১. তেজপুৰত ৰিক্সাচালক ৰিংকু বৰাই দেখুওৱালে সততাৰ সঁচা
নিদৰ্শণঃ আঢ়ৈ লাখ টকাৰ সোণৰ গহণা আৰু ধন সমৃদ্ধ টোপোলা আৰক্ষী যোগে
গৰাকীক গতাই দি দেখুওৱা সততাৰ বাবে এহেজাৰ টকাৰে আৰক্ষী বিষয়াই কৰিলে
পুৰস্কৃত৷
২. ঢেকীয়াজুলিত লোকনায়ক অমিয় কুমাৰ দাস
মহাবিদ্যালয়ত গান্ধীবাদী নেতাজনৰ ৩৯তম মৃত্যু-বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি
আয়োজন কৰিলে "অমিয় কুমাৰ দাসৰ জীৱন আৰু দেশপ্ৰেম" শীৰ্ষক স্মাৰক
বক্তৃানুষ্ঠানৰঃ অসমীয়া বিশ্বকোষৰ ইতিহাস খণ্ডত লোকনায়কজনৰ নাম
সন্নিবিষ্ট নোহোৱাৰ কথালৈ আঙুলিয়াই দি ক্ষোভ প্ৰকাশ কৰিলে বিশ্বনাথ কলেজৰ
প্ৰাক্তন অধ্যক্ষ ডঃ নিত্যানন্দ গগৈয়ে৷
৩. শোণিতপুৰ জিলাৰ নদুৱাৰ অঞ্চলত উচ্চ শিক্ষাৰ প্ৰসাৰৰ বাটকটীয়া ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা ৭-৯ ফেব্ৰুৱাৰীত আয়োজন কৰা হৈছে৷ মুকলি সভা উদ্বোধন কৰিব গুৱহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ মৃদুল হাজৰিকাই, মুখ্য অতিথিৰূপে শিক্ষা আৰু কৃষি মন্ত্ৰীৰ সতে ভাগ লবহি ৰাজ্যৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও৷ আয়োজিত হৈছে "সাম্প্ৰতিক অসমৰ শিক্ষা খণ্ডৰ সংকট আৰু বৌদ্ধিক নেতৃত্ব" শীৰ্ষক এক আলোচনাচক্ৰও৷
৪. এক ইতিবাচক দৃষ্টিভংগীৰে তেজপুৰত বৌদ্ধিক আৰু সাংস্কৃতিক বাতাৱৰণত সাৰ পানী যোগাবলৈ ১৭ জানুৱাৰীৰ পৰা ছয় দিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা তেজপুৰ গ্ৰন্থমেলাৰ পৰিছে সফল সামৰণি৷
অসমীয়া নতুন শ্ৰব্যগীতৰ সঁফুৰাঃ সিদ্ধাৰ্থ হাজৰিকাৰ কণ্ঠত |

৫. বড়ো সাহিত্য সভাৰ ৫৩তম বাৰ্ষিক অধিবেশনে গোলাঘাটৰ চিচুপানীলৈ আনিছে সনম্বয়ৰ বতৰাঃ কালি উন্মোচিত হ’ল "বিষ্ণু বিজয় নগৰ" নামৰ স্মৰণিকাখনিৰ লগতে ১৮খনকৈ বড়ো সাহিত্যৰ গ্ৰন্থ৷ বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠানৰ উপৰিও অনুষ্ঠিত হ’ল "বড়ো সাহিত্যৰ সমল বিচাৰি" শীৰ্ষক বুৰঞ্জী আৰু সাহিত্য বিষয়ক আলোচনাচক্ৰও৷
৬. শিশু বাগিচা সমাজ, অসমে টিংখাং মৌজাৰ অৱসৰপ্ৰাপ্ত শিক্ষক শৈল বৰালৈ আগবঢ়াইছে সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাৰ স্মৃতিত প্ৰৱৰ্তিত "জীৱন সমৃদ্ধ বঁটা"৷ ৰাজগড়ত আয়োজিত হ’ল "সংবাদপত্ৰ আৰু সাংবাদিকতা" শীৰ্ষক আলোচনাচক্ৰৰঃ অনুষ্ঠানটিৰ শুভাৰম্ভ কৰিলে আপকুৰ কেন্দ্ৰীয় সভাপতি মনোজ সিঙে৷
৭. মৰিয়নিৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যত সম্পন্ন হ’ল "কনজাৰভেছন বায়’লজী এণ্ড গ্ল’বেল হেলথ" শীৰ্ষক প্ৰশিক্ষণঃ বাশ্চিংটন ইউনিভাৰ্চিটি আৰু আমেৰিকান প্ৰাইমেট’লজিষ্ট ছ’চাইটিৰ সহযোগত আৰণ্যক আৰু বন বিভাগে এই প্ৰশিক্ষণৰ কৰিছিল আয়োজন৷
৮. ওদালগুৰিৰ টংলাত হোৱা মুকলি বেডমিণ্টনত ধেমাজি দল চেম্পিয়নঃ ৰূপন মল্লিক আৰু দেৱা বৰদলৈয়ে এই চেম্পিয়নশ্বিপ অৰ্জন কৰি ট্ৰফীৰ সতে লাভ কৰিলে দহ হাজাৰ টকাৰ প্ৰাইজমানীও৷
৯. ভোগালী বিহুৰ বতৰতে
মুক্তি পাইছে প্ৰতিশ্ৰুতিসম্পন্ন অসমীয়া কণ্ঠশিল্পী সিদ্ধাৰ্থ হাজৰিকাৰ
শ্ৰব্যগীতৰ সঁফুৰা "মই"৷ উল্লেখযোগ্য যে সিদ্ধাৰ্থই নতুন হিন্দী ছবি "কাচ
তু হোতে" আৰু অসমীয়া ছবি "চিঞৰ"ৰ গীতটো কণ্ঠ নিগৰাই প্ৰশংসা লাভ কৰিছে
আৰু নবাগত শ্ৰেষ্ঠ গায়কৰ নেৰকছ বঁটাৰেও সন্মানিত হৈছে৷ টাইমছ মিউজিকে
পৰিবেশনা কৰা এলবামটো অনলাইনো পৰিবেশক বেব চাইটৰ পৰা কিনিব পাৰিব৷
১০. হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ কলাগুৰু আসনত নিযুক্তি লাভ কৰিলে ভাৰতীয় মূলৰ শিক্ষাবিদ ৰাকেশ খুৰানাইঃ হাৰ্ভাৰ্ডৰ মাৰ্টিন ব’ৱাৰ আসনৰ আৰু অধ্যাপক ৰূপে কৰ্মৰত খুৰানাই অহা জুলাই মাহত নতুন দ্বায়িত্ব গ্ৰহণ কৰিব৷

১১. কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চলালে ভূ-মাফিয়াৰ বিৰুদ্ধে সৰ্বাত্মক অভিযানঃ ক্ষেত্ৰীত ৩৪ বিঘা ভূমি টপচেম চিমেণ্ট কোম্পানীৰ পৰা কাঢ়ি বিতৰণ কৰিলে ভূমিহীনক৷
১২. অহা ৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হব বৰপেটা পৌৰসভাৰ নিৰ্বাচনঃ বৰপেটা জিলা প্ৰশাসনে মুঠ ৯৬ জন প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ বিবেচিত হোৱা বুলি ঘোষণা কৰিছে৷
১৩. মিডিয়া টি-২০ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাটাৰ ফাইনেলত আজি সন্মুখীন হব ডি ৱাই ৩৬৫ আৰু গণ অধিকাৰঃ অসমীয়া প্ৰতিদিন দলেও প্ৰৱেশ কৰিছে কোৱাটাৰ ফাইনেলত৷
১৪. নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন পালন কৰিলে অসম প্ৰদেশ কংগ্ৰেছেঃ এই উপলক্ষে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত কৰিলে স্মৃতিচাৰণ সভা৷ নেতাজীৰ জন্মদিনত বিলাসীপাৰাত মহিলা সংঘ, নাৰী অধিকাৰ সুৰক্ষা মঞ্চ, অসম মহিলা কোষ আদি সংগঠনৰ নেত্ৰী তথা কৰ্মী সকলে চলালে চাফাই অভিযান৷
১৫. মৰিগাঁও জিলা যোগী সন্মিলনীৰ দ্বাদশতম দ্বি-বাৰ্ষিক অধিবেশনখনি অহা ৩০-৩১ জানৱাৰীত হাবিবৰঙাবাৰীত অনুষ্ঠিত হবঃ কালি আনুষ্ঠানিকতাৰে স্থাপন কৰিলে মূল মণ্ডপৰ লাইখুঁটা৷
No comments:
Post a Comment