পিঠা খাবি, পিঠা খাবি.. আজিও ভাল লাগে ভাবি..
ডঃ মাখন লাল দাস
তেতিয়া মোৰ বয়স তিনি/চাৰি বছৰমান আছিল হয়তো ৷ আমি আছিলো নগাঁৱৰ ওচৰৰ শেনচোৱা নামৰ ঠাইৰ চৰকাৰী ৰেচমপাম এখনত ৷
মাঘবিহুৰ সময়ত মোৰ মামা এজন গুৱাহাটীৰ পৰা শেনচোৱালৈ আহিছিল৷ মামা তেতিয়া কটন কলেজৰ ছাত্ৰ৷ বিহুৰ বন্ধত ঘৰলৈ নগৈ আমাৰ ঘৰলৈ ফুৰিবলৈ আহিছিল ৷
মোৰ ডাঙৰ দাদা দুজন মোতকে আঢ়ৈ আৰু পাঁচবছৰ ডাঙৰ ৷ উৰুকাৰ দিনা পামত থকা ল’ৰাবিলাকে আবেলিৰে পৰা মেজি আৰু ভেলাঘৰ সজাত ব্যস্ত হ’ল ধানখেৰৰ নৰা , বাঁহ আদিৰে৷ ডাঙৰেও সহায় কৰি দিলে ৷ মইও সন্ধিয়ালৈকে তাতে থাকিলো৷ ৰাতি বোধকৰো ভোজ-ভাতৰো আয়োজন হ’ল তাতেই৷ কথা-বতৰাৰ পৰা বুজি পালো যে ৰাতি ডাঙৰ ল’ৰা আৰু মানুহবোৰ তাতে থাকিব ভোজ-ভাত খাই স্ফূৰ্ত্তি কৰি, গোটেই ৰাতি৷ মোৰো তাতে একেলগে থকাৰ মন আছিল৷ ৰাতি ঘৰত মা-দেউতাই ভাত খাই শুবলৈ ক’লে৷ সেই ৰাতি ঠাণ্ডাত বাহিৰলৈ যাব নালাগে বুলি বিচনাত শুৱাই থ’লে৷ সাৰ পালে মোক এবাৰ মেজিৰ ফাললৈ যাবলৈ দিব বুলি কোৱা হ’ল৷ মইও অনিচ্ছা স্বত্বেও বিচনাত পৰিলো৷ ইফালে মাই শোৱা কোঠাতে বহি পিঠা বনোৱাত লাগিল৷ গৰম গৰম তিল পিঠাৰ গোন্ধৰ আমেজ লৈ লৈ মোৰো টোপনি আহিল ৷
মাই উৰুকাৰ দিনা গোটেই ৰাতি পিঠা বনায় ৷ গৰমে গৰমে পিঠা খাই বৰ ভাল লাগে যদিও বেছিকৈ খাবলৈ নাপাওঁ ৷ মাজৰাতি হঠাতে মোৰ টোপনি ভাঙিল৷ সাৰ পাই দেখো বিচনাত কেৱল মইহে ৷ দূৰৰ পৰা চিঞৰ-বাখৰ, কিৰিলি আদিৰ শব্দও ভাহি আহিল ৷ বুজি পালো, মোক শুৱাই থৈ দাদাহঁত মেজিঘৰৰ ফালে গুছি গ’ল ৷ মোৰ খং-ঠেঁহ-অভিমান অলপ বেছি৷ খঙতে বিচনাতে হাত-ভৰি আচাৰি কান্দিবলৈ ধৰিলো ৷ মোৰ কান্দোন শুনি পিঠা বনাই থকা মাৰ কাষত বহি থকা মামাজন ওচৰ চাপি আহি মোলৈ চাই সুধিলে,
: কিয়ে? কিয়’ কান্দচা ?
মোৰ খংটো বেছিহে হ’ল আৰু জোৰকৈ কান্দিবলৈ ধৰিলো ৷
মামাই এইবাৰ সুধিলে,
: পিঠা খাবি?
মই একো উত্তৰ নিদি মুখ মেলি কান্দি থাকিলো ৷
মামাই গৰম পিঠা এখন আনি মোৰ মুখত দিলে ভৰাই৷ মোৰ কান্দোন বন্ধ হ’ল৷ গৰম মচমচীয়া তিল পিঠাখন হেঁপাহ পলুৱাই খালো ৷ খাই শেষ হোৱাৰ পাছত আকৌ কান্দোন আৰম্ভ৷ আকৌ মামাই সুধিলে,
: পিঠা খাবি?
আকৌ এখন গৰম পিঠা মুখত দিলে গুজি৷ সেইখন খাই শেষ কৰি আকৌ কান্দোন ৷ আকৌ মামাই ভৰাই দিলে মুখত আন এখন পিঠা ৷
তেনেদৰে কিমানখন পিঠা খালো সেই ৰাতি তাৰ হিচাব নাই ৷ পিছলৈ সেইটো মামা আৰু মোৰ মাজত এটা খেলৰ নিচিনা হৈ পৰিল৷ তেনেদৰে কেতিয়া ৰাতি পুৱাল গমেই নাপালো৷
বাকী সকলো কথা তল পৰিল ৷ মই যেন পিঠাৰ লোভতহে কন্দাৰ ভাও জুৰিছিলো কথাটো তেনেকুৱা হ’ল ৷
বহুদিনলৈ মোক দাদাহঁতে জোকাই থাকিল,
“পিঠা খাবি? পিঠা খাবি?”
আজিও মনত পৰে উৰুকাৰ সময়ত সেই গৰম গৰম মচমচীয়া তিল পিঠাৰ কথা ৷
No comments:
Post a Comment