লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান
১. "টিউৱ লাইট" চেনেলৰ বৰ্ষপুতিত মুখ্য অতিথিয়ে সুৰ্নিদিষ্ট লক্ষ্য থাকিলে সফলতা নিশ্চিত বুলি মন্তব্য কৰাত মালিকনী বাইদেউৰ ভিনদেউ শৰ্মাদা অত্যন্ত খুচ হোৱা বুলি জানিব পৰা গৈছেঃ মুখ্যমন্ত্ৰী হোৱাৰ লক্ষ্যটোকে সুনিৰ্দিষ্ট কৰি বিসম্বাদী ক্ৰীড়াত পুনৰ তেওঁ ভালকৈ মনোনিবেশ কৰিবলৈ অত্যন্ত প্ৰেৰণা পোৱা বুলি বাইদেৱেও সন্তোষ প্ৰকাশ কৰিছে বুলি ৰিণিকি ৰিণিকি শুনিবলৈ পোৱা গৈছে।
২. দুজন সহোদৰ ভাইয়ে অসমত বিচাৰিলে দুখনকৈ পৃথক ৰাজ্য, অপহৰণ বাণিজ্য সেৱা সংস্থা খুলি আমন্ত্ৰণ কৰি আনিছে স্বয়ং লক্ষ্মীদেৱীকঃ তৃপ্তি হোটেলৰ ভায়েকে নতুন তৃপ্তি হোটেল খোলাৰ দৰেই ককায়েকৰ দৰে সৰু ভায়েকেও একে ব্যৱসায়িক সংগঠন থিয় কৰোৱাক লৈ সচেতন অসমীয়াৰ চকু থৰ হৈ যোৱাৰ লগতে ভয়তে নোম ডাঙ খাই যোৱাৰো গোপন বাতৰি পোৱা গৈছে।

৩. আম আদমী পাৰ্টিৰ কাৰুকাৰ্য টিভিত দেখি দেখি টেঙা লাগি যোৱা বুলি দেশৰ বহতো সাধাৰণ জনাই এচএমএচ, ফেচবুক পেজ আৰু ৱেব চাইট যোগে ব্যক্ত কৰাৰ লগতে পাৰ্টিৰ নেতালৈ ঘনে ঘনে মিচ কল মাৰি ডিষ্টাৰ্ব কৰিবলৈ লোৱাৰ পাছতহে পাৰ্টিটোৱে ধৰ্ণাস্থলীৰ পৰা আঁতৰি যোৱাৰ গোপন খবৰ পোৱা গৈছে।  এতিয়া পুনৰ ৰাইজে টিভিত অনায়াসে সুন্দৰী প্ৰেয়সীৰ আত্মহত্যা ধৰণৰ মছলা খবৰৰ মহা-আনন্দ লব পাৰিব বুলিও সন্তোষ প্ৰকাশ কৰিছে।

৪. চানমাৰি উৰণীয়া সেতুত বৃহত ফাঁট মেলাৰ বাতৰিয়ে পালে সংবাদ শিৰোনামাঃ মায়াৰ সংসাৰ ত্যাগ কৰাৰ বাট বিচৰা পথাচাৰী সকলক সেই ফুটাৰে সৰি পোনে পোনে স্বৰ্গপ্ৰাপ্তিৰ সুবিধা লবলৈ বাট-পথ মন্ত্ৰীয়ে আহ্বান জনাইছে।

৫. ইণ্ডিয়ান পথ কংগ্ৰেছত ভাষণ দি ৰসাল গগৈয়ে কয়, "মন্ত্ৰী, বিষয়া, অভিযন্তাৰ সৈতে উন্নত যোগাযোগেহে ঠিকাদাৰৰ বিল ত্বৰাণিত কৰে": মিচা ক'লে কি ডাল হব বুলি প্ৰশ্ন কৰি ঠিকাদাৰ সকলক এনে কমিউনিকেচন স্কীল ডেভেলপ কৰি লবলৈ আহ্বান জনায়।  থলুৱা ঠিকাদাৰ সকলক এনে যোগাযোগ বিষয়ক প্ৰশিক্ষণ দিয়াৰ বাবে অচিৰেই "কমিচনজ্যোতি আঁচনি" আৰম্ভ কৰিব বুলিও তেখেত আশ্বাস দিয়ে।

৬. হাতোৰা পাৰ্টিৰ প্ৰাৰ্থীৰ পেনেলৰ টপ টেনত শীৰ্ষ স্থান পাইছে মণি কুমাৰ চুম্মাদাইঃ "লক্ষ্মী আছে যাৰ হাতত, হাতৰ টিকট তাৰ পাতত" বুলি শ্লোকপাঠ কৰি মণিদাই সমালোচক সকলক ভালকৈ জাৰি দিয়াৰ গোপন বাতৰি। হালধীয়া সাংবাদিক সকলে তেখেতৰ ভাল দিশবোৰ প্ৰচাৰ কৰাৰ বাবে সুবৰ্ণ সুযোগ গ্ৰহণ কৰিবলৈকো তেখেতে জনালে মুকলি আহ্বান।

৭. লোকসভাৰ টিকটৰ বাবে টিকট প্ৰত্যাশীৰ পৰিসংখ্যা দেখি ৰাইজৰ উঠিছে  চকু কপালতঃ হাতোৰা পাৰ্টিত ১৪খন আসনৰ বাবে টিকট বিচাৰিলে ১৬৮জনে, তাৰ বিপৰীতে হাতী পাৰ্টিত  বিচাৰিলে সৰ্বমুঠ ১০জনে। তাকে দেখি অতি উচাহত দেও দি ফুৰা পদুম পাৰ্টিত আবেদন নৌ-বিচাৰোতেই আবেদন কৰিলে ৫২ জনে, তাকে দেখি কাৰ্যালয়ৰ চকীদাৰে গালে পুৰণি পদ্য, বোলে দিল্লীৰ কঁঠাল, অসমত  তেল, নৌ-খাওতেও চেলবেল!

৮.  পল্টনবজাৰত বহুমহলীয়া পাৰ্কিঙৰ ওচৰত বহিৰাগত যুৱকৰ গুণ্ডাৰাজ হোৱাত অশান্তি প্ৰকাশ কৰিছে থলুৱা অসমীয়া যুৱ পৰিষদেঃ তেওঁলোককো অমৃত চিমেণ্টৰ বিষয়াৰ দৰে প্ৰেছ ক্লাৱলৈ মাতি আনি আঠুকঢ়াব লাগে বুলিও মত প্ৰকাশ কৰিছে। তাৰ আগতে প্ৰথমে চান্দা বৰঙণিৰ দৰ-দাম কৰি লোৱাতো উচিত হব বুলিও পৰিষদৰ বিত্ত সম্পাদকে মত পোষণ কৰিছে।

৯. ৰোড কংগ্ৰেছলৈ চান্দা-বৰঙণি-পৃষ্ঠপোষকতা কৰা সকলো ঠিকাদাৰ তথা ফাৰ্মলৈ আন্তৰিক কৃতজ্ঞতা জনালে পথ মেৰামতি মন্ত্ৰীয়েঃ তেখেতে কয় অভিযন্তা, ঠিকাদাৰ সকলে এনে অনুষ্ঠানৰ যোগেদি সমিল মিল গঢ়ি তুলিলে মাত্ৰ অসমৰ ৰাষ্টা-ঘাট কিয়, তাৰ ধনেৰেই দিল্লী, মু্ম্বাই, আমেৰিকাতো সকলোৱেই ফ্লেট, বাংলো বা বিশাল অট্টালিকা গঢ়িব পাৰিব। তেখেত কয়, মিলি বাতি খোৱাৰ সমন্বয়ৰ বাণীয়েই এই কংগ্ৰেছখনক সফল কৰি তুলিলে।

১০. ড্ৰাগচ সৰবাৰহৰ অভিযোগত ভিয়েটনামত ৩০জনক মৃত্যুদণ্ডৰ বাতৰি পাই শোকত ভাগি পৰিছে সদৌ দিল্লী ড্ৰাগছ আৰু নাৰী ব্যৱসায়ী সন্থাঃ
এক শোকবাণীত ভিয়েটনাম পুলিচকো দিল্লী পুলিচৰ আদৰ্শ গ্ৰহণ কৰি, এনে অমানৱীয় কামৰ পৰা আঁতৰি থাকিবলৈ সন্থাই আহ্বান জনাইছে। ব্যৱসায়ী সকলৰ যেনেকৈ পৰিয়াল আছে, পুলিচ সকলৰো পৰিয়াল আছে, সেয়ে দিল্লী পুলিচে সেই কথা অনুধাৱন কৰি, ফেমিলী বিজনেজৰ দৰেই সকলো ব্যৱসায় নাকৰ তলতে চলাবলৈ দিয়াটো বিশ্বৰ পুলিচ সম্প্ৰদায়ৰ বাবেই এক আদৰ্শ বুলিও বিজ্ঞপ্তি যোগে জনাইছে।

No comments:

Post a Comment