লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান
১. অহা ২৩ মাৰ্চত দহকোটি জনতাকে একে লগে যোগাসন কৰাই অভিলেখ গঢ়িব বামদেৱ বাবাইঃ এই বিশেষ যোগাসন যোগে বেলট কাকতত চকুৰে মাত্ৰ পদুম ফুলকে দেখাৰ ব্যৱস্থা কৰিবই বুলিও বামদেৱ বাবাই স্পষ্টমত ব্যক্ত কৰিছে।
২. লখিমপুৰত ফেঁচা পুহি এন্দুৰ নিধনত ব্যৱহাৰ কৰাৰ সাফল্য বাতৰি কাকতত পঢ়ি ৰসাল গগৈয়েও বীৰা পোহাৰ বাবে বিখ্যাত ডাঃ মাটিধৰ বৰ্মনক নামনি অসমৰ অপহৰণকাৰী সংস্থাৰ দুৰাত্মা সকলক দমনৰ বাবে সহায় ভিক্ষা কৰিছে বুলি গোপন সূত্ৰত প্ৰকাশ।

৩. মাছ, কণী, পাণ, শিল, বালিৰ পাছত এইবাৰ সদৌ অসম ৰাজীৱ ভৱন ব্যৱসায়ী সংস্থাই আৱিস্কাৰ কৰিছে ব্যৱসায়ৰ এক নতুন ক্ষেত্ৰঃ এইবাৰ "দলং ছিণ্ডিকেট"ৰ যোগে অসমবাসী ৰাইজলৈ সেৱা আগবঢ়োৱাৰ লগতে বহুতো থলুৱা ডেকাক লক্ষ্মীদেৱীৰ বৰপুত্ৰ কৰিব বুলি ভৱন কৰ্তৃপক্ষই বিজ্ঞপ্তিত প্ৰকাশ কৰিছে।

৪. গাঁৱৰ ১৯.৮ শতাংশ কিশোৰ-কিশোৰীয়ে বিদ্যালয়ৰ মুখ নেদেখে বুলি বুলি শৈক্ষিক মানৰ বাৰ্ষিক প্ৰতিবেদনতো প্ৰকাশ হোৱা তথ্যক লৈ উতসাহ প্ৰকাশ কৰিছে সদৌ অসম আধুনিকা সন্থাইঃ নিজৰ নিজৰ গিৰিহঁতক কামকৰা কিশোৰ-কিশোৰী বিচাৰি অহা শনিবাৰে-দেওবাৰে "গাঁৱলৈ যাও বলক" অভিযানৰ আয়োজন কৰিব বুলিও প্ৰকাশ কৰিছে।

৫. "মোদী বিনা চেন কাহা ৰে" নামৰ ভক্তিমূলক গীতৰ এলবাম গুৱাহাটীত মুকলি কৰিলে বামদেৱ গুৰুৱেঃ "মোদী ভক্তি বিনে আৰু  ভাৰতীয় মানুহৰ গতি নাই" বুলি প্ৰকাশ কৰে আৰু এই ভক্তিমূলক সংকলনক আদৰি লৈ ভক্তিক ভোটলৈ ৰূপান্তৰ কৰিবলৈ গুৱাহাটীবাসীক বাম উকালতি কৰা বুলি জানিব পৰা গৈছে।
৬. সুলভ মূল্যৰ সামগ্ৰীত অবৈধ কৰ সংযোজিত কৰি প্ৰশংসা বুটলিলে দৰঙীয়া ডেপুটী কমিচনাৰেঃ মাত্ৰ সমবায় দোকানীয়ে কমিচন খালেই নহব, কমিচন খাবৰ বাবেই ডেপুটেচনত অহা তেখেতকো ভাগ লাগিবই বুলি অংশীদাৰীত্ব দাবী কৰিছে। সকলোৱে মিলাই মিচাই খালে সকলোৰে মংগল বুলিও বিষয়াজনে ব্যক্ত কৰিছে।

৭. গুৱাহাটীত অনুষ্ঠিত হব "উজ্বল ভৱিষ্যত মহোতসৱ": ইয়াতে আয়োজন হব লগা মহাযজ্ঞত আহুতি দি উচ্চ পদ লাভ কৰিব পাৰিব বুলি জ্যোতিষীয়ে ঘোষণা কৰাৰ লগে লগেই মহোতসৱ উদ্বোধন কৰিবলৈ সন্মত হৈছে ডাঃ বিশ্ব শৰ্মা। অন্ধবিশ্বাসে ঢালয় ঘিউ, যাইব বহু দূৰ, এই কথাষাৰ সাৰোগত কৰিয়ে সকলোৱে এই মহাযজ্ঞ সফল কৰি কইনাধৰাৰ মুকুট আহৰণ কৰাত আশীষ দিবলৈকো তেখেতে গণদেৱতাগণক আহ্বান জনাইছে।

৮. অহা গ্ৰীষ্মকালীন বতৰত হব লগা ৰোগ সমূহৰ পৰা ৰক্ষা পাবলৈ প্ৰখ্যাত জ্যোতিষী হিৰ' ইয়ঙৰ সহযোগত ৰাজ্যজুৰি মেলেৰীয়া, এনকেফেলাইটিছ, ডায়েৰীয়া আদি গ্ৰীষ্মৰোগ প্ৰতিৰোধী তাবিজ আৰু মাদলী বিতৰণ কৰিব অসমৰ বেমাৰ-আজাৰ বিভাগে। এই তাবিজ-মাদলী সমূহে ৰাইজক সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰিবই বুলি মাদলী কোৱালিটি কণ্ট্ৰল বৰ্ডৰ চাৰ্টিফিকেট বিভাগটোৱে ইতিমধ্যে লাভ কৰিছে জানিব পৰা গৈছে।

৯. বিগত সপ্তাহটোত এটাও গঁড় চিকাৰ কৰিব নোৱাৰাৰ বাতৰিয়ে সদৌ অসম চোৰাং চিকাৰী সংঘৰ কাৰ্যকলাপক লৈ  সন্দেহ ঘনীভূত কৰিছে। বাতৰি কাকতত গঁড়ৰ ফটো চাবলৈ উকমুকাই থকা ৰাইজে মতিভ্ৰম নহৈ নিজৰ কৰ্মক্ষেত্ৰত মনোযোগ দিবলৈ সংস্থাৰ সকলো বিষয়-ববীয়ালৈ আহ্বান জনাইছে।

১০. পল্টন বজাৰৰ মাছ বজাৰত ৪৭ ব্যৱসায়ীয়ে ১৫ কোটিৰ অবৈধ ব্যৱসায় কৰি লাভ কৰিলে সংবাদ শিৰোনামাঃ এয়া কোনো পধ্যেই ছিণ্ডিকেট নহয় বুলি ঘোষণা কৰি মীছ মন্ত্ৰীয়ে এই সকল থলুৱা আছলতে খিলঞ্জীয়া নৱ-প্ৰজন্মৰ বাবে অতি প্ৰেৰণাদায়ক ব্যক্তিত্ব বুলি মন্তব্য কৰে আৰু আন থলুৱা ৰাইজেও এনে ব্যৱসায় কৰি সফল হোৱাৰ লগতে তাৰে ক্ষুদ্ৰ অংশ অৰিহণা দি বৈধতাৰ চাৰ্টিফিকেট সংগ্ৰহ কৰিবলৈ ৰাইজৰ সেৱকজনে আহ্বান জনায়।

No comments:

Post a Comment