পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. কাৰ্বি পাহাৰত অসম সাহিত্য সভাই মৈত্ৰী আৰু সমন্বয়ৰ বাণীৰে অহা ১০ জানুৱাৰীত আয়োজন কৰিছে জনগোষ্ঠীয় লেখক সমাৰোহৰঃ  মহিলা শিল্পীয়ে প্ৰদৰ্শন কৰিব "সতী স্বয়ম্বৰ ভাওনা", কথাশিল্পী ইমৰাণ শ্বাহে উন্মোচন কৰিব নৰেন দত্তৰ গল্প সংকলন "দৰদী আত্মা"ৰো।
২. অসমীয়া মহিলাৰ আত্ম-সহায়ক গোট সমূহৰ উদ্যোগত চলি থকা ১৫খনকৈ ভোগালী মেলাই মহানগৰীলৈ আনিছে বিহুৰ বতৰাঃ চিৰা-পিঠ-লাডু-সান্দহেৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰ।

৩. আজিৰ পৰা গুৱাহাটীত অনুষ্ঠিত হৈছে প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক উদ্যান শস্য মেলাঃ ১২০খন বিপনীৰ যো-জা, অংশ লব ১৪খনকৈ দেশৰ প্ৰতিনিধিয়ে, ম্যানমাৰৰ পৰা আহিছে আশীজনকৈ কৃষক। কৃষি বিভাগ, অসম কৃষি বিশ্ববিদ্যালয়, অসম উদ্যান সমিতি আৰু ভাৰতীয় বাণিজ্য সংস্থাৰ যৌথ উদ্যোগত কৃষক আৰু তেওঁসৱৰ ফচলেৰে উজলি উঠিব খানাপাৰাৰ ভেটেনেৰী কলেজৰ খেলপথাৰত।

৪. ধুবুৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আহ্বানত পাঁচ হাজাৰৰো অধিক নাগৰিকে অসমৰ বিদেশী সমস্যাৰ স্থায়ী সমাধানৰ বাবে দাবী তুলি উত্তাল কৰিলে উপায়ুক্তৰ কাৰ্যালয়ঃ নাগৰিকপঞ্জী উন্নীতকৰণেৰে ২০১৬চনৰ ভিতৰত এই সমস্যাৰ সমাধানৰ বাবে ঐক্যতান জুৰি হিন্দু-মুছলমান সকলো ধৰ্মৰ জনতাই।

৫. অসমৰ বিদ্যালয় সমূহৰ বৌদ্ধিক তথা বিদ্যায়তনিক দিশ উন্নীত কৰাৰ বাবে "বিদ্যালয় মূ্ল্যাংকন আয়োগ" গঠন হব লাগে বুলি দাবী তুলি লখিমপুৰ ছাত্ৰ সন্থাৰ দ্বাদশ অধিবেশনত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি ডঃ সমুজ্জল ভট্টাচাৰ্যই।

৬. উন্নত চিকিতসাৰ বাবে ডাঙৰ চিকিতসালয়লৈ ৰেফাৰ কৰা ৰোগী কঢ়িয়াবলৈ প্ৰবৰ্তন কৰা ১০২ এম্বুলেঞ্চ সেৱাই, যোৱা ১৩ চেপ্তেম্বৰত উদ্বোধন হোৱাৰ পাছত চাৰি মাহতে সেৱা আগবঢ়ালে ১৪,১২৮ গৰাকী ৰোগীকঃ  আৰু মৃত্যুঞ্জয় ১০৮ সেৱাই বিগত পাঁচ বছৰত প্ৰাণ ৰক্ষা কৰিলে ৬৭ হাজাৰজনৰ। এই কথা সংবাদমেলত প্ৰকাশ কৰিলে ১০৮ সেৱাৰ অপাৰেশ্বন হেড চন্দন দত্তই।

৭. "ফ্ল'ৰাইড ন'লেজত এণ্ডন এক্সন নেটৱৰ্ক"ৰ ছজনীয়া বিশেষজ্ঞৰ দৰে নগাঁও জিলাৰ ফ্ল'ৰাইডৰ সমস্যাত ভোগা অঞ্চলৰ বিভিন্ন দিশ পৰ্যালোচনা কৰি পৰামৰ্শৱলী ৰাজহুৱা কৰিছেঃ আই আই টি গুৱাহাটী আৰু ইউনিচেফৰ সহযোগত অহা এই বিশেষজ্ঞৰ দৰে "এক পৃথক টাস্ক ফৰ্চ" গঠন কৰি এই সমস্যাৰ মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰলৈ পৰামৰ্শ আগবঢ়াইছে। লগতে ৰাজ্যিক পৰ্যায়ত চিকিতসালয়ত এক ৰোগ নিৰ্ণয়ৰ ৰেফাৰেল চেণ্টাৰ গঢ়ি তোলাৰো পৰামৰ্শ দিছে।

৮. কালি গুৱাহাটীৰ ডিজি মিউজিক ষ্টুডিঅ'ত উন্মোচিত হ'ল কৃষ্ণমণি চুতীয়াৰ বিহুগীতৰ এলবাম "ৰাংঢালী-২০১৪": সন্নিবিষ্ট হৈছে ডঃ ভূপেন হাজৰিকাৰো এটি কালজয়ী বিহুগীত।

৯. অহা ১৫ জানুৱাৰীত মুম্বাইৰ আন্তৰ্জাতিক বিমান বন্দৰৰ নতুনকৈ মুকলি হব লগা টাৰ্মিনেল টুতে মুকলি হব ভাৰতৰ সৰ্ববৃহত সংগ্ৰাহালয়টিঃ ৭০০০ শিল্পকলাৰে ১৫০০ শিল্পীৰ শিল্পকৰ্ম প্ৰদৰ্শিত হব তিনি কিল'মিটাৰ জোৰা দৈৰ্ঘৰ বেৰত এই "জয় হে" নামৰ সংগ্ৰাহলয়টিত।

১০. মাত্ৰ ৫০ পইচাত "মেঘ ৰাগিনী" নামৰ ক্ষুদ্ৰ মাহেকীয়া সাংস্কৃতিক আলোচনীখন পাঠকৰ হাতত তুলি দিছে তেজপুৰৰ পিঠাখোৱাৰ শিকলি প্ৰকাশনেঃ চেঙামাৰীত অনুষ্টিত শোণিতপুৰ জিলাৰ সাহিত্য সভাৰ মধ্যকালীন অভিবেশনত জিলা সাহিত্য সভাৰ সভাপতি গুণকান্ত বৰুাই আলোচনীখন উন্মোচন কৰে। দীঘ ছয় ছেণ্টিমিটাৰ আৰু প্ৰস্থ চাৰি ছেণ্টিমিটাৰ আকাৰত প্ৰকাশ হোৱা দেশৰ সবাতোতকৈ কম মূল্যৰ ক্ষুদ্ৰ আলোচনীখনৰ প্ৰথম পাঁচশ কপি বিক্ৰী হোৱাত পুনৰ প্ৰকাশৰো ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰকাশকে।

১১. ঢেকীয়াজুলি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি হৰিচৰণ তালুকদাৰৰ সপ্তম মৃত্যবাৰ্ষিকীত তেখেতৰ নামত এক স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়ঃ "অসমৰ গ্ৰামাঞ্চলৰ সাংবাদিকতাঃ সাম্প্ৰতিক সংকট আৰু প্ৰত্যাহ্বান" শীৰ্ষক বক্তৃতা প্ৰদান কৰিলে ডঃ প্ৰদীপ ভূঞাই।

১২. বৰদলৈ ট্ৰফী ফুটবলত লাজং ক্লাৱৰ গতি স্তব্ধ কৰিলে কলিকতাৰ ব্ৰাজিলিয়ান তাৰকাসমৃদ্ধ দল ভৱানীপুৰ ক্লাৱেঃ ৯ জানুৱাৰীত ফাইনেলত মুখামুখি হব আইজল আৰু ভবানীপুৰ দল, সময় বিয়লি ৩বজাত।

১৩. অসম এথলেটিকছ সন্থাৰ সৌজন্যত আৰু গোৱালপাৰা জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আজিৰে পৰা গোৱালপাৰৰ ডি এন সিংহ ষ্টেডিয়ামত আৰম্ভ হৈছে চাৰি দিনীয়াকৈ ৩৯তম সদৌ অসম আন্তঃ জিলা এথলেটিকছ প্ৰতিযোগিতা। সামৰণী অনুষ্ঠানতে উন্মোচন কৰিব স্মৰণিকাও।

১৪. জ্যোতি বিষ্ণু সাংস্কৃতিক মঞ্চই ৰাইজৰ বাবে আগবঢ়ালে জ্যোতি সংগীতৰ সুৰ চানেকি পুথি আৰু একেখিনি গীতৰ এখন শ্ৰাব্য সংকলন "অগ্নিসুৰ": সুৰ চানেকী পুনৰীক্ষণ ও পৰিচালনা ৰঞ্জন কুমাৰ ভট্টাচাৰ্যৰ, মুখ্য পৰিবেশক বাণী মন্দিৰ।

১৫. আজিৰে পৰা নগাঁৱৰ নেহৰুবালিত তিনি দিনীয়াকৈ অনুষ্ঠিত হৈছে জনতথ্য প্ৰচাৰ অভিযানঃ বিকাশ মূলক আঁচনি সমূহৰ বিষয়ে জনাসাধাৰণক সচেতন কৰিবলৈ প্ৰচাৰ ভাৰতীৰ সহযোগত ভাৰত চৰকাৰৰ প্ৰেছ ইনফৰমেশ্বন ব্যুৰোই ২০০৫ চনৰ পৰা এনে অভিযানৰ আয়োজন কৰি আহিছে।

১৬. পশ্চিমবংগৰ বৰ্ধমানত হোৱা ভাৰত সংস্কৃতি উতসৱত ভাৰতীয় শাস্ত্ৰীয় সংগীত, নৃত্য, লোকনৃত্যত নগাঁও জিলাৰ ৰুণু দেৱী কলাগৃহৰ ১৬গৰাকী শিল্পীয়ে লাভ কৰিলে ১৭টাকৈ পুৰস্কাৰঃ এই উতসৱত ভাৰতৰ ১৬খন ৰাজ্ৰ লগতে আমেৰিকা, উত্তৰ কোৰিয়া, হলেণ্ড আদি দেশৰ শিল্পীয়েও অংশগ্ৰহণ কৰিছিল।

১৭. বৰহোলা মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী উতৱসত মহাবিদ্যালয়খনৰ উন্নয়নৰ বাবে ৫০ লাখ টকাৰ অনুদান কৰিলে ঘোষণাঃ লগতে উদ্বোধন কৰিলে তথ্য আৰু জনসংযোগ বিভাগে আৰম্ভ কৰিবলৈ লোৱা শব্দজ্যোতি আঁচনিৰো। এই আংচনিৰ অধীনত ৰাজ্যৰ সকলো চৰকাৰী আৰু প্ৰাদেশীকৃত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ অনুভাষ যন্ত্ৰ প্ৰদান কৰা হব।

১৮. অহা ১০ ফেব্ৰুৱাৰীৰ ভিতৰত অসমত আৰম্ভ হব খাদ্য সুৰক্ষা আঁচনিঃ পাঁচ বছৰৰ বাবে সাতজনীয়াকৈ গঠন হব খাদ্য সুৰক্ষা আয়োগ, প্ৰতিখন জিলাতে অভিযোগ নিষ্পত্তিকৰণ বিষয়াৰো হব নিযুক্তি। হলোগ্ৰাম টকা নতুন ৰেচন কাৰ্ড প্ৰকাশিত হব অসমীয়া, বঙালী আৰু বড়ো ভাষাত।

১৯. অসমীয়াৰ সাজ-পাৰ পিন্ধি ৰেম্পত খোজ দিবহি বলিউডৰ পৰা আহি বিপাশা বাসুৱেঃ অহা ২২জানুৱাৰীত হোটেল ব্ৰহ্মপুত্ৰ ৰেচিডেন্সিত "ৰুদ্ৰাক্ষ"ৰ ফেশ্বন শ্বৰ আয়োজন।

২০. জুবিনৰ কণ্ঠ সমৃদ্ধ বিহুগীতৰ কেছেট "লাহৰী-১৪" উন্মোচিত হ'ল ধেমাজিতঃ শিল্পী জিতেন দাস আৰু ডঃ পুষ্প গগৈয়ে নিৰঞ্জন দেউৰীয়ে প্ৰযোজনা কৰা কেছটটি মাৰোৱাৰী যুৱ মঞ্চৰ প্ৰেক্ষাগৃহত উন্মোচন কৰে। অতি শীঘ্ৰেই ইয়াৰ ভিডিঅ' এলবামো মুক্তি দিব বুলি জানিব পৰা গৈছে।

২১. আখৰ প্ৰকাশে প্ৰকাশ কৰি উলিওৱা শিশু সাহিত্যিক নীলিমা শৰ্মাৰ "শিশু সাহিত্য সমগ্ৰ" হ'ল গুৱাহাটীত উন্মোচিতঃ উন্মোচন কৰিলে সাংবাদিক কনকসেন ডেকাই।

২২. উন্মোচিত হ'ল জুবিনৰ নিজা প্ৰযোজনাৰ বিহুগীতৰ এলবাম "আকৌ নাহৰ": টাইমচ মিউজিকৰ বেৱচাইট যোগে অনলাইন বিক্ৰীৰো কৰিছে সু-ব্যৱস্থা।


২৩. ডিমৌ ক্ৰিকেট সন্থাই আয়োজন কৰিছে ৰাইচাই গ্ৰাম্য ক্ৰীড়াংগনত ক্ৰিকেটৰ এক প্ৰতিভা সন্ধানী শিবিৰৰঃ শতাধিক খেলুৱৈয়ে অংশ লোৱা প্ৰশিক্ষণ শিবিৰটোত ৰঞ্জী খেলুৱৈ অৰ্লেন কোঁৱৰে প্ৰাথমিক প্ৰশিক্ষণৰ শুভাৰম্ভ কৰে। 

২৪. নলবাৰীৰ ঢেকীয়াবাৰী গাঁৱৰ যুৱক সকলে ভেলাঘৰ সাজিলে ব্যতিক্ৰমী  ৰূপত, ঘঁৰিয়ালৰ ৰূপত  ৭০ ফুট দীঘলকৈ সজা ভেলাঘৰত থাকিব পাৰিব ৭০ জন মানুহঃ কাষতে চল্লিশ ফুট ওখ মেজিৰো কৰিছে নিৰ্মাণ।

২৫. 
শিৱাগাৰ পুখুৰীৰ পাৰক পৰ্যটন মণ্ডল ৰূপে কৰিলে ঘোষণা কৰিলে জিলা প্ৰশাসনেঃ উত্তৰ পূৱ উন্নয়ন মন্ত্ৰালয়ৰ ১৩.৫০ কোটি আৰু অ'এনজিচিৰ ২৫ লাখ টকাৰে ঐতিহাসিক পুখুৰীটোৰ চাৰিওটা পাৰক সজাই তোলাৰ বাবে চলাব প্ৰচেষ্টা।

No comments:

Post a Comment