সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

অসম লোক সেৱা আয়োগঃ
পৰ্য্যালোচনা, সংশোধন  আৰু পুনৰ গঠনৰ চিন্তা
ডঃ বিজয় কৃষ্ণ চেতিয়া
অসম লোক সেৱা আয়োগত সংঘটিত ব্যাপক দুৰ্নীতিয়ে পুনৰ বাৰ সাম্প্ৰতিক সময়ৰ অসমত বিশেষ চৰ্চা লাভ কৰিছে। শেহতীয়াকৈ প্ৰথমটো তদন্তত ধনৰ বিনিময়ত বিভিন্ন অসৎ উপায়েৰে লোক সেৱা আয়োগৰ বিভিন্ন বিভাগত ৰাজবিষয়াৰ চাকৰি ক্ৰয় কৰা ২৫ জনকৈ দোষী চৰকাৰী ৰাজপত্ৰিত বিষয়াক তদন্তকাৰী অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে। প্ৰথম দৃষ্টিত এই সমগ্ৰ প্ৰক্ৰিয়াটোৱে ; তদন্তৰ পৰা দোষী গ্ৰেপ্তাৰ কৰালৈকে , অসমৰ ৰাজনৈতিক, সামাজিক আৰু শৈক্ষিক স্বচ্ছতাৰ দিশত এক যোগাত্মক প্ৰভাৱ পেলোৱাটো স্বাভাৱিক, কিন্তু সাম্প্ৰতিক সময়ত এই সমূহ ঘটনাক্ৰমৰ লগত  জড়িত হৈ পৰা কিছু আৱেগসৰ্বস্ব চিন্তাই আমাৰ মনলৈ দুই ধৰণৰ শংকা কঢ়িয়াই আনিছে-


১। অযোগ্য প্ৰাৰ্থীক অসৎ উপায়েৰে চাকৰি দিয়া বিষয়টোতকৈ কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হ’ল যোগ্য প্ৰাৰ্থীক অসৎ উপায়েৰে প্ৰশাসনিক সেৱা পৰা বঞ্চিত কৰাটো। বতৰ্মান সময়ত এনেবোৰ চিন্তাৰ বাবে সমগ্ৰ প্ৰক্ৰিয়াটো সংশোধনৰ খুবেই প্ৰয়োজন আৰু ইয়াৰ বাবে প্ৰয়োজন সময়ভিত্তিক বৈজ্ঞানিক চৰ্চাৰ। কিন্তু বতৰ্মান সময়ত আমাৰ আৱেগিক চিন্তাই প্ৰয়োজনীয় বৈজ্ঞানিক চৰ্চাক গ্ৰাস কৰি সমগ্ৰ প্ৰক্ৰিয়াটোকে অন্য দিশলৈ লৈ যাব পৰা এক পৰিৱেশ সৃষ্টি কৰা গভীৰ শংকাই আমাক অস্থিৰ কৰি তুলিছে।

২। দ্বিতীয়তে চূড়ান্ত আৱেগৰ বশৱৰ্তীহৈ সৎ যোগ্য চৰকাৰী প্ৰশাসনিক বিষয়া সকলকো সামাজিক সন্দেহৰ মাজলৈ জোৰকৈ টানি আনি সমগ্ৰ চৰকাৰী প্ৰশাসনিক ব্যৱস্থাটোৰ প্ৰতি ৰাইজক আস্থাহীন কৰি তোলা এক অসুস্থিৰ পৰিৱেশ বতৰ্মান সময়ত গঢ়ি তোলাৰ প্ৰয়াস কৰা যেন আমাৰ অনুভৱ হৈছে আৰু আমাৰ দৃষ্টিত ই নিশ্চয়কৈ বতৰ্মান সময়ত চৰকাৰী প্ৰশাসনিক ব্যৱস্থাটোক গতিশীল কৰি তুলিবলৈ প্ৰয়োজনীয় গঠনাত্মক চিন্তাৰ ক্ষেত্ৰত এক গভীৰ শংকাৰ কাৰণ।  

শেহতীয়াকৈ ২৫ জন দোষী বিষয়াৰ গ্ৰেপ্তাৰৰ পিছতেই অসমৰ প্ৰায় সমূহ সংবাদ মাধ্যমেই এই দোষী বিষয়া সকলে আৰক্ষীৰ জিন্মাত কেনেধৰণৰ অসুবিধাৰে জীৱন কটাইছে তাৰ মুখৰোচক বাতৰি পৰিৱেশন কৰিছে, আমাৰ ব্যক্তিগত দৃষ্টিত সমগ্ৰ ঘটনাৰ সামাজিক গুৰুত্বলৈ লক্ষ্য কৰি এনে বাতৰিৰ সামাজিক প্ৰভাৱ বা গুৰুত্ব তেনেই নূন্যতম বুলিয়েই ধৰিব পাৰি, কিয়নো আমি ভাৰতীয় আইনী ব্যৱস্থাৰে সকলো দোষী ব্যক্তিয়ে সমবিচাৰ লাভ কৰাটো কামনা কৰোঁ, লাগিলে তেওঁ কোনো দাগী দোষী ৰাজপত্ৰিত বিষয়াই হওঁক বা কোনো বিয়াগোম ৰাজনৈতিক নেতাৰ সম্পৰ্কীয়ই নহওঁক কিয়। গতিকে আমাৰ বিবেচনাত ওপৰোক্ত সামাজিক প্ৰভাৱহীন বিষয় সমূহক আৱেগিক দৃষ্টিকোনেৰে গুৰুত্ব নিদি, এই সমগ্ৰ ঘটনাক্ৰমত জড়িত হৈ থকা মূল বিষয়-বস্তু অৰ্থাৎ আমাৰ চৰকাৰী প্ৰশাসনিক ব্যৱস্থাটোক কেনেকৈ অধিক স্বচ্ছ আৰু গতিশীল কৰি তুলিব পাৰি তাৰ বৈজ্ঞানিক চৰ্চা আৰম্ভ কৰাটোহে বৰ্তমান সময়ত অতি প্ৰাসংগিক বুলি ব্যক্তিগতভাৱে অনুভৱ কৰোঁ। আৰু তেনে উদ্দেশ্যৰে আমি সমগ্ৰ বিষয়টোৰ ওপৰত কিছু সময়ভিত্তিক সংক্ষিপ্ত আলোচনা তলত আগবঢ়োৱা  প্ৰয়াস কৰিলোঁ।

আমি সকলোৱে হয়তু এটা কথাত একমত হ’ম যে গণতান্ত্ৰিক শাসন ব্যৱস্থাত প্ৰতিটো ৰাজনৈতিক দলৰে প্ৰাথমিক সামাজিক দায়িত্ব হ’ল ৰাইজক এখন “ভাল চৰকাৰ (Good Governance )” প্ৰদান কৰা আৰু এনে চিন্তাৰ বাবে আটাইতকৈ প্ৰয়োজনীয় দিশটো হ’ল স্বচ্ছ আৰু গতিশীল প্ৰশাসন। আমি বিশ্বাস কৰোঁ যে এক স্বচ্ছ আৰু গতিশীল প্ৰশাসন ব্যৱস্থাৰ বাবে প্ৰশাসনিক বিষয়াৰ নিৰ্বাচন প্ৰক্ৰিয়াটো খুবেই স্বচ্ছ আৰু মেধা স্বীকৃত হোৱাটো নিতান্তই বাঞ্চনীয় বা আৱশ্যক। তেনেক্ষেত্ৰত ১৯৫১ চনতে অৰ্থাৎ স্বাধীনতাৰ মাথো চাৰিটা বছৰৰ পিছতে গঠিত হোৱা দেশৰ ভিতৰতে এখনি অন্যতম পুৰণি লোক সেৱা আয়োগ “অসম লোক সেৱা আয়োগ”ৰ সাম্প্ৰতিক সামাজিক মূল্যবোধৰ অৱক্ষয় নিশ্চিতভাৱে কেৱল অসমৰ বাবেই নহয় সমগ্ৰ দেশৰ বাবেই এক চিন্তাৰ কাৰণ । সেয়েহে আমি বৰ্তমান সময়ত বৃহত্তৰ দেশীয় স্বাৰ্থত “অসম লোক সেৱা আয়োগ”ৰ সামাজিক মূল্যবোধৰ অৱক্ষয়ৰ কাৰণ সমূহৰ এক নিৰ্মোহ বৈজ্ঞানিক বিশ্লেষণ হোৱাটো নিতান্তই আৱশ্যক বুলি অনুভৱ কৰোঁ।

আমি ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে কোনো এক সামাজিক অনুষ্ঠানৰ মূল্যবোধ অৱক্ষয়ৰ কাৰণ নিৰূপন কৰাটো এক অতিকৈ জটিল প্ৰক্ৰিয়া, কিয়নো এইক্ষেত্ৰত সমাজবিজ্ঞানৰ লগতে ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি বিজ্ঞানৰও এক সময়ভিত্তিক সূক্ষ্ম অধ্যয়নৰ প্ৰয়োজন আহি পৰে। সেয়েহে আমি আজিৰ আলোচনাত তেনে জটিলতালৈ নগৈ “অসম লোক সেৱা আয়োগ”ৰ সামাজিক মূল্যবোধৰ অৱক্ষয়ক প্ৰভাৱম্বিত কৰাৰ লগতে তৰাম্বিত কৰা কিছু মৌলিক কাৰক ওপৰতেই আমাৰ আলোচনা সীমাবদ্ধ ৰাখিব বিচাৰিছোঁ।আমাৰ স্ববিবেচনাত যিবোৰ কাৰকে “অসম লোক সেৱা আয়োগ”ৰ সামাজিক মূল্যবোধৰ অৱক্ষয়ক প্ৰভাৱম্বিত কৰিলে সেইসমূহক একাদিক্ৰমে তলত উল্লেখ কৰি সংক্ষেপে প্ৰতিটো বিষয়ৰ ওপৰত কিছু আলোচনা আগবঢ়োৱা সাহস কৰিলোঁ,

ক। চৰকাৰী প্ৰশাসনিক ব্যৱস্থাক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰা প্ৰৱণতা :  সাম্প্ৰতিক গণতান্ত্ৰিক শাসন ব্যৱস্থাত শাসকীয় প্ৰতিটো ৰাজনৈতিক দলেই নিজৰ শাসনকালত নিজস্ব দলীয় ৰাজনৈতিক আৰ্দশক সমাজত সজোৰে প্ৰতিষ্ঠা কৰিবলৈ বিভিন্ন আঁচনি গ্ৰহন কৰাটো এক স্বাভাৱিক ৰাজনৈতিক নিয়মত পৰিণত হৈছে বুলি ক’লেও অত্যুক্তি কৰা নহব আৰু এনে চিন্তাত আঁচনি সমূহ সুচাৰুৰূপে ৰূপায়ণ কৰিবলৈ চৰকাৰী প্ৰশাসন ব্যৱস্থাত নিজস্ব দলীয় অনুগত থকাটো প্ৰতিটো শাসকীয় ৰাজনৈতিক দলৰ বাবেই অতিকৈ জৰুৰী হৈ পৰে। আৰু এনে দলীয় অনুগত প্ৰশাসক সৃষ্টি কৰিবলৈ ৰাজনৈতিক দল সমূহে অতি সহজতেই  স্থানীয় লোক সেৱা আয়োগ সমূহক লক্ষ্য কৰি লয় বা লোৱাটো স্বাভাৱিক, যাৰ পৰিপ্ৰেক্ষিতত লোক আয়োগ সমূহত স্বচ্ছ নিয়োগৰ ধাৰণাটো অতি সহজে এক অমূলক ভ্ৰান্ত্ৰ ধাৰণালৈ পৰিৱৰ্তিত হয়।

ইয়াৰ ওপৰিও প্ৰতিটো ৰাজনৈতিক দলৰ বাবে নিজস্ব শাসন কালত নিজৰ আত্মীয় কুটুম্বৰ লগতে ৰাজনৈতিক অনুগতক সংস্থাপিত কৰাটো যেন এক অঘোষিত প্ৰতিযোগিতাহে আৰু এনে প্ৰতিযোগিতামূলক প্ৰৱণতা বৰ্তমান সময়ত প্ৰতিটো ৰাজনৈতিক দলৰ মাজতেই কম পৰিমাণে দেখা পোৱা যায়। এনে চিন্তাত মেধাক একাষৰীয়া কৰি ৰাজনৈতিক শক্তিৰে বিভিন্ন কৌশলেৰে আত্মীয় কুটুম্ব বা ৰাজনৈতিক অনুগতক সংস্থাপিত কৰাটো অনিয়মৰ এক নতুন নিয়ম হৈ পৰে।

উপৰোক্ত আলোচনা ধাৰা আমি এটাই কথাই স্পষ্ট কৰিব বিচাৰিছোঁ সেইটো হ’ল চৰকাৰী প্ৰশাসন ব্যৱস্থাকে আদি কৰি সমূহ চৰকাৰী বিভাগৰ নিয়োগ ব্যৱস্থা ৰাজনৈতিক চিন্তাৰ উৰ্ধত, মেধাভিত্তিক হওঁক আৰু সমাজ উত্তৰণ বা ৰূপান্তৰৰ স্বাৰ্থত এনে সৎসাহসৰ পৰিচয় প্ৰতিটো আধুনিক মনৰ ৰাজনৈতিক দলে বৰ্তমান সময়ত দাঙি ধৰাটো অতিকৈ জৰুৰী বুলি আমি ব্যক্তিগতভাৱে অনুভৱ কৰোঁ। 

খ। সমাজৰ অযুক্তিবাদী অবৈজ্ঞানিক চিন্তাধাৰা আৰু সস্তীয়া ভোগবাদী চিন্তাৰ প্ৰতি যুৱ চামৰ আৰ্কষণ: আমি ব্যক্তিগতভাৱে এটা তত্ত্বক গভীৰভাৱে বিশ্বাস কৰোঁ যে সমাজৰ প্ৰতিটো ৰাজনৈতিক, অৰ্থনৈতিক আৰু শৈক্ষিক প্ৰতিষ্ঠান সমাজখনৰ প্ৰতি তেতিয়ালৈকেহে দায়িত্বশীল হৈ থাকে যেতিয়ালৈকে সেই অনুষ্ঠানসমূহৰ প্ৰতিও সমাজে নিজৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু শৈক্ষিক দায়িত্ব ও কতৃত্ত্ব সাহসেৰে অটুত ৰাখে। কিন্তু বৰ্তমান সময়ত পুঁজিগত চিন্তাৰ দ্ৰুত আগ্ৰাসনত ওপৰত উল্লেখ কৰা  চিন্তাৰ প্ৰাসংগিকতা দিনক দিনক দিনে হ্ৰাস পোৱা যেন আমাৰ অনুভৱ হয় আৰু ইয়াৰ বাবে সমাজৰ বুজন সংখ্যক লোকৰ অবৈজ্ঞানিক চিন্তাৰ লগতে  অতি সহজে ভোগবাদী চিন্তাক প্ৰশ্ৰয় দিব পৰা মানসিকতাকে মুখ্যত জগৰীয়া কৰিব পাৰি। সহজ অৰ্থত কবলৈ গ’লে এখন ভোগসবস্ব সমাজত ন্যায় বিচৰাটোৱে বৰ্তমান এক গুৰুত্ব অন্যায়।

শেহতীয়া অসম লোক সেৱা আয়োগৰ কেলেংকাৰীত ওপৰোক্ত চিন্তা সমূহ সুন্দৰকৈ স্পষ্ট হৈছে বুলি আমি জ্ঞান কৰোঁ। কিন্তু অতি পৰিতাপৰ কথাটো হ’ল বৰ্তমান সময়ত এই ভোগবাদী চিন্তাৰে আমাৰ শিক্ষিত যুৱ চামেও নিজক দীক্ষিত কৰিবলৈ কুণ্ঠাবোধ নকৰি নিজৰ বৌদ্ধিক চিন্তাক অতি হত্যা সহজে হত্যা কৰিব ধৰিছে, যাৰ পৰিপ্ৰেক্ষিতত অতি সহজে ধন ঘটা, অতি সহজে নিজক (অন্যায়  উপায়েৰে হলেও) সংস্থাপিত কৰা আদি মানসিকতা সমূহ সমাজত গাঁ কৰি উঠিছে। সেয়েহে এনে জটিল পুঁজিসবস্ব পৰিৱেশত যুৱশক্তিক সঠিক মানৱ উত্তৰণৰ পথ নিৰ্দেশ কৰা স্বাৰ্থত বৰ্তমানৰ সমাজখন যুক্তিবাদী চিন্তাৰে অধিক দায়িত্বশীল হোৱা প্ৰয়োজন আছে বুলি আমি ব্যক্তিগতভাৱে অনুভৱ কৰোঁ।

গ। আয়োগৰ সময়ভিত্তিক সামূহিক বৈজ্ঞানিক পৰ্য্যালোচনাৰ অন্তত পুনৰ গঠনৰ বাবে প্ৰয়োজনীয় সাহসী সিদ্বান্ত লোৱাত ৰাজনৈতিক শাসক দল সমূহৰ ৰাজনৈতিক বিচক্ষণতাৰ অভাৱ :
শেহতীয়াকৈ অসম লোক সেৱা আয়োগৰ কেলেংকাৰীৰ তদন্তই এক বিশেষ গতি লাভ কৰিছে আৰু এই কথা আমি আগতেই উল্লেখ কৰিছোঁ যে ই অসমৰ সমাজ ব্যৱস্থাত এক সুদূৰ প্ৰসাৰী যোগাত্মক প্ৰভাৱ পেলাব। কিন্তু বৰ্তমান সময়ত পৰিস্কাৰ হোৱা অসম লোক সেৱা আয়োগৰ চৰম অৱক্ষয়ক প্ৰাৰম্ভণিতেই প্ৰতিৰোধ কৰিব নগ’ল হেতেন নে? এনে প্ৰশ্নও আমাৰ মনলৈ অহাটো নিশ্চয়কৈ অপৰাধ হব নোৱাৰে।

আমি যদি আজিৰ পৰা কিছু বছৰ পিছলৈ উভতি চাওঁ তেন্তে দেখিম যে অসম লোক সেৱা আয়োগৰ নিয়োগ ব্যৱস্থাৰ কেলেংকাৰীৰ অভিযোগ বহু পুৰণি। আৰু বহু সময়ত এই অভিযোগ সমূহৰ তদন্তৰ দাবীও সজোৰে উত্থাপিত হৈ আহিছে।

আমাৰ হাতত থকা তথ্যমতে ২০০১ বৰ্ষত তেতিয়াৰ মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ তৰুণ গগৈ ডাঙৰীয়াৰ নিৰ্দেশত অসম লোক সেৱা আয়োগৰ বিভিন্ন অভিযোগ সমূহৰ তদন্তৰ বাবে অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া প্ৰয়াত তপন লাল বৰুৱাৰ অধ্যক্ষতাত এখন এজনীয়া তদন্ত কমিটি গঠন কৰা হৈছিল আৰু এই কমিটিয়ে ২০০১ চনৰ ৩১ ডিচেম্বৰত নিজৰ প্ৰতিবেদন দাখিল কৰিছিল। এই প্ৰতিবেদনত প্ৰয়াত বৰুৱা দেৱে দুটা মুখ্য কাৰিকৰী পৰামৰ্শ লগতে আন ৫০ টি অনন্যা পৰামৰ্শ আগবঢ়াইছিল য’ত আয়োগৰ পৰীক্ষা পদ্ধতিৰ পুনৰ পৰ্য্যালোচনাৰে সংশোধনৰ বিষয়টোও সংযুক্ত কৰা হৈছিল। আজি তাৰিখত এই পৰামৰ্শৱলী তেতিয়াৰ চৰকাৰ খনে কিমান সহৃদয়ৰে গ্ৰহণ কৰিছিল সি নিশ্চয়কৈ এক সন্দেহৰ বিষয় কিয়নো আমি বিশ্বাস কৰোঁ যে সেই পৰামৰ্শৱলী সমূহ এটা দশক আগতেই চৰকাৰখনে ৰূপায়ণৰ ব্যৱস্থা কৰা হ’লে আজি অসম লোক সেৱা আয়োগৰ এই অৱস্থা কাহানিও নহ’ল হয়, এইক্ষেত্ৰত আমি আগৰ চৰকাৰখনৰ ৰাজনৈতিক বিচক্ষণতাৰ অভাৱ বুলিয়েই কব লাগিব।  
অতি শেহতীয়াকৈ ২০১৫ চনত, ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া শ্ৰদ্ধাৰ মদন প্ৰসাদ বেজবৰুৱা অধ্যক্ষতাত গঠিত কমিটিয়ে অসম চৰকাৰৰ হাতত অসম লোক সেৱা আয়োগৰ পুনৰ গঠন বিষয়ত “REPORT OF THE COMMITTEE ON COMBINED COMPETITIVE EXAMINATION REFORMS,2015”  শীৰ্ষক আন এক প্ৰতিবেদন দাখিল কৰিছে। এই প্ৰতিবেদনত অসম লোক সেৱা আয়োগৰ অধীনত অনুষ্ঠিত হোৱা সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ সকলো দিশ যেনে প্ৰাৰম্ভিক পৰীক্ষা, মূল পৰীক্ষা, উত্তৰ বহী মূল্যায়ণৰ পদ্ধতি, সাক্ষাৎকাৰ পদ্ধতি আদিক সাঙুৰি এক বিস্তৃত অধ্যয়নৰ লগতে প্ৰতিটো ক্ষেত্ৰৰ বাবে সুনিদিষ্ট পৰামৰ্শৱলীও ও অনুমোদন আগবঢ়াইছে। আজিৰ আলোচনাত এই প্ৰতিবেদনৰ প্ৰতিটো পৰামৰ্শ বা অনুমোদনৰ ওপৰত বিস্তৃত আলোচনা কৰাটো সম্ভৱ নহব সেয়েহে আমি সাম্প্ৰতিক প্ৰেক্ষাপটত গঠনাত্মক দৃষ্টিকোনৰ পৰা গুৰুত্বপূৰ্ণ বুলি ভৱা কিছু নিদিষ্ট অনুমোদনক প্ৰতিবেদনৰ পৰা অসম্পাদিত ৰূপত তলত দাঙি ধৰা চেষ্টা কৰিলোঁ,
9. Recommendation
                The Committee endorses here the views of the Commission regarding question paper setting, moderation and printing. The Commission feels that in this area intervention is required only in respect of the venue of question paper setting. At present, the experts set the question papers sitting at their residences or at workplaces. Such practice is not satisfactory and we would like to recommend that question paper setting job should be done IN-HOUSE i.e. inside the Commission office complex. At present the commission has adequate space for the purpose. But 43 the experts, who are in serving personnel, do not get leave for this job. We would like to suggest that more and more retired persons should be engaged and for the serving personnel, government should modify rules to enable their participation.
10. Recommendation
                The Committee understands that the Commission has put in place a lot of measures to prevent any leakages. But public impression is an important factor; in this case, the image of the APSC is very poor and public confidence in the efficacy of the system is also very low. The effectiveness of any system in place depends on the reputation of human elements that make the system work. Thus, what counts actually is the integrity and commitment of the persons handling the sensitive matters. The Committee therefore recommends that the placement of persons to handle sensitive matters should be thoroughly checked and no person who has any background of criminal records, disciplinary proceedings, corruption charges, etc shall be engaged at any of the stage of the Examination. Persons handling confidential matters should be screened, selected not necessarily on seniority and not allowed to be in that position for too long. This will go a long way to restore the image of the Commission.


11. Recommendation (Para 7.3 & 7.4)
                (i) We strongly recommend that as mentioned in many orders of the Hon’ble courts, government should frame clear rules and procedure for selection of Chairman and Members of the APSC. The TLBC has outlined a procedure for such selection and has given the rationale for such recommendation (TLBC Recommendations no. 1-6). We endorse the recommendations with the following modification.
                A Search Committee will be formed with the Chief secretary as Chairman and the State Vigilance Commissioner and a nominee of the Chief justice of the High Court not below the rank of District Judge as members to prepare a panel of names for appointment as members of APSC as and when vacancy arise for submission to the Chief Minister. The Committee will also prepare a similar panel for appointment as Chairman of APSC. A Committee of CM as Chairman and Leader of the Opposition and a nominee of the Chief Justice of the High Court as members will select a name for recommendation to the Governor for appointment as Chairman. The nominee of the Hon’ble Chief justice in the committee should be a person of eminence in public life or one qualified to be a judge of the High Court.

      গতিকে বতৰ্মান সময়ত অসমৰ প্ৰশাসনিক ব্যৱস্থাটোক পুনৰ বাৰ বৈজ্ঞানিক চিন্তাৰে গতিশীল কৰা স্বাৰ্থত এই দুই কমিটিৰ; তপন লাল বৰুৱা কমিটি আৰু মদন প্ৰসাদ বেজবৰুৱা কমিটিৰ পৰামৰ্শৱলী সমূহক অতি সোনকালে ৰূপায়ণ কৰা প্ৰয়োজন বুলি আমি ব্যক্তিগতভাৱে অনুভৱ কৰোঁ আৰু ইয়াৰ বাবে প্ৰয়োজনত বৰ্তমানৰ পৰিৱৰ্তনকামী চৰকাৰখনে এখন উচ্চ পৰ্য্যায়ৰ “ৰূপায়ণ কমিটি” গঠন কৰি দিব পাৰে। সাম্প্ৰতিক সময়ত এনে সিদ্ধান্তৰে বতৰ্মানৰ চৰকাৰ খনে নিজৰ স্বচ্ছ ৰাজনৈতিক বিচক্ষণতাৰ সময়োপযোগী পৰিচয় দিব বুলি অতি আন্তৰিকতাৰে আশা কৰিলোঁ।
শেষত বৰ্তমানৰ অসম লোক সেৱা আয়োগ খনত এজন স্থায়ী অধ্যক্ষ নিযুক্তিৰে এখন মজবুত পুণাংগ কমিটি গঠন কৰিবলৈ পৰিৱৰ্তনকামী চৰকাৰক অনুৰোধ জনালোঁ আৰু লগতে যদিহে আইনী বাধা নাই তেন্তে দাগী অপৰাধীৰ নামো সন্মানীয় অসম লোক সেৱা আয়োগৰ website পৰা বিলুপ্তি ঘটাবলৈ চৰকাৰৰ সংশ্লিষ্ট পক্ষক অনুৰোধ জনাই আজি আমাৰ লেখা ইমানতে সামৰিলোঁ।
লেখাটি নিয়মীয়া বাৰ্তাটো প্ৰকাশ পাইছে।

No comments:

Post a Comment