পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অৱশেষত ১৬১ কোটি বিশ্ব বেংকৰ ধনেৰে গোগামুখ-ঢকুৱাখনা ৰাজ্যিক পথৰ হব উন্নীতকৰণঃ এই কামৰ শুভাৰম্ভ কৰাৰ লগতে ঘিলামৰাত স্থাপন হব লগা টাই আহোম সাংস্কৃতিক গৱেষণা কেন্দ্ৰৰো আধাৰশিলা স্থাপন কৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে। ঢকুৱাখনা সমষ্টিৰ উন্নয়নৰ বাবে ঘোষণা কৰিলে ১০০কোটি টকাৰ পেকেজ।
বৰপেটাৰ আলোপতি মাজৰ চৰত অসম সাহিত্য সভাৰ চৰ-চাপৰি অভিবৰ্তনৰ সফল সামৰণি
২. প্ৰকাশ পালে অসমৰ চূড়ান্ত ভোটাৰ তালিকাঃ ১কোটি ৮৭লাখজনৰ ভোটাধিকাৰ নিশ্চিত কৰা তালিকাত ২০১৩বৰ্ষৰ তুলনাত আশ্চৰ্যজনক ভাৱে হ্ৰাস পাইছে প্ৰায় ৩লাখ ৫১হাজাৰজন ভোটাৰ। তাৰ বিপৰীতে ৰাজ্যৰ ছয় খন জিলাত সামান্য বৃদ্ধি পাইছে ভোটাৰৰ সংখ্যা।

৩. অনাগত লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগৰ ইলেক্ট্ৰনিক ভোটিঙ মেচিন পালেহি অসমঃ হায়দৰাবাদৰ সংস্থা ই.চি.আই.এল ক দ্বায়িত্ব প্ৰদান কৰা ই.ভি.এম সমূহক চি.চি.টি.ভিৰ নজৰত ৰখাৰ নিৰ্দেশ দিয়াৰ লগতে জানুৱাৰীতে এইবোৰৰ প্ৰাৰম্ভিক পৰীক্ষণ কৰা হব বুলি নিৰ্বাচনী আয়োগৰ সূত্ৰত প্ৰকাশ পাইছে।

৪. আজিৰে পৰা আৰম্ভ হৈছে অসম নাট্য সন্মিলনৰ ৫২তম  দুধনৈ অধিবেশনঃ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা ক্ষেত্ৰত সন্মিলনৰ সভাপতি আব্দুল মজিদে পতাকা উত্তোলন কৰাৰ পাছতে হব বাটৰ নাট প্ৰদৰ্শন।

৫. শিৱসাগৰ মহাবিদ্যালয়ৰ হিৰণ্যপ্ৰভা মেম'ৰিয়েল লাইব্ৰেৰী আৰু মিউজিয়ামৰ প্ৰতিষ্ঠা দিৱসত অংশ ল'লে কথাশিল্পী ইমৰাণ শ্বাহ দেৱেঃ  শান্তি দাস স্মাৰক "মানৱ কল্যাণত বংশগতি বিজ্ঞান" শীৰ্ষক বক্তৃতা প্ৰদান কৰিলে অধ্যক্ষ ডঃ হেমন্ত কুমাৰ ফুকনে ।

৬. নগাঁৱত উন্মোচিত হ'ল এংলো আছামিজ ডিক্সনেৰীৰ প্ৰণেতা বুদ্ধীন্দ্ৰনাথ দিলিহীয়ালৰ জীৱনীমূলক গ্ৰন্থঃ নগাঁও সাহিত্য সভাই প্ৰকাশ কৰা জীৱনীগ্ৰন্থখন সম্পাদনা কৰিছে কেশৱ চন্দ্ৰ বৰাই। লেখক-শিল্পীৰ অন্তৰংগ অনুষ্ঠানটোতে উন্মোচিত হ'ল কবি ৰামানন্দ দাসৰ শেহতীয়া কবিতা সংকলন "আই অসমী"। 
লগতে উপস্থিত ৰাইজে সাহিত্যিক যতীন্দ্ৰ কুমাৰ বৰগোহাঞি দেৱৰো কৰিলে স্মৃতিচাৰণ।

৭.  সৰ্বভাৰতীয় সাংস্কৃতিক সংগঠকৰ সন্মান লাভ কৰিলে অসমৰ নৃত্যঞ্জলি একাডেমীৰ মুখ্য সঞ্চালক অভিজিত বৰুৱাইঃ  ডেৰাডুনত  হোৱা সৰ্ব-ভাৰতীয় সাংস্কৃতিক মহোতসৱত ২১খনকৈ ৰাজ্যৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰা অনুষ্ঠানতে এই বঁটা বৰুৱাক প্ৰদান কৰাৰ সুখবৰ পোৱা গৈছে।

৮. অহা ১৮-২২ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হব ইণ্ডিয়ান ৰোড কংগ্ৰেছৰ ৭৪তম বাৰ্ষিক সন্মিলনঃ অসমৰ গড়কাপ্তানি বিভাগৰ দুহেজাৰতকৈ অধিক অভিযন্তাৰ লগতে থলুৱা ঠিকাদাৰ তথা নিৰ্মাণকাৰী সংস্থাই নিত্য নতুন প্ৰযুক্তিৰ কাৰিকৰী দিশৰ সতে এই অভিবৰ্তন যোগে চিনাকী হব পাৰিব বুলিও আয়োজকে সংবাদমেল যোগে প্ৰকাশ কৰিছে।

৯. গুৱাহাটীত চলি থকা ৬২ তম বৰদলৈ ট্ৰফীত এৰিয়ান দলক পৰাস্ত কৰি আইজল এফ চি ক্লাৱে প্ৰৱেশ কৰিলে ফাইনেল।

১০. মৰাণত সফলভাৱে সামৰণি পৰিল "ৰংমন এনাজৰী"য়ে আয়োজন কৰা পঞ্চম বৰ্ষৰ কুৰি দিনীয়া বিহুনাচ আৰু ঢোলবাদ্যৰ কৰ্মশালাঃ প্ৰশিক্ষক ৰূপে বিহুৰাণী মাধুৰীমা চৌধুৰী, ঢুলীয়া শোণিত গগৈ আৰু নয়ন বৰাই অংশ গ্ৰহণ কৰে।

১১. বি টি এ ডিৰ ছখন শিক্ষানুষ্ঠানৰ প্ৰতি শিক্ষা বিভাগে লোৱা বৈষম্যৰ অভিযোগৰ শুনানী গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰিলে অহা দুমাহৰ ভিতৰতে প্ৰাদেশিকীকৰণৰ বাবে ব্যৱস্থা লবলৈ শিক্ষা বিভাগলৈ নিৰ্দেশ।

No comments:

Post a Comment