সম্পাদকীয় - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকীয়

সম্পাদকীয়

Share This
ভোগালী বিহু, লহৰী, মকৰ সংক্ৰান্তি আৰু 
পোংগলৰ বৈশিষ্ট্য

ভোগালী বিহুঃ
আজি অসমীয়া মানুহৰ ভোগালী বিহু। পুহ আৰু মাঘৰ দোমাহীৰ দিনা পালিত হোৱা এই কৃষি ভিত্তিক উতসৱটি অসমীয়া ৰাইজে ব্যক্তিগত আৰু ৰাজহুৱাকৈ ভিন্ন ভিন্ন ৰূপত পালন কৰিছে। 

আজিৰ পৰাই ভোগালী বিহুৰ লগতে মৰিগাঁৱত জোনবিল মেলা, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত উৰুচ মেলা, মাঘী মেলা আৰু মণিকূট উতসৱ পালন কৰিছে। সমন্বয়ৰ বাণীৰে ভূটানৰ সীমান্তত সুৱৰ্ণখাটাতো আজিৰে পৰা আয়োজিত হৈছে সুবৰ্ণখাটা সমন্বয় মেলা। উৰুকাৰ দিনা ভোজ ভাত, বিহুৰ দিনা পুৱা মেজি জ্বলোৱা আৰু পৰম্পৰাগত খেল, কণী যুঁজ, মহ যুঁজ, বুলবুলি যুঁজ, নাওখেল আদিও বিভিন্ন স্থানত আয়োজিত হৈছে।

ভোগালী বিহুৰ বিষয়ে সবিশেষ অসমীয়া গণ-বিশ্বকোষ "অসমীয়া ৱিকি"ত পঢ়িবৰ বাবে এই সূত্ৰ ক্লিক কৰকঃ ৱিকি/ভোগালী বিহু

লগতে দেশৰ আন আন প্ৰান্তত উদযাপিত হোৱা উতসৱ সমূহৰ বিষয়ে অকন আলোকপাত কৰিব বিচাৰিছো।

লহৰীঃ
অতীতৰ বৃহত্তৰ পাঞ্জাৱ প্ৰদেশত পালিত হোৱা লহৰী উতসৱৰ সতে দোলা ভাট্টিৰ জনশ্ৰুতি জড়িত হৈ আছে। এই উতসৱৰ জৰিয়তেই কৃষক সকলে ৰবি শস্যৰ আনন্দোসৱ পালন কৰে। আৰু খাদ্য, গীত আদিৰ মাজেৰে নিজৰ আনন্দ প্ৰকাশ কৰে। পৰম্পৰাগত গীত আৰু নৃত্যয়ো এই উতসৱত ৰঙ চৰায়।
লহৰী গীত সমূহৰ কেন্দ্ৰ বিন্দু দোল্লা ভাট্টি পাঞ্জাৱত মোগল সম্ৰাট আকবৰৰ শাসন কালতে বসবাস কৰিছিল বুলি ইতিহাসে কয়। তেওঁক পাঞ্জাৱৰ এজন যুগ নায়ক ৰূপে বুৰঞ্জীয়ে স্বীকৃতি দিছে। তেওঁ যেন দেশীয় ৰবিন হুডহে আছিল, তেওঁ ধনীক লুট কৰিছিল আৰু দুখীায়া নিচলাক সহায়। পঞ্জাৱৰ দুখীয়া আৰু ক্ৰীতদাসী ৰূপে বলপূৰ্বক মধ্য প্ৰাচ্যত বিক্ৰী কৰিবলৈ ওলোৱা চণ্ডাল বাৰ অঞ্চলৰ ছোৱালীবোৰক উদ্ধাৰ কৰিছিল। তেওঁ সেইসকল ভগ্নীক অঞ্চলটোৰ যুৱকসকললৈ বিয়া দিয়াৰো ব্যৱস্থা কৰিছিল আৰু ককায়েক ৰূপে প্ৰয়োজনীয় যৌতুক প্ৰদান কৰি সংসাৰ গঢ়ি দিয়াতো অৰিহণা যোগাইছিল।

লহৰী উতসৱে শীতৰ প্ৰকোপৰ শেষ হোৱাৰ দিন ৰূপেও পালিত হয় আৰু ই পুহ মাহৰ শেষত বা প্ৰায় ১৩ জানুৱাৰীত পালিত হয়। ই মকৰ সংক্ৰান্তিৰ আগদিনা পালিত হয়। যিবোৰ পৰিয়ালত নতুনকৈ বিয়া বা পৰিয়াললৈ নতুন আলহী আহে, সেই পৰিয়ালবোৰত এই লহৰী উতসৱ বেছি ধুমধামেৰে পালন কৰা দেখা যায়। পাঞ্জাবী পৰিয়ালবোৰে ব্যক্তিগত ঘৰতে পৰম্পৰাগত ৰীতি-নীতিৰে এই উতসৱ পালন কৰে আৰু লগতে বিশেষ লহৰী গীত পৰিবেশন কৰে।

দিনৰ ভাগত শিশু-কিশোৰ সকলে ঘৰে ঘৰে লোকসংগীতৰ লহৰ তোলেগৈ আৰু গীত পৰিবেশনৰ বাবে অহা দলবোৰক ঘৰে ঘৰে মিঠাই আৰু জা-জলপানেৰে আপ্যায়ন কৰাৰ প্ৰথা প্ৰচলিত আছে। লগতে পইচা আদিও দি পঠায়, এনে হুচৰি দলৰ দৰে দলবোৰক খালী হাতে ঘূৰাই পঠোৱাটো অমাংগলিক ৰূপে তেখেত সকলে গণ্য কৰে। এনেদৰে সংগ্ৰহ হোৱা সামগ্ৰী সমূহক লহৰী বোলা হয় আৰু এইবোৰৰ ভিতৰত তিল, লাৰু, চেনীৰ টুকুৰা, গুড়, বাদাম, পপকৰ্ণ, মুড়ি, আখৈ ইত্যাদিও থাকে। সন্ধিয়া একুৰা জুই ধৰি তাৰ চাৰিওফালে সকলোৱে ৰং ৰহইচ কৰে আৰু এই সামগ্ৰীবোৰ সমবেত ৰাইজক বিতৰণো কৰে। তাৰে কিছু কিছুমানে সেই জুইলৈ দলিয়াই আহুতি দিয়াৰো পৰম্পৰা পালন কৰে।

আজিকালি মহানগৰী সমূহত আধুনিক লহৰী ডি জে মিউজিকৰ তালত হবলৈ ধৰা আৰু অপ-সংংস্কৃতিয়ে ইয়াকো চুই যোৱা বুলি সচেতন ৰাইজে আঙুলিয়াই দিছে।

মকৰ সংক্ৰান্তিঃ 
একেধৰণৰ উতসৱ মাঘৰ সংক্ৰান্তিৰ দিনাই বিহাৰ, অন্ধ্ৰ-প্ৰদেশ, চত্তিশগড়, গোৱা, হাৰিয়ানা, ঝাড়খণ্ড, কৰ্ণাটক, কেৰেলা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, উৰিষ্যা, ৰাজস্থান, উত্তৰ প্ৰদেশ, পশ্চিম বংগ আৰু ৰাজস্থানত পালিত হয়।

আজিৰ দিনটো দান কৰিবৰ বাবে বিশেষ দিন বুলি এই ৰাজ্যৰ লোক সকলে গণ্য কৰে। মুম্বাইত কম্বল দান, শাক পাচলি দান আজি বিভিন্ন স্থানত আয়োজিত এনে কাৰ্যসূচী আজি দেখিবলৈ পালো। উত্তৰ প্ৰদেশৰ হিন্দু তীৰ্থ স্থান সমূহতো আজি পবিত্ৰ নদীত স্নান কৰাৰ পাছত এনে দানৰ জোৱাৰ উঠে বুলিও জানিব পাৰিছো।

পোংগলঃ
পোংগল তামিল সকলে পালন কৰা এটি চাৰিদিনীয়া উতসৱ। এই উতসৱ কুঁহিয়াৰ, ধান আৰু মাহজাতীয় শস্যৰ খেতি কৰা আৰু চপোৱাৰ আনন্দত কৃষক ৰাইজে পালন কৰে।

No comments:

Post a Comment