অসমত এক বিকল্পৰ সম্ভাৱনা আছে
অগ্নিভ দত্ত
ৰাজধানী দিল্লীৰ ৰাজনৈতিক বতাহজাকে দেশবাসীক বাৰুকৈয়ে চুইযোৱা যেন অনুভৱ হৈছে। হঠাৎ যেন মানুহে বিশ্বাস কৰিব লৈছে যে পৰিবৰ্ত্তন বিচাৰিলে পৰিবৰ্ত্তন আনিব পাৰি । ৰক্তহীন নীৰৱ বিপ্লৱে ভাৰতৰ মানুহৰ মনত এক নতুন আশাৰ সঞ্চাৰ কৰিলে যদিও এয়া কেৱল আৰম্ভনিহে আৰু নতুন দলটোৱে এতিয়াও নিজক প্ৰমাণিত কৰিবলৈ বাকী আছে । এই বিপ্লৱৰ সফল সমাপ্তি হ’ব যদিহে ভাৰতবৰ্ষত দুৰ্নীতি নামৰ ব্যাধিটোক সমুলন্সে নাশ কৰিব পৰা যায় ।
এতিয়া আহো অসম নামৰ ভৌগলিক খণ্ড ডোখৰৰ স্থিতিলৈ । অসমৰ জণগণে কংগ্ৰেছৰ অপশাসনৰ পৰা মুক্তি বিচাৰি অসম গণ পৰিষদক ১৯৮৫ চনত ৰাজপাটত বহুৱাইছিল বহুতো আশা আৰু সপোন বুকুত বান্ধি । কিন্তু দুটা কাল শাসনত থাকিও সেই আশা আৰু সপোনৰ সফল ৰুপায়ন কৰাত চৰমভাবে ব্যৰ্থ হ’ল। সৰহ সংখ্যক অসমবাসীয়ে তেখেত সকলৰ সেই দুটা কাৰ্য্যকালক চৰম প্ৰতাৰণা বুলি ক’বলৈ কুণ্ঠাবোধ নকৰিলে আৰু বিগত তিনিটা কাৰ্য্যকালৰ বাবে তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছক জয়ী কৰালে ।
তৰুণ গগৈ নি:সন্দেহে অসমে পোৱা সৰ্ব্বকালৰ সফল মুখ্যমন্ত্ৰীসকলৰ ভিতৰৰ এজন। তেখেতৰ কাৰ্য্যকাল কেইটাত নিশ্চয় বহুতো উন্নয়ন মুলক কাম হৈছে । সেই কথা নিৰপেক্ষভাৱে চালে হয়তো তেখেতৰ শতৰুৱেও মানি ল’ব। তেখেতৰ কেবিনেটৰ কেইজনমান মন্ত্ৰীৰ কাম কাজও চাব লগা ধৰণৰেই । কিন্তু ইমান খিনিৰ পাছতো অসমৰ জনগণ সুখী নে ? অসমৰ জনগণে পৰিবৰ্ত্তন নিবিচাৰেনে ? তাৰ উত্তৰ একেষাৰতে পজিতিভেই হ’ব ।
এই পৰিবৰ্ত্তন বিচৰাৰ কাৰণ কেইবাটাও । কিন্তু মূল কাৰণটো হ’ল দুৰ্নীতি । ইমান খোলাকৈ দুৰ্নীতি, চিণ্ডিকেট আদি কিজানি অসমৰ ইতিহাসতেই হোৱা নাছিল । আৰু শক্তিশালী বিৰোধীৰ অবৰ্তমানত গগৈ ডাঙৰীয়া কিছুপৰিমানে যেন বেপেৰুৱা হৈ পৰিল । ডাঙৰ ডাঙৰ ইচ্ছ্যুবিলাক টুলুঙা যুক্তিৰে ৰাজহুৱা কৰিব ধৰিলে। কিন্তু গগৈ ডাঙৰীয়াৰ নেতৃত্বৰ কংগ্ৰেছ দলটোৰ চৰম অৰাজক পৰিবেশটো বিৰোধী দলবোৰৰ পৰা অসমবাসীয়ে আশা কৰা ধৰণে সঁহাৰি পোৱাত বাৰুকৈয়ে ব্যৰ্থ হ’ল ।
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEiMygwnzWp0Yd2nhJm9z3hUb-pso6IXFbeu3nPNf298do1uKS-W36DjDq5xVgztcOav15E_AU1w493zCwPRWparz5zbmRNLeebB8J4Zk6l1oEaSLLZxIV2ZJUrOoQROEtNJZPkP77qz1jc/s1600/2.jpg)
তাৰ প্ৰমাণ আজি কিছুদিন আগতে হৈ যোৱা স্বায়ত্বশাসিত পৰিষদকেইখনৰ ফলাফলেই যেন প্ৰমাণ কৰিলে। ৰাইজে তথাকথিত ৰাজনৈতিক দল বিলাকক পোনচাতেই নাকচ কৰিবলৈ কূন্ঠাবোধ নাই কৰা। ৰাইজ আজি বিকল্পৰ সন্ধানত । কিন্তু কোন হ’ব পাৰে এই বিকল্প?
যদি গভীৰলৈ চোৱা যায় তেতিয়া দেখা যায় অসমৰ প্ৰায় সকলোবোৰ দলেই ( কমিউনিষ্ট দকেইটাৰ বাহিৰে) ধৰ্ম্ম বা জাতি জনগোষ্ঠীক প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰতিনিধিত্ব কৰে । সেইকাৰণে নিপীড়িত জনগণে আচল প্ৰতিনিধিত্ব নাপায়গৈ ।এতিয়া কথা হ’ল এই জাতি- ধৰ্ম্ম নিৰ্বিশেষে সমগ্ৰ নিপীড়িত জনগণক প্ৰতিনিধিত্ব কৰিব পৰা কোনোবা নেতা বা দল আছেনে ? এই মূহূৰ্তত একাষাৰতে আছে বুলি ক’ব নোৱাৰি যদিও অখিল গগৈৰ নেতৃত্বৰ কৃষক মুক্তিৰ সেই ভুমিকা ল’ব পৰাৰ ক্ষমতা থকা যেন নিশ্চয় লাগে । অখিল গগৈয়ে তাৰ বাবে অৱশ্যে যথেষ্ট কষ্ট কৰিব লাগিব ।
বৰ্ত্তমানলৈ দেখা গৈছে অখিল গগৈয়ে লগাই-নলগাই কিছুমান কামো কৰি ফুৰে, অৱশ্যেই এইটো তেখেতৰ ষ্টাইল বা কৌশলো বুলিব পাৰি। কিন্তু এই মূহুৰ্তত তেখেতে জাতি, ধৰ্ম্ম নিৰ্বিশেষে শোষিত শ্ৰেণীক প্ৰতিনিধিত্ব কৰা যেন দেখা যায় । অসমবাসী ৰাইজ ভুলেই হঁওক বা শুদ্ধভাবেইহঁওক যথেষ্ঠ আবেগিক আৰু জাতীয়তাবাদী । তেখেতে এই আবেগ প্ৰৱণ জাতীয়তাবাদী জাতি এটাক কিদৰে একগোট কৰি একেলগে আগুৱাই নিব পাৰে তাৰ ওপৰতো তেখেতৰ ভৱিষ্যত ৰাজনৈতিক জীৱন নিৰ্ভৰ কৰিব ।
আম আদমী পাৰ্টিৰ সম্পুৰ্ণ ওলোটাকৈ তেখেতৰ সমৰ্থনৰ মূল উৎস কিন্তু অসমৰ গ্ৰাম্য অঞ্চল । অখিল গগৈক এতিয়াও তেখেতৰ কাৰ্য্য পন্থাই চহৰ অঞ্চলৰ বিশেষকৈ নতুন যুৱ চামক আকৰ্ষিত কৰিব পৰা নাই। তাৰ কাৰণ হয়তো কেবাটাও । তাৰে এটা নিশ্চয়- তেখেতৰ নিদিষ্ট কোনো এজেণ্ডা নথকাটো ।
যোৱা এটা দশক তেখেতে বিভিন্ন ধৰণে প্ৰতিবাদক এক অন্য স্তৰলৈ নিবলৈ সক্ষম হৈছে সেইটো সকলোৱে মানিবই লাগিব। সকলোতকৈ ডাঙৰ কথাটো হৈছে আজি কেইবছৰমান সফলতাৰে নেতৃত্ত্ব দি আহিছে লগতে এটা সম্পূৰ্ণ নিকা ভাবমূৰ্ত্তি বজাই ৰাখিবলে সক্ষম হৈছে । এই নিকা ভাবমূৰ্ত্তিক সাৰথি কৰি তেওৰ নেতৃত্বত জনগণেও নিশ্চয় এক বিকল্পৰ সন্ধান কৰিব পাৰে ।
আম আদমী পাৰ্টিৰ তুলনাত অখিল গগৈৰ সংগাঠনিক ভেটিও যথেষ্ট সৱল । কিন্তু তেখেতে ল’ব লগা প্ৰতিটো খোজ সাৱধানে দিব লাগিব। তেখেতৰ দুৰ্নীতিৰ বিৰুদ্ধে স্থিতিও সবল কৰিব লাগিব । এই পৰ্য্যন্ত তেখেতৰ দুৰ্নীতিৰ বিপক্ষে স্থিতি কেৱল ব্যক্তি বিশেষতে শেষ হোৱা দেখা গৈছে ।এই ক্ষেত্ৰত তেখেতে নিজক কিদৰে প্ৰক্ষেপ কৰিবলৈ সক্ষম হয় সেইটো মন কৰিব লগা হ’ব। যিহেতু আম আদমী পাৰ্টি আৰু তেখেতৰ নেতৃত্বৰ কৃষক মুক্তিৰ দৰ্শনত যথেষ্ট মিল দেখা যায়, গতিকে এই দুয়োটা দলে যদি অসমৰ দৰে সমস্যা বহুল ৰাজ্যত একে লগে কাম কৰিব লয় ,অসমত নিশ্চয় এক অনন্য বিকল্পৰ আশা কৰিব পাৰিম। কিন্তু তাৰ বাবে তেখেতে কি ধৰণে নিজক প্ৰক্ষেপ কৰিবলৈ সক্ষম হয় সেইটো মন কৰিব লগা হ’ব।
-------------------------------------------------------------------------
(লেখাটি আজিৰ সংখ্যা অসমীয়াৰ প্ৰতিদিনতো প্ৰকাশিত হৈছে)
লেখকৰ ঠিকনাঃ জ্যেষ্ঠ অভিযন্তা, সাসল লিমিটেড, সাসলবুৰ্গ, দক্ষিণ আফ্ৰিকা, ফোন: +২৭ ৮২০৮৪০২৫৯
ই মেইল:agnivdd@yahoo.com, : agniv.dutta@sasol.com
No comments:
Post a Comment