এডভাণ্টেজ আছামে অসমক এডভাণ্টেজ দিবনে?
দীপাংকৰ মল্ল বৰুৱা
অসমৰ ইতিহাসত এনে এটা দিনৰ কল্পনা হয়তো কোনেও কৰা নাছিল। আজি কিছুদিন আগলৈকে কেন্দ্ৰীয় চৰকাৰে মাহী আইৰ চকুৰে চাই অসমক প্ৰবঞ্চনা কৰি প্ৰাপ্য ধন আদায় নিদিয়া বুলি প্ৰায়ে অভিযোগ শুনিবলৈ পোৱা গৈছিল। ৰাজ্যখনত ব্যক্তিগত খণ্ডৰ বিনিয়োগো আছিল নগন্য। চৰকাৰী উদ্যোগসমূহো এটাৰ পাছত আনটোকৈ ধ্বংসৰ গৰাহত পৰিছিল। উগ্ৰপন্থী আৰু অতি জাতীয়তাবাদী সকলৰ কিছুমান কাৰ্যকলাপৰ বাবে বাহিৰৰ মানুহে অসমলৈ আহিবলৈ ভয় কৰিছিল। দেশৰ একেবাৰে চুকত অৱস্থিত বাবে ৰাজ্যখনত ধন বিনিয়োগ কৰাৰ ক্ষেত্ৰত উদ্যোগপতি সকল আগ্ৰহী হোৱা নাছিল। পূৰ্বৰ কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ পূৰ্বাঞ্চলকেন্দ্ৰিক বিভিন্ন ঔদ্যোগিক নীতি আৰু কৰ ৰেহাইৰ দৰে সুবিধায়ো অসমলৈ বিনিয়োগ আকৰ্ষিত কৰা নাছিল।
কিন্তু দিনটোৰ ভিতৰতে দৃশ্যপট সলনি গ’ল। এডভাণ্টেজ আছাম সন্মিলনত ভাগ ল’বলৈ ৰাজনীতি আৰু উদ্যোগ জগতৰ মুধাফুটা ব্যক্তিসকল অসমত উবুৰি খাই পৰিল। দেশ বিদেশৰ পৰা অহা উদ্যোগপতিয়ে সন্মিলনৰ প্ৰথমটো দিনতে অসমত বিভিন্ন খণ্ডত ৬৫ হাজাৰ কোটিৰো অধিক টকা বিনিয়োগৰ বাবে ৰাজ্যচৰকাৰৰ লগত ১৭৬ খন বুজা বুজিৰ চুক্তি সম্পাদিত কৰিলে। আছিয়ান দেশসমূহৰ পৰাও বিনিয়োগৰ প্ৰতিশ্ৰুতি পোৱা হ’ল। ভূটানৰ প্ৰধানমন্ত্ৰী আৰু জাপানৰ ৰাষ্ট্ৰদূতৰ উপস্থিতিয়ে এই সন্মিলনখনিত অসমৰ গুৰুত্ব উজ্বলাই তুলিলে। অসমৰ শিক্ষা, স্বাস্থ্য, পৰ্যটন, দূৰ সংযোগ আদি বিভিন্ন ক্ষেত্ৰত হাজাৰ হাজাৰ কোটি টকাৰ বিনিয়োগৰ চুক্তি হ’ল। আশা কৰা হৈছেযে কেইবছৰমানৰ ভিতৰতে এই বিনিয়োগৰ পৰা পোৱা সুফল সাধাৰণ মানুহে চকুৰে দেখিবলৈ পাব।
ৰাজ্যখনলৈ অহা এই অভাৱনীয় বিনিয়োগে ৰাজ্যখনত এক অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। লগতে মুকলি হ’ব বিভিন্ন ক্ষেত্ৰত কৰ্মসংস্থানৰ সুবিধা। এইখিনিতে মন কৰিবলগীয়াযে ব্যক্তিগত খণ্ডত সৃষ্টি হ’বলগীয়া কৰ্মসংস্থানসমূহৰ বাবে অচিৰেই দক্ষ আৰু পৰিশ্ৰমী মানৱ সম্পদৰ প্ৰয়োজন হ’ব। পিছে পৰিতাপৰ কথাযে চৰকাৰে দক্ষতা বিকাশৰ বিভিন্ন কাৰ্যসূচী হাতত লৈছে যদিও এই ক্ষেত্ৰত থলুৱা যুৱক যুৱতীৰ উত্সাহ সীমিত হৈয়েই আছে। সেয়েহে অসমত নতুনকৈ আহিবলগীয়া প্ৰতিস্থানসমূহৰ বাবে পৰ্যাপ্ত থলুৱা উপযুক্ত আৰু দক্ষ মানৱ সম্পদৰ অভাৱ হোৱাৰ সম্ভাৱনা আছে। প্ৰয়োজনীয় মানৱ সম্পদ থলুৱাভাৱে উপলব্ধ নহ’লে সেই সুযোগ ল’বলৈ বহিৰাগতৰ সোঁত অসমলৈ বোৱাটো নিশ্চিত।
মন কৰিবলগীয়াযে আগতেও অসমত হোৱা বিভিন্ন অৰ্থনৈতিক কাৰ্যকলাপত থলুৱা যুৱক - যুৱতীয়ে পূৰ্ণ সুযোগ লোৱাত ব্যৰ্থ হৈছিল। অসমলৈ হোৱা প্ৰৱজনৰ এক ঐতিহাসিক কাৰণ হ’ল, সেইসময়ত অসমৰ মানুহ শাৰীৰিক পৰিশ্ৰমৰ প্ৰতি বীতশ্ৰদ্ধ আছিল। ব্ৰিটিছে অসমত চাহ বাগিছা চলাবলৈ সুদূৰ ঝাৰখণ্ড, ছট্টিছগড়, ওড়িষাৰ পৰা শ্ৰমিক আনিবলগীয়া হৈছিল। সেইদৰে তৈল উদ্যোগত কাম কাৰিবলৈ সুদূৰ টেলেংগানা, বিহাৰ, বংগদেশৰ পৰা শ্ৰমিক আহিছিল। অসমত চৰ অঞ্চলৰ মাটিত খেতি কৰিবলৈ ব্ৰিটিছে পূৰ্ব বংগৰ পৰা আনিছিল ছিলেটীয়া, মৈমনসিঙীয়া কৃষক সকলক। গতিকে ইতিহাসে কয়যে অসমৰ প্ৰায়বোৰ অৰ্থনৈতিক কাৰ্যকলাপে প্ৰৱজনৰ সূচনা কৰিছিল। আজিৰ সময়তো বৃহৎ বিনিয়োগে অসমত থলুৱা যুৱকৰ বাবে কৰ্ম সংস্থাপনৰ সৃষ্টি কৰেনে নতুনকৈ প্ৰৱজনৰ সোঁত সৃষ্টি কৰে সেয়া সময়েহে ক’ব।
স্বাধীনতাৰ সাতটা দশকৰ পাছতো অসম অৰ্থনৈতিকভাৱে ভাৰতৰ আন ৰাজ্যতকৈ পিছ পৰি থকাৰ এটা মুখ্য কাৰণ হ’ল অসমত ব্যক্তিগত খণ্ডৰ ব্যৱসায়ীয়ে পুঁজি বিনিয়োগ কৰিবলৈ আগ্ৰহী নাছিল। দেশৰ চুক এটাত একাষৰীয়াকৈ অৱস্থিত হোৱা বাবে অসমত উদ্যোগ স্থাপন কৰা, প্ৰয়োজনীয় কেঁচামালৰ যোগান ধৰা, অসমৰ পৰা উত্পাদিত সামগ্ৰী বজাৰলৈ উলিয়াই নিয়া আদি ব্যয়বহুল প্ৰক্ৰিয়া। স্বাধীনতাৰ পাছত দেশ বিভাজনৰ ফলস্বৰূপে বাংলাদেশৰ মাজেদি থকা বন্দৰ সংযোগী জলপথসমূহো ৰুদ্ধ হৈ পৰাত শিলিগুড়িৰ ওচৰৰ ‘চিকেন নেক’ নামেৰে জনাজাত ঠেক ভূমিখণ্ডৰ ওপৰতেই অসমৰ ব্যৱসায় বাণিজ্য নিৰ্ভৰশীল হৈ পৰিল। অসমত উত্পাদিত সামগ্ৰীয়ে বাহিৰত উত্পাদিত সামগ্ৰীৰ লগত দামত ফেৰ মাৰিব নোৱৰাৰ বাবেই হয়তো অসমত ব্যক্তিগত খণ্ডত কোনো বৃহৎ উদ্যোগ গঢ়ি নুঠিল। স্বাধীনতাৰ পাছৰে পৰা বিভিন্ন চৰকাৰেও সীমামূৰীয়া ৰাজ্য কাৰণে প্ৰতিৰক্ষাৰ বাবে ভাবুকি হ’ব বুলি অজুহাত দেখুৱাই উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশত গুৰুত্ব নিদিলে আৰু এই অঞ্চলত হাতৰ আঙুলিত লেখিব পৰা কেইটামান উদ্যোগহে স্থাপন কৰা হ’ল। চৰকাৰী খণ্ডত স্থাপন হোৱা উদ্যোগসমূহো দুৰ্নীতি, ভ্ৰষ্টাচাৰ, স্বজনতোষণ আদিত জৰ্জৰিত হৈ অৱক্ষয়ৰ গৰাহত পৰিল। এই আটাইবোৰ মিলি অসমত উদ্যোগীকৰণৰ ক্ষেত্ৰত এক হতাশাজনক পৰিস্থিতিৰ সৃষ্টি কৰিলে।
উদ্যোগপতি সকলৰ অসমত বিনিয়োগ কৰিবলৈ অনিচ্ছাৰ কাৰণ হিচাপে অসমৰ আৰ্থ সামাজিক পৰিৱেশকো আঙুলিয়াব পৰা যায়। অসম আন্দোলনৰ সময়ৰে পৰা অসমত আন্দোলন, বিক্ষোভৰ পয়োভৰ বাঢ়িল। লগতে এচাম থলুৱা যুৱকে সহজ ধন ঘটাৰ এটা উপায় বিচাৰি পালে। চান্দাৰ বহীখনেই উপাৰ্জনৰ পথ হৈ পৰিল। তেনে এচামে ৰাজনৈতিক পৃষ্ঠপোষকতাও লাভ কৰিলে। আন এচামে আকৌ হাতত বন্দুক তুলি লৈ বিদ্ৰোহী হ’ল। বিভিন্ন অতি জাতীয়তাবাদী আৰু উগ্ৰপন্থী সংগঠনৰ দপদপনিত অসমলৈ মানুহ আহিবলৈ ভয় কৰা হ’ল। কৰ্ম সংস্থাপনৰ পথবোৰ সংকুচিত হৈ আহিল। বহুতো থলুৱা ডেকা চকীদাৰ, সুৰক্ষা কৰ্মীৰ চাকৰি বিচাৰি ভাৰতৰ অন্য ৰাজ্যলৈ গতি কৰিলে। ব্যৱসায় বাণিজ্যত অপৰিপক্ক হোৱাৰ বাবে তেনেবোৰ কামো বহিৰাগতৰ হাতলৈ গ’ল। সৰহভাগ স্থানীয় যুৱকে পঢ়া শুনা আধাতে সামৰি পান দোকানত আড্ডা মৰা, চান্দা তুলি বিহু পূজা পতা, মজে সময়ে আন্দোলন কৰা আদিৰ লগতে ব্যস্ত হৈ থাকিল।
কেন্দ্ৰত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে শাসনভাৰ লোৱাৰ পাছৰে পৰা অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলে ‘চৰকাৰৰ ‘এক্ট ইষ্ট’ আঁচনিৰ যোগেদি বিশেষ গুৰুত্ব লাভ কৰিবলৈ সক্ষম হ’ল। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত কেন্দ্ৰীয় মন্ত্ৰীসকলে নিয়মিতভাৱে উত্তৰ পূৰ্বাঞ্চলত ভ্ৰমণ কৰা আৰম্ভ কৰিলে। বিভিন্ন কেন্দ্ৰীয় আঁচনিৰ যোগেদি উত্তৰ পূৰ্বাঞ্চলত উন্নয়নমূলক কাম কাজ আগবাঢ়িল। পৰিবহন আৰু যোগাযোগ উন্নত কৰিবলৈ পদক্ষেপ লোৱা হ’ল। ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী খান্দি বংগোপসাগৰলৈ জাহাজ চলোৱাৰ আঁচনি লোৱা হ’ল। এইদৰে লাহে লাহে অসমত ব্যৱসায় – বাণিজ্য – বিনিয়োগৰ এখন পৃষ্ঠভূমি তৈয়াৰ কৰা হ’ল। এনেবোৰ পদক্ষেপৰ ফলশ্ৰুতিতেই দেশ-বিদেশৰ বিভিন্ন উদ্যোগপতি আৰু ৰাজনৈতিকে এডভাণ্টেজ আছামত ভাগ লৈ অসমত নতুন বৃহৎ মাত্ৰাত বিনিয়োগ কৰিবলৈ চুক্তি সম্পাদিত কৰিলে।
এতিয়া প্ৰশ্ন উত্থাপিত হয়, উদ্যোগপতিসকলে আৰু বিভিন্ন প্ৰতিস্থানে তেওঁলোকৰ প্ৰতিশ্ৰুতি ৰাখি সঁচাকৈয়ে বিপুল পৰিমাণৰ ধন অসমত বিনিয়োগ কৰিবনে? সকলো নিৰ্ভৰ কৰে আগন্তুক দিনত অসমত এই উদ্যোগ প্ৰতিস্থানসমূহে সন্মুখীন হোৱা পৰিস্থিতিৰ ওপৰত। এতিয়াও বন্ধ বিক্ষোভৰ ৰাজ্য বুলি অসমৰ এটা বদনাম আছে। অতি দুৰ্ভাগ্যৰ কথাযে অসমত এতিয়াও চাৰিজন ল’ৰাই ৰাস্তাত থিয় হৈ ইনক্লাৱ-জিন্দাবাদ ধ্বনি দিলেই এটা উদ্যোগৰ কাম কাজ সম্পূৰ্ণভাৱে বন্ধ হৈ যায়, বলপূৰ্বক ধন দাবী কৰা আৰু বাহন কাঢ়ি লৈ যোৱাটো সাধাৰণ কথা হৈ পৰিছে, সংগঠনৰ নেতাসকলে কথাই কথাই জংগী আন্দোলনৰ ভাবুকি দিয়ে, চান্দা সংগ্ৰহকাৰীসকলৰ উত্পাতত বহুতো প্ৰতিস্থানে ছাইন ব’ৰ্ড এখন লগাবলৈ ভয় কৰে, এজাহাৰ দিলেও আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰে। অসমত কাম কৰি থকা ৰাজহুৱা খণ্ডৰ কেইবাটাও প্ৰতিস্থানে এনে পৰিস্থিৰিৰ বাবে কাম কাজ চলাই নিয়াত বৃহৎ প্ৰত্যাহ্নানৰ সন্মুখীন হৈ আহিছে। নতুনকৈ বিনিয়োগ কৰিবলৈ অহা প্ৰতিস্থান এটাই এনে পৰিস্থিতিৰ সন্মুখীন হ’লে কাম কাজ চলাই যাব পাৰিবনে? বিনিয়োগ কৰাৰ পাছতো কাম-কাজ চলাই থকাৰ পৰিৱেশ নাপালে সৰহভাগ প্ৰতিস্থানেই হয়তো উভতি যাবগৈ।
অসমলৈ অহা বিনিয়োগ দীৰ্ঘস্থায়ী কৰিবলৈ প্ৰথম চৰ্ত হৈছে আৰ্থ সামাজিক পৰিৱেশত উন্নীতকৰণ। উন্নয়ন আৰু উশৃংখলতা একেলগে থাকিব নোৱাৰে। বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰি ৰাখিবলৈ হ’লে ৰাজ্যত আইন-শৃংখলাৰ পৰিস্থিতিৰ উন্নতি হ’বই লাগিব আৰু বিনিয়োগকাৰীসকলে নিৰাপদ অনুভৱ কৰিব লাগিব। বেআইনী কাম কৰা সকলৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হ’বই লাগিব। গণতান্ত্ৰিক অধিকাৰৰ আচিলাত কোনেও যাতে কাকো হাৰাশাস্তি কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা ল’ব লাগিব। বিনিয়োগকাৰীক সুৰক্ষা প্ৰদান আৰু দোষীক উচিত শাস্তি প্ৰদান কৰাত সৎসাহস দেখুৱাব নোৱাৰিলে বিনিয়োগৰ বাবে উপযুক্ত পৰিৱেশ কেতিয়াও তৈয়াৰ হ’ব নোৱাৰে। পৰিৱেশ উন্নত কৰাৰ লগতে চৰকাৰে থলুৱা যুৱকসকলক সাম্ভাব্য কৰ্ম সংস্থাপনসমূহৰ বাবে সাজু কৰাৰ দায়িত্বও ল’ব লাগিব। তেওঁলোকক সঠিক পথ দেখুওৱাৰ ব্যৱস্থা কৰিব লাগিব যাতে কৰ্ম সংস্থাপনৰ সুবিধা বহিৰাগতৰ হাতলৈ নাযায়। বিনিয়োগ আকৰ্ষণ কৰিবলৈ চৰকাৰে অনুস্থিত কৰা এডভাণ্টেজ আছাম সফল হৈছে। কিন্তু এই সফলতাৰ পাছত চৰকাৰৰ দায়িত্ব বহুগুণে বাঢ়িল। এই নতুন দায়িত্বখিনি পালন কৰিলেহে অসমে এডভাণ্টেজ আছামৰ প্ৰকৃত এডভাণ্টেজ পাবলৈ সক্ষম হ’ব।
লেখকৰ নিজা ব্লগৰ ঠিকনাঃ http://likhoni.blogspot.in/ , লেখাটি নিয়মীয়া বাৰ্তাটো প্ৰকাশ পাইছে।
No comments:
Post a Comment