আজিৰ ভাল খবৰবোৰ
১. বৰপেটাৰ বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয়ে দেখুৱালে প্ৰশংসনীয় পদক্ষেপঃ অৱসৰৰ দিনাই দহগৰাকী শিক্ষকলৈ স-সন্মানে আগবঢ়ালে প্ৰাপ্য ধনৰ আদেশ পত্ৰ।
২. নৱবৰ্ষৰ প্ৰথম দিনটোতে সংসদে পাছ কৰা লোকপাল বিধেয়কত স্বাক্ষৰ কৰিলে ৰাষ্ট্ৰপতিয়েঃ লোকপাল বিধেয়ক পৰিণত হ'ল আইনত।
চান্দডুবিত পৰ্যটন মহোতসৱৰ এক দৃশ্য |
৩. পহিলা জানুৱাৰীত উত্তৰ পূৱ গ্ৰন্থমেলাত অভূতপূৰ্ব জন-সমাগমঃ ৰসৰাজ, সুধাকণ্ঠৰ ৩ হাজাৰ বৰ্গফুটৰ বিশাল অভিনৱ প্ৰতিচ্ছবি হ'ল উন্মোচিত। একে দিনাই ২৫ লাখ টকাৰ গ্ৰন্থ বিক্ৰীঃ বাৰখনকৈ গ্ৰন্থ হ'ল উন্মোচিত।
৪. গুৱাহাটীত উন্মোচিত হ'ল নীলমণি সেন ডেকা সম্পাদিত "অসম বিধানসভাত মুখ্যমন্ত্ৰী তৰুণ গগৈ": মুখ্যমন্ত্ৰী গগৈক অসমীয়া মানুহৰ প্ৰতি দায়বদ্ধতা থকা ব্যক্তি বুলি মন্তব্য কৰিলে বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী।
৫. দুৰ্নীতিৰ অভিযোগত বিবদমান হৈ থকা ভাৰতীয় বায়ু সেনা বাহিনীলৈ ভি ভি আই পি যোগানৰ ৩৬০০কোটি টকীয়া চুক্তি আগষ্টা-ৱেষ্টলেণ্ডৰ সৈতে অৱশেষত বাতিল কৰিলে ভাৰতে।
৬. কালিৰ দিনটো উত্তৰ পূৱ গ্ৰন্থমেলাত "শিশুৰ দিন" ৰূপে কৰা হয় পালনঃ অষ্ট্ৰেলিয়াত অনুষ্ঠিত এছিয়া পেছিফিক বিশেষ অলিম্পিকত পদকপ্ৰাপ্ত কিশোৰ-কিশোৰী সকলক জনোৱা হয় সম্বৰ্ধনা।
৭. কাৰ্টুনিষ্ট নৱপ্ৰতিম দাস সম্পাদিত শিশু কমিকছ আলোচনী "কণকণ" উন্মোচনৰ সুখবৰঃ উন্মোচন কৰিলে সাহিত্যিক অতুলানন্দ গোস্বামীদেৱে।
৮. পহিলা জানুৱাৰীত উলাহত বুৰ গ'ল তেজপুৰবাসীঃ মহাভৈৰৱ মন্দিৰ প্ৰাংগনত ৰং তুলিকাৰে গঁড় হত্যাৰ বিৰুদ্ধে জনালে অভিনৱ প্ৰতিবাদ তথা কৰিলে সজাগতা সৃষ্টিৰ চেষ্টা।
৯. নৱবৰ্ষত অসমবাসীলৈ মুখ্যমন্ত্ৰীয়ে দিলে বহু প্ৰতিশ্ৰুতি উপহাৰঃ থলুৱা সম্পদৰ সদ-ব্যৱহাৰ, গঁড় হত্যা ৰোধ কৰা, গ্ৰামাঞ্চলত নিয়োগ সৃষ্টিৰ বাবে নিগম, যুৱ উন্নয়ন পৰিষদ, শিশু উন্নয়ন পৰিষদ গঠনৰ প্ৰস্তাৱ। সকলোৰে বাবে পেঞ্চন, সময়ৰ লোকেল জ'ন প্ৰৱৰ্তনৰ পৰিকল্পনা, কৃষকৰ বাবে নতুন নতুন বজাৰ স্থাপন কৰাৰ পৰিকল্পনাৰ কথা কৰিলে প্ৰকাশ।
১০. মুকাভিনয় শিল্পী বিজিত কুমাৰ দাস ভাৰতীয় সাংস্কৃতিক মন্ত্ৰণালয়ৰ ২০১২-১৩বৰ্ষৰ কেন্দ্ৰীয় জলপানিৰ বাবে নিৰ্বাচিত হৈ শিৱসাগৰলৈ কঢ়িয়ালে গৌৰৱঃ ভাৰতৰ মাত্ৰ চাৰি গৰাকী মুকাভিনয় শিল্পীলৈ এই বৰ্ষত এই জলপানি আগবঢ়োৱা হৈছে।
১১. প্ৰচণ্ড শীতকো নেওচি কলাইগাঁৱত অনুষ্ঠিত হ'ল বহুভাষিক কবি সন্মিলনঃ সমন্বয় বতৰা কঢ়িয়াই তিনি কুৰি কবিয়ে বাচকবনিয়া কবিতাৰে জনালে নৱবৰ্ষক আদৰণি।
১২. ভাৰত সেৱাশ্ৰমে বঙাইগাঁৱত ৩০গৰাকী আৰ্থিকভাৱে পিছপৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা দিব লগা ছাত্ৰ-ছাত্ৰীলৈ টেষ্ট পেপাৰ বিতৰণ কৰাৰ প্ৰশংসনীয় পদক্ষেপৰ সুখবৰ।
১৩. ক্ৰান্তিকাল প্ৰকাশনৰ "সাহিত্য সন্মান" এই বৰ্ষৰ বাবে আগবঢ়াইছে কবি সনন্ত তাঁতিলৈ।
১৪. পুৰণিগুদামত ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে লক্ষ্মীনাথ বেজবৰুৱা সোঁৱৰণী বক্তৃতানুষ্ঠানৰ আয়োজনৰ সুখবৰঃ অহা ৫জানুৱাৰীত হব এই অনুষ্ঠান।
১৫. আৰম্ভ হৈছে চতুৰ্থ বাৰ্ষিক চানডুবি পৰ্যটন উতসৱঃ সাংস্কৃতিক সম্পদৰ প্ৰদৰ্শনেৰে এই উতসৱ চলিব অহা পাঁচ জানুৱাৰী পৰ্যন্ত।
১৬. গুৱাহাটীৰ ভগৱতীপ্ৰসাদ বৰুৱা ভৱনত উন্মোচিত হ'ল শিল্পী ডলী দাসৰ "অসমীয়া লোকগীত আৰু দেহবিচাৰ গীত" শীৰ্ষক গীতৰ পুথি। ইংৰাজী আৰু হিন্দীলৈও গীতৰ কথা পুথিখনিত লিপ্যন্তৰ কৰা হৈছে।
১৭. নৱবৰ্ষত অসমৰ কুকিলকণ্ঠী গায়িকা দীপালী বৰঠাকুৰলৈ ডঃ অমৰজ্যোতি চৌধুৰীয়ে উচৰ্গা কৰিলে কবিতা আবৃত্তিৰ শ্ৰব্য সঁফুৰা "ধ্বনি": "সবিনয়" নামৰ সংস্থাই নিৰ্মাণ কৰি উলিয়াইছে এই এলবামটি।
১৮. বিশাল প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত পদুমী গগৈৰ "বীৰাংগনা" আৰু ডঃ দীনেশ চন্দ্ৰ গোস্বামীৰ "প্ৰশ্নৰ সন্ধানত বিজ্ঞানৰ কেতবোৰ উত্তৰ" শীৰ্ষক দুখনকৈ গ্ৰন্থ বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত হ'ল উন্মোচিত।
১৯. মুম্বাইৰ আদৰ্শ হাউচিং কেলেংকাৰী বিষয়ক তদন্ত কমিটিৰ প্ৰতিবেদনক খাৰিজ কৰাৰ বাছত পুনৰ বিবেচনাৰ বাবে গ্ৰহণ কৰিলে মহাৰাষ্ট্ৰৰ কেবিনেটঃ দোষী বিষয়াৰ বিৰুদ্ধ তদন্ত হব বুলি কৰিলে ঘোষণা।
২০. দিল্লীত অৰবিন্দ কেজৰীৱাল নেতৃত্বাধীন আম আদমী পাৰ্টি আজি মুখামুখি হৈছে আস্থা ভোটৰঃ বিনাচৰ্তে দিয়া কংগ্ৰেছ দলৰ সমৰ্থনৰ ফলত সংখ্যালঘু চৰকাৰখন বাচি থকাৰ পূৰ্ণ সম্ভাৱনাৰে আজি হব ভোটদান।
No comments:
Post a Comment