পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. গুৱাহাটী মেডিকেল কলেজ আৰু ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজক ছুপাৰ স্পেচিয়েলিটি হাস্পতাললৈ উন্নীত কৰিবলৈ লোৱাৰ সুখবৰঃ মহাবিদ্যায় দুখনলৈ এই উদ্দেশ্যে আন্তঃগাঁথনি উন্নীতকৰণ তথা আধুনিকীকৰণৰ বাবে ১৫০কোটিকৈ মুঠ তিনিশ কোটি টকা অতিৰিক্ত ভাৱে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব বুলি জানিব পৰা গৈছে।

২. হাজোত মাঘ মাহৰ দোমাহীৰ দিনাই অনুষ্ঠিত হব পৰম্পৰাগত বুলবুলি যুঁজঃ এই উদ্দেশ্যে স্থানীয় ভৰালীটোলা-সোণাৰীতোলা ফৈদৰ লোক সকলে চলাইছে চৰাই সংগ্ৰহ আৰু প্ৰশিক্ষণেৰে পূৰ্ণ প্ৰস্তুতি।

৩. অসমৰ শিক্ষা ক্ষেত্ৰত শিশুৰ অধিকাৰ আইন সঠিক প্ৰযোজ্য হৈছেনে নাই ৰাইজে জনাবৰ বাবে শিক্ষা বিভাগে মুকলি কৰিলে শুল্কবিহীন হেল্পলাইন নম্বৰঃ ১৮০০৩৪৫২৫২৫ ত বিদ্যালয়ত শিক্ষা, শিক্ষক, পুঁজি, আন্তঃগাঁথনি যিকোনো বিষয়ত কৰিব পাৰিব অভিযোগ।

৪. ইণ্ডিয়ান ইনষ্টিটিউট অৱ পেকেজিংৰ অধীনত গুৱাহাটীত স্থাপন হব দেশৰ সপ্তমটো পেকেজিঙ প্ৰতিষ্ঠানঃ মুম্বাইস্থিত এই প্ৰতিষ্ঠানত উপস্থিত হোৱা অসমৰ মুখ্যমন্ত্ৰীক এইকথা জনালে প্ৰতিষ্ঠানটোৰ সঞ্চালক অধ্যাপক এন চি সাহাই। ইয়াৰ বাবে ৰাজ্য চৰকাৰে ভূমি আৱণ্টন দিয়াৰ লগতে আন প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে।

৫. অসম নাট্য সন্মিলনীৰ ৫২তম দুধনৈ অধিবেশনৰ সফল সামৰণিঃ শ্ৰেষ্ঠ নাট শিৱসাগৰ দলৰ "আৰক্ষী চকী", শ্ৰেষ্ঠ অভিনতো-অভিনেত্ৰীৰ সন্মান অৰ্জন কৰিলে অমূল্য কুমাৰ আৰু কৃষ্ণা দত্তই। স্মৃতিগ্ৰন্থ "ৰংগমঞ্চ" উন্মোচন, গঠিত হ'ল ২০১৪-১৬ বৰ্ষৰ নতুন সমিতি।

৬. অন্ত পৰিল আন্তঃজিলা এথলেটিকছ প্ৰতিযোগিতাৰঃ পদকৰ তালিকাত শীৰ্ষ স্থান লাভ কৰিলে গুৱাহাটীয়ে।

৭. ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ স্মৃতিত ৰাজ্যজুৰি অহা ১৭জানুৱাৰীত উদযাপিত হব শিল্পী দিৱসঃ অসমীয়া সাহিত্য সন্মিলনীয়ে কেন্দ্ৰীয়ভাৱে এই উদযাপন কৰি তেজপুৰত।

৮. অসমৰ চিত্ৰ সাংবাদিক পবিত্ৰ কুমাৰ ডেকাৰ জীৱন আৰু কৰ্মক লৈ নিৰ্মিত তথ্যচিত্ৰ "বাইলেন-টু" নিৰ্বাচিত হৈছে অনাগত নৱী মুম্বাই আন্তৰ্জাতিক ছবি মহোতসৱৰ বাবে। লগতে ভিবজিয়ৰ আন্তৰ্জাতিক ছবি মহোতসৱলৈকো তথ্যচিত্ৰ খন নিৰ্বাচিত হোৱাৰ সুখবৰ পোৱা গৈছে।

৯. শিৱসাগৰত জাপানিজ এনকেফেলাইটিছৰ সফল টীকাকৰণৰ পাছত অহা ১০-১৯ ফেব্ৰুৱাৰীলৈ পৰা ৰাজ্যৰ এই ৰোগ অধ্যষিত জিলা সমূহতো স্বাস্থ্য বিভাগে আৰম্ভ কৰিব এই টীকাকৰণ অভিযান। ৬০লাখ মানুহক এই অভিযানে সামৰি লব বুলি স্বাস্থ্যমন্ত্ৰীয়ে দাবী কৰিছে।

১০. মেঘালয়ৰ মুখ্যমন্ত্ৰী মুকুল চাংমাই কৰিলে সঠিক দাবীঃ ৰাজনীতিৰ উৰ্ধত থাকি ভাৰত-বাংলা সীমান্ত অচিৰেই ছীল কৰাৰ বাবে তেখেতে জনালে ৰাজহুৱা আহ্বান।

১১. ৰাজ্যৰ বিভিন্ন কোণত কাইলৈ ভোগালী বিহুৰ উৰুকা উদযাপনৰ চলিছে প্ৰস্তুতিঃ টাইটেনিক, ঘঁৰিয়াল, বহুমহলীয়া গৃহৰ চানেকিৰে আধুনিক যুগ সভ্যতা প্ৰতিফলিত হৈছে বিভিন্ন ভেলাঘৰৰ সৃষ্টিশীল আৰ্হিত।


১৩. বান থিয়েটাৰত তেজপুৰৰ সৃজনী সংগীত মহাবিদ্যালয়ে উদযাপন কৰিলে ১৫তম প্ৰতিষ্ঠা দিৱসঃ সেই উপলক্ষে ১৫ সংখ্যক নৃত্যপৰ্ব নামৰ দৃষ্টিনন্দন অনুষ্ঠানেৰে শিশু-কিশোৰ তথা শিল্পী সকলৰ সৃজনীশীল প্ৰতিভাৰ সফল প্ৰদৰ্শন কৰে।

No comments:

Post a Comment