লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান
১. তেইশ বছৰ অসমৰ চংসদ হোৱা মৌনমোহন সিঙৰ অসম প্ৰেমৰ নুমনাই গঢ়িলে নতুন অভিলেখঃ মাত্ৰ দহ বছৰে ফাইলৰ মাজত আটোম-টোকাৰীকৈ প্ৰধানমন্ত্ৰীৰ পেকেজটো সযতনে বন্দী কৰি ৰাখি তেখেত সৃষ্টি কৰিলে এই অভিনৱ অভিলেখৰ। নীৰৱ কৰ্মী ফেন ক্লাৱে তাৰ কাৰণে মৌনমোহন চাৰলৈ অভিনন্দন জ্ঞাপন কৰি জাৰি কৰিলে বিজ্ঞপ্তি।


২. খাদী বৰ্ডৰ খাটী চাকৰি মাত্ৰ পাঁচ লাখ টকাত, অখ্যাত বাতৰি কাকতত প্ৰকাশ পোৱা বিজ্ঞাপন যোগে এই বিশেষ বিক্ৰীৰ হৈছে আয়োজনঃ খৰধৰ খৰক, পদ মাত্ৰ ৫৪টা, সঠিক দালাল ধৰি, নিজৰ যোগ্যতা প্ৰতিপন্ন কৰক!

৩. ১২৬ খন আদৰ্শ চিকিতসালয়ৰ বাবে ৩৬৬ নাৰ্ছৰ নিযুক্তি অতি গোপনে প্ৰদান কৰাৰ আদৰ্শ দেখুৱালে বেমাৰ আজাৰ বিভাগেঃ মাষ্টৰৰ চাকৰিৰ নিযুক্তি মঞ্চত দিয়াৰ কাৰণে সমালোচনা কৰা সকলক এয়া যোগ্য প্ৰত্যুত্তৰ বা শিক্ষা দিয়াৰ বাবেই এই ব্যৱস্থা লোৱা বুলি চাকৰি বিপনন দালাল সংস্থাই প্ৰকাশ কৰিছে।

৪. কলং ভৰলু সংৰক্ষণৰ নামত মাত্ৰ ৬০০ কোটি টকা লুণ্ঠনৰ ব্লু-প্ৰিণ্ট বনোৱাৰ বাবে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডক প্ৰৱল সমালোচনাঃ এই কাম কমেও এহেজাৰ কোটিৰ কৰি ইমান টকা ডীল কৰাৰ অভিজ্ঞতা থকা ভাল লিখা-পঢ়া মন্ত্ৰীক কামটো গতাই দিবলৈ দাবী জনালে অসমীয়া স্বাস্থ্যবান ঠিকাদাৰ সন্থাই।

৫. পেঞ্চনৰ ধন অৱসৰৰ দিনাই পালে ৰসাল গগৈয়েও অৱসৰ লব বুলি গোপন সূত্ৰত প্ৰকাশঃ কিন্তু এই কথা অসম্ভৱ হোৱাৰ বাবেই কষ্ট কৰিও গাঁওবুঢ়াৰ চাকৰিটো কৰি থকা বুলি জনালে বগী বোৱাৰীৰ লিগিৰি গৰাকীয়ে। 

৬. গ্ৰাম্য পানী যোগান-অনাময়  আঁচনি আহিছে অসমলৈ, বিশ্ব বেংকৰ আঁচনিৰে লাভান্বিত হব ৰাজ্যৰ ৭ জিলাৰ ঠিকাদাৰ আৰু বিষয়া সকলঃ ফুৰ্তিতে বিষয়া পত্নী সকলৰ ক্লাৱে ওচৰৰ পদপথৰ শিশু সকলৰ মাজত বিতৰণ কৰিলে গৰম গৰম লাড্ডুও!

৭.  আলফাৰ নামত ধন দাবী কৰি জেলত সোমাল প্ৰৱক্তাঃ অপহৰণ কাণ্ডৰ দৰে ভাল ব্যৱসায়ত হাত দিয়া হলেই ভাল আছিল আছিল বুলি প্ৰৱক্তাই কলে  নিজৰ অধিবক্তাক। আউটডেটেড বিজনেজ কৰিলে ফচিবই লাগিব বুলি অধিবক্তায়ো কৰিলে ককৰ্থনা।

৮. ফেচবুকে অসমীয়া কবিতা সৃষ্টিত গঢ়িলে নতুন অভিলেখঃ দৈনিক হাজাৰ হাজাৰ কবিতাৰ সৃষ্টিত মগন নৱ-প্ৰজন্মৰ কবি চামক উতসাহ দিবলৈকে এই অভিলেখৰ স্বীকৃতি গীনিজ বুকৰ পৰা সাহিত্য সভাই দিয়াব লাগে বুলি ফেচবুক-কবিগণ ক্লাৱে দাবী  তুলিছে।

৯. কনপোনা গগৈ নামৰ উজ্জ্বল ৰাজনৈতিক তাৰকা এজন সংবাদ মাধ্যমৰ পৰা হেৰাই যোৱাৰ খবৰ পোৱা গৈছেঃ কইনাধৰাৰ কনমানি গগৈজন বিদেশী বোৱাৰী অনাৰ পৰাই স্বেচ্ছাই আত্মগোপনহে কৰিছে। কোনোৱে শুংসূত্ৰ পালে আমাৰ সাংবাদিকলৈ এচ এমএছ কৰিবলৈ ইয়াৰে আহ্বান কৰিলে।

১০. ধুম-৩ য়ে ৩৫৮ কোটি টকা আৰ্জন কৰাত উতসাহী হৈ একেনামেৰে অসমীয়াতো ভিচিডি নিৰ্মাণ কৰিবলৈ আগবাঢি় আহিছে এজন কাৰ্যবাহী অভিযন্তাঃ পাহাৰৰ ধনেৰে এই ধুম-৪ নিৰ্মাণ কৰি আকৌ নতুন ধনৰ পাহাৰ গঢ়িবই বুলি ইঞ্জিনীয়াৰ ছাৰৰ প্ৰযোজিকা পত্নীয়ে মন্তব্য কৰিছে। 

No comments:

Post a Comment