লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান

১. বিহালীত অৰুণাচলীৰ আগ্ৰাসন ৰোধিবলৈ হাজাৰ হাজাৰ জনতা ওলাল হাতত ধন কাঁড় লৈঃ নিউক্লীয়েৰ শক্তিৰে বৰভেম দেখুওৱা সমৃদ্ধ ভাৰতৰে এই ছবি আন্তঃৰাষ্ট্ৰীয় মেডিয়াই দেখা পাই বিশ্ব সভাত উঠিল হাঁহিৰ খলকনি!

২. খ্ৰীষ্টমাছ পাৰ্টি, নিউ-ইয়েৰ পাৰ্টিৰ মাজতে শিৱসাগৰৰ ৰাইজে পালন কৰিবলৈ সময় নাপালে অসমৰ প্ৰথমখন বাতৰি কাকতৰ "অৰুনোদই দিৱস": হেঙ-অভাৰ নাঁতৰা বাবেই এনে হবলৈ পালে বুলি শিৱসাগৰ গণ-পাৰ্টি কৰা যুৱক সংঘই জনাইছে।

৩. গাঁৱে গাঁৱে সাঁজ আৰু চুলাই উদ্যোগ সমূহক জনজাতীয় কুটিৰ উদ্যোগ আৰু মদৰ খোলা সমূহক জনগোষ্ঠীয় খাদ্যমেলাৰ স্থায়ী স্থলীৰূপে ঘোষমা কৰিবলৈ দাবী জনালে নিচলা মদ বেপাৰী সন্থাইঃ একে ব্যৱসায় কৰা বৰমানুহ আৰু শ্ৰীমতী সকলৰ এনজিঅ'ই পোৱা মৰ্যদা এই সকল লোককো দি বাচনে বৰ্তনে আৱকাৰীয়ে তুলি নিয়াৰ যাতনাৰ পৰা ৰক্ষা কৰিবলৈ জনালে বিশেষ দাবী।

৪. সাহিত্য সভাৰ বাঘা বাঘা সাহিত্যিকে চৰ চাপৰি অধিৱেশনলৈ গৈ পিকনিকৰ আনন্দ লোৱাৰ বাতৰি আমালৈ আহিছেঃ তিনি দিন বিদেশ ভ্ৰমণ কৰি আহি তিনিশ পৃষ্ঠাৰ বিদেশ ভ্ৰমণৰ কাহিনী লিখা সাহিত্যিকে এতিয়া চৰ-চাপৰিৰ মানুহৰ দুখ-দুৰ্দশাক লৈ কেইখন কিতাপ লিখে সেয়া লক্ষণীয় হব বুলি মাজৰ চাপৰিৰ আকবৰ আলিয়ে মন্তব্য কৰিছে।

৫. চলন্ত ৰেলৰ পৰা জপিয়াই মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা নিজৰ প্ৰাণ ৰক্ষা কৰিলে ৰঙিয়াৰ যুৱতীয়েঃ তেনে কথালৈ লক্ষ্য ৰাখি ৰেলত উঠা যুৱতী সকলৰ গাৰ্জেনে আৰু গাওঁবুঢ়াই ৰেলত বেলেগ ৰাজ্যলৈ ভ্ৰমণ বিশেষ চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি ৰেলৱেৰ টিটিচি দেৱেন ৰয়ে মন্তব্য কৰিছে।

৬. নেহেৰু যুৱ সংস্থাই  পথৰুঘাটৰ ইতিহাস বিকৃত কৰাৰ খবৰে পালে সংবাদ শিৰোনামাঃ যুৱ প্ৰজন্মই নতুন  ইতিহাস সৃষ্টি কৰিব লাগিব বুলি ভাষণ শুনাৰ পাছত হোৱা তাড়ণাতহে এনে হোৱা বুলি সংস্থাৰ পৰা জানিব পৰা গৈছে।

৭. বাংলাদেশত ভোট কেন্দ্ৰ হব লগা দুই শতাধিক শিক্ষানুষ্ঠান ভস্মীভূত কৰিলে প্ৰতিবাদকাৰীয়েঃ এতিয়া পৰিয়াল সহ ভাৰতৰ অসম প্ৰদেশত শিক্ষা গ্ৰহণৰ বাবে স্থায়ী শিক্ষাৰ ভিচা বিচাৰি আবেদন কৰিবলৈ স্থানীয় লোকলৈ জনালে আহ্বান। বিশ টকা দি বিএছএফ চেটিং কৰিব পাৰিলে ভিচাৰ আবেদন গোটোৱাৰ প্ৰয়োজন নাই বুলি প্ৰতিবাদী সংঘই টিপচো দিলে প্ৰেছ বিজ্ঞপ্তিত।

৮. ৰাজহুৱা শিক্ষা খণ্ডৰ লগতে স্বাস্থ্য খণ্ডলৈ সংকট নামিছে বুলি সৈ কাঢ়িলে বেমাৰ আজাৰ মন্ত্ৰীয়েঃ সেয়ে বেচৰকৰাৰী স্কুলত নিজৰ পুত্ৰ-কণ্যাক পঢ়াবলৈ লগতে নাৰ্ছিংহোমতে পৰিয়ালৰ চিকিতসা আগবঢ়াবলৈ আহ্বান জনালে প্ৰাক্তন ছাত্ৰ সমাৰোহত। ৰাজনীতিত থাকিও সঁচা কথা কোৱা বাবে সকলোৱে শলাগ ললে শৰ্মা ছাৰৰ!

৯. অসংযত অৱস্থাত আটক কৰা যুৱক যুৱতী এহালক মুকলি কৰি দিলে আৰক্ষীয়েঃ আচলতে দুয়োকে থানাতে বিয়া পাতি দিব লাগিছিল বুলিহে দাবী কৰিছে সচেতন ৰাইজে।

১০. চলি আছে চলি আছে, পানীখাইতিত জনজাতীয় খাদ্য মহোতসৱঃ সৰু-বৰ সকলোৰে বাবে মদ আৰু গাহৰিৰ মুক্ত ব্যৱস্থা কৰা হৈছে বুলি প্ৰকাশ কৰিলে আয়োজকে। ৰাতিলৈ হব লগা সাংস্কৃতিক অনুষ্ঠানত সকলোকে ফিটিঙ হৈ নৃত্য কৰিবলৈ সুবিধা দিয়াৰ দিলে সঁচা প্ৰতিশ্ৰুতি।

No comments:

Post a Comment