গ্ৰন্থ আলোচনা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

গ্ৰন্থ আলোচনা

গ্ৰন্থ আলোচনা

Share This
অনুভৱৰ জোঁটনি 
ড° বুলজিৎ বুঢ়াগোহাঁই 

নতুন প্ৰজন্মৰ প্ৰতিভাশালী লেখিকা অনুপমা বৰগোহাঁইৰ সদ্য প্রকাশিত প্রথম গ্রন্থ হ’ল ‘অনুভৱৰ জোঁটনি’ ।
আজি উন্মোচিত হ'ল "অনুভৱৰ জোঁটনি"

‘পাতনি’ত লেখিকা অনুপমা বৰগোহাঁয়ে এনেদৰে লিখিছে “……ফেচবুকৰ অসমীয়া সাহিত্য চৰ্চা কৰা গোটসমূহৰ লগত জড়িত হৈ মনৰ মাজত উকমুকাই থকা ভাববোৰ শৃংখল-অশৃংলভাৱে ভুলে-শুদ্ধই লেখা আকাৰত প্রকাশ কৰিবলৈ ল’লোঁ। লেখা প্রকাশ হোৱাৰ লগে লগে পঢ়ুৱৈ সমাজৰ সমালোচনা , মন্তব্যআদি পাই উৎসাহিত হৈ এবছৰত কেইবাটাও অনুভৱ লিখিলোঁ। মাজে মাজে ছপা মাধ্যমতো দুই-এটা লেখা প্রকাশ হ’বলৈ ধৰিলে।লেখাবোৰৰ সাহিত্যিক মূল্য কিমান সেয়া পঢ়ুৱৈ সমাজে নিজেই বিচাৰ কৰিব। ছপা মাধ্যমৰ জৰিয়তে ই-সাহিত্যৰ লগত পৰিচয় নথকা পঢ়ুৱৈ সমাজকো মোৰ 'অনুভৱৰ জোঁটনি'ৰ লগত চিনাকি কৰি দিয়াৰ মানসেৰে তথা জীৱনৰ যিকোনো সময়ত মানুহে নিজে ভাল পোৱা কাম কৰিবলৈ সততাৰে আগবাঢ়ি আহিব পাৰে তাৰে এটা উদাহৰণ সৃষ্টি কৰিবলৈকে মোৰ অপৰিপক্ক লেখাসমূহ কিতাপ আকাৰে প্রকাশ কৰাৰ সিদ্ধান্ত ল’লোঁ। ”

কিতাপখনৰ ‘মুখবন্ধ’ত হোমেন বৰগোহাঞিয়ে এনেদৰে লিখিছে –
 “---বিশ্ববিখ্যাত জাপানী দাৰ্শনিক আৰু বৌদ্ধ ধৰ্মৰ আধুনিক প্রবক্তা ড°ডাইচাক’ ইকেডাৰ শিষ্যত্ব গ্রহণ কৰা অনুপমা বৰগোহাঁইৰ ৰচনাবোৰৰ প্রতিটো শব্দত জীৱনৰ প্রতি ইতিবাচক দৃষ্টিভংগী আৰু মহৎ মংগলবোধ ফুটি উঠিছে । আধুনিক ইলেক্ট্রনিক যুগত বিশ্বৰ সৰ্বত্র এক নতুন ধৰণৰ সাহিত্য গঢ় লৈ উঠিছে। অনুপমা বৰগোহাঁইৰ প্রবন্ধবোৰ অসমীয়া ভাষাত তাৰেই উৎকৃষ্ট চানেকি। ….”

লেখিকাই গ্রন্থখন ৭টা ভাগত বিভক্ত কৰিছে । এইকেইটা হ’ল – বীক্ষণ,স্মৰণ,গল্পগুচ্ছ-১,দৰ্পন,আৰ্জন,গল্পগুচ্ছ-২ আৰু অনুলেপন।

“বীক্ষণ”ত আছে – ‘ড°ডাইচাক’ ইকেডা আৰু নৱপ্রজন্ম’, ‘বুদ্ধং শৰণং গচ্ছামি’ , ‘কৰ্ম বনাম নিয়তি বা অদৃষ্ট’ , ‘দহখন পৃথিৱীৰ কথাৰে…’ আৰু ‘মোক চোলা চিলাই থাকিবলৈ দিয়া’।

“স্মৰণ”ত আছে – ‘জীৱন! জীৱন বৰ অনুপম’, ‘সেই শিহৰণকাৰী দিনটো’, ‘বসন্তৰ ধ্বনি’, ‘হাতীত উঠি মনাই নতুন পৃথিৱীলৈ..’ আৰু ‘ভালপোৱা….ভালপোৱা….’।

“গল্পগুচ্ছ-১”ত আছে- ‘আপোনজনৰ মৰম’, ‘প্রেমৰ মৰীচিকা খেদি…’, ‘এক মুঠি সুখ’, ‘অৰ্ধ-আকাশৰ সিপাৰে’, ‘সুখ’ আৰু ‘ভোগালীৰ নষ্টালজিয়া’

“দৰ্পন”ত আছে- ‘আমি কিমান অসমীয়া আৰু কিমান মানুহ?’, ‘অসমীয়া ভাষাপ্রেম আৰু কিছুমান ‘এচামিজ’ মানুহ’, ‘ধেমালিয়ে যেতিয়া কন্দুৱায়…’, ‘মই নিৰ্ভয়াই কৈছোঁ…’, ‘সৰু মানুহৰ ডাঙৰ কথা’, ‘(যাদুমন্ত্র বনাম বিজ্ঞান) অলৌকিক বাবা’ আৰু ‘দিল্লীৰ এটি ৰাতিপুৱা’।

“আৰ্জন”ত আছে – ‘হাউছৱাইফ বনাম অৰ্থনীতি’, ‘পদ্ধতিগত বিনিয়োগ আঁচনি (SIP)’ আৰু ‘সোণ কিনো আহক …..’

“গল্পগুচ্ছ-২”ত আছে –‘অন্ধকূপৰ ফিৰিঙতি’, ‘দাপোণ’, ‘ভাতৃঘাতী….’, ‘অ’ বিদেশী বন্ধু..’, ‘নোবোলো তোক সোণৰ অসম’ আৰু ‘(অনুবাদ গল্প)শেষ নহয় মোৰ এই প্রেম কেতিয়াও’ আৰু “অনুলেপন”ত আছে – ‘এটি সাক্ষাৎকাৰ’, ‘জুৰী বৰা বৰগোহাঞিৰ ‘লিড’লাম’ আৰু কিছু বিক্ষিপ্ত অনুভৱ..’ আৰু ‘ময়ুৰ বৰাৰ ‘প্রত্যাশাৰ প্রতিলিপি’ কিছু অনুভৱ’।

গ্রন্থখন “বনফুল” প্রকাশনে প্রকাশ কৰিছে। গ্রন্থখনৰ মূল্য ২০০টকা । গ্রন্থখনত মুঠ ১৯২ পৃষ্ঠা আছে । গ্রন্থখনৰ প্রচ্ছদ সজ্জা হ’ল মনজিৎ ৰাজখোৱা আৰু অংগসজ্জা হ’ল ধ্রুৱজ্যোতি ঠাকুৰীয়া । গ্রন্থখন প্রথম প্রকাশ পাইছে জানুৱাৰী ২০১৪। 

মানৱ জীৱনৰ অপাৰ বৈভৱ,অন্তহীন মহিমা আৰু বিচিত্ৰ ৰেহ-ৰূপৰ বর্ণনা কৰি শেষ কৰিব নোৱাৰি-এই জীৱনৰেই কেইটামান বিশেষ স্নেপ ‘অনুভৱৰ জোঁটনি’ গ্ৰন্থখনত অর্থপুর্ণভাবে তুলি ধৰিছে ৷ সাৱলীল , অনুভবী, মসৃণ নেৰেটিভেৰে নিমার্ণ কৰা আৰু জীৱনটো প্ৰতিবিম্বিত হৈ উঠা ‘অনুভৱৰ জোঁটনি’ৰ অনুভৱৰ টুকুৰাবোৰে সংবেদনশীল প্ৰতিজন পাঠকক মন চুই যাব৷

No comments:

Post a Comment