পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জীৱন-কৃৰ্তিক লৈ দিল্লীত গণৰাজ্য দিৱসত প্ৰদৰ্শিত হোৱা অসমৰ প্ৰতীকপটলৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠতাৰ তৃতীয় পুৰস্কাৰ। এই প্ৰতীকপট সজাই তুলিছিল বিশিষ্ট শিল্পী ননী বৰপূজাৰীয়ে।

২. অহা সাত ফ্ৰেব্ৰুৱাৰীত মুক্তি লভি ছবিঘৰলৈ আহিব নতুন অসমীয়া ছবি "ৰাগ"। আদিল হুছেইন, জেৰিফা, কেনী বসুমতাৰীৰ অভিনয় সমৃদ্ধ ছবিখন পৰিচালনা কৰিছে ৰজনী বসুমতাৰীয়ে। ছবিখন পিভিআৰ যোগে দেশৰ আন আন মহানগৰতো মুক্তি দিয়া হব বুলিও জানিব পৰা গৈছে।

৩. গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হ'ল লণ্ডন নিবাসী প্ৰৱাসী অসমীয়া ডাঃ কৰণাসাগৰ দাসৰ সম্পাদনাত প্ৰকাশ হোৱা এখন ব্যতিক্ৰমধৰ্মী আলোচনী "লুইটৰ পৰা টেমচলৈ"ৰ পঞ্চদশ সংখ্যাঃ উল্লেখযোগ্য যে ১৯৯৯চনৰ পৰা নিৰলসভাৱে এই আটক-ধুনীয়া আলোচনীখন প্ৰকাশ হৈ আহিছে।

৪. আৰম্ভ হ'ল ৩৮তম আন্তৰ্জাতিক কলকাতা গ্ৰন্থমেলাঃ মঙলবাৰে আবেলি ইয়াৰ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। অহা ৯ফেব্ৰুৱাৰীলৈকে চলিব লগা গ্ৰন্থমেলাখনিত সদ্যপ্ৰয়াত মহানায়িকাৰ স্মৰণত তৈয়াৰ কৰিছে সুচিত্ৰা সেন মণ্ডপ। তাতে নায়িকা গৰাকীৰ স্মৃতি বিজড়িত বহুটো ছবি প্ৰদৰ্শনৰো কৰিছে ব্যৱস্থা।

৫. অমৰ চিত্ৰ কথাৰ প্ৰথম জীৱন্ত কিংবদন্তী নায়ক হব ক্ৰিকেটৰ "মহাৰাজ" সৌৰভ গাংগুলী। ভাৰতৰ আটাইতকৈ বেছি বিক্ৰী হোৱা কমিকচখন ১৯৬৭চনৰ পৰাই প্ৰকাশ হৈ আহিছে। অমৰ চিত্ৰকথা প্ৰকাশন গোষ্ঠীটোৱে, সৌৰভৰ চৰিত্ৰক লৈ সমস্ত কাহিনী সংস্কৰণ টিভি, চিনেমা,মোবাইল ও অনলাইনতো এনিমেচনৰ ৰূপত প্ৰকাশ কৰাৰ লগতে, গেমিঙ ফৰমেটতো প্ৰকাশৰ পৰিকল্পনা কৰিছে।

৬. মাদাৰ ৰীতাচা ট্ৰাষ্টে জাগীৰোডৰ সমীপৰ আমৰিঘাটত স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰি চিনাক্ত কৰা ৬৩গৰাকী লোকৰ চকুৰ অস্ত্ৰোপচাৰ গুৱাহাটীৰ মহেন্দ্ৰমোহন চৌধুৰী হাস্পতালত সম্পূৰ্ণ বিনামূলীয়াকৈ সম্পন্ন কৰাৰ ভাল খবৰ।

৭. কালি, ১৮৯৪চনত ঐতিহাসিক পথৰুঘাটত প্ৰাণ বিসৰ্জন দিয়া সাত কুৰি কৃষক শ্বহীদক চৰকাৰী পৃষ্ঠপোষকতাত কেন্দ্ৰীয় ভাৱে পথৰুঘাট ৰণস্থলীত শ্বহীদ দিৱস উদযাপন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ খবৰ পোৱা গৈছে। ছিপাঝাৰস্থিত দৰঙী কলা-কৃষ্টি উন্নয়ন সংঘৰ বাকৰিতো সংগ্ৰামী কৃষক সংঘ, অসমৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে উদযাপিত হ'ল ১২০ বছৰীয়া কৃষক শ্বহীদ দিৱস।

৮. আজিৰে পৰা দুদিনীয়াকৈ গুৱাহাটীৰ সোনাৰাম হাইস্কুল খেলপথাৰত দুদিনীয়াকৈ আৰম্ভ হৈছে ৰোজগাৰ মেলা-২০১৪ৰঃ নিয়োগৰ সুবিধা আৰু আধুনিক বৃত্তি মূলক দিহা দিবৰ বাবে চৰকাৰী পৃষ্ঠপোষকতাত আয়োজিত হোৱা এই মেলা উদ্বোধন কৰিব অসমৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰী পৃথিৱী মাঝিয়ে।

৯. পাঠশালাত ৰাইটাৰ্ছ ফ'ৰামৰ উদ্যোগত অনুষ্ঠিত হ'ল গ্ৰন্থ উন্মোচনী সভা। কহিনুৰ থিয়েটাৰৰ প্ৰযোজক ৰতন লহকে উন্মোচন কৰিলে বিশিষ্ট লেখক এলেক্স ফিগোৰ নিবন্ধ সংকলন "ট্ৰেফিক পুলিচ, হাইনা আৰু প্ৰেমৰ তেজ বৰষুণ"।

১০. গুৱাহাটীতো প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিব মহেশ ভূপতি টেনিছ একাডেমীয়েঃ অহা ১ ফেব্ৰুৱাৰী পৰা বৰঝাৰস্থিত মাইলচ ব্ৰনছন ৰেছিডেনছিয়েল স্কুলত ছয় দিনীয়াকৈ এই শিবিৰ অনুষ্ঠিত হব।

১১. গুৱাহাটীত চলি থকা মিডিয়া টি-২০ ক্ৰিকেট টুৰ্ণামেণ্টত প্ৰাগ নিউজক পৰাজিত কৰি অসমীয়া প্ৰতিদন দলে প্ৰৱেশ কৰিলে ছেমি-ফাইনেলতঃ আজি প্ৰথমখন ছেমি ফাইনেলত প্ৰতিদিনৰ দলে ডিৱাই-৩৬৫ দলৰ সন্মুখীন হব।

১২. বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ উদ্যোগত দৰঙ জিলাৰ হাজৰিকাপাৰাত অনুষ্ঠিত সদৌ অসম প্ৰাইজমানী আমন্ত্ৰণমূলক ভলীবল প্ৰতিযোগিতাৰ সফল সামৰণিঃ বজালী দলক পৰাজিত কৰি চেম্পিয়ন হ'ল গোৱালপাৰা।

১৩. ঢকুৱাখানাৰ মহঘুলি চাপৰিত অৱস্থিত টাই-সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰত অহা ৩০ আৰু ৩১ জানুৱাৰীত দুদিনীয়াকৈ আয়োজিত হৈছএ মে-দাম-মেফীৰ। উন্মোচিত হব স্মৃতিগ্ৰন্থ "বানফাই"ৰ, সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী মৌচম গগৈয়ে।

১৪. দক্ষিণ নলবাৰী অঞ্চলৰ আগশাৰীৰ শিক্ষানুষ্ঠান মৰোৱা আনন্দৰাম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ অহা ৩১ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপিত হব। শেষৰ দিনা সংগীতানুষ্ঠানত জুবিন-জুৱলীৰ লগতে আন আন শিল্পীয়েও ভাগ লোৱাৰ কথা।

১৫. অহা ছমাহৰ ভিতৰতে ৮১২৪ জন আৰক্ষী কনিষ্টবলৰ নিযুক্তিঃ মুখ্যমন্ত্ৰীৰে বৈঠকত গৃহ বিভাগে সদৰী কৰিলে সিদ্ধান্ত।

১৬. অন্ধ্ৰ প্ৰদেশৰ কাকিনাডাত ইণ্ডিয়ান ইনষ্টিটিউট অৱ ইনফ'ৰমেছন টেকন'লজিৰ আধাৰশিলা স্থাপন কৰি মানৱ সম্পদ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী এম এম পাল্লামৰাজুৱে অহা ২০২৫ চনৰ ভিতৰত প্ৰশিক্ষণপ্ৰাপ্ত দেশৰ ৫০কোটি যুৱকে সংস্থাপন পাব বুলি আশা প্ৰকাশ কৰে।

১৭. কংগ্ৰেছৰ ৫০০কোটি টকীয়া বিজ্ঞাপনৰ প্ৰত্যত্তৰ দিব বিজেপিয়েও। প্ৰসূন যোশীয়ে লিখা গীতেৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰায় চাৰিশ কোটি টকাৰ বাজেট নিৰ্ধাৰণ হোৱা বুলি সংবাদ মাধ্যমে প্ৰকাশ কৰিলে বাতৰি। মেডিয়াৰ বাবে ই এটা সুখৰ খবৰ।

No comments:

Post a Comment