আইন আদালত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আশুমলৰ পৰা পাপনলৈঃ আচৰণ আৰু আইন
অধিবক্তা মনালী চি দত্ত
মানুহৰ আচৰণ আৰু চৰিত্ৰ একেদিনাই গঢ় নলয়। এয়া এক অবিৰত প্ৰক্ৰিয়া। ঘৰ পৰিয়ালৰ পৰিবেশ, সংস্কাৰ, জ্যেষ্ঠ জনৰ প্ৰভাৱ আদিৰ দ্বাৰা মানুহ এজনৰ জীৱনৰ গতিৰ লগে লগে সমান্তৰালভাৱে আচৰণবোৰ গঢ় লয়। চৰিত্ৰ এজোপা গছ বুলিলে সুনাম তাৰ ছাঁ বুলিও কব পৰা যায়।  
আচলতে প্ৰতিজন মানুহেই দেৱশিশু হিচাবে জীৱন আৰম্ভ কৰে, একদম নিস্পাপ ৰূপত। জীৱনৰ পদে পদে পোৱা ঠেকা-শিকা আদিয়ে মানুহজনকো গঢ়ি পিটি নি থাকে। বহুতেই জীৱনত কৰা সফলতাৰ সাধনাৰ বাবে বহুতো উচ্চ স্তৰ আৰোহণ কৰিবলৈ সক্ষম হয়। কিন্তু হঠাতে কোনো অসতৰ্ক মুহূৰ্তত ধৰা পৰা কিছুমান কথাই মানুহজনৰ বৰ্হিঃ ছবিখন ধ্বংস কৰি পেলোৱাৰ নানা ঘটনা ইতিহাসে প্ৰত্যক্ষ কৰি আহিছে। একোটা এনে দাগেই এটা বগা চাৰ্টক মলিন কৰি পেলোৱাৰ দৰে মানুহ এজনৰ জীৱনকো মলিন বুলি পৰিগণিত কৰে। আৰু এনে ঘটনা সাধাৰণতে সংঘটিত হয় চৰিত্ৰগত পতনৰ ক্ষেত্ৰত। আৰু মানুহৰ চৰিত্ৰ একে দিনাই গঠনো নহয়, বা পতনো নহয়। প্ৰমাণ সহ ধৰাহে হঠাতে এদিনা পৰে। বিশেষকৈ নাৰী সক্ৰান্তীয় ভিন্ন আচৰণ তথা ঘটনাৰ ক্ষেত্ৰৰ কিছু ঘটনা ইয়াত আলোচনা কৰিবলৈ লোৱা হৈছে আৰু তাৰ সৈতে আইনী দিশটোও উল্লেখ কৰিবলৈ চেষ্টা কৰা হৈছে। 


দৃশ্যপট-১: আমি এঘৰ মানুহৰ ঘৰলৈ সোমাই গলো, তেখেত আমাৰ সহকৰ্মী মহাৰাষ্ট্ৰৰ। তেওঁৰ আলহী বহা কোঠাতে ডাঙৰ এখন লাইফ চাইজ ফটোত ধুপ ধূনা জ্বলাই থোৱা আছে, সেয়া তেওঁলোকৰ গুৰু। আমিও ঘৰৰ পৰিবেশলৈ দৃষ্টি ৰাখি প্ৰণাম কৰিলো। সহকৰ্মীয়ে ভাল পালে আৰু গুৰুৰ ঐশ্বৰিক শক্তি আদিৰ গুণানুকীৰ্তন কৰিবলৈ ধৰিলে। তেওঁলোকৰ পৰিয়ালে বন্ধৰ দিনত কেনেকৈ আশ্ৰমলৈ যায়গৈ। বহুতো দুখীয়া ভক্তই এসাঁজ খাবলৈ পাব, পঢ়িবলৈ পাব বুলি গুৰুৰ আশ্ৰমলৈকে পঠাই দিয়ে। কিন্তু এমাহৰ পাছতে সেই গুৰুৰ বিৰুদ্ধে নাবালিকা নিৰ্যাতনৰ গোচৰ ৰুজু হ’ল। তেওঁৰ পুত্ৰৰ বিৰুদ্ধেও গোচৰ ৰুজু হ’ল। তাৰ পাছত এদিন আমি পুনৰ সহকৰ্মীগৰাকীৰ ঘৰলৈ গলো, কিন্তু তেওঁলোকৰ গুৰু ধৰ্ষণৰ অভিযোগত পুত্ৰ সহ জেলত বন্দী হৈ থকাৰ পাছতো কোনো ভক্তি কম হোৱা নাই। তেওঁলোকৰ অনুগামী সকলৰ মতে সেয়া ৰাজনৈতিক ষড়যন্ত্ৰহে। একেদৰেই অসমৰ এখন বিখ্যাত বাবাৰ আশ্ৰমত থাকি পঢ়িবলৈ যোৱা ষোড়ষী বাইদেউ এগৰাকীয়ে ‘অজান’ কাৰণত আত্মহত্যা কৰিলে। সেইখন আশ্ৰমৰ কথাও বহুত বেয়াকৈ ওলাইছিল যদিও, পিতৃ-মাতৃৰ গুৰুৰ প্ৰতি অকুণ্ঠ শ্ৰদ্ধা কম নোহোৱাত জীয়ৰী হেৰুৱাইয়ো কোনো আইনী প্ৰক্ৰিয়ালৈ নগ’ল। বাবা ৰামৰহিমৰ ক্ষেত্ৰতো একেই নিৰ্যাতনৰ কাহিনী পোহৰলৈ অনা বাতৰি কাকতৰ সম্পাদকজনৰেই হত্যা সংঘটিত হ’ল। কিন্তু বহু দেৰিকৈ হলেও তেওঁৱো এতিয়া জেলত আছে। সময়ে হেনো সত্যক পোহৰলৈ অনাৰ বাট নিজেই উলিয়াই।

দৃশ্যপট-২: তেহেলকা.কমৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক তৰুণ তেজপালৰ বিৰুদ্ধে এগৰাকী নতুনকৈ যোগ দিয়া সহকৰ্মীয়ে যৌন আতিশয্যৰ অভিযোগ উত্থাপন কৰিলে ২০১৩চনত। গোৱাত হোৱা থিংক সন্মিলনলৈ যাওতে এই ঘটনা সংঘটিত হৈছিল। এই বিষয়টোক লৈ দেশৰ অন্য এজন অনুসন্ধানী সাংবাদিক মহীৰুহ স্বৰূপ লোকে এটা প্ৰৱন্ধত লিখিলে, যে তেজপালৰ দৰে উচ্চ স্তৰৰ লাইফ ষ্টাইলত অভ্যস্ত লোকৰ জীৱনত কোনো নাৰীৰ সৈতে সন্ধিয়াই ক্লাৱে বাৰে পাবে চিনাকি হোৱা আৰু ৰাতিলৈ কৰবাত গাড়ী পাৰ্ক কৰি তাতেই ‘কনচেচুৱেল চেক্স’ উপভোগ কৰাটো একো নতুন কথা নহয় আৰু সেইবোৰ তেনে লাইফষ্টাইলৰ এক অংগই। গতিকে সেই আচৰণৰ অভ্যাসৰ ফলতে চাগৈ মানুহজনৰ মনত এক বেলেগ ধৰণৰ আত্মবিশ্বাসে বাঁহ লয় বা ললে। সেয়ে তেওঁ নিজ কন্যাৰ শ্ৰেষ্ঠ বান্ধৱী গৰাকীকো একেই ‘মত নিদিয়াৰ প্ৰশ্নই নুঠে’ শাৰীলৈ মনতে তুলি ধৰিলে। তাৰ ফলতে লিফটত জোৰকৈ অন্তঃবাস পৰ্যন্ত খুলি, কেইচেকেণ্ডমানৰ ভিতৰতে নাৰীগৰাকীৰ যৌনাংগত আঙুলি ভৰাই দিয়াৰ দৰে ঘটনা ঘটিল। যিটো নাৰী নিৰ্যাতন আইনৰ ২০১৩ৰ সংশোধনীমতে ধৰ্ষণ আৰু নাৰীৰ মৰ্যদাহানি কৰাৰ একে সমান অপৰাধ। প্ৰথম দিনাৰ এনে নিৰ্যাতনত আৰু আগবাঢ়িবলৈ নিদিয়াৰ বাবে ৰাতিলৈ তেজপালে নাৰীগৰাকীলৈ ‘ফিংগাৰটিপচ’ বুলি এটি এচএমএচ পঠালে। দ্বিতীয় দিনাই একেই পুনৰাবৃত্তি। কিন্তু ক্লজ চাৰ্কিট কেমেৰাৰ ফুটেজ আৰু এই এটা শব্দৰ এচএমএছৰ জৰিয়তেই নাৰীগৰাকীয়ে কৰা অভিযোগ প্ৰমাণিত হয় আৰু তৰুণ তেজপালে জেলৰ ভাত খাবলগীয়া হয়। দেশৰ আইন ব্যৱস্থাই কৰ্মস্থলীত নাৰীৰ সুৰক্ষাৰ বাবে বিশাখা গাইডলাইন মতে এক নীতি নিয়ম তৈয়াৰ কৰি ৰাখিছে। তৰুণ তেজপালৰ দৰে মালিকৰ বিৰুদ্ধ কোম্পানীৰ এনে বিশাখা গাইডলাইনৰ কমিটিয়ে একো কৰিব নোৱাৰে বা নোৱাৰিলে। ফলত সেই কমিটিৰ দায়িত্বত থকা নাৰীগৰাকীয়ে পদত্যাগ কৰি ধনবল আৰু উচ্চ পদত আসীন সকলে কৰা নিৰ্যাতনৰ বিৰুদ্ধে যুঁজিবলৈ যে কিমান এতিয়াও ব্যৱস্থা অসহায় তাকেই প্ৰমাণ কৰিলে। তেজপাল এতিয়া জামিনত আছে যদিও তেওঁৰ বিৰুদ্ধে under IPC sections 354-A (sexual harassment), 376 (rape), 376(2)(k) (rape of a woman by a person being in position of control or dominance over the woman). Police later added charges under IPC sections 341 (wrongful restraint) and 342 (wrongful confinement), 376 (2) (f) (person in position of trust or authority over women, committing rape of such women), 376 C (sexual intercourse by person in authority) and section 354 (assault or criminal force to woman with intent to outrage her modesty) ৰ অধীনত ন্যায়িক প্ৰক্ৰিয়া চলি আছে।

দৃশ্যপট-৩ ৱিকিলিকচৰ প্ৰতিষ্ঠাতা জুলিয়াচ আচাঞ্জৰ বিৰুদ্ধে ডেনমাৰ্কত দুটাকৈ যৌন নিৰ্যাতনৰ গোচৰ ৰুজু হয়। এই গোচৰৰ বিষয়ে অধ্যয়ন কৰিলে এই কথা বুজি পোৱা যায় যে ‘কনচেচুৱেল চেক্স’ৰ ক্ষেত্ৰতো নাৰী এগৰাকীয়ে যি কোনো মুহূৰ্ততে নিজৰ সন্মতি উইড্ৰ কৰিব পাৰে। যেনে প্ৰথমটো গোচৰৰ ক্ষেত্ৰত যদিও কনচেচুৱেল চেক্স আছিল, কিন্তু নাৰীগৰাকীয়ে অসুৰক্ষিত ভাৱে এই কাৰ্যত লিপ্ত হব খোজা নাছিল। অনিচ্ছা স্বত্তেও আচাঞ্জে নিৰোধ পৰিধান কৰিলেও এটা মুহূৰ্তত সেয়া ফাটি যোৱা বুলি গোচৰীয়া পক্ষই অভিযোগ কৰে। এই মুহূৰ্তত নাৰীগৰাকীয়ে যৌনকাৰ্য বন্ধ কৰিবলৈ কয় যদিও পদকীয়াই সেইকথা মানি নলৈ নিজৰ খেয়াল খুচি অব্যাহত ৰাখে। এই ক্ষেত্ৰত সেইখন দেশৰ আইনে মেজৰ ৰেপ, মাইনৰ ৰেপ আদি কেইবাটাও ভাগত ভাগ কৰি তাৰ বাবে দণ্ড বিধান কৰি ৰাখিছে। একেদৰেই দ্বিতীয়টো কেচত, গোচৰীয়া নাৰীগৰাকীয়ে পুৱতি নিশা টোপনিত থাকোতেই পদকীয়াই যৌনকাৰ্য কৰে আৰু সাৰ পাই দেখি গোচৰীয়াই তাত আপত্তি দৰ্শায়। এই কেচতো গোচৰীয়াক বিনাঅনুমতিত স্পৰ্শ কৰি যৌনকাৰ্য কৰাৰ বাবে গোচৰ চলাবলৈ ন্যায়াধীশে অনুমতি দিয়ে।

দৃশ্যপট-৪ এগৰাকী জুনিয়ৰ মহিলা অধিবক্তাই এগৰাকী চিনিয়ৰৰ তাত সন্ধিয়া চেম্বাৰ কৰিবলৈ যায়। বয়সীয়াল জ্যেষ্ঠ অধিবক্তাই প্ৰায়েই তেওঁৰ সংসাৰত পত্নীৰ সৈতে মনোমালিন্য আদিৰ কথা উল্লেখ কৰি থাকে। জুনিয়ৰ নাৰীগৰাকীয়ে কথাটো ইমান মন নকৰে। যেতিয়া জ্যেষ্ঠ অধিবক্তাই তেওঁ সংগীহীনতাত ভূগিছে, শাৰিৰীক ভাৱে সুখী নহয়, এইবোৰ গাবলৈ ধৰে আৰু কথাৰ চলেৰে জুনিয়ৰৰ হাত ধৰিবলৈ চেষ্টা কৰে। তেতিয়া জুনিয়ৰে চৰমাৰি দিয়াৰ বাহিৰে উপায় নাথাকে। বাহিৰত কবলৈকো অসুবিধা কাৰণে বহু ক্ষেত্ৰতে কেচ তৰা নাযায়, যাৰ বাবে এনে নিৰ্যাতনকাৰীৰ সাহস ধাৰাবাহিকভাৱে বৃদ্ধি পাবলৈ ধৰে। কৰ্মস্থলীত নাৰীৰ সুৰক্ষাৰ বাবে থকা বিশাখা গাইডলাইনচৰ সবিশেষ এই লিংকত পাবঃ Sexual Harassment of Women at Workplace (Prevention, Prohibition and Redressal) Act, 2013,  www.iitg.ac.in/iitgicc/docs/Vishaka_Guidelines.pdf মহিলা কৰ্মীৰ প্ৰতি এনে মনোভাৱ কেৱল অ ধিবক্তাৰ ক্ষেত্ৰতে নহয়। যি কোনো ব্যক্তিগত খণ্ডত কাম কৰা ৰিচেপচনিষ্ট, পিএ আদিক যেন সহজ টাৰ্গেট হিচাবে মনতে ভাৱ পোষণ কৰি চলি থাকে সমাজ। সন্ধিয়া অকলে চেম্বাৰত একেলগে কাম কৰিবলৈ অনুমতি দিয়া মানেই যে যৌন অনুগ্ৰহ দিবৰ বাবে ৰাজী হৈছে সেই কথা কেতিয়াও ভাবিব নালাগে। ৰিজৰ্টলৈ ল’ৰাৰ লগত যোৱা মানেই যে শাৰীৰিক ভাৱে স্পৰ্শ কৰাৰ অনুমতি দিয়া হৈছে সেয়া কেতিয়াও নহয়। এই স্পৰ্শকাতৰ বিষয়টোক লৈয়ে ‘পিংক’ চিনেমাখন নিৰ্মাণ হৈছে।

দৃশ্যপট-৪: কাহানী-২ নামৰ সুজিত চিৰকাৰৰ পৰিচালিত আৰু বিদ্যা বালন অভিনীত চিনেমাখনত এগৰাকী শিশুক যৌন নিৰ্যাতন চলোৱাৰ কাহিনী ফুটাই তোলা হৈছে। তাত শিশু গৰাকীয়ে নিৰ্যাতনৰ কথা শিক্ষকৰূপী বিদ্যা বালনক বুজাই দিয়াৰ পাছতো সেই কথা আইতাকক কওতে সেয়া মানি লবলৈ অস্বীকাৰ কৰিছে। খুড়াকে ভাল পায় কাৰণে মৰম কৰিবই, তাইক মৰম নকৰি কাক কৰিব ধৰণৰ কথাৰে স্বভাৱসিদ্ধ ভাৱে ঘটনাটোক তৰল কৰিব দিবলৈ বিচৰা হৈছিল। শিশু নিৰ্যাতনৰ ঘটনাৰ ক্ষেত্ৰত সেয়ে কথাবোৰ অতি জটিল আৰু সেয়ে ভাৰতত বৰ্তমানে থকা পচকো আইনখন যথেষ্ট কঠোৰ। তাত নিৰ্যাতিতাই নিৰ্যাতন হৈছেনে নাই চাৰ্টিফাই কৰাৰ প্ৰয়োজন নাই বা মাক-দেউতাকে নিৰ্যাতিতাৰ ওপৰত নিপীড়ন হৈছেনে নাই তাক চাৰ্টিফাই কৰাৰো অধিকাৰ দিয়া হোৱা নাই। সেয়ে এইখন আইনৰ কঠোৰতাৰ দিশটো চাই ষড়যন্ত্ৰমূলক ব্যৱহাৰ হয় বুলি বহুতেই বিৰোধিতাও কৰিছিল। কিন্তু আজিৰ তাৰিখত ধাৰা ৭,৮,৯ অধীনত নাবালিকা নিৰ্যাতনৰ ঘটনাত কেৱল সৰু প্ৰমাণৰ ভিত্তিতে গুৰু শাস্তি হোৱাৰ উদাহৰণ আছে। আনকি দৃশ্যপট-১ত উল্লেখ কৰাৰ আশুমল ওৰফে আছাৰাম বাপুৰ ক্ষেত্ৰতো প্ৰথমে পচকো আইনৰ প্ৰয়োগ কৰাতেই তেওঁ গ্ৰেপ্তাৰ হব লগা হৈছিল। কিন্তু পাছত যেনিবা নিৰ্যাতিতাৰ বয়সৰ চাৰ্টিফিকেট যোগে আছাৰাম বাপুৰ উকিলে, সেই আইনৰ sections 23 & 26 of Juvenile Justice Act and Section 5(f)/6, 5(g)/6 and 7/8 of Protection of Children from Sexual Offences Act. ৰ আওতাৰ পৰা উদ্ধাৰ কৰি বয়স্কাৰ যৌন নিৰ্যাতনৰ আইনৰ আওতালৈ কেচটো নিবলৈ সক্ষম হয়। বৰ্তমান তেখেত sections 342, 354A, 370(4), 376(2)f, 376D, 506, 509/34 and 120 (B) of IPC ৰ অধীনত বিচাৰধীন হৈ আছে।

দৃশ্যপট-৫ এগৰাকী বালক-বালিকাক সৰুৰে পৰা এজন শিক্ষকে ঘৰুৱা টিউচন কৰে। সময়ৰ লগে লগে ল’ৰা ছোৱালী হালো ডাঙৰ হৈ আহিছে, ছাৰৰ তত্ত্বাৱধানত ৰিজাল্টো ভাল হৈ আহিছে। সেয়ে মাক দেউতাকে ছাৰক লৈ নিশ্চিন্ত। কিন্তু ছোৱালীৰ কন্যাকালৰ পাছতে এদিন হঠাত মাকে আৱিস্কাৰ কৰিলে যে, হাতৰ চেকনিৰে শিক্ষকজনে কন্যাৰ অন্তৰ্বাস টনাটনি কৰে। লগে লগে হুলস্থুল, ৰাইজ চাপি আহি ঘৰুৱা শিক্ষকক ঘৰতে পিটন দি বিদায় দিলে। বপুৰা সিমানতে ৰক্ষা পৰিলে, কেচ দিয়া হ’লে জেলৰ ভাল খোৱাটো নিশ্চিত আছিল। আজিকালি সেয়ে মানুহে ঘৰত শিশু থাকিলে, আন কাৰোবাৰ সৈতে থৈ আহিব লগা হ’লে চিচিটিভি কেমেৰা লগোৱাৰ ব্যৱস্থা কৰিছে। শিশুৰ মানসিক জীৱৰ সুৰক্ষাৰ বাবে এয়া কৰাটো চাগৈ সময়ৰ আহ্বানেই। প্ৰফেচনেল চাৰ্ভিছত সদায়েই প্ৰফেচনেলিজমক গুৰুত্ব দিব লাগে। আমাৰ সন্তানক যদি গান শিকাবলৈ মাষ্টৰ মাতো, তেতিয়া তেওঁ গান শিকাব আৰু ফীজ লৈ গুচি যাব। গুৰু দক্ষিণা লৈছো বুলি শিশুৰ দ্বাৰা মাথা মালিচ কৰোৱা, দেহ মালিচ কৰোৱা যদি দেখিবলৈ পাও, আমি জানো সহ্য কৰিম। শেহতীয়াকৈ বিতৰ্কলৈ অহা অংগৰাগ পাপন মহন্তৰ ক্ষেত্ৰত চুমাৰ ভিডিঅ’টোতকৈ গুৰু দক্ষিণা বুলি মালিচ লোৱাৰ ভিডিঅ’ যিটো তেওঁ কেনেদৰে ঘোল মিলি থাকে, তাকে দেখুৱাবলৈ এগৰাকী প্ৰতিযোগী শ্ৰুতি গোস্বামীয়ে ফেচবুকত শ্বেয়াৰ কৰিছে। সেইটোৱেহে বেছি বিপদত পেলাব যেন লাগে। কাৰণ শাৰিৰীক সান্নিধ্যতা বা স্পৰ্শ কৰা বা লোৱাৰ অধিকাৰ কোনোও গুৰুক কেতিয়াও প্ৰদান কৰা নাই। নাৰ্চ এগৰাকীয়ে চেম্বাৰত কাম কৰিবলৈ লোৱা মানেই জানো ডাক্তৰ চাৰক মূৰ মালিচ কৰি থাকিব, বা সেই দৃশ্য দেখিলে নাৰ্ছৰ পৰিয়ালে সহজ ভাৱে লব। এইবোৰ হৈছে আচৰণ আৰু অভ্যাসে গঢ় দিয়া কথা আৰু যেতিয়া দৃষ্টিকটু হয়, তেতিয়াই অসুবিধাৰ সৃষ্টি হয়।

যিকি নহওক, যদিও দেশত কেইবাখনো আইনে নাবালিকাৰ পৰা সাবালিকালৈকে সকলো নাৰীৰ প্ৰতি নিৰ্যাতন ৰোধ কৰিবলৈ চেষ্টা কৰা হৈছে। নাৰী সুৰক্ষা কোষ, শিশু সুৰক্ষা কোষ আদিতো চহৰে নগৰে দপ্তৰ খোলা হৈছে। তথাপি, মাক-দেউতাকৰ সহযোগ অবিহনে আৰু শিশুক সজাগ নকৰালৈ বা নাৰীক যুঁজিবলৈ সাহস নিদিয়ালৈ এই প্ৰচেষ্টাবোৰ সফল হব যেন নালাগে। ৰিয়েলিটি শ্বৰ দ্বাৰা সন্তানৰ গ্লেমাৰেৰে নিজৰ পৰিচয় গঢ়িবলৈ যোৱা বুলি বহুতেই তাত অংশলোৱা বহুতো পিতৃ-মাতৃক সমালোচনা কৰিছে।  'চাৰে তোক আনবোৰতকৈ ভাল পায় কাৰণেহে বেছি মৰম কৰে'-ধৰণৰ কথাকোৱা অভিভাৱকেও বিপদত পেলায়।

কাহিনী-২ৰ নিৰ্দেশক সুজিত চিৰকাৰে শিশুৰ ৰিয়েল্টি শ্ব বন্ধ কৰি তেওঁলোকক পবিত্ৰতাক কলুষিত কৰাৰ পৰিবেশৰ পৰা বচাবৰ বাবেও আহ্বান জনাইছিল। ৰিয়েল্টি শ্বৰ শিশুৰ অংশগ্ৰহণৰ বাবেও চৰকাৰে কিছুমান গাইডলাইন স্থিৰ কৰি দিছে। এয়া বিজ্ঞাপন বা চিনেমাত অংশ লোৱাৰ বাবেও প্ৰযোজ্য।  সবিশেষ এই লিংকত পাবঃ http://mib.gov.in/sites/default/files/pc7.pdf এই গাইডলাইনৰ সৈতে চাগৈ পাপনৰ দৃষ্টিকটু আচৰণ প্ৰাৰম্ভিক অনুসন্ধানতে শোভা নোপোৱা বুলি পৰগণিত হৈছে, সেইবাবেই জিটিভিৰ মালিকে হয়তো তেওঁক শ্বৰ পৰা অপসাৰণ কৰিছে।

অসমীয়াত এষাৰ কথা আছে, এশ গৰু মাৰিলে বাঘৰো মৰণ হয়। তাত চাগৈ তাৰ দ্বাৰা বৰ্ধিত আত্ম-বিশ্বাসকে বুজাবলৈ চেষ্টা কৰা হৈছে। যেনেকৈ বাবা ৰাম ৰহিম, আচাৰাম আদিক মানুহে দিব্য স্পৰ্শৰে কৰুণা দিবৰ বাবে নিজ কন্যা বা সন্তানক গতাই থৈ আহে, তেতিয়া চাগৈ লাহে লাহে বাবাবোৰে সৰ্বস্ব উচ্চৰ্গা কৰিলেই যেতিয়া যিকোনো কৰিব পাৰি বুলি ভাবিবলৈ লয়। যেতিয়া নব্বৈটা ঘটনাত ধৰা নপৰে বা কোনেও মুখ নুখুলে, তেতিয়া অপৰাধীমনত আৰু সাহসে বাঁহ লয়। ভাবি লয় যে, কোনেও আপত্তি নকৰিব। কিন্তু সেই আত্মবিশ্বাসেই কাল হয়গৈ। প্ৰথমে সাৱধানে কৰা দুস্কাৰ্যবোৰলৈ সেই ডেমকেয়াৰ মানসিকতাই আনি দিয়ে কেজুৱেল এপ্ৰোচ আৰু সেই অসতৰ্ক মুহূৰ্ততে ধৰা পৰে এই আচৰণৰ প্ৰমাণবোৰ।

তৰুণ তেজপালে গোৱাৰ কেচত ধৰা পৰোতে বাৰে বাৰে এইটোৱেই কৈছিল যে তাইৰ সৈতে পাঁচ মিনিট অশ্লীল কথা বতৰা পাতিছিলো, সেয়ে তেওঁৰ কাৰ্য কনচেনচুৱেল! কনচেনচুৱেল নহবও পাৰে বুলি হেনো তেওঁ ভবাও নাছিল, যেতিয়া সেই কন্যাসম সাংবাদিক গৰাকীয়ে কৈছিল যে আপোনাৰ জ্যেষ্ঠা কন্যা মোৰ শ্ৰেষ্ঠ বান্ধৱী, এয়া ভাল কৰা নাই! তেতিয়াও তেওঁৰ মনলৈ শ্ৰীমতী, কন্যাৰ ছবি নাহিল, নিজকে সম্বৰণ নকৰিলে, দ্বিতীয় দিনাও একেই পুনৰাবৃত্তি। আৰু তাৰ ফলত জেলৰ ভাত। একেদৰেই মানুহে আচৰণৰ অভ্যাস গঢ়াৰ সময়ত ঘৰ পৰিয়াললৈ মনত নপৰে। ধৰা হওক, যদি শিল্পীয়ে ফাংচন বা পাবত টিছু পেপাৰত সন্ধিয়া চিনাকি হোৱা গুণগ্ৰাহী নাৰীয়ে লিপষ্টিকেৰে ফোনৰ নম্বৰ লিখি দিলে, সযতনে জেপত সুমুৱাই লৈ যায়, কি কৰিবলৈ। ইয়েই তেওঁৰ জীৱনধাৰাক বুজাবলৈ যথেষ্ট নহয়নে? তেওঁৱো যদি কোনো দুস্কাৰ্যত ধৰা পৰে, তেন্তে তেঁৱোটো দাবী কৰিব বাৰ বছৰতকৈ অধিক সুখ সংসাৰ আছে বুলি।  সেয়ে যেতিয়া মানুহ এজনৰ দীৰ্ঘদিনৰ আচৰণ আদি পৰ্যবেক্ষণলৈ আনে তেতিয়াহে এনে কেচত দোষী সাব্যস্ত কৰাটো সম্ভৱপৰ হয়। যৌন নিৰ্যাতনৰ ঘটনাৰ অপৰাধীৰ কোনো অচিন মুখ নাথাকে, সকলো চিনাকি মুখ। কাৰ কেতিয়া জান্তৱ জিনে ক্ৰিয়া কৰে আৰু তাকেই আচৰণত প্ৰতিফলিত হয়, তাতেই সৃষ্টি হয় অপৰাধমূলক নিৰ্যাতনৰ। সেয়ে ঘটনা গাপ দিয়াৰ মনোবৃত্তি পৰিহাৰ কৰি আইনী পথ লোৱাই হৈছে উত্তম পন্থা।    

2 comments:

  1. সুন্দৰ প্ৰবন্ধ।

    ReplyDelete
    Replies
    1. ধন্যবাদ‌। বহুত নজনা তথ্য জনাইছে।

      Delete