নৱবৰ্ষৰ প্ৰথম দিনা কি দেখিলো
দিব্যজ্যোতি শইকীয়া
সময় গতিশীল । পল অনুপল কৰি আকৌ এটা বছৰ গুছি গ'ল আমাক এৰি থৈ । আমিও আকোৱালি ললো এটা নতুন বছৰক । পহিলা জানুৱাৰী বুলিলেই মনলৈ আহে প্ৰকৃতিৰ মাজত সমিল মিলেৰে এসাঁজ ভাতৰ কথা । এইবাৰো তাৰ ব্যতিক্ৰম ন'হল । আমাৰ ঘৰৰ সন্মুখেৰেই যোৱা হয় অসম অৰুণাচল সীমান্তত অৱস্থিত দ্ৰোপাং নদী, অনিৰুদ্ধ দেৱ সেতুকে ধৰি কেবাটাও বনভোজ স্থলিলৈ । এইবাৰো প্ৰথম জানুৱাৰীৰ পুৱাৰে পৰা বনভোজ যাত্ৰীৰ সোঁত ব'বলৈ ধৰিলে বনভোজৰ বাবে । যুৱক যুৱতীৰ পৰা আৰম্ভ কৰি জীৱনৰ আধা বয়স গৰকা পুৰুষ মহিলালৈকে । বৰ ভাল লাগে এনে দৃশ্য উপভোগ কৰি ।

কিন্তু, কিছুমান দৃশ্যই মনত কিছুমান প্ৰশ্নৰ উদয় নকৰা নহয়। যেতিয়া বনভোজলৈ অহা যুৱকে বাটৰ কাষৰ মনুহলৈ নিক্ষেপ কৰে শ্লীলতাহীন বাক্যবাণ, যেতিয়া উদণ্ড যুৱকে বাটৰ মাজত পেলাই দিয়ে ইতিমধ্যে গলাধকৰণ কৰা সুৰাৰ বটল ।
প্ৰথম জানুৱাৰী বাবে আমাৰ ঘৰৰ সন্মুখৰ তিনিআলিতে গঢ়ি উঠিছিল এখন অস্হায়ী পাচলি দোকান । পিকনিকৰ আনন্দত মতলীয়া যুৱকৰ অভদ্ৰামিৰ গৰাহৰ পৰা সাৰি যাব নোৱাৰিলে সেই দোকানৰ পাচিত বহি থকা আলু- বিলাহী-কবিহঁতো।বাৰাণ্ডাত বহি ৰাস্তাৰ মানুহৰ গতি বিধি চাই থাকোতে দেখিলো এখন গাড়ীত যোৱা কেইজনমান যুৱকৰ মুখৰ পৰা ওলাই অহা তামোলৰ পিকেৰে ৰঙীন কৰি পেলালে দোকানৰ আলু- বিলাহীক । এয়া নিশ্চয় মাৰ্জিত আচৰন হব নোৱাৰে । এনে দৃশ্য দেখি সঁচাই দুখ পালো ।
এইবাৰ একে কোবে পিছফাল পালোহি ।পিছফালে বহল মুকলি পথাৰ । আগতে পথাৰৰ মাজৰ ডাঙৰ আলিটোৰ কাষত গাৱৰ সকলোৱে একেলগে নৱবৰ্ষৰ প্ৰথম দিনটো উদযাপন কৰে কিন্তু এইবাৰ পথাৰলৈ চাই দেখিলো প্ৰায় সকলোৰে ঘৰৰ পাছফালে নৱবৰ্ষৰ ভোজৰ আয়োজন ।মনত অযুত ভাৱনা লৈ ভিতৰ পালোহি । নৱবৰ্ষৰ নামত এনে অভদ্ৰামি কিয়....? আধুনিকতাৰ নামত আমি হেৰুৱাই পেলাইছো নেকি একতা.....?

আবেলি মোৰ দুজন অতি আপোন বন্ধুক লগত লৈ দ্ৰোপাং অভিমুখে ৰাওনা হলো! উদ্দেশ্য, বনভোজ স্থলি পয্যবেক্ষণ । পাহাৰৰ তলেৰে কল কলকৈ বৈ গৈছে নদীখন। কি অপূৰ্ব শোভা প্ৰকৃতিৰ ।দেখিলেই পুলকিত হৈ পৰে মন ।খোজ কাঢ়িয়েই সেমেকা বালিৰে আগবাঢ়িলো । কোনোবা যদি ৰন্ধা বঢ়াত ব্যস্ত, কোনোৱে অঙ্গ সঞ্চালন কৰিছে গানৰ তালত । মনটো ভালেই লাগিছিল তেনে ফুৰ্তিকৰ পৰিবেশ এটা পাই । আগুৱাই গলো । তাতে এখন ভগা দলং আছে, দেখিলো ওপৰত ওলাই থকা অংশত প্ৰায় ৫০টামান সুৰাৰ বটল থৈ দিয়া আছে । কাষত নিচাগ্ৰস্ত যুৱকৰ অশ্লীল নৃত্য আৰু চিঞৰ । তাৰ কাষতেই এটা ডাঙৰ দল ,ডেকা বুঢ়া সকলো আছে সেই দলত ।সেই যুৱক সকলে এবাৰলৈও ভাবি চাব নোৱাৰেনে কাষৰ দলৰ কোনোবাজন তেওলোকৰ পিতৃৰ- মাতৃ- ভগ্নীৰ বয়সৰ। কন কন শিশু সকলে কি শিকিব তেওঁলোকৰ পৰা ....?
আৰু আগবাঢ়ি গৈ দেখিলো লজ্জাজনক অৱস্থাত যৌৱনৰ বতাহত উৰি ফুৰা এহাল ডেকা গাভৰু । আৰু দেখিলো অসংখ্য সুৰামত্ত যুৱক-যুৱতী ।
মনে ক'লে হায় যুৱ প্ৰজন্ম !!!!
No comments:
Post a Comment