গ্ৰন্থ আলোচনা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

গ্ৰন্থ আলোচনা

গ্ৰন্থ আলোচনা

Share This
পৰেশ বৰুৱাৰ সন্ধানত
ৰক্তিম শৰ্মা
সাংবাদিক ৰাজীৱ ভট্টাচাৰ্যৰ পৰেশ বৰুৱাৰ সন্ধান পঢ়িলো।অতি সজীৱ বৰ্ণনা। আলফাৰ শিবিৰ ভ্ৰমণ কৰা সাংবাদিক বহুতো আছে কিন্তু এনে এখন সাংবাদধৰ্মী সাহিত্যৰ সৃষ্টি হোৱা নাছিল।গ্ৰন্থখনৰ পৰা ইন্ডো-বাৰ্মা সীমান্ত অঞ্চলৰ বহু নজনা ইতিহাস পাঠকে জানিব।

অৱশ্যে ইষ্টাৰ্ণ নাগালেন্ডৰ আৰু কিছু কথা যেনে অপাৰেশ্যন গোল্ডেন বাৰ্ড আদিত লোমহৰ্ষক বহু ঘটনা আৰু সংগ্ৰামী দলবোৰৰ অভিজ্ঞতা প্ৰকাশ কৰিবলৈ সুযোগ আছিল।কিছু কেডাৰৰ পৰা সাক্ষাতকাৰ লৈ এইখিনি কৰিব পৰা গ'লহেতেন। 

পাতনিত যদিও ড০ হীৰেন গোহাইদেৱে গ্ৰন্থখনৰ পিছৰছোৱা পাঠকৰ ৰসভংগ হব বুলি আশংকা কৰিছে কিন্তু সেই ব্যক্তিগত কথাখিনিয়েই পঢ়ুৱৈৰ বাবে সকলোতকৈ প্ৰয়োজনীয়যেনহে লাগিল।কেনেদৰে এচাম ধূৰ্ত সম্পাদকে ৰাষ্ট্ৰৰ স্বাৰ্থত বা একান্ত ব্যক্তিগত লাভালাভৰ বাবে প্ৰকৃত সাংবাদিকৰ জীৱন-জীৱিকাৰ ভাবুকি সৃষ্টি কৰিব পাৰে বা ৰাষ্ট্ৰৰ প্ৰৰোচনাত সংবাদ পৰিবেশনত অসত্য-অৰ্ধসত্য বাতৰি বিয়পাই দি সৰ্বসাধাৰণক বিভ্ৰান্ত কৰে তাৰ প্ৰকৃত উদাহৰণ গ্ৰন্থখনৰ পিছৰছোৱাতেই সাংবাদিক ৰাজীৱ ভট্টাচাৰ্যই উল্লেখ কৰিছে।

সকলোতকৈ হাস্যকৰ কথাটো হল তেনেবোৰ বাতৰিয়েই আমি নিৰ্ভেজাল বুলি গোস্ৰাসে গিলি থও আৰু তাৰ ওপৰত ভিত্তি কৰি আমি আমাৰ চিন্তা-চৰ্চাবোৰ আগুৱাই লৈ যাও।আনকি দায়িত্বশীল ৰাজনৈতিক-সামাজিক দল-সংগঠনবোৰেও অকনো নিজাকৈ বিশ্লেষণ নকৰি বাতৰি কাততত বা ইলেক্ট্ৰনিক মিডিয়াত প্ৰকাশ পোৱা বাতৰিবোৰকে ভিত্তি কৰি ৰাজহুৱা বিবৃতি দিয়ে বা অন্যান্য কাৰ্যসূচী লয়।যি কি নহওক সাংবাদিক ৰাজীৱ ভট্টাচাৰ্যৰ বুদ্ধিদীপ্ততা ত্যাগ-ধৈৰ্য আৰু সাহসক প্ৰসংশা কৰিব লাগিব।

গ্ৰন্থখনৰ প্ৰকাশক -চন্দ্ৰপ্ৰকাশ, বৰ্ষ ২০১৩ আৰু দাম-২৫০ টকা মাত্ৰ।

No comments:

Post a Comment