গ্ৰন্থ আলোচনা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

গ্ৰন্থ আলোচনা

গ্ৰন্থ আলোচনা

Share This
পঢ়ুৱৈৰ দৃষ্টিৰে কেনী বসুমতাৰীৰ ইংৰাজী উপন্যাস
"চকলেট_গীটাৰ_ম’ম’জ"
জলি ৰুমী বৰা
সংগীতৰ জগতত প্ৰতিষ্ঠা লাভৰ বাবে সংগ্ৰাম কৰি থকা এজন অসমীয়া যুৱক, জোছেফ৷ কেইবাগৰাকী প্ৰেয়সীৰে সৈতে তিক্ততাপূৰ্ণ আৰু বিফল সম্পৰ্কৰ অন্তত জোছেফে গল্প-উপন্যাসত থকাৰ দৰে অদৃষ্টই নিৰ্ধাৰণ কৰি থোৱা জীৱনৰ প্ৰকৃত সংগী (soulmate) গৰাকীৰ সন্ধানত নামে৷ 

বোলছবিৰ নায়কৰ ক্ষেত্ৰত হোৱাৰ দৰে আঠবছৰৰ আগতে গুৱাহাটীৰ কোনো এটা বাছ আস্থানত বাটৰ সিপাৰৰ পৰা তেওঁলৈ চাই এগৰাকী যুৱতীয়ে মিচিকিয়াই হঁহাৰ মুহুৰ্তটোৱে সেই অদৃষ্টৰ ইংগিত বুলি তেওঁ ধৰি লয়৷ উদ্ভট যেন লাগিলেও তেওঁৰ প্ৰিয় বন্ধু উৎপলেও জোছেফৰ এই সন্ধানত সহায় কৰে৷ কিন্তু সমস্যা হ’ল, সেই বিশেষগৰাকীৰ কোনো তথ্যই জোছেফৰ হাতত নাই৷ নাম-ঠিকনাতো দূৰৰে কথা তেওঁৰ চেহেৰাটোৱে জোছেফৰ সঠিককৈ মনত নাই৷ কেৱল মনত আছে-সেইদিনা তেওঁ এটা ছাই-বৰণীয়া স্কাৰ্ট পৰিধান কৰি আছিল৷ তথাপিও হতাশ নহৈ দুয়ো বন্ধুৱে কেৱল এই কথাটোকে ভেঁটি হিচাপে লৈ ইন্টাৰনেট আৰু বন্ধুবান্ধৱৰ সহায়েৰে সন্ধানত নামি পৰে৷ এনে এক অহেতুক আৰু ৰোমান্তিক বিলাসপূৰ্ণ সন্ধানেৰে আৰম্ভ হৈ দুয়ো বন্ধুৰ ঘটনাবহুল জীৱন পৰিক্ৰমা কিদৰে আগবাঢ়ে তাৰে কাহিনী কেনী দেউৰী বসুমতাৰীৰ চকলেট_গীটাৰ_ম’ম’জ’ (Chocolate Guitar Momos) নামৰ উপন্যাসখন৷

২০১৩ চনত মুক্তি পোৱা ‘লোকেল কুংফু’ নামৰ প্ৰথম অসমীয়া এক্স’ন-কমেডী চলচ্চিত্ৰখনৰ পৰিচালনাৰে জনপ্ৰিয় হৈ পৰা কেনী দেউৰী বসুমতাৰীয়ে এগৰাকী উদীয়মান লেখক ৰূপে আত্মপ্ৰকাশ কৰে ২০১১ চনত প্ৰকাশ পোৱা ‘চকলেট_গীটাৰ_ম’ম’জ’ নামৰ এই প্ৰথম ইংৰাজী উপন্যাসখনেৰে৷ আধুনিক পৃথিৱীৰ যুৱ প্ৰজন্মৰ মনস্তত্বৰ এক হাস্য-মধুৰ প্ৰতিফলন এই উপন্যাস৷ মূলত: গুৱাহাটী মহানগৰীক পটভূমি হিচাপে লৈ ৰচিত উপন্যাসখনত নগৰীয়া জীৱন সুন্দৰভাৱে ৰূপায়িত হৈছে৷ এগৰাকী অভিলাসী আৰু ৰোমান্তিক যুৱকৰ প্ৰেমৰ কাহিনীৰে আগবঢ়া বিষয়বস্তুত বিশেষ নতুনত্ব নাই যদিও কাহিনীৰ উপস্থাপন খুবেই আকৰ্ষণীয়৷ কাহিনীৰ আদিৰে পৰা শেষলৈকে চৰিত্ৰসমূহৰ ৰসাল (witty) কথোপকথন, কামৰ ধৰণে পাঠকক যথেষ্ট হাঁহিৰ খোৰাক যোগাব৷ উপন্যাসৰ সামৰণিয়ে এক অপ্ৰত্যাশিত গতি লৈ পাঠকক কিছু চাচপেঞ্চত ৰাখিবলৈও সক্ষম হৈছে৷ 

কিতাপখনৰ আকৰ্ষণীয় নাম আৰু বেটুপাতৰ দৰেই কাহিনীৰ উপস্থাপনৰ ধৰণো ব্যতিক্ৰমী আৰু উপভোগ্য৷ মুঠতে ২২ টা খণ্ডত বিভক্ত উপন্যাসখনৰ পঞ্চম খণ্ডটোত (A Year Goes by) কেৱল এটা বাক্য ‘ A Year went by’ৰে লেখকে কৌতুকপূৰ্ণভাৱে সামৰি থৈছে৷ হাস্যৰসেৰে পৰিপূৰ্ণ ঘটনাসমূহ আৰু কাহিনীৰ ক্ষিপ্ৰ গতিৰ বাবে আমনি নিদিয়াকৈ একেবহাতে শেষ কৰিব পৰাকৈ উপন্যাসখনে যিকোনো স্তৰৰ পাঠকৰ মনোযোগ আকৃষ্ট কৰিবলৈ সক্ষম হ’ব৷ উপন্যাসখনৰ শেষৰ কিছু অংশত অত্যাধিক নাটকীয়তাই উজুটি খুৱায় যদিও সামগ্ৰিকভাৱে নৱ-প্ৰজন্মৰ বাবে উপন্যাসখন যথেষ্ট উপভোগ্য হ’ব বুলি আশা কৰিব পাৰি৷ উপন্যাসৰ কাহিনীত অদৃষ্টই ঠিক কৰি থোৱা সেই বিশেষগৰাকীৰ সন্ধানৰ বাবে নায়কে সৃষ্টি কৰা গানটোৰ স’তে কাহিনীৰো কিছু আভাস পাবৰ বাবে লেখকৰ ভিডিঅ’ টোও চাব পাৰে ( https://www.youtube.com/watch?v=cZ5zJhqoqlU ) ৷

প্ৰথমখন উপন্যাসতে নিসন্দেহে কেনী দেউৰী বসুমতাৰীয়ে তেওঁৰ সাহিত্য প্ৰতিভাৰ পৰিচয় দিছে৷ অনাগত দিনত তেওঁৰ পৰা যুৱপ্ৰজন্মৰ উপযোগী এনে অধিক অৱদান আশা কৰিলো৷

নাম: চকলেট_গীটাৰ_ম’ম’জ (Chocolate_Guitar_Momos)
লেখক: কেনী দেউৰী বসুমতাৰী
ভাষা: ইংৰাজী
প্ৰকাশক: ৱেষ্টলেণ্ড লিমিটেড ( Tranquebar Press, Westland Limited) (৩০ জানুৱাৰী, ২০১১)
মূল্য: দুশ টকা
পৃষ্ঠা সংখ্যা: ২৪৮ পৃষ্ঠা
(কিতাপখন অনলাইন বিক্ৰেতা snapdeal.com, infibeam.com, infibeam.com আৰুcrossword.in তো উপলব্ধ)

No comments:

Post a Comment