১. শীতে গৰকা, মূল্যবৃ্দ্ধিয়ে জুৰুলা কৰা মহঙা দিনতো ভোগালীৰ এসাজ তৃপ্তিৰে খাবলৈ অসমীয়া ৰাইজে ৰাজ্যজুৰি তথা বিশ্বৰ বিভিন্ন প্ৰান্তত থকা অসমীয়া সকলে যো-জা কৰিছে উৰুকাৰ ভোজৰঃ ৰাজহুৱা ভোজভাত, বিহু উদযাপনে ৰাইজৰ মাজত এক মিলাপ্ৰীতি আৰু ঐক্যৰ বাণী কঢ়িয়াই আনিছে। অসমীয়াৰ সুখ দুখৰ তৰফৰ পৰাও সকলো ৰাইজলৈ ভোগালী বিহুৰ ওলগ জনাইছো।
২. সফলতাৰে আঠটা বছৰ পূৰ্ণ কৰিলে অসম গ্ৰামীণ বিকাশ বেংকেঃ ইতিমধ্যে বিগত বিত্তীয় বৰ্ষত ৫০০০ৰো অধিক বিত্তীয় সজাগতা সভাৰ আয়োজন কৰি ৬৮৮৪৮জনক ঋণ প্ৰদান ১৪টা নতুন শাখা স্থাপন কৰা বেংকটোৱে ২৩৯জন বিষয়া কৰ্মচাৰীকো নিযুক্তি প্ৰদান কৰে। অহা বিত্তীয় বৰ্ষত ১৩৫০০ কোটিৰ ব্যৱসায়, ১৩টা নতুন শাখা স্থাপন, ২১৫জন নতুন বিষয়া কৰ্মচাৰীৰ নিযুক্তি, এটিএম সেৱাৰ আৰম্ভণি কৰাৰো লক্ষ্য হাতত লোৱাৰ সুখবৰ।
৩. সত্ৰীয়া নৃত্যক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটী শ্বৰ মঞ্চত উজ্বলাইছে প্ৰতিভাবান শিল্পী দীপজ্যোতি-দীপাংকৰেঃ দূৰদৰ্শনৰ "ভাৰত কি শ্যান-ৰুমঝুম"ত ফাইনেলত প্ৰৱেশ কৰা এই যুটিয়ে ভোৰতাল আৰু ওজাপালিৰ নৃত্য প্ৰদৰ্শন কৰি গুৰু সোনাল মানসিঙৰ পৰা "পাৰ্ফমাৰ অৱ দ্য ডে"ৰ সন্মানো লাভ কৰিছে। প্ৰথমবাৰৰ বাবে ৰিয়েলিটী শ্বত সত্ৰীয়া নৃত্যই দেশৰ আন আন লোকনৃত্যৰ সৈতে স্থান পোৱাৰ গৌৰৱময় সুখবৰ পোৱা গৈছে।
৪. অহা নাট্যবৰ্ষত ৰুচিপূৰ্ণ আৰু ৰূপান্তৰৰ বাৰ্তাৰে মননশীল নাট্যসম্ভৰ উপহাৰ দিয়াৰ মানসেৰে গঢ় লৈছে এটি নতুন ভ্ৰাম্যমাণ "ৰূপকোঁৱৰ থিয়েটাৰ"ৰঃ প্ৰবীণ নাট্যকৰ্মী বাহাৰুল ইছলামো এই নাট্যযাত্ৰাৰ অংশীদাৰ হব বুলিও প্ৰকাশ পাইছে সুখবৰ।
৫. জীৱনৰাম মুংগীদেৱী গোৱেংকা পাব্লিক চেৰিটেবল ট্ৰাষ্টৰ হৈ অহা ১৭ জানুৱাৰী গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত আয়োজিত হৈছে শিল্পী দিৱস উদযাপনৰ বিশেষ কাৰ্যসূচীৰ।
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEgllFryKIicRG4XBjeRsCQfzQq6Pacl4XbwpM167iRIRQOboB41txzCjFxS41o2u1fRI8Jrd8_MTkCcV3NlxlnTBC7cAHqhkSaDu-2tymq_GMW9SOyQbqkT0DTHTYSvmNyrkFrKw266Vwk/s320/2.jpg)
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEgllFryKIicRG4XBjeRsCQfzQq6Pacl4XbwpM167iRIRQOboB41txzCjFxS41o2u1fRI8Jrd8_MTkCcV3NlxlnTBC7cAHqhkSaDu-2tymq_GMW9SOyQbqkT0DTHTYSvmNyrkFrKw266Vwk/s320/2.jpg)
৬. অসমতো পালিত হৈছে ১১-১৭ জানুৱালৈকে পথ সুৰক্ষা সপ্তাহঃ এই উপলক্ষে পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে গুৱাহাটীত "গ্ৰেট গুৱাহাটী ৱাকাথন" নামৰ সমূহীয়া পদযাত্ৰাৰ কাৰ্যসূচীত ভাগ ল'লে ক্ৰীড়াবিদ, শিল্পী, সচেতন ৰাইজৰ লগতে পৰিবহন মন্ত্ৰীয়েও।
৭. ভাৰতীয় মহিলা অধ্যয়ন সংস্থাৰ উদ্যোগত তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগত গুৱাহাটীত আয়োজিত হৈছে চতুৰ্দশ মহিলা অধ্যয়ন বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনৰঃ এই সন্মিলনৰ বিষয়বস্তু ৰূপে "নাৰী আন্দোলনৰ পৰিপ্ৰেক্ষিতত সমানতা, বহুত্ববাদ আৰু ৰাষ্ট্ৰ"ঠিক কৰা হৈছে। লগতে উত্তৰ পূৰ্বাঞ্চলৰ পাৰম্পৰিক সাজ-পাৰ, খাদ্য, তথা সাংস্কৃতিক সম্পদৰ এক প্ৰদৰ্শনীও অনু্ষ্ঠিত হব।
৮. মুছলপুৰৰ ডুমুনীৰ গীৰ্জাত ২৯ যোৰা দৰা-কইনাৰ এক সমূহীয়া বিবাহৰ কাৰ্যসূচী অনুষ্ঠিত হয়ঃ জাকজমকীয়া অনুষ্ঠানৰ পৰিবৰ্তে এনে ব্যতিক্ৰমী বিবাহত তেজপুৰ, ধুবুৰী, বঙাইগাঁৱ, দৰং আৰু বাগসাৰ এই সকল যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে।
৯. নাৰেংগীস্থ বৃদ্ধাশ্ৰম "আমাৰ ঘৰ"লৈ আগবঢ়াইছে এই বৰ্ষৰ "প্ৰাগজ্যোতিষ স্কুল সমাজ সেৱা বঁটা": বিদ্যালয়খনৰ ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰথমবাৰৰ বাবে এই বঁটাৰো প্ৰৱৰ্তন কৰা হৈছে।
৯. নাৰেংগীস্থ বৃদ্ধাশ্ৰম "আমাৰ ঘৰ"লৈ আগবঢ়াইছে এই বৰ্ষৰ "প্ৰাগজ্যোতিষ স্কুল সমাজ সেৱা বঁটা": বিদ্যালয়খনৰ ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰথমবাৰৰ বাবে এই বঁটাৰো প্ৰৱৰ্তন কৰা হৈছে।
১০. ঐতিহ্যমণ্ডিত নলবাৰী নাট্য মন্দিৰৰ দুৰ্বল আন্তঃগাঁথনিক উন্নীত কৰি নতুন ৰূপদান কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে জিলা উপায়ুক্ত ডাঃ ওম প্ৰকাশেঃ সেই উদ্দেশ্যে সাংস্কৃতিক সঞ্চালকালয়লৈ ৫০ লাখ টকাৰ প্ৰস্তাৱো প্ৰেৰণ কৰা সুখৰ খবৰ।
১১. চেন্নাই নিবাসী জোনাইৰ যুৱক তথা কম্পিউটাৰ অভিযন্তা কাকমৰ কণ্ঠ. গীত, সুৰ, কথা সমৃদ্ধ গীতৰ শ্ৰব্য সঁফুৰা "অনুৰণন"গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰিলে শিল্পী তৰুলতা কুটুমে।
১২. ৰেড ৰিবন ক্লাৱ আৰু অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত কালি গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত বিবেকানন্দৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে পালিত হ'ল "ৰাষ্ট্ৰীয় যুৱ দিৱস"।
১৩. গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ উদ্যোগত অহা ১৮-২২ জানুৱাৰীলৈ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হব তৃতীয় ৰাষ্ট্ৰীয় শিশু নাট সমাৰোহঃ বাংলাদেশৰ "কলযাত্ৰা" নাটৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা আহিব লগা নাট্যদলৰ মুঠ দহখন নাট এই সমাৰোহত প্ৰদৰ্শিত হব ।
১৪. দুলীয়াজানৰ জালনী ক্লাৱৰ উদ্যোগত অহা ১৯-২১ জানুৱাৰীত অনুষ্ঠিত হ'ব অইল ইণ্ডিয়া সদৌ অসম জুনিয়ৰ টেনিছ প্ৰতিযোগিতাৰঃ প্ৰতিটো গ্ৰুপৰে বিজয়ী সকললৈ জলপানি প্ৰদানৰ ব্যৱস্থা কৰাৰো সুখবৰ।
১৫. অহা ১৫-২০ জানুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত হব ৭৫ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ টেবল টেনিছ প্ৰতিযোগিতা আৰু যুৱ আৰু আন্তঃ ৰাজ্য টেবল টেনিছ প্ৰতিযোগিতাঃ ৩৩খন ৰাজ্যৰ প্ৰায় আঠশ খেলুৱৈয়ে অংশ লব লগা প্ৰতিযোগিতাত মুঠ প্ৰাইজমানী ছয় লাখ টকা ধাৰ্য কৰা হৈছে বুলিও অসম টেবল টেনিছ সন্থাৰ সূত্ৰত প্ৰকাশ।
১৬. গোলাঘাট ক্ৰীড়া সন্থাৰ ষ্টেডিয়ামত অনুষ্ঠিত অনুৰ্ধ ১৫বছৰৰ অমৰজিত শৰ্মা সোঁৱৰণী আন্তঃজিলা প্ৰতিযোগিতাৰ চূড়ান্ত খেলত বোকাখাত দলক পৰাজিত কৰি চেম্পিয়নশ্বিপ অৰ্জন কৰিলে লখিমপুৰ দলে।
১৭. বেলতলা বজাৰত উৰুকাৰ বজাৰ কৰি পদপথত খুচুৰা ব্যৱসায়ী সকলৰ সৈতে কৰিলে ভাব বিনিময়।
![]() |
যোৰহাটৰ ৰংদৈ গাঁৱৰ দিলীপ দত্তৰ ঘৰত প্ৰকৃতিৰ অনুপম আৰু ভোগালীৰ দান আঢ়ৈ কুইণ্টলৰ ওলাল কাঠআলু! |
১৯. গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন হ'ল চৰচাপৰি সাহিত্য পৰিষদৰ সভাপতি তথা লেখক হাফিজ আহমেদৰ "বিপন্ন অধিকাৰ" শীৰ্ষক গ্ৰন্থৰঃ লগতে উন্মোচিত হ'ল আহমেদদেৱৰে এখন অনুবাদ গ্ৰন্থ "ভূত বাংলো"ৰ।
২০. উন্মোচিত হ'ল উদীয়মান শিল্পী অভিজিত লাহনৰ কণ্ঠ আৰু ৰমেন বৰুৱাৰ সুৰ-সমৃদ্ধ গীতৰ শ্ৰব্য সঁফুৰা "ছন্দ ভৰা গান ": চেনীকুঠীৰ সূৰ্য ক্লাৱত এই এলমাবম উন্মোচন কৰিলে আকাশবাণী গুৱাহাটীৰ উপ-সঞ্চালকৰূপে অৱসৰপ্ৰাপ্ত দীনেশ দাস দেৱে।
২১. অহা ৮ ফেব্ৰুৱাৰীত গুৱাহাটীত নৰেন্দ্ৰ মোদীৰ মহাজাগৰণ সমাৰোহৰ আয়োজনৰ ব্যাপক প্ৰস্তুতি চলাইছে ৰাজ্যিক বিজেপিয়েঃ তাৰ বিপৰীতে সেই দিনাই টেট পৰীক্ষাৰ দিন ঠিক কৰাক লৈ সচেতন মহলৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।
No comments:
Post a Comment