মুকলি চিন্তা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মুকলি চিন্তা

মুকলি চিন্তা

Share This
অসমীয়া চিনেমাৰ বাণিজ্যিক সফলতাৰ বাবে 
সুপৰিকল্পিত প্ৰচাৰৰ প্ৰয়োজনীয়তা
-ৰাজীৱ ৰঞ্জন নাথ

জাহ্নু বৰুৱাৰ নৱতম ছবি 'অজেয়' যোৱা সপ্তাহত মুক্তি পাইছে। বৰ্তমান অসমৰ কেইবাটাও চিনেমাগৃহত এইখন চিনেমা চলি আছে। কিন্তু দৰ্শকৰ সংখ্যা অতিকৈ সেৰেঙা। কিয় অসমীয়া দৰ্শকে অসমীয়া চিনেমা চাবলৈ ছবিগৃহত ভিৰ নকৰে? কিয় সেই একেখিনি দৰ্শকেই ধুম-৩ ৰ নিচিনা সামগ্ৰিক ভাৱে নিম্ন মানৰ হিন্দী বোলছবি চাবলৈ ছবিগৃহত ভিৰ কৰে?


ইয়াৰ অন্যতম এটা কাৰণ অসমীয়া চিনেমাৰ সবল প্ৰচাৰৰ অভাৱ বুলি অনুভৱ কৰিছো। আজিৰ দিনত প্ৰচাৰৰ প্ৰয়োজনীয়তা অপৰিসীম। একোখন হিন্দী চিনেমাৰ অকল প্ৰচাৰৰ খৰচৰ হিচাপতে হয়তো দুই তিনিখন অসমীয়া চিনেমা নিৰ্মান কৰিব পৰা যাব। ইমান টকা খৰচ কৰি প্ৰচাৰ কৰাৰ অৰ্থই হ'ল ছবি খন মুক্তি পোৱাৰ প্ৰথম সপ্তাহতে যাতে ছবি নিৰ্মানৰ খৰচ প্ৰযোজকৰ হাতলৈ ঘুৰি আহে। হয়, অসমীয়া চিনেমাৰ বাজেট কম, দৰ্শকো সীমিত। কিন্তু তাৰ অৰ্থ এইটো কেতিয়াও নহয় যে অসমীয়া চিনেমা নিৰ্মাণ কৰাতো এজন প্ৰযোজকৰ আজৰি সময়ৰ বিলাসিতা। ছবি নিৰ্মাণ এটা ব্যৱসায় আৰু অন্য যিকোনো ধৰণৰ ব্যৱসায়ৰ নিচিনাকৈয়ে ইয়াতো জড়িত হৈ আছে লাভ-লোকচানৰ অংক। যদি এখন ছবি নিৰ্মাণ কৰি তাৰ পৰা প্ৰযোজকে লাভ কৰিব নোৱাৰে, তেনেহ'লে তেওঁ নিশ্চয় দ্বিতীয় খন চিনেমা নিৰ্মান কৰিবলৈ সহজে আগবাঢ়ি আহিবলৈ সাহ নকৰিব। গতিকে ব্যৱসায় সফল বাণিজ্যিক অসমীয়া ছবি এখনৰ প্ৰয়োজনীয়তা আজিৰ দিনত এক অন্যতম গুৰুত্বপূৰ্ণ দিশ অসমীয়া ছবি জগতক বচোৱাৰ ক্ষেত্ৰত। ব্যৱসায়িক দিশত সফল হ'বলৈ হ'লে লাগিব ছবিগৃহত দৰ্শকৰ ভিৰ। আৰু তাৰ বাবে হ'ব লাগিব ছবি খনৰ প্ৰচাৰ। 


আজিৰ দিনত প্ৰচাৰৰ বিভিন্ন নতুন নতুন দিশ মুকলি হৈছে। 'বোৱাৰী' বা 'ব'হাগৰ দুপৰীয়া'ৰ সময়ত হয়তো ছবি এখনৰ ট্ৰেইলাৰ চাবলৈও একমাত্ৰ সুযোগ আছিল ছবিগৃহ। অকল বাতৰি কাকত আৰু চিনেমাৰ পোষ্টাৰেই আছিল প্ৰচাৰৰ একমাত্ৰ আহিলা। কিন্তু এতিয়া দিন সলনি হ'ল। এতিয়া বাতৰি কাকত, এফ এম ৰেডিঅ', কেবল টিভিৰ বিভিন্ন চেনেল, ফে'চবুক, টুইটাৰ, ইউটিউব আদি বিভিন্ন মাধ্যমৰ ভিৰ। ইণ্টাৰনেট হ'ল এতিয়া প্ৰতিজন অসমীয়াৰ ঘৰে ঘৰে। গতিকে এইবোৰ মাধ্যমক কি দ'ৰে ছবি এখনৰ প্ৰচাৰৰ কাৰণে লাভজনক ভাৱে ব্যৱহাৰ কৰিব পাৰি তাৰ ওপৰত ছবিৰ প্ৰযোজক-পৰিচালকে মন দিয়া উচিত। 

ছবি এখনৰ ট্ৰেইলাৰ হিচাপে নিৰ্মাণ কৰা ভিডিঅ'টোৱে দৰ্শকক মনত ছবিখনৰ প্ৰতি উৎকণ্ঠাৰ সৃষ্টি কৰিব পাৰে। কিন্তু অসমীয়া চিনেমাৰ ক্ষেত্ৰত সততে দেখা যায় এই ট্ৰেইলাৰ হিচাপে দেখুওৱা ভিডিঅ'টো নিৰ্মাণ কৰোঁতে প্ৰায়েই মনযোগ নিদিয়ে আৰু অ'ৰ-ত'ৰ পৰা কিছু ক্লিপ যোগ কৰি দিয়েই ট্ৰেইলাৰ ভিডিঅ'টো মুক্তি দিয়ে। গতিকে তেনেকুৱা বেচিভাগ ট্ৰেইলাৰেই দৰ্শকৰ মন জয় কৰাত অসফল হয়। জাহ্ন বৰুৱাৰ 'অজেয়' ছবি খনৰ ট্ৰেইলাৰটো অতি দুৰ্বল। 'আশীৰ্বাদৰ ৰং' নামৰ গল্পটো নপঢ়া দৰ্শক এজনৰ মনত ট্ৰেইলাৰটোৱে ছবি খনৰ মূল কাহিনীটোৰ এক সম্যক ধাৰণা দিয়াত দুখ লগাকৈ ব্যৰ্থ। একে ধৰণে অলপতে মুক্তি পোৱা, ব্যতিক্ৰমী কিন্তু দৰ্শকে আদৰি লোৱা 'লোকেল কুংফু' নামৰ ছবিখনৰ ট্ৰেইলাৰ ভিডিঅ'টো আছিল উচ্চমানৰ। এই ভিডিঅ'টো চোৱা বহুতকেই ই আকৰ্ষিত কৰিছিল ছবিখনৰ প্ৰতি। অতি কম বাজেটত নিৰ্মিত এই ছবিখনে অসমৰ উপৰিও পিভিআৰ গোষ্ঠীৰ সৌজন্যত অসমৰ বাহিৰতো ভাৰতৰ বিভিন্ন ছবিঘৰত মুক্তি লাভ কৰিছিল আৰু প্ৰায় সকলোবোৰ ঠাইতে ই দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। গতিকে অকল দৰ্শকৰ ওপৰতে দোষ জাপি দিয়াৰ প্ৰৱণতাটো নোহোৱা কৰি কি কি দিশত আমি পিছ পৰি আছোঁ সেইটোৰ ওপৰত চিন্তা চৰ্চা কৰি আগবাঢ়িলে অসমীয়া ছবিৰ বাবেও দৰ্শকৰ অভাৱ নিশ্চয় নহ'ব। 

ইউটিউব হৈছে ইণ্টাৰনেটৰ এক বহুল প্ৰচলিত আৰু ব্যৱহৃত ভিডিঅ' শ্বেয়াৰিং ছাইট। ইউটিউবত বিচাৰি নোপোৱা ভিডিঅ' হয়তো আজিৰ দিনত হাতৰ আঙুলিত লেখিব পৰা যাব। আকৌ ফে'চবুকো হৈছে আজিৰ তাৰিখত অতিকৈ জনপ্ৰিয় এক সামাজিক মঞ্চ। অসমৰ চুকে কোণে বিচাৰিলেহে হয়তো ফে'চবুক একাউণ্ট নোহোৱা কোনোবা যুৱক-যুৱতী-কিশোৰ ওলাব। ফে'চবুকৰ মাধ্যমতে ছবি একোখনৰ বহুল প্ৰচাৰ কৰিব পাৰি। ইউটিউব আৰু ফে'চবুক দুয়োটাতে খৰচ বুলিবলৈ একো নাই। তাৰ পাছত আহিল ইণ্টাৰনেটত ছবি খনৰ নামত এটা ৱেবছাইট আৰু তাত বিভিন্ন খবৰ প্ৰতি দিনে আপডেট কৰি থকাটো। আৰু সেই খবৰ বোৰ ফে'চবুক, টুইটাৰ আদিৰ যোগেৰে দৰ্শকৰ কাষলৈ লৈ যোৱাটো। ৱেবছাইট এটা খুলি তাক চলাই ৰাখিবলৈ বহুত বেছি টকাৰ প্ৰয়োজন নহয়। ছবি খনত সন্নিবিষ্ট গীতৰ মনোমোহা, চিত্তাকৰ্ষক ভিডিঅ' কেইটামান নিৰ্মাণ কৰি এইবোৰ মাধ্যমৰ যোগেদি দৰ্শকৰ মাজত বিয়পাই দিব পাৰিলেই প্ৰচাৰৰ প্ৰায় আধাতকৈয়ো বেছি দিশ সামৰি ল'ব পৰা যায়। বাকী ছপা মাধ্যমত প'ষ্টাৰ, ছবি খন সম্পৰ্কীয় বাতৰি, বিভিন্ন ফটো আদি সময়ে সময়ে প্ৰকাশ কৰিব পৰা যায়। আৰু শেষত প্ৰতি ঘৰ মানুহৰ ওচৰলৈ লৈ যাব পাৰি গীত সমূহ, টিভিৰ বিভিন্ন চেনেল, এফ এম ৰেডিঅ' চেনেল আদিৰ যোগেদি। এই সকলোবোৰ একে সময়তে যদি উল্লেখিত আটাইবোৰ মাধ্যমতে সুস্থ ভাৱে প্ৰচাৰ কৰিব পৰা যায়, চিনেমাখন মুক্তি পালে দৰ্শকে ভিৰ কৰাতো এক প্ৰকাৰ নিশ্চিত। আৰু যিহেতু বাজেটো ইমান বেছি নহয়, গতিকে প্ৰথম দুটা সপ্তাহৰ দৰ্শকৰ ভিৰতে প্ৰযোজকৰ হাতলৈ টকা ঘুৰি অহাটোও একপ্ৰকাৰে নিশ্চিত। অৱশ্যে, এই ক্ষেত্ৰত ছবি খনৰ প্ৰচাৰিত কথাবোৰে দৰ্শকৰ বা জনসাধাৰণৰ মন জয় কৰিব পাৰিব লাগিব।

এতিয়া আপুনি নিজকে প্ৰশ্ন কৰক চোন, জাহ্ন বৰুৱা 'অজেয়' ছবি খন সন্দৰ্ভত আপুনি কি কি কথা জানে? কিমান বাৰ টিভিত দেখিলে অজেয় সম্পৰ্কীয় বাতৰি? ইউটিউব, ফে'চবুক, টুইটাৰত? ৰেডিঅ'ত? অজেয় ছবিখনত গীত আছে নে নাই? সংগীত পৰিচালক কোন? গীত কোনে কোনে গাইছে? গীতকেইটা কেনে হৈছে? আমাৰ দ'ৰেই হয়তো আপুনিও নাজানে এই কথাবোৰ। আৰু ইয়াতেই লুকাই আছে ছবি খন চাবলৈ দৰ্শকে ভিৰ নকৰাৰ এক অন্যতম প্ৰধান কাৰণ। 

(লেখাটোত অসমীয়া ছবি এখনৰ প্ৰচাৰ বুলি কওঁতে, ভাল কাহিনী, ভাল অভিনয়, ভাল গীত সমৃদ্ধ ছবিৰ কথাহে কোৱা হৈছে। একো এটাও দিশ ভাল নোহোৱা এখন ছবি সফল কৰিবলৈ কি কি উপায় অৱলম্বন কৰিব লাগিব সেই বিষয়ে লেখকৰ কোনো ধাৰণা নাই।)

No comments:

Post a Comment