ৰাজনৈতিক বিশ্লেষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰাজনৈতিক বিশ্লেষণ

ৰাজনৈতিক বিশ্লেষণ

Share This
অসমৰ ৰাজ্যসভাৰ নিৰ্বাচনঃ
কিছু লাজ আৰু সন্মানৰ কথাৰে
অজয় লাল দত্ত
(১)

অসমৰ পৰা তিনিখনকৈ ৰাজ্যসভাৰ আসনৰ বাবে  নিৰ্বাচন অহা ৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হব। তাৰ বাবে ৰাজনৈতিক কুচ-কাৱাজে অসমৰ ৰাজনীতি পুনৰ গৰম কৰি তুলিছে। শেহতীয়াকৈ এই তিনিখন আসনৰ বাবে দিল্লীৰ পৰা কংগ্ৰেছ হাইকামাণ্ডে জাৰি কৰা প্ৰাৰ্থী তালিকাই সচেতন লোক সকলক সচকিত কৰি তুলিছে। 
কংগ্ৰেছৰ পচন্দৰ প্ৰাৰ্থী ৰূপে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুৱনেশ্বৰ কলিতাৰ সৈতে মনোনয়ন পত্ৰ দাখিল কৰিছে উত্তৰ প্ৰদেশৰ চুলতানপুৰ লোকসভা সমষ্টিৰ সাংসদ সঞ্জয় সিঙে। লগতে সহযোগী দল বিপিএফ দলৰ পৰা কাৰ্যকাল সামৰণি পৰা বিশ্বজিত দৈমাৰীয়েও কংগ্ৰেছ-বিপিএফ মৰ্চাৰ প্ৰাৰ্থী ৰূপে মনোনয়ন পত্ৰ দাখিল কৰিছে।কংগ্ৰেছে ডঃ মনমোহন সিঙৰ পাছত পুনৰ বহিৰাগত প্ৰাৰ্থীক অসমৰ পৰা প্ৰাৰ্থী কৰাটোৱে সাধাৰণ ৰাইজৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

অসমৰ সংবাদ জগতৰ ছপা মাধ্যম তথা ইলেক্ট্ৰনিক মাধ্যমেও এই বিষয়টো খুৱ গম্ভীৰতাৰে আলোচনা কৰাৰ লগতে জনমানসলৈ ইয়াৰ আঁৰৰ ছবিখন তুলি ধৰাৰ চেষ্টা কৰিছে। বিভিন্ন সমাজ সচেতন ব্যক্তিৰ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে। সংবাদ মাধ্যম ডঃ হীৰেন গোহাঁই দেৱৰ প্ৰতিক্ৰিয়া এইদৰে প্ৰকাশ কৰিছে -"অসমৰ বাহিৰৰ পৰা প্ৰাৰ্থী আনি ৰাজ্যখনৰ পৰা ৰাজ্যসভালৈ প্ৰতিনিধি কৰাটো কংগ্ৰেছৰ বাবে নতুন কথা নহয়। বহু পূৰ্বৰে পৰা দলটোৱে এনে কাম কৰি আহিছে। তেওঁলোকে অসম আৰু অসমীয়া মানুহৰ কথা ভাবি নহয়, দলীয় স্বাৰ্থক প্ৰাধান্য দিহে প্ৰাৰ্থীত্ব প্ৰদান কৰে। অসম আৰু অসমীয়াৰ কথাই গুৰুত্ব নাপায়। গতিকে সঞ্জয় সিঙৰ প্ৰাৰ্থীত্ব কংগ্ৰেছৰ বাবে এক অপ্ৰত্যাশিত কথা নহয়"।

মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিৰোধী,  বিসম্বাদী শিবিৰৰ বুলি খ্যাত বিধায়কে এই সঞ্জয় সিঙ ডাঙৰীয়াক বিমান কোঠৰ পৰা আদৰি অনা কথায়ো কেইবাটাও দিশ উন্মোচন কৰিছে। এতিয়া ডঃ মনোমোহন সিঙৰ দৰে এইজনা সিঙে কাৰঘৰত ভাড়া লৈ ভাড়া ঘৰৰ ৰছিদ জমা কৰিব সেয়াই অসমৰ স্থানীয় ৰাজনৈতিক মহলে জানিবলৈ উতসুকতা প্ৰকাশ কৰিছে। 
(২)
পিছে কোন এই সঞ্জয় সিঙ? এই উত্তৰৰ সন্ধানত অসমৰ সাংবাদিক মহলে যথেষ্ট কষ্ট কৰিছে, তথ্য আহৰণ কৰিছে আৰু তেখেতৰ জীৱন-কীৰ্তি আদি সকলোৰে সমুখত তুলি ধৰাৰ চেষ্টা কৰিছে। প্ৰখ্যাত বেডমিণ্টন খেলুৱৈ চৈয়দ মোদীৰ হত্যাৰ প্ৰধান অভিযুক্ত হৈছিল (সম্প্ৰতি অভিযোগমুক্ত) সঞ্জয় সিঙ।  সঞ্জয় সিঙৰ প্ৰথমা পত্নী প্ৰাক্তন প্ৰধান মন্ত্ৰী বিশ্বনাথ প্ৰতাপ সিঙৰ ভতিজী। আৰু কেচ চিঙাৰ পাছত, মোদী হত্যাৰ সাত বছৰ পাছত তেওঁ পাছত বন্ধু চৈয়দ মোদীৰ পত্নী অমিতা মোদীকো দ্বিতীয় পত্নী ৰূপে বিবাহ কৰে।
তেখেত হিন্দীত স্নাতকোত্তৰ তথা ডক্টৰেট। ১৯৮০ত আমেথিত সঞ্জয় গান্ধীক সমৰ্থন দি নিজে ৰায়বেৰেলীত থিয় দিয়ে। পাছত ৰাজীৱৰ সতেও সু-সম্পৰ্ক গঢ়ে। পাছত ১৯৮৮ চনত জনতা দলত যোগ দিয়ে আৰু আমেথিত ৰাজীৱ গান্ধীৰ সমুখত পৰাজিত হয়। ১৯৯০ চনত তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হয় আৰু ভি পি সিং মন্ত্ৰী সভাত যোগাযোগ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰীত্ব লাভ কৰে। ১৯৯৮চনত তেওঁ বিজেপিৰ হৈ আমেথিত কংগ্ৰেছ প্ৰাৰ্থী কেপ্টেইন সতীশ শৰ্মাক পৰাজিত কৰে। ১৯৯৯ চনত ছোনিয়া গান্ধীৰ সমুখত থিয় দি পৰাজয় বৰণ কৰে। ২০০৩চনত পুনৰ কংগ্ৰেছত যোগ দিয়ে আৰু ২০০৯ চনত কংগ্ৰেছৰ প্ৰাৰ্থী ৰূপে চুলতানপুৰৰ পৰা বিজয়ী হয়।

বিগত সময়চোৱাত তেখেতে কংগ্ৰেছৰ পৰা বেছি একো লাভ কৰিব নোৱাৰা বুলি অনুভৱ কৰি বিজেপি আৰু বহুজন সমাজ পাৰ্টিৰ নেতৃবৃন্দক কাষত লৈ যোৱাটো জন্মদিন পালন কৰে আৰু আমেথিত এইবাৰ বিজেপিৰ টিকটত ৰাহুল গান্ধীক প্ৰতিদ্বন্দিতা কৰিব বুলি ৰাজনৈতিক মহলত তাৰ পাছতে খবৰ চলিবলৈ ধৰে।  আমেথিৰ ৰাইজৰ ৰাহুল গান্ধীৰ পৰা কোনো লাভ নহ'ল বুলিও শেহতীয়াকৈ সভা-সমিতি পাতি প্ৰচাৰ কৰাৰ কথা সংবাদ মাধ্যমে তুলি ধৰে। উল্লেখযোগ্য যে উত্তৰ প্ৰদেশৰ বিধান সভাৰ বিগত নিৰ্বাচনত আমেথিৰ মাত্ৰ পাঁচটা বিধান সভা সমষ্টিতহে কংগ্ৰেছ জয়ী হয়।  তাৰ ওপৰতে ভূতৰ ওপৰত দানৱ পৰাদি আম আদমী পাৰ্টিৰ নেতা কবি ডঃ কুমাৰ বিশ্বাসে ৰাহুল গান্ধীক প্ৰত্যাহ্বান দিবৰ বাবে আমেথিত বাহৰ পাতিছে আৰু সভা সমিতি পাতি বংশবাদ উতখাত কৰাৰ বাবে জন-সমৰ্থন আদায়ৰ চেষ্টা কৰি আছে।

সেয়ে ৰাজীৱ, ছোনিয়াৰ পৰা এইবাৰ ৰাহুলৰ সতে যুঁজ দিবলৈ টঙালি বন্ধা সঞ্জয় সিঙক, উত্তৰ প্ৰদেশৰ দ্বায়িত্বত থকা তথা অসমলৈ মাজতে পৰ্যবেক্ষক ৰূপে অহা কংগ্ৰেছৰ সাধাৰণ সম্পাদক মধুসূধন মিস্ত্ৰীৰ জৰিয়তে কংগ্ৰেছ হাইকামাণ্ডে বাটৰ কাঁইট আঁতৰাবলৈ অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ কৰাৰ বাট মুকলি কৰি দিয়ে।
(৩)
অসমত ক্ষমতাৰে দপ-দপাই থকা তথাকথিত কংগ্ৰেছী নেতা সকলে ৰাইজে আশাকৰা মতেই হাইকামাণ্ডৰ এই কথাত মাত মাতিব নোৱাৰা হৈছে । এই ক্ষেত্ৰত নিজৰ পুত্ৰ লোকসভাৰ টিকটৰ কথা চিন্তা কৰি ধৃতৰাষ্ট্ৰৰ ভূমিকা পালন কৰা বুলি অভিযোগ তুলি অস্বস্তিত পেলাৱা এগৰাকী সাংবাদিকক কালি মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে প্ৰতিটো কথাতে পুত্ৰৰ প্ৰসংগ নানিবলৈ বুলি সকিয়নি প্ৰদান কৰা কথাও সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

অসমত ক্ষমতাৰ খোৱা-কামোৰাৰ ৰাজনীতি কৰি বিসম্বাদী গোট গঠন কৰা সকলেও এই ক্ষেত্ৰত হঠাতে তেওঁলোকে প্ৰথমে প্ৰক্ষেপ কৰা কিৰিপ চলিহাৰ পাছৰ পৰা অন্তৰ্ধান হোৱাৰ মজাৰ বাতৰি পোৱা গৈছে। উল্লেখযোগ্য যে কিৰিপ চলিহাদেৱে গুৱাহাটী লোকসভাৰ নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ পাছত মাজতে হাজোত বিধান সভাৰ প্ৰাৰ্থী হৈ মুখ-থেকেচা খোৱাৰ পাছত এইবাৰ বিসম্বাদীৰ শিবিৰত অৱস্থান লৈ ৰাজ্যসভাৰ সুবিধা লব বিচাৰিছিল।

পিছে তেওঁ বিশ্বাস কৰা সকল তেওঁতকৈ বেছি সুবিধাবাদী আৰু নিজৰ ব্যক্তিগত স্বাৰ্থক লৈ বেছি চিন্তিত। সেয়ে হাইকামাণ্ডৰ লগত পোনে পোনে যোগাযোগ থকা তথা হাইকামাণ্ডক সেও মানিবলৈ বাধ্য কৰাব পৰা সঞ্জয় সিঙৰ সৈতে মিতিৰালি কৰাই এই শিবিৰে উচিত বুলি ভাবিলে আৰু বৰঝাৰৰ বিমানকোঠতে আদৰণি জনাই সেই সম্পৰ্কৰ পাতনি মেলিলে।

এইজনা বহিৰাগত প্ৰাৰ্থীৰ ব্যক্তিগত বুৰঞ্জীত সুবিধাৰ বাবে দল বাগৰাৰ পৰা বিসম্বাদী ৰূপে থিয় দি শলঠেকত পেলোৱাৰ ইতিহাসেই  চাগৈ অসমৰ এই সকলৰ চকুত এওঁহে প্ৰকৃততে এইসকল বিসম্বাদীয়ে আচল দিশদৰ্শী হব পৰা মানুহ বুলি গণ্য কৰিছে। সকলো কথাৰ উৰ্ধত নিজৰ ক্ষমতা আৰু ব্যক্তিগত স্বাৰ্থইহে কংগ্ৰেছী সকলৰ একমাত্ৰ নীতি, সেয়াও জনতাৰ চকুৰ আগত নিলৰ্জভাৱে জলজল-পট পটকৈ পুনৰ উজলি উঠিছে। সেয়ে কোনেও ব্যক্তিগত ক্ষতি কৰিব পৰা স্থিতি লৈ, হাইকামাণ্ডলৈ পুনৰ বিবেচনাৰ বাবেও আবেদন জনোৱাৰ সাহস গোটোৱা নাই। তাতেই এওঁলোকৰ বাবে জাতীয় আবেগ, অসমীয়া মানুহৰ স্বাৰ্থ আদি শব্দমালাৰ কোনো মূল্য নাই সেয়াই প্ৰমাণ হৈছে।
(৪)
আছু, আটাছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদি জাতীয় সংগঠনে এইজনা প্ৰাৰ্থীক অসমৰ প্ৰতিনিধি বনাব খোজা প্ৰচেষ্টাৰ সমালোচনা কৰিছে।  অসমৰ থলুৱা এজনক ৰাজ্যসভালৈ নিৰ্বাচিত কৰাৰ পক্ষে মত প্ৰকাশ কৰিছে।

মানুহৰ মাজত হোৱা প্ৰতিক্ৰিয়া আৰু জাতীয় আবেগৰ ঢৌৰ কথা অসম গণ পৰিষদ দলে হৃদয়ংগম কৰিবলৈ সক্ষম হৈছে যেন অনুভৱ হৈছে। অনাগত লোকসভাৰ নিৰ্বাচনৰ বাবেই বিজেপিয়েও অসমীয়া সাধাৰণ ভোটাৰৰ মনত বিৰুপ প্ৰতিক্ৰিয়া সৃষ্টিৰ ৰিক্স এই মুহূৰ্তত লব পৰাৰ বিলাসিতা কৰিব পৰা নাই। সেয়ে প্ৰথমে দোধোৰ-মোধোৰ অৱস্থাত থকা ৰাজ্যিক বিজেপিৰ নেতৃত্বই কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশনাত সুৰ সলাইছে।

এ.আই.ইউ.ডি.এফ দলেও বিৰোধী দল সমূহৰ হৈ প্ৰক্ষেপিত প্ৰাৰ্থী গৰাকী ব্যক্তিগত ভাৱে ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ হোৱাৰ বাবে বিৰোধী ঐক্য জিন্দাবাদ সুৰতে সুৰ মিলোৱাৰ বাহিৰে উপায় পোৱা নাই। এক কথাত সকলো অনুকূল হোৱাৰ পৰিবেশত এতিয়া একালত অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদনাৰে তথা সাংবাদিক ৰূপে অসমৰ জনজীৱনৰ উত্থান-পতনক কাষৰ পৰা দৃষ্টি ৰখা  তথা অসমৰ জাতীয় জীৱনক বিশ্লেষণ কৰাৰ সামৰ্থ্য ৰখা হাইদৰ হুছেইন দেৱৰ পক্ষে বিৰোধী ঐক্য জিন্দাবাদ ধ্বনি গুঞ্জৰিত হৈ উঠিছে। এয়া অসমৰ ৰাজনীতিৰ বাবে অনাগত সময়ৰ বাবে এক শুভ লক্ষণ বুলিও ৰাজনৈতিক বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে।
 
(৫)
এই খিনিতে কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে, সঞ্জয় সিঙৰ ব্যক্তিগত বুৰঞ্জী খুঁচৰি ৰাইজৰ মাজলৈ মুকলি কৰি দিয়া সংবাদ মাধ্যমে কিন্তু বিগত সময়চোৱাত এই বহিৰাগত প্ৰাৰ্থীয়ে দখল কৰিব লগা আসনত বহা থলুৱা প্ৰাৰ্থী সকলে ৰাজ্য সভাৰ সাংসদ ৰূপে কি কি বৰঙণি আগবঢ়ালে, সাফল্য লাভ কৰিলে বা কি কি দিশত বিফল হ'ল সেই কথা বিশ্লেষণ কৰি ৰাইজক দেখুৱাত কৃপনালি কৰিছে।
লগতে বৰ্তমানৰ প্ৰাৰ্থী সকলৰ বিশদ পৰিচয়, কৰ্ম, জীৱন, কৃৰ্তি আদিও ৰাইজক সবিশেষ জনোৱাৰ প্ৰয়োজন আছে। লগতে বৰ্তমান কাৰ্যনিৰ্বাহ কৰি থকা তথা ৰাইজৰ দৃষ্টিৰ আঁতৰত থাকিবলৈ ভাল পোৱা সাংসদ সকলৰ গতিবিধি, সক্ৰিয়তা, নিস্ক্ৰিয়তাও তুলি ধৰাৰ প্ৰয়োজন আছে।


ইণ্টাৰনেটৰ মাধ্যমত উপলব্ধ www.prsindia.com ৰ জৰিয়তে সেয়ে আমি অসমীয়া সাংসদ সকলে সংসদত কৰা অংশগ্ৰহণৰ খতিয়ান লব পাৰো। সংসদত নিস্ক্ৰিয়তা প্ৰদৰ্শন অসমীয়া সাংসদৰ এটা এৰাব নোৱাৰা অভিযোগ আছে, সেয়া এই ৱেব চাইটৰ তথ্যয়ো পুনৰবাৰ তাকেই প্ৰতীয়মান কৰিছে।

ৰাজ্যসভাৰ বৰ্তমান আৰু আগৰ কাৰ্যকাল মুঠ ১০জন সাংসদৰ এই পৰিসংখ্যা বিশ্লেষণ কৰিলে কুমাৰ দীপক দাসৰ সক্ৰিয়তাই শীৰ্ষ স্থান পাব। ৯১% উপস্থিতিৰে ১১২টা বিতৰ্কত অংশগ্ৰহণ আৰু ৩৩০টা প্ৰশ্নৰ উত্থাপন কৰাৰ লগতে ১খন প্ৰাইভেট মেম্বাৰ বিলো দাসে উত্থাপন কৰিছিল বুলি জানিব পৰা গৈছে। পিছে এইগৰাকী সক্ৰিয় সাংসদক বিধান সভাত অগপ দলৰ সদস্য সংখ্যাৰ অভাৱৰ বাবে বা বিৰোধী ঐক্যৰ অভাৱত পুনৰ বাৰ সংসদলৈ পঠাব নোৱাৰিলে। 
একেদৰেই এইবাৰ পুনৰ প্ৰাৰ্থীত্ব লাভ নকৰা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যদেৱেই বিদায়ী তিনিওজনৰ ভিতৰত আটাইতকৈ সক্ৰিয় আছিল। তেখেতে ৮৮ শতাংশ উপস্থিতিৰে, ৭৫টা বিৰ্তকত অংশগ্ৰহণ কৰে আৰু ৪৫৩টা প্ৰশ্ন সংসদত উত্থাপন কৰে। লগতে তেখেতে বাংলাদেশলৈ অসমৰ ভূমি হস্তান্তৰণ চুক্তি সন্দৰ্ভতো সংসদৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে বাহিৰে ভিতৰে স্পষ্ট প্ৰতিবাদ সাব্যস্ত কৰিছিল। তাৰ বিপৰীতে ভুৱনেশ্বৰ কলিতা দেৱে অলিম্পিক সন্থাকে ধৰি বিভিন্ন ক্ৰীড়া সংগঠনৰ কৰ্মৰ সৈতে জড়িত থকাৰ উপৰি ৮০ শতাংশ উপস্থিতি, ১১টা বিতৰ্কত অংশগ্ৰহণ আৰু ৯৪টা প্ৰশ্নৰ উত্তৰৰ সন্ধান কৰাৰ তথ্য পোৱা গৈছে।

তাৰ বিপৰীতে কংগ্ৰেছ বিপিফ মৰ্চাৰ তৃতীয় পচন্দৰ প্ৰাৰ্থী ৰূপে পুনৰ টিকট পোৱা বিশ্বজিত দৈমাৰীয়ে ৬৯শতাংশ উপস্থিতিৰে, ৩১টা বিতৰ্কত অংশ গ্ৰহণ কৰাৰ লগতে মাত্ৰ ১৬টা প্ৰশ্ন উত্থাপন কৰে। তেখেতৰ প্ৰশ্ন, কৰ্ম আৰু সক্ৰিয়তা কেৱল বড়োলেণ্ডৰ দাবীৰ গণ্ডীতে আৱদ্ধ হৈ থকাটোও আছিল অতিকৈ দৃষ্টিকটু। বড়োলেণ্ডৰ কথা উত্থাপনৰ লগতে তেখেতৰ পৰা সমগ্ৰ অসমৰ স্বাৰ্থজড়িত আন আন বিষয়তো সক্ৰিয়তা আশা কৰা গৈছিল।

তাৰোপৰি এই সাংসদৰ সকলৰ স্থানীয় উন্নয়ন পুঁজিৰ সদ-ব্যৱহাৰ কিমান কৰিছে সেয়াও এক বিচাৰ্য বিষয়। সেই বিষয়েও ৱেব চাইটযোগে তথ্য ৰাজহুৱা কৰিলে স্থানীয় সংগঠন সমূহে সঁচাই কাম হৈছেনে নাই ক্ষেত্ৰভিত্তিক অনুসন্ধান কৰিব পাৰিব ।  চিনাকি ঠিকাদাৰ বা অনুগম কৰ্মীক ঠিকাদান কৰি তাৰ পৰাই কমিচন খোৱা বুলি এই পুঁজি সদায়েই সমালোচনাৰ সন্মুখীন হৈ আহিছে। সেয়ে এনেবোৰ তথ্য ৰাজহুৱাকৰণ তথা সামাজিক সংগঠন আৰু সংবাদ মাধ্যমে পৰ্যালোচনা কৰাৰ  অতীব প্ৰয়োজন।
(৬)
পৰিবৰ্তিত ৰাজনৈতিক পৰিবেশত এতিয়া সংবাদ মাধ্যমে পৰিবেশন কৰা বাতৰি মতে আগতে বিৰোধী বিধায়কক নিজে গা়ড়ীত বহুৱাই নি ৰাজ্য সভাৰ নিৰ্বাচনত ভোটদান কৰোৱা বিসম্বাদী মন্ত্ৰীও কইনাধৰাত ৰাতিৰ ভাগত গৈ উপস্থিত হৈ গোপন বৈঠক অনুষ্ঠিত কৰিছে। তাৰ বিপৰীতে এইবাৰ বিৰোধী ঐক্যক হৰ্ছ ট্ৰেডিঙে ভাঙিব নোৱাৰিব বুলি বিৰোধী দল সমূহে প্ৰকাশ কৰিছে। 

কিন্তু ব্যক্তিগত সুবিধাবাদকেই আগস্থান দি অহা, শেষ ৰাতিৰ খেলেৰে জয়ী হোৱা ৰাজনৈতিক নেতাৰ নৈতিকতাক লৈ এতিয়া সাধাৰণ মানুহ সদায়েই সন্ধিগ্ন হৈ থকাটো স্বাভাৱিক। এতিয়া হাইকামাণ্ডৰ মানুহ সঞ্জয় সিঙ আৰু কংগ্ৰেছ ৱৰ্কিং কমিটিৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি,  উদ্যোগ মন্ত্ৰীৰ পৰা ৰাজ্য সভাৰ সাংসদ হোৱা ভুৱনেশ্বৰ কলিতাৰ জয় নিশ্চিত হৈছে। 

এতিয়া বাকী থকা আসনখনৰ বাবে হৰ্ছ ট্ৰেডিঙ বা নিকা নিৰ্বাচনৰ শংকা- উত্তেজনাত অহা সপ্তাহটো  উলমি থাকিব দুই থলুৱা হাইদৰ হুছেইন আৰু বিশ্বজিত দৈমাৰীৰ ৰাজনৈতিক ভৱিষ্যত। আৰু তাতেই থাকিব নিকা নিৰ্বাচন নিশ্চিত কৰি বিৰোধী ঐক্যৰ প্ৰমাণ দিয়াৰ এক সন্মানৰ প্ৰশ্নও। 
আৰু অসমৰ সচেতন ৰাইজে সমগ্ৰ যুঁজখনলৈ অতি সতৰ্কভাৱে লক্ষ্য ৰাখিব, সেয়াও নিশ্চিত।

No comments:

Post a Comment