ইতিবাচক পদক্ষেপ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ইতিবাচক পদক্ষেপ

ইতিবাচক পদক্ষেপ

Share This
ছটা চৰকাৰী কোম্পানীয়ে হাতে হাত ধৰাৰ দিলে প্ৰতিশ্ৰুতিঃ
ৰাজস্থানত স্থাপিত হব বিশ্বৰ বৃহততম তথা ৪০০০মেগাৱাটৰ সৌৰশক্তি প্ৰকল্প
বৃহত নদী বান্ধক লৈ শংকিত হৈ থকা অসমবাসীক জনাব খুজিছো এটা ইতিবাচক পদক্ষেপৰ কথা। ৰাজস্থানত বাস্তৱায়িত হোৱাৰ পথত এই মেগা প্ৰকল্পটো। ছটাকৈ চৰকাৰী খণ্ডৰ কোম্পানীয়ে সহযোগিতাৰ চুক্তিত সাক্ষৰ কৰি ৰাজস্থানত স্থাপন কৰিবলৈ ওলাইছে বিশ্বৰ বৃহততম সৌৰশক্তি প্ৰকল্পটো। এই প্ৰকল্পৰ পৰা ৪০০০মেগাৱাট বিজুলীশক্তি উতপাদনৰ লক্ষ্য স্থিৰ কৰা হৈছে। 
 এই লক্ষ্যৰে স্থাপন কৰা যুটীয়া কৰ্ম-আঁচনি/অংশীদাৰিত্বৰ (Joint Venture) কোম্পানীটোত ২৬ শতাংশ অংশীদ্বাৰিত্ব গ্ৰহণ কৰিব ভাৰত হেভী ইলেক্ট্ৰিকেল লিমিটিডে(BHEL)য়ে, ২৩শতাংশ চ'লাৰ এনাৰ্জী কৰ্পৰেচন অৱ ইণ্ডিয়া(SECI), ১৬শতাংশ সম্ভাৰ চল্ট লিমিটেড(SSL), ১৬শতাংশ পাৱাৰ গ্ৰীড, ১৬ শতাংশ চটলুজ জল বিদ্যুত নিগম আৰু তিনি শতাংশ ৰাজস্থান ইলেক্ট্ৰ'নিকচ আৰু ইনষ্ট্ৰুমেণ্টচ লিমিটেডে। 

যোৱা বৰ্ষৰ আগষ্টত এই ধাৰণাটোৱে বাস্তৱায়িত কৰাৰ দিশে গতি লাভ কৰাৰ পাঁচ মাহৰ পাছতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱা অৱস্থাত প্ৰকল্পটো উপনীত হৈছেহি। আজি স্বাক্ষৰ হব লগা এই বুজাবুজিৰ চুক্তিৰ বাবে পাছত কেবিনেটৰ অনুমোদনৰ প্ৰয়োজন হব বুলি সংবাদ মাধ্যমক প্ৰকাশ কৰিলে ভাৰতৰ গুৰু উদ্যোগ আৰু ৰাজহুৱা প্ৰতিস্থানৰ মন্ত্ৰী প্ৰফুল পেটেলে।

কেন্দ্ৰীয় মন্ত্ৰীজনে এই মেগা-প্ৰজেক্টটোৰ বাবে "বিশেষ লক্ষ্যৰে" ব্যৱস্থা গ্ৰহণেৰে ইয়াৰ কাম দ্ৰুততৰ কৰি তুলিব বুলিও প্ৰকাশ কৰিছে আৰু এই প্ৰকল্পৰ বাবে প্ৰথম পৰ্যায়ত ৭৫০০ কোটি টকাৰ প্ৰয়োজন হব বুলি জনাইছে।
সৰ্বমুঠ ১৯০০০কোটি টকাৰে সামৰিব লগা প্ৰকল্পটোৰ বাবে সম্ভাৰ চল্ট লিমিটেডে তেওঁলোকৰ অতিৰিক্ত ভূ-সম্পদ আগবঢ়াইছে। প্ৰয়োজনীয় কাৰিকৰী আহিলা আৰু প্ৰযুক্তি গঢ়ি দিবৰ বাবে "ভেল"য়ে দ্বায়িত্ব লৈছে, বিদ্যুত সৰবৰাহৰ বাবে পাৱাৰ গ্ৰীডে, বিদ্যুত বিক্ৰীৰ বাবে চ'লাৰ এনাৰ্জী কৰ্পৰেচনে আৰু প্ৰকল্পটো চলোৱাৰ দ্বায়িত্ব লব ৰাজস্থান ইলেক্ট্ৰ'নিকচ আৰু ইনষ্ট্ৰুমেণ্টচ লিমিটেডে। প্ৰকল্পটো ৰূপায়নত ব্যৱস্থাপনা কৰিব চটলুজ জল বিদ্যুত নিগমে। চৰকাৰী কোম্পানীয়ে এইদৰে নিজে বিশেষজ্ঞ হোৱা ক্ষেত্ৰৰ দ্বায়িত্ব লৈ মেগা-প্ৰজেক্টটো নিজ্স্ব সম্বলেৰেই ৰূপায়ন কৰিবলৈ ওলোৱাটোও এক ইতিবাচক দিশ।

সাত-আঠ বছৰৰ ভিতৰতে কেইবাটাও স্তৰত এই প্ৰকল্পটো ৰূপায়িত হব। প্ৰথম স্তৰত তিনিবছৰৰ ভিতৰত ১০০০মেগাৱাট উতপাদন কৰিব পৰাকৈ প্ৰকল্পটো কাৰ্যক্ষম কৰাৰ পৰিকল্পনা আছে। বাকী ৩০০০মেগাৱাটৰ লক্ষ্যত বাকী কেইটা স্তৰৰ পাছতহে উপনীত হব পৰা যাব।

এই প্ৰকল্পত ব্যৱহৃত হব সৌৰ ফটোভল্টিক পাৱাৰ প্লেণ্টটোত ব্যৱহাৰ হব লগা ফটোভল্টিক ম'ডোল সমূহত ক্ৰিষ্টেলাইন চিলিকন প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হব। এইবোৰৰ আয়ুস ৰেখা ২৫ বছৰ আৰু এই ৪০০০মেগাৱাট প্ৰকল্পই ৬৪০০মিলিয়ন ইউনিট পাৱাৰ প্ৰতিবছৰেই যোগান ধৰিব বুলি গণনা কৰা হৈছে। আৰু ইয়াৰ দ্বাৰাই কাৰ্বন ডাই অক্সাইডৰ নিৰ্গমন বছৰি চাৰি মিলিয়ন টন পৰ্যন্ত হ্ৰাস কৰিব পৰা যাব বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে।

বৃহত নদী বান্ধে এফালে যেনেকৈ অসমৰ জনসাধাৰণ সাধাৰণক চাপত ৰাখিছে, তাৰ বিপৰীতে ৰাজস্থানত চৰকাৰী কোম্পানীয়ে কাৰ্যকুশলতাৰ উদাহৰণ দাঙি ধৰি সহযোগিতাৰে বিকল্প বিদ্যুত উতপাদনৰ বিশাল আঁচনিক ৰূপদান কৰিবলৈ ধৰিছে। অ-পাৰম্পৰিক , তথা নবীকৰণ যোগ্য শক্তিৰ ক্ষেত্ৰতো এই প্ৰকল্প ভাৰতৰ এক বিশাল খোজ ৰূপে পৰিগণিত হৈছে।

অসমতো চৰকাৰী বা ৰাজহুৱা কোম্পানীৰ সৱলীকৰণ, পুনৰ উজ্জীৱিতকৰণৰ দিশে কাৰ্য-ব্যৱস্থা গ্ৰহণ কৰি এনে বিকল্প শক্তি উতপাদন আঁচনিৰ দিশে ইতিবাচক চিন্তা কৰাৰ বিশেষ প্ৰয়োজনীয়তা আছে। তাৰ বাবে ক্ষুদ্ৰ নদীবান্ধ, গেচ ভিত্তিক প্ৰকল্প, ক্ষুদ্ৰ সৌৰ, বতাহ আদি নৱীকৰণ যোগ্য সঠিক প্ৰকল্প বাচি উলিয়াবলৈ চৰকাৰে কৰ্ম-দল গঠন কৰাৰ প্ৰয়োজন আছে। বৃহত নদী বান্ধ নহলেই অসমত লাইট নজ্বলিব ধৰণৰ নীতি লোৱাৰ পৰা বাহিৰলৈ আহি ইতিবাচক পদক্ষেপ লবলৈ সামাজিক সংগঠন সমূহে  চৰকাৰত হেঁচা প্ৰয়োগ কৰাৰ প্ৰয়োজনীয়তা আছে।

No comments:

Post a Comment