লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান
১. কইনাধৰালৈ ন-কইনা অনাৰ পাছৰে পৰা কনপোনা গগৈ সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে। কালি গ্ৰন্থমেলালৈ গৈ এজন অধ্যাপক সন্ধানহীন হোৱাৰ খবৰটোৰ লগতেই কইনাৰ সতে কইনাধৰাৰ ৰাজকুমাৰজন সন্ধানহীন হৈ থকাৰ খবৰটো সংবাদ মাধ্যমৰূপে জানিব পাৰি,  তেখেতৰ বাবে ঠিক কৰি থোৱা কলিয়াবৰ ৰাজ্যৰ প্ৰজা সকলে চিন্তা প্ৰকট কৰিছে। কিবা শুংসূত্ৰ পালে গুমসূদা তালাচ কেন্দ্ৰ, কলিয়াবৰলৈ খবৰ দিবলৈ ৰাইজে আহ্বান জনাইছে।

অবিজিত ভট্টাচাৰ্যই ইতিমধ্যে "কনপোনা কলৈ গ'ল" শীৰ্ষক ৰহস্য নাটক এখন অনাগত থিয়েটাৰৰ বাবে লিখি উলিয়াইছেই বুলিও জানিব পৰা গৈছে।

২. দীপৰ বিলত মাছ ধৰি সদৌ অসম চোৰাং চিকাৰী সংঘই কৰিলে শক্তি প্ৰদৰ্শনঃ একোটা মাছ বাৰ হেজাৰ টকা পৰ্যন্ত বিক্ৰী কৰি প্ৰমাণ কৰি  দেখুৱালে যে এই সংস্থাক পুলিচ প্ৰশাসন, হাবি, বন, পুখুৰী বিভাগে একো নোম এডালো লৰাব নোৱাৰে। শেহতীয়াকৈ মানৱ বিহীন উৰণীয়া যান ড্ৰোণ উৰাই কাজিৰঙাত গঁড় ৰক্ষা কৰিব বুলি ফিতাহি মৰা বনৰীয়া মন্ত্ৰীলৈ নৱবৰ্ষৰ দিনাই খৰ্গকাটি উচিত প্ৰত্যুত্তৰ দিয়াৰ পাছত, নিজৰ দ্বায়িত্বলৈ চকু নিদিয়া সকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈকে এনে প্ৰতিবাদী কাৰ্যসূচী অনাগত দিনটো সংস্থাই গ্ৰহণ কৰি যাব বুলি নামঘৰৰ শপত খোৱাৰ কথা প্ৰেছ বিজ্ঞপ্তি যোগে সদৰী কৰিছে।

৩. দিল্লীত ৰাহুল, কলিয়াবৰত গৌৰৱৰ পাছত নলবাৰীত ৰাজনীতিৰ পথাৰ বোকা কৰিবলৈ নামিব ভূমিধৰ তনয় বৰ্মন।  বীৰা পোহা স্বাস্থ্য বিজ্ঞানীজৱৰ ঘৰৰ পৰা প্ৰকাশ হোৱা সূত্ৰ অনুসৰি বাকী দুজনে সফলতা পাওকেই বা নাপাওক ভূমি চাৰে বীৰাৰ খটুৱাইয়েই তনয় বৰ্মনক সফল কৰিবই বুলি জানিব পৰা গৈছে। এই বিষয়ে মায়ঙৰ বেজৰ ব্ৰেণ্ড এম্বেচেদৰ ৰসাল গগৈৰ পৰা মন্তব্য আশা কৰিছে সদাশয় নলবৰীয়া ৰাইজে।

৪. চান্দা নিদিয়া বা সেও নমনা বণিয়াৰ মাটি দখল কৰি সমৰ্থন কৰা তথা যি কোনো সিদ্ধান্ত নিৰ্বিবাদে মানি লোৱা দুখীয়া অনুসৰণকাৰীক ভগাই দিব বুলি ৰণডংকা বজালে ঔ-কিল গগৈয়েঃ তেখেতে কয়, কাৰ মাটি দখল কৰা হব তাৰ বাবে পুঁজি সংগ্ৰহ সমিতিৰ ক্লীয়াৰেঞ্চলৈ ৰৈ থকা হৈছে আৰু মাটি পাব লগা হিতাধিকাৰী হবৰ বাবে তালিকা বনাই থকা হৈছে, ফকতীয়াত মাটি বিচৰা সকলে অতি সোনকালে যোগাযোগ কৰিবলৈকে তেখেতে জনালে কাতৰ আহ্বান।

৫. জালুকবাৰীৰ পৰা কইনাধৰালৈকে এইবাৰ ভাওনা পাতিব সদৌ অসম বিসম্বাদী কংগ্ৰেছেঃ ৰসাল গগৈ ছাৰে তাতক্ষণিক অৱসৰ লৈ বিশ্ব ছাৰৰ বাবে বাট মোকোলাই দিবলৈ কৰিব লগীয়া অংকীয়া নাটৰ ভাওনা সমূহ ৰাজীৱ ভৱনৰ লগতে দিল্লীৰ হোটেল, ১০জনপথ ৰোড আদিতো কৰিব বুলি বিসম্বাদী গোটৰ আশাবাদী বিধায়কে জনাইছে। এই ভাওনাই শংকৰ সংঘৰ ভাওনাক এইবাৰ চেৰাই বিশ্ব অভিলেখ গঢ়িবই বুলিও দৃঢ়তা প্ৰকাশ কৰিছে।
পদুম, হাতোৰা আৰু হাতী পাৰ্টিৰ মাজত নৱবৰ্ষ উপলক্ষে বিশেষ দলবাগৰা প্ৰতিযোগিতা খনি আৰম্ভ হৈছেঃ সদৌ অসম ভিত্তিক প্ৰতিযোগিতাখনিত কালি হাতোৰাৰ পৰা পদুমলৈ ডিব্ৰুগড়ত ডেৰ হাজাৰ, নলবাৰীত হাতীৰ পৰা হাতোৰালৈ ডেৰশ আৰু পদুমৰ পৰা হাতীলৈ তিনিজন অনুৰাগী গমন কৰাৰ শেহতীয়া বাতৰি আমালৈ আহিছে। লাইভ স্কৰৰ বাবে ফেচবুক খোলা ৰাখিব!

৬.  কেৱল অসমতে ৰন্ধন গেছ আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাইজৰ চৰকাৰে। চৰকাৰী সূত্ৰই জনোৱা মতে অশান্ত বাংলাদেশৰ পৰা যাতে কোনোৱে আহি কম দামত চিলিণ্ডাৰ কিনি ভাত সিজাবলৈ ইয়ালৈ আহিবলৈ প্ৰেৰণা নাপায়, সেই কথাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই ব্যৱস্থা কৰা হৈছে। লগতে ঠিকাদাৰ, বিষয়া সকলে ৰাইজৰ ধনেৰে কিনা ৰাইজৰ বিলাসী এচ ইউ ভি সমূহত বিলাস ভ্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখিহে ডীজেলৰো দাম বঢ়োৱা হৈছে আৰু ইয়াত শ্ৰীৰামপুৰ গেট, ছাগলীয়া গেটৰ দুৰ্নীতিৰ সৈতে দূৰ-দূৰণীলৈকে কোনো সম্বন্ধ নাই।

৭. যি সকলে অহাবাৰ লোকসভা নিৰ্বাচনত জিকিব নোৱাৰিব বুলি খাটাংকৈ গম পাইছে, সেই সকলে প্ৰতিদ্বন্দিতা নকৰে বুলি আগতীয়াকৈ ঘোষণা কৰা উজান উঠিছে। এই সকলৰ উদাসীন ভকতৰ তালিকাত মনেমনে সিং, শৰদ শক্তি পাৱাৰ আৰু শেহতীয়াকৈ দৰঙীয়া ভুৱন কলিতাই নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে। ৰিক্স নথকা ৰাজ্য সভাই ভাল বুলিও লগতে তিনিওজনে মন্তব্য কৰিছে। পিছে যোৰহাটৰ কেন্দ্ৰীয় মন্ত্ৰী বিজয় চাৰে "এইবাৰেই শেষবাৰ" নামৰ নাটক এখন উন্মোচন কৰিছে আৰু ৰাইজৰ পৰা শেষ  পাঁচবছৰৰ বাবে সেৱা গ্ৰহণ কৰি আনন্দ কৰিবলৈ হেপাঁহ কৰা বুলি নিজৰ মনৰ দুৰাকাংখ্যা বেকত কৰিছে।

৮. বিস্ফোৰণ, গুলীচালনাৰ পিছত নিৰুদ্বিগ্ন হৈ লেট নাইট পাৰ্টিত ডিব্ৰুগড়ীয়া প্ৰশাসন ব্যস্ত থকাৰ বাতৰিয়ে খলকনি তুলিছে। এবাৰ ফুটিলে বহুদিনলৈ এনেয়েওতো নুফুতেই বুলি ফৰ্মূলাটোৰ বাবেহে পুলিচ প্ৰশাসনে নিশ্চিন্তে এনজয় কৰিব পাৰিছে বুলি কনিষ্টবল গগৈৰ পৰা জানিব পৰা গৈছে।

৯. অসমত খাদ্যৰ সন্ধানত আহি ৰাজপথত কৰুণ মৃত্যু এঘটিছে এটি নাহৰফুটুকীৰ। হাবিৰ হৰিণা মানুহে ভোজভাত খোৱাৰ ফলতেই এই দুৰস্থৱা হোৱা বুলি জানিব পৰা গৈছে। হাবি-বন বিভাগৰ বিষয়া সকলৰ চৰুতে নাহৰফুটুকীৰ খাদ্য বেছিকৈ ৰন্ধা বুলি গোপন খবৰ ৰান্ধনী বাহাদুৰে জনাইছে।

লালুৱে গৰুৰ দানা খাই পেলোৱাৰ পৰা প্ৰেৰণা লৈয়ে আমাৰ ছাৰ সকলেও নাহৰফুটুকীৰ খাদ্য ভক্ষণত মনোনিবেশ কৰা বুলি সমাজবিদে জনাইছে।

১০. জালুকবাৰীত এজন চোৰ কাঁহ পিতলৰ বাচনৰ সৈতে ধৰা পৰাত পুলিচে বাৰুকৈয়ে পিটন দিয়া বুলি জানিব পাৰি সদৌ গুৱাহাটী চোৰ সন্থাই প্ৰতিবাদ জনাইছে। লেপটপ, মোবাইল, গাড়ী চোৰক ভি আই পি জ্ঞান কৰা পুলিচে দুখীয়া বাচনচোৰকে সমমৰ্যদা দিয়াৰ দাবী জনাইছে।

No comments:

Post a Comment