্তা ঘাট বেছি স্পীড দিব নোৱাৰা কৰি ৰাখিবলৈ আহ্বান জনালে গড়কাপ্তানি মন্ত্ৰীয়ে। সকলোৰে ভাল হওক বাণী আওৰাই তেখেতে দিলে এই পৰামৰ্শ।

১০. বছৰ বছৰ ধৰি মাথাউৰিতে জীৱন কটাইছে কুৰি সহস্ৰাধিক পৰিয়ালেঃ এই কথা জানিব পাৰি জলসম্পদ বিভাগে ইন্দিৰা আবাস গৃহ, চহৰী ৰোজগাৰী যোজনাৰ ধনো মাথাউৰি নিৰ্মাণৰ বাবেই মুকলি কৰি দিয়াৰ তুলিলে দাবী। মাথাউৰিতে ৰাইজক আশ্ৰয় দি অভিলেখ সৃষ্টি কৰা বিভাগটোৱে গীনিজ বুকলৈকো নিজৰ সফলতাৰ প্ৰতিবেদন অচিৰেই প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে।

No comments:

Post a Comment