লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান
১. জাতীয় সংগঠন সমূহৰ সতে কিছুমান ক্ষেত্ৰত সহমত প্ৰকাশ কৰিলে পৰমানন্দ সাহিত্য সংস্থাইঃ চান্দা তোলা, চান্দাৰ পইচাৰে নেতা-কৰ্মীৰ বিলাসিতা, ভ্ৰমণ, গিমিক সৃষ্টিৰ বাবে বাটৰ নাট, শোভাযাত্ৰা কৰা আদি বিষয়ত ঐক্যবদ্ধ হৈ সকলো জাতীয় সংগঠন আগবাঢ়িলেহে ডেকাৰ পৰা বুঢ়ালৈ, ছাত্ৰক পৰা নেতালৈ সকলোৰে কুশল মংগল হব বুলি সংস্থাই পৰমানন্দে প্ৰকাশ কৰিছে৷ বহিৰাগত ব্যৱসায়ীৰ বাবে "বিশেষ থলুৱা কৰ" প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰতো ঐক্যমতত উপনীত হোৱাৰ বাবে সকলোকে আহ্বান জনাইছে৷

২. বনকৰা ল’ৰাৰ পিঠিক বাদ্যযন্ত্ৰ বুলি ভাবি বজোৱাৰ বাবে নিউ গুৱাহাটীত গ্ৰেপ্তাৰ হ’ল এজন বিশিষ্ট বাদ্যযন্ত্ৰ শিল্পীঃ সিফালে পুনেত এগৰাকী শাস্ত্ৰীয় সংগীতৰ নৃত্যশিল্পীয়ে বনকৰা মহিলাৰ পিঠিতে নৃত্য কৰাৰ বাতৰিয়ে পালে সংবাদ শিৰোনামা৷ দুয়োজন শিল্পীলৈ শিল্পী সাহাৰ্য নিধিৰ ফালৰ পৰা লক-আপত লবলৈ কম্বল প্ৰেৰণ কৰিবলৈ যো-জা কৰা বুলি জানিব পৰা গৈছে৷


৩. গণতন্ত্ৰ দিৱস অহাৰে পৰা পুলিচৰ নগুৰ-নাকটি হোৱা বুলি জানিব পৰা গৈছেঃ সেয়ে সকলো উৰহৰ খং ভগা ঢাৰিত জাৰিবৰ বাবে বাইক আৰোহী যুৱক সকলকে ৰাষ্টাৰ কাষলৈ ঘনে ঘনে মাতি নিয়াৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ মাজতে গুৱাহাটীত ২০কিলমিটাৰ পথত ৪২বাৰ চেকিংৰ সন্মুখীন হৈ এগৰাকী বাইক আৰোহীয়ে ইণ্ডিয়ান বুক অৱ পুলিচ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে৷ অভিলেখ গঢ়ি দিয়া বাবে পুলিচলৈ তেখেতে অলেখ কৃতজ্ঞতাও জ্ঞাপন কৰিছে৷

৪. এসপ্তাহৰ ভিতৰত ভূ-মাফিয়াৰ দখলত থকা মাটি কৃষি মু্ক্তি বাহিনীয়ে কাঢ়ি লৈ থলুৱা ভূমিহীনক বিলাই দিব বুলি কৰিলে ঘোষণা অতি সোনকালেই ভূ-মাফিয়া নোহোৱাৰ প্ৰমাণ পত্ৰ মোটা দান-বৰঙণি দি মু্ক্তি বাহিনীৰ বিত্ত বিভাগৰ পৰা সংগ্ৰহ কৰিবলৈ ইয়াৰে আহ্বান জনাইছে৷ আৰু থলুৱা ভূমিহীনৰ প্ৰমাণ পত্ৰ ৰাইজৰ সুবিধাৰ্থে মাটিৰ দামতকৈ ৰেহাই মূল্যতে দিয়াৰ বিশেষ অফাৰো ঘোষণা কৰিছে৷ লগতে ষ্টক সীমিত বুলি সংগঠনটোৱে প্ৰকাশ কৰিছে৷

৫. "অভিলেখ গঢ়াৰ ১লাখ ১টা উপায়" কিতাপখনে যোৰহাট গ্ৰন্থমেলাত ব্যাপক সহাঁৰি লাভ কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছেঃ অভিলেখ বৰুৱাৰ এই হাতপুথি খন পঢ়ি অসম প্ৰদেশ অচিৰেই অভিলেখ প্ৰদেশত পৰিণত হব বুলি প্ৰকাশকে আশা প্ৰকাশ কৰিছে৷

৬. এহেজাৰ শিশুপালে উত্তৰ মাজুলীত ভাওনা কৰি ৰেকৰ্ড গঢ়াৰ পাছত ডেৰ হাজাৰ কংসৰে ৰেকৰ্ড ভাঙিবলৈ সাজু হৈছে দক্ষিণ মাজুলীঃ মাজুলীত ভাওনাৰ সাজৰ বৰ্ধিত চাহিদা সৃষ্টি কৰাৰ বাবে যোৰহাটৰ অভিলেখ বৰুৱালৈ গোৱেংকা ভাওনা বস্ত্ৰ উদ্যোগৰ পৰা বৰ্ষশ্ৰেষ্ঠ ক্ৰিয়েটিভ অসমীয়াৰ বঁটা ঘোষণা কৰা হৈছে৷ অসমৰ আন আন অংশতো পিছৰ পৰ্যায়ত লাখ লাখ লোকক এনে ভাওনা কৰিবলৈ প্ৰেৰণা যোগাই ভাওনা বস্ত্ৰ উদ্যোগক আগুৱাই নিব বুলি বৰুৱাই দৃঢ়তা প্ৰকাশ কৰিছে৷

৭. লাখ লাখ টকাত অসমত অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ বিক্ৰী হোৱাৰ বাতৰি আহিছেঃ অহা বহাগ বিহুৰ আগতে ৰেহাই মূল্যতো বিহুবলীয়া ৰাইজলৈ এই প্ৰমান পত্ৰ বিক্ৰীৰ ব্যৱস্থা কৰিবলৈ বিপনন সংস্থালৈ দুখীয়া জনগন ঐক্য মঞ্চই দাবী কৰিছে৷ ইমান দামত সাধাৰণ মানুহে কেনেকৈ কিনিব বুলিও প্ৰশ্ন তুলিছে আৰু জাতিগত প্ৰমাণ পত্ৰৰ বাবে লাখ টকা দিব লগা হোৱাটো এক অমানৱীয় কাম বুলিও অভিহিত কৰিছে৷

৮. মোদীক ৰূধিবলৈ ৰসাল গগৈয়ে তেখেত অকলেই কাফী বুলি দৃঢ়তা প্ৰকাশ কৰিছেঃ মায়ঙৰ বেজ, নলবৰীয়া মাটিধৰ বৰ্মনৰ বীৰা ইতিমধ্যেই সষ্টম কৰি ৰখা বুলি প্ৰকাশ কৰিছে৷ লগতে অসমত ভেলেকীবাজি দেখুৱাব পৰা তেখেতেই একমাত্ৰ যাদুকৰ বুলিও দৃঢ়মত প্ৰকাশ কৰিছে৷

৯. মনোনয়ন পত্ৰ বিতৰণ হোৱাৰ দিনাই ৰাজ্য সভাৰ নিৰ্বাচনত তিনিওখন আসন হাতোৰা দলেই লাভ কৰিব বুলি ভৱিষ্যতবাণী কৰিলে ৰসাল গগৈয়েঃ তেওঁৰ প্ৰতিদ্বন্দী বিশ্বশৰ্মা গণকে জ্যোতিষ বিদ্যাত হাত দিয়াৰ পাছৰে পৰাই গগৈ চাৰেও ফেৰ মাৰিবলৈ এইবিধ বিদ্যা আহৰণ কৰি লোৱা বুলি জানিব পৰা গৈছে৷ হৰ্ছ ট্ৰেডিং নামৰ নিৰ্বাচনী জ্যোতিষ কলাটিৰ বিশেষ প্ৰশিক্ষণ তেওঁ বেংকক, থাইলেণ্ড আৰু চিংগাপুৰত গ্ৰহণ কৰি অহা বুলিও কইনাধৰাৰ পৰা গোপন সূত্ৰই জনাইছে৷

১০. টেঙা আম বিক্ৰীত কাৰ্যকুশলতা বৃদ্ধিৰ বাবে বিশেষ প্ৰশিক্ষণ লবলৈ ৰসাল গগৈ তেখেতৰ পৰিয়াল, পৰিজন সহ লণ্ডনৰ বিয়ৈৰ ঘৰৰ ওচৰৰ বিশ্ববিদ্যালয়লৈ অচিৰেই যাবলৈ ওলাব বুলি কইনাধৰা মহলৰ পৰা জানিব পৰা গৈছে৷ এই বিশ্ববিদ্যালয়ত বিহুৱে-পূজাই এনে চৰকাৰী প্ৰশিক্ষণৰ আয়োজন কৰিবলৈকো গগৈ চাৰে বিশেষ আহ্বান জনোৱা বুলি জানিব পৰা গৈছে৷ ট্ৰেইনিঙৰ চৰিব মাত্ৰা, বিয়ৈ ঘৰলৈকো যাত্ৰা, মিচা ক’লে কি ডাল হব বুলি প্ৰসন্ন বদনে টিভিৰ কেমেৰাত চাৰে হাঁহি মৰা বুলিও জানিব পৰা গৈছে৷

No comments:

Post a Comment