মনৰ কথা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

শিল্পী পাপনৰ বিতৰ্ক আৰু ভৱিষ্যত চিন্তা
(১)
ৰীমা বৰা
স্বাধীন চিনেমা নিৰ্মাতা, মুম্বাই
গুৰুত্বপুৰ্ণ বুলি ভাবি কিছু কথা লিখিবলৈ লৈছো। 

১. এই দুই তিনিদিন ধৰি যিবোৰ কথা বতৰা মই লিখি আছিলো নিজৰ ৱালতে হওঁক বা আনৰেই হওঁক তাৰ মূল উদেশ্য আছিল আমি সকলো কথা ওপৰোৱাকৈ যাতে নাচাওঁ। শিশু দিৱসৰ দিনা আমি যিমানেই বক্তৃতা নিদিও, শিশুৰ অধিকাৰ মানে যে আমি মাত্ৰ শিশু শ্ৰমকহে বুজো সেই কথা ইতিমধ্যে স্পস্ট হৈ পৰিছে। আমি হয়তো অৱগত নহয় কিন্তু আমাৰ দেশতে প্ৰতিদিনে শিশুসকল যৌন নিৰ্যাতনৰ বলি হৈ আছে। স্কুলৰ বাছ পৰিচালক, ড্ৰাইভাৰ, শিক্ষক বা ঘৰৰ পৰিয়ালৰ লোক আন নালাগে নিজৰ ককাক আৰু দেউতাকৰ হাততেই শিশু লাঞ্চিত হৈছে আৰু দুৰ্ভাগ্যজনকভাৱে কিছুমান পৰিয়ালৰ লোকে ঘটনাবোৰ গাপ দিছে। কিন্তু তাৰ মাজতো বহু এনে লোক আছে যাৰ বহু কষ্ট আৰু চেস্টাৰ ফলত ২০১২ চনত এখন বিশেষ আইন শিশুসকলৰ বাবে বলবৎ কৰা হয়। আজি কিছুবছৰৰ পৰা বহু চৰকাৰী বেচৰকাৰী অনুস্ঠান প্ৰতিস্ঠানে শিশুসমুহক এইবিষয়ে সজাগ কৰিবলৈ বিভিন্ন কাৰ্য্যক্ৰমৰ আয়োজন কৰি আহিছে। মই নিজেও তেনে অনুস্থানত অংশগ্ৰহণ কৰিছো আৰু মুকলিকৈ শিশুসকলক 'বেয়া স্পৰ্শ' কি বুজাইছো। বহু পিতৃ মাতৃয়ে এই কথা হয়তো সহজভৱে লব পৰা হোৱা নাই কিন্তু এগৰাকী মাতৃ হিচাবে মই ভাবো ই এক অতি গুৰুত্বপূৰ্ণ বিষয়। আপোনাৰ শিশুক স্বাধীন আৰু আত্মবিশ্বাসী হবলৈ শিকোৱাৰ আদিপাঠ। আমি সকলোৱে মানি লবই লাগিব যে সময় সলনি হৈছে। আমাৰ সময়ত আমি ইমান exposure পোৱা নাছিলো। 
২. দুজন বয়স্ক মানুহৰ মাজত সন্মতিমৰ্মে শাৰীৰিক সম্পৰ্কলৈ মোৰ কোনোধৰণৰ দ্বিধাগ্ৰস্ততা নাই। বিবাহিত/অবিবাহিত/বয়স/লিংগ নিৰ্বিবাদে দুজন বয়স্ক ব্যক্তিয়ে ইচ্ছা থাকিলে যেনে ধৰণে বিচাৰে তেনে ধৰনে প্ৰেম, কামনা (বা যি কয়) প্ৰকাশ কৰিব পাৰে বুলি মই ভাবো কাৰন এটা বয়সলৈ আমি কিছুমান সিদ্ধান্ত নিজৰ বাবে লব পৰা হওঁ (চাগে)। 

৩. এজন ব্যক্তিৰ নিজস্ব জীৱন আৰু সাংস্কৃতিক বা সাহিত্যিক (কৰ্ম) জীৱন দুয়োটা ভিন্ন। তেওঁৰ সৃস্টিশীল কৰ্মই অনুপ্ৰাণিত কৰিলে বুলিয়েই জীৱনত ভুল কৰিব নোৱাৰে বুলি মানি লোৱাটো ভুল। পৃথিৱীত এনে উদাহৰণ বহু আছে যত বহু বিখ্যাত শিল্পীয়ে কিছুমান কাম কৰিছে যাৰ বাবে তেওঁক সমালোচনা কৰা হৈছে। কিন্তু তেওৰ কৰ্মৰ প্ৰতি সন্মান কমি যোৱা নাই।

৪. ফেচবুকত প্ৰচাৰিত ভিডিঅটোত দেখা পোৱা act ক মোৰ দৃষ্টিত মই inappropriate বুলি কৈছো। মন কৰিব "ACT" টোকহে কৈছো। তেওঁৰ চৰিত্ৰ বা সৃষ্টিক অসন্মান কৰা নাই। সেই ACT টোক নিচেই সামান্য কথা বুলি আওঁকান কৰিলে মই বুজিম যে মই দেখিও নেদেখাৰ ভাও জুৰিছো। চকু মুদা কুলিহৈ এখন সমাজৰ লগত মিলি গীত গোৱাতকৈ মই নিজে বুজা ভৱা কথাটো নিৰ্ভীকভাৱে কোৱাত বিশ্বাস কৰো।

৫. আইন আছে, থাকিব, নতুন আইন হব কিন্তু আমি নিজে সজাগ নহলে, যেতিয়ালৈকে নিজৰ গাত কোব নপৰে তেতিয়ালৈকে চকু মুদা কুলিহৈ থাকিলে কি হব বহলাই কব নালাগে নিশ্চয়।

৬. এজন মানুহৰ ভুল হয়, মই নিজেও কৰিছো চাগে। কিন্তু নিজে উপলব্ধি কৰাৰ সমান শুধৰনি নাই। মোৰ বিশ্বাস প্ৰতিজন বুজা ব্যক্তিয়ে সেইটোৱেই কৰে। কিন্তু মোৰ শংকা আন কিছুমান কথাকলৈ। যেনে, এই যে উকীল মহিলা গৰাকীৰ ফেচবুকৰ ফটো অমাৰ্জিত ভাষাৰে শ্বেয়াৰ কৰিছে, তেওৰ character assassinate কৰা হৈছে কিয় বাৰু? নিজক প্ৰশ্ন কৰক। আবেগেৰে নহয় যুক্তিৰে। মহিলা এগৰাকীয়ে নাৰী নিৰ্যাতনৰ প্ৰশ্ন তুলিলে তেঁৱেই খোদ অনলাইন নিৰ্যাতনৰ বলি হব লগা হোৱাটো সঁচাই লাজৰ কথাই নহয়নে?

৭. সকলোতে জাতি, নাম, সন্মান আদি সাঙুৰি অনা'a ভুল। আমি শিল্পী (Art,music,cinema,performing arts) সাহিত্যিক বুলি কোৱাসকলেও নিজৰ "কাম"হে কৰিছো। প্ৰথমে আমি profession হিচাবে কৰিছো, যত আমি মাননী লওঁ/পাওঁ। কামটো কৰিবলৈ লওতে দেশৰ বা জাতিৰ কথা ভাবি কৰা নাযায় কিন্তু যিহেতু আমি এখন (ভৌগোলিক) স্থানক represent কৰো তেতিয়া automatically বহু কথা সাঙোৰ খাই পৰে। তাৰ বাবেই আমি (বেছি) সজাগ হোৱাটো প্ৰয়োজন।

৮. celebrity সকলৰ অসংখ্য প্ৰশংসক থাকে। সেই প্ৰশংসকসকলে নিজৰ পচন্দৰ celebrity সকলৰ জীৱনশৈলীক অনুকৰন কৰি ভাল পায়। 

৯. আমি নজনা কথা পৃথিৱীত ইমান যে আমৰন শেষ কৰিব নোৱাৰো। নতুন কথা জানিবলৈ চেষ্টা কৰিম নে নজনাকৈ অযুক্তি দৰ্শাই আস্ফালন কৰিম? মনত ৰখাটো অতি দৰকাৰ যে আমাৰ সন্তানে আমাক অনুকৰন কৰে। আমাৰ প্ৰতিটো পদক্ষেপ সিহঁতৰ নজৰত। ধন্যবাদ।
(২)
মৃদুল কুমাৰ সন্দিকৈ
কবি-নিবন্ধকাৰ-সাংবাদিক, গুৱাহাটী
পাপন। আমাৰ বাবে এক গৌৰৱৰ নাম। তেওঁক লৈ আমি গৌৰৱ কৰাৰ বহু থল আছে। কিন্তু পাপনে কৰাৰ সকলো কাম আমি এজন জনপ্ৰিয় শিল্পী বুলিয়েই মানি ল'বও নিশ্চয় নোৱাৰো। মই ক'ব বিচৰা নাই শেহতীয়া ভাবে যি অভিযোগ তেওঁৰ বিৰুদ্ধে উঠিছে সেইয়া সঁচা বা মিছা। কিন্তু এই পৰিবেশ -পৰিস্থিতিৰ বাবে শিল্পীজনৰ অত্যাধিক প্ৰদৰ্শনধৰ্মীতা অন্যতম কাৰক। facebook ত live কৰি তেওঁৰ দৰে শিল্পী এজনে যি আচৰণ কৰিলে সেয়া যদি কোনোবাই ভাল বুলি ক'ব খোজে তেনে পাপনে 'কি হৈ আছে এইবোৰ ' বুলি কোনোবা এজনে প্ৰশ্ন কৰোতে live চলি আছে নেকি বুলি কিয় প্ৰশ্ন কৰিলে ? লগতে হাতেৰে তেওঁৰ ডিঙি কাটা যাব বুলি দিয়া ইংগিতে কি অৰ্থ বহন কৰে? পাপনে পৰবৰ্তী সময়ত দিয়া প্ৰতিক্ৰিয়াত কৈছিল তেওঁৰ মনত কোনো বেয়া উদ্দেশ্য নাছিল। সেইবাবে তেওঁৰ নিজৰ pageত এইটো live কৰিছিল। আমিও ভাবো বা ভাবিছিলো তেনেকৈ। কিন্তু ভিডিঅটোত থকা কোনো এক কন্ঠই সেই দৃশ্য দেখি 'এইবোৰ কি চলি আছে" বুলি প্ৰশ্ন তুলিব লগা হ'ল কিয়? অপ্ৰস্তুত হৈ পৰা পাপনে live বন্ধ কৰিবলৈ ক'লে কিয় ? তেওঁতো কোনো বেয়া কাম কৰা নাছিল...।

ভিডিঅটোক লৈ বিতৰ্ক সূত্ৰপাত হোৱাৰ পাছতো সেইটো পাপনে নিজৰ পেজত ৰাজহুৱা কৰি থৈছিল। নিজৰ মহানতা জাহিৰ কৰাৰ নামত সেই এঘাৰ বছৰীয়া ছোৱালীজনীৰ প্ৰতি এইবাৰ আন এক অন্যায় কৰা নহ'লনে?

এনে ভিডিঅও এতিয়া ভাইৰেল হৈছে যে পিতৃ-মাতৃৰ সৈতে বহি ছোৱালীজনীয়ে ঘটনাৰ ব্যখ্যা আগবঢ়াইছে। পাপনক নিৰ্দোষী বুলি কৈছে। কিন্তু বাৰে বাৰে তাইৰ মুখখন ৰাজহুৱা কৰি কোনোবা পক্ষ যেন কাৰোবাৰ উদ্ধাৰ অভিযানতহে নামিছে।

পাপনৰ বিৰুদ্ধে উত্থাপিত অভিযোগ মিছা হওক। সেই কামনা আমিও কৰো। কিন্তু গ্লেমাৰ আৰু জনপ্ৰিয়তাৰ জোৰত কোনোবাই যি ইচ্ছা তাকে কৰি অসমৰ মান-অভিমানক বন্ধকত থওক সেই কামনা নকৰো। সস্তীয়া আবেগেৰে কোনো কোনোৰ দৰে পাপন মানেই দোষী বা নিৰ্দোষী বুলি তেনে ধাৰণা আমাৰ নাই। সত্য নিশ্চিত ভাবে উদঘাটন হ'ব। অহংকাৰৰ সৈতে সহবাস কৰি গ্লেমাৰৰ কাচঁৰ ঘৰত বাস কৰা সকলে এনেবোৰ দিশত সচেতন হোৱাই মংগল। ইয়াত আবেগৰ স্থান দিয়া সকলে পাপন নহৈ কোনো যদু -মধুৱে এনে কাম কৰা হ'লে ভুল - শুদ্ধ বিচাৰ নকৰি কি স্হিতি ল'লে হয় সকলোৱে জানে। পাপন বুলি কোনো অনুকম্পা বা ক্ষোভ নৰখাকৈ এটা কথা দৃঢ়তাৰে ক'ব পাৰো -আইন সকলোৰে বাবে সমান। ভুল যদি পাপনে কৰিছে শাস্তি হঁওক।

3 comments:

  1. ৰীমা বৰা বাইদেউ আৰু মৃদুল সন্দিকৈ দাদাই যে এইক্ষেত্ৰত মাত দিছে, সচাঁকৈয়ে ভাল লাগিছে৷ তেওঁলোক জনপ্ৰিয় মানুহ, তেওঁলোকৰ কথাবোৰ নিশ্চয়কৈ বাৰ্তা হিচাপে যাব সমাজলৈ৷ সমৰ্থন অথবা বিৰোধিতা পিছৰ কথা, কিন্তু জ্যেষ্ঠসকলে মাত মতাৰ অত্যন্ত প্ৰয়োজন আহি পৰিছে৷
    লগতে অধিবক্তাগৰাকীৰ ফটো যিদৰে ট্ৰোল কৰা হৈছে, এনেকৈ চলি থাকিলে নিৰ্যাতন কেতিয়াও বন্ধ নহয়৷
    বাইদেৱে আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছে, নিজৰ স্বাৰ্থৰ বাবে বহুতে চকু মুদা কুলিৰ ভাও দিছে৷ নিৰ্দিষ্ট দুৰত্ব বজাই ৰখাতকৈ সমৰ্ন অথবা বিৰোধিতা কিবা এটা প্ৰতিক্ৰিয়া ব্যক্ত কৰিব নোৱাৰেনে৷
    আপোনালোক দুয়োগৰাকীলৈ ধন্যবাদ৷

    ReplyDelete
  2. পাপনৰ আচৰণটো অমাৰ্জিত বুলি যিসকলে এতিয়াও কৈ আছে তেওঁলোকলৈ এটাই অনুৰোধ "সাবধান ইণ্ডিয়া" কমকৈ চাওক ।

    ReplyDelete
  3. আইন আছে, আদালত আছে ৷ ভুল শুদ্ধ তেওঁলোকে বিচাৰ কৰিব ৷ কিন্ত ২৪×৭ কথা টো আওৰাই থাকি,নিউচ চেনেলত, ছচিয়েল মিডিয়াত ভুল কৰিছে ভুল কৰিছে বুলি দোহাৰি থাকি পাপন দা আৰু সেই সৰু ছোৱালী জনীক মানসিক চাপ দি থকাতো জানো উচিত হৈছে ? যদিহে বিচাৰ প্ৰক্ৰিয়াত পাপনদা নিৰ্দোষী প্ৰমানিত হয়, তেতিয়া কোনোবাই ৰাজহুৱা ভাবে ক্ষমা বিচাৰিবনে?
    কেচ কৰাৰ আগত এবাৰ সৰু ছোৱালী জনীৰ মনৰ কথা জানি লোৱা হলে ভাল আছিল ৷

    ReplyDelete