লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান
১. কাইলৈ উৰুকা বিশেষ দিবা-নৈশ গৰম পানী সেৱন প্ৰতিযোগিতাখনি সদৌ অসম ভিত্তিক ৰঙীন ভোগালী উদযাপন সমিতিয়ে আয়োজন কৰিছে।  লগতে গৰমপানী খাই বাইক চালনা প্ৰতিযোগিতা, কাৰ চালনা, ইংৰাজী কোৱা আদি বিভিন্ন আকৰ্ষণীয় প্ৰতিযোগিতাও আয়োজন কৰিছে। যোগদানৰ বাবে সংস্থাৰ নম্বৰত মিছ কল দিবলৈকো আহ্বান জনাইছে।

২. কিমান দিন আৰু নোখোৱাকৈ থাকিব, উপবাসে থকাৰো এটা সীমা আছে বুলি মন্তব্য কৰি এগৰাকী আগৰণুৱা ডেকাই হাতী পাৰ্টিয়ে হাতোৰা পাৰ্টিৰ সতেই হাত মিলাব লাগে বুলি সময়োপোযোগী দাবী কৰাৰ খবৰ পোৱা গৈছে। বাহিৰে বাহিৰে সকলো সভাত এয়া অপমান জনক প্ৰস্তাৱ বুলি নাকচ কৰিলেও মনে মনে আইডিয়াটো বেয়া নহয় বুলি শ্ৰীমতী সকলৰে গুণাগঁথা কৰাৰ গোপন খবৰ আমালৈ আহিছে।

৩.  বিহু আহিলেই ঘৰ, নিৰ্বাচন আহিলেই সমষ্টিলৈ চেৰেং চেৰেংকৈ মনত পৰাৰ পৰম্পৰা অক্ষুন্ন ৰাখি ডনাৰ নামৰ সংস্থাৰ দানী সিঙে মানুহৰ সৈতে সম্পৰ্ক ৰখাৰ বাবে এক মিতব্যয়ী অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ অংশ ৰূপে ঠায়ে ঠাযে আধাৰ শিলাৰ শিল একোচটা স্থাপন কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰা হৈছে। অচিৰেই ডিব্ৰুগড়ৰ চুকে কোণে মানুহে আৰামেৰে হেলান দি বহিব পৰাকৈ একেচটা আধাৰশিলা নামৰ শিলাস্তম্ভ চাৰে খাৰা কৰি দিবই বুলি চামচা সন্থাই আমাক জনাইছে।

৪. ৰসাল গগৈয়ে ২০১৬ চনত অৱসৰ গ্ৰহণ কৰি দিল্লীত ৰাজনৈতিক ভেল্কীবাজি প্ৰতিষ্ঠান আৰম্ভ কৰিব বুলি গোপন সূত্ৰই জনাইছেঃ মায়ঙৰ বেজালিক বিশ্বৰ দৰবাৰত ৰাজনৈতিক মঞ্চত স্থান দিয়াৰ বাবে ৰসাল গগৈৰ একানপতীয়া, আৰুৰুগীয়া প্ৰচেষ্টাৰ বাবে মায়ঙ নিবাসী যাদুগৰ সন্থাই ভূয়শী প্ৰশংসা কৰাৰ বাতৰি আমালৈ আহিছে।
৫. ভাৰতীয় ত্যাগৰ পৰম্পৰা অক্ষুন্ন ৰখাত সদায় প্ৰতিজ্ঞা বদ্ধ বিশ্ব শৰ্মাই মই বহুত কৰিলো, এতিয়া হিচাব নিকাচ কৰি লোৱা ভাল বুলি মন্ত্ৰীত্ব পদ ত্যাগ কৰিবলৈ মানস কৰাৰ প্ৰশংসনীয় বাতৰিয়ে পাইছে সংবাদ শিৰোনামা। মাজে মাজে তুমি কিমান আগুৱাইছা, সেয়া নিৰলে হিচাব কৰাটো ভাল, ক্ৰিকেটৰ দৰে অলপ পিছুৱাই গৈ দৌৰিলেহে বেছি বেগত বল কৰিব পাৰি বুলি থকা নীতি শিক্ষা কেইটি সাৰোগত কৰিয়েই বু্দ্ধিত বৃহস্পতি বিশ্বদাই এনে সিদ্ধান্ত লোৱা বুলি জালুকবাৰীৰ পৰা ৰসেন শৰ্মাই জনাইছে।

৬. অসমত ৰসাল গগৈয়ে মাটিৰ ব্যৱসায় কৰা বুলি জনসভাত প্ৰকাশ কৰিলে ঔ-কিল গগৈয়েঃ ইমান দিনে হাঁহি হাঁহি ৰাজনীতি কৰা মানুহজন যে ৰিয়েল ইষ্টেটৰ বিজনেছহে কৰা সেই গোপন কথা ৰাজহুৱা কৰাৰ বাবে ঔ-কিল গগৈলৈ সদৌ অসম নিচলা কৃষক সংস্থাই ধন্যবাদ জ্ঞাপন কৰিছে।

৭. ৰূপহীহাটত ১০ শতাংশ মৰম বিচাৰি বগী বোৱাৰীক কাষত লৈ কনপোনা গগৈ চাপিলগৈ ৰাইজৰ কাষ। সংবাদ মাধ্যমৰূপে সন্ধানহীন হোৱাৰ বাতৰি প্ৰকাশ পোৱাৰ পাছতে ইংৰাজীত লিখা অসমীয়া ভোগালী বিহুৰ শুভেচ্ছা বোৱাৰীৰ বিলাতী জিভাৰে ৰাইজলৈ উপহাৰ দি ৰাইজৰ মন কাঢ়িবলৈ সক্ষম হৈছে। ৰূপহীহাটৰ ৰাইজে বিলাতী ৰূপহীৰ মৰমতে আৰু ১০% মৰম অতিৰিক্ত দিব বুলিও মন্তব্য কৰিছে।

৮. গুৱাহাটীত পদপথত ষ্ট্ৰীট লাইট মেৰামতিৰ নামত সফলতাৰে খৰছ কৰিল ৫০ লাখ টকা, তথাপিও লাইট নজ্বলাৰ বাবে চুৰি-ডকাইত সংস্থাই মেৰামতি সংস্থাটোলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে। আৰু আঁচনিৰ ধন ব্যয় কৰিব নোৱাৰা বুলি অভযোগ কৰা সকলৰ মুখত এয়া এক তামাচা বুলিও সংস্থাটোৱে মন্তব্য কৰিছে।

৯. আম আদমী পাৰ্টিত যোগ দিলে মিলখা সিঙৰ পত্নী-কন্যাইঃ এইবাৰ ৰাজনীতিৰ দৌৰতো উৰন্ত শিখৰ প্ৰভাৱ দেখিবলৈ পাব বুলি পাঞ্জাৱৰ আম আদমীয়ে আশা কৰিছে। কেজৰীৱালৰ দলৰ দুৰন্ত গতি কোনো গুণেই মিলখা সিঙতকৈ কম নহয় বুলিও মন্তব্য কৰিছে।

১০. কেজৰীৱালৰ ৰাইজ মেলত খেলিমেলি কৰিবলৈ সক্ষম হোৱা বাবে বিৰোধী দল সমূহে নিজৰ নিজৰ অনুগামী ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে। লগতে কবি কুমাৰ বিশ্বাসলৈসংবাদ মেলত কণী দলিওৱা জনক বিশেষ ৰাজনৈতিক প্ৰতিভা পুৰস্কাৰ প্ৰদান কৰাৰ যো-জা চলাৰো বাতৰি পোৱা গৈছে।

No comments:

Post a Comment