চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মুছলমান জনজীৱনত মেলা আৰু সম্প্ৰীতিৰ সূতা
ৰেহনা চুলতানা
মেলা হ'ল এনেকুৱা এক অনুষ্ঠান য'ত সামাজিক, ধৰ্মীয়, বাণিজ্যিক বা অন্যান্য কাৰণত কোনো এটা স্থানত অনেক মানুহৰ সমাগম হয়। মেলা শব্দটিৰ মাজত মিলনৰ পূৰ্ণ প্ৰাপ্তি থাকে। মেলা মূলতঃ মিলনৰ, আনন্দৰ মিলনভূমি য'ত বহুলোকৰ মিলন ঘটে। মেলাৰ সৈতে গ্ৰামীণ জনসমষ্টিৰ কৃষ্টি আৰু সংস্কৃতিৰ যোগাযোগ নিবিড়। মেলা সকলো জাতি, ধর্মৰ মানুহৰ সংস্কৃতিৰ সমন্বয়। এই মেলাক কেন্দ্ৰ কৰি গ্ৰামীণ জীৱনত আহে প্ৰাণচাঞ্চল্য। 
উৎসৱ আৰু মেলাৰ মাজত নিবিড় সম্পৰ্ক বিদ্যমান। উৎসৱ হ'ল জাতিৰ প্ৰাণ আৰু মেলা হ'ল উৎসৱৰ বহিঃপ্ৰকাশ। উৎসৱৰ মাজতেই মেলাৰ অৱস্থান। লোকউৎসৱক কেন্দ্ৰ কৰি বা লোক দেৱ-দেৱীৰ পূজা-পাৰ্বনক কেন্দ্ৰ কৰি দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত মেলা হৈ থাকে। মেলাৰ সৈতে ধৰ্মীয় প্ৰভাৱ জড়িত হৈ থাকে। অৱশ্যে বিভিন্ন ধৰ্মীয় ভাবনাৰ পৰা মেলাৰ উদ্ভৱ হ'লেও মেলা কোনো বিশেষ ধৰ্মৰ মাজত সীমাবদ্ধ নাথাকে। ধৰ্মীয় গণ্ডী অতিক্ৰম কৰি সেয়া জাতি ধৰ্ম নিৰ্বিশেষে সকলো মানুহৰে মিলক্ষেত্ৰত ৰূপ লয়। মেলাৰ বৈশিষ্ট্য হ'ল মেলাই মানুহক বিচ্ছিন্ন নকৰে, পৰস্পৰ বিৰোধী কৰি নোতোলে। তাৰ পৰিৱৰ্তে মেলাই মানুহৰ ধৰ্মীয় ভাবনাৰ মানুহৰ মাজত আত্মীয়তা অনুভৱ কৰাত অৰিহণা যোগায়, মেলাৰ জৰিয়তে মানুহ একাত্ম হৈ পৰে।

মেলা বিভিন্ন ধৰণৰ হ'ব পাৰে অৰ্থাৎ বিভিন্ন উপলক্ষ্যক কেন্দ্ৰ কৰি মেলা অনুষ্ঠিত হয়। যেনে-

১) ধৰ্মীয় উপলক্ষে অনুষ্ঠিত মেলা

২) কৃষি উৎসৱ উপলক্ষে অনুষ্ঠিত মেলা

৩) ঋতুভিত্তিক মেলা

৪) সাধু- সন্ত, ভক্তৰ মিলন উপলক্ষে অনুষ্ঠিত মেলা

৫) জাতীয় জীৱনৰ বিভিন্ন বৰেণ্য ব্যক্তি; যেনে- কবি সাহিত্যিক, ৰাজনীতিবিদ, দাৰ্শনিক ইত্যাদিৰ স্মৰণোৎসৱ উপলক্ষে স্মাৰক মেলা

৬) জাতীয় দিৱসসমূহ উদযাপন উপলক্ষে অনুষ্ঠিত সাংস্কৃতিক মেলা

৭) বাণিজ্যিক সামগ্ৰী প্ৰদশনী আৰু বিক্ৰী মেলা

৮) গ্ৰন্থ মেলা

বিভিন্ন উপলক্ষে মেলা হয় যদিও অধিকাংশ মেলা সামাজিক আৰু ধৰ্মীয় আচাৰ অনুষ্ঠানৰ মাজত অনুষ্ঠিত হয়। হিন্দু ধর্মৰ মাজত হিন্দু দেৱ-দেৱীৰ পূজা উৎসৱক আৱৰ্তিত কৰি অনুষ্ঠিত হয় অনেক মেলা। দুৰ্গাপূজাৰ মেলা, দশমী মেলা, কালীপূজাৰ মেলা, শিৱৰ মেলা,অ ৰাস মেলা, লক্ষ্মী পূজাৰ মেলা, চড়ক পূজাৰ মেলা, বাঁশপূজাৰ মেলা, কামাখ্যাধামৰ মেলা আদিৰ লগতে হিন্দু ধর্মৰ বিভিন্ন পূজা উপলক্ষে অনুষ্ঠিত মেলাক উদাহৰণস্বৰূপে দেখুৱাব পাৰি।

মেলাত যেনেকৈ বিভিন্ন মানুহৰ সহৱস্থান ঘটে তেনেকৈ আত্মীয় পৰিজনৰ সমাগম হয়। ফলত এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয়। মেলা উপলক্ষে বিভিন্ন ঠাইত গান-বাজনা, নৃত্য-গীত, লোকনাট, পালাগান, বিভিন্ন ধৰণৰ লোকখেল আদি অনুষ্ঠিত হয়, যিবোৰেই মেলাৰ আকৰ্ষণৰ বিন্দু হৈ পৰে।

ইছলামধৰ্মী লোকসকলৰ মাজতো বিভিন্ন উপলক্ষে বিভিন্ন সময়ত বিভিন্ন মেলা অনুষ্ঠিত হৈ থাকে। মুছলমান সমাজত অনুষ্ঠিত মেলাবোৰে এফালে যেনেকৈ তেওঁলোকৰ সাংস্কৃতিক পৰিচয় বহন কৰে তেনেকৈ এই মেলাক কেন্দ্ৰ কৰি তেওঁলোকৰ ধৰ্মীয় দিশটোও উন্মোচিত হয়। মেলাক কেন্দ্ৰ কৰি গ্ৰামীণ জনজীৱনত নামি আহে উৎসৱৰ ঢল। মুছলমান জনসমাজত অনুষ্ঠিত মেলাৰ ভিতৰত ধৰ্মীয় উৎসৱ উপলক্ষে অনুষ্ঠিত মেলা, উৰুছ মেলা, বাণিজ্যিক মেলা আদিয়েই প্ৰধান। এই মেলাবোৰৰ লগত সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো পতা হয়।

ঈদৰ মেলা: মুছলমান সম্প্ৰদায়ৰ প্ৰধান ধৰ্মীয় উৎসৱ হৈছে ঈদ: ঈদ উল ফিতৰ আৰু ঈদ উজ জ্জ্বোহা। মুছলমানসকলৰ এই দুই ঈদ উপলক্ষে ঈদৰ দিনাখনৰ পৰাই অৰ্থাৎ ঈদৰ নামাজৰ পিছৰ পৰাই বিভিন্ন ঠাইত মেলা অনুষ্ঠিত হয়। বেলুন, খেলনা সামগ্ৰী, ৰং-বিৰঙৰ পুতুলা, জিলেপী আদি এই মেলাৰ মূল আকর্ষণ। মেলাৰ লগত সংগতি ৰাখি লটাৰী খেল অনুষ্ঠিত কৰা হয়। বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আদিও এই মেলা উপলক্ষে পতা হয়। এই মেলা মূলতঃ বাণিজ্যিক।

মহৰমৰ মেলা: মহৰম মুছলমান সম্প্ৰদায়ৰ পৱিত্ৰ উৎসৱ। মহৰম মাহৰ দহ তাৰিখে কাৰবালাত নবীজী হজৰত মহম্মদৰ (ছ:) নাতি হোসেনক নির্মমভাৱে হত্যা কৰা হৈছিল। এই হৃদয়বিদাৰক ঘটনাৰ বেদনাদায়ক স্মৃতাৰ্থে (বিশেষকৈ ছিয়া সম্প্ৰদায়ৰ মাজত) মুছলমানসকলে মহৰম মাহৰ দহ তাৰিখে পবিত্ৰ মহৰম উৎসৱটি পালন কৰে। উৎসৱৰ দিনা তেওঁলোকে 'হায় হোসেন, 'হায় হোসেন' বুলি বুকুত চপৰিয়াই শোক প্ৰকাশ কৰে। এই মহৰম উপলক্ষে মুছলমান অধ্যুষিত এলেকাত প্ৰতি বছৰে বিভিন্ন মেলা অনুষ্ঠিত হয়। মহৰম উপলক্ষে অনুষ্ঠিত মেলাত বিভিন্ন ঠাইত লাঠিখেল অনুষ্ঠিত হয়। জাৰী গীত, পালা গান, বিভিন্ন লোক-সাংস্কৃতিক অনুষ্ঠান এই মেলাৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰে।

উৰুছ মেলা: মুছলমান জনজীৱনত প্ৰভাৱ পেলোৱা সকলো ধৰণৰ মেলাৰ ভিতৰত উৰুছ উপলক্ষে পতা মেলাৰ প্ৰভাৱ বেছি। উৰুছ মেলাবোৰে বিশেষকৈ মাজাৰ কেন্দ্ৰিক হয়। গুৰুৰ(পীৰ) তিৰোধান দিৱসকে উৰুছৰ মাধ্যমেৰে ভক্তসকলে পালন কৰে। প্ৰত্যেকটো উৰুছ মেলাৰ চৰিত্ৰ প্ৰায় একে ধৰণেই হয়। এই মেলাত বহুত দূৰ-দূৰান্তৰ পৰা ভক্ত-শিষ্যসকলৰ সমাগম হয়। বিভিন্ন ধৰ্মালম্বী লোকৰ আগমন হয় এই মেলাত। মেলা উপলক্ষে জলসা, ধৰ্মীয় বক্তৃতা, মাৰ্ফতী গান, গজল, জাৰী গান আৰু কৰবাত কৰবাত সাংস্কৃতিক অনুষ্ঠান আদিও পতা হয়। বহুত ফকিৰ দৰবেশৰ সমাগম ঘটে মেলাত। ছিন্নী (প্ৰসাদ) হিচাপে খিচিৰি বিতৰণ কৰা হয়। এই মেলাত বহু হিন্দু শিষ্যসকলৰ লগতে ভক্তসকলৰো সমাগম ঘটে। প্ৰত্যেকটো মাজাৰত পীৰসকলৰ অলৌকিক কীৰ্তিকলাপৰ নিদৰ্শন ভক্তসকলে পৰিৱেশন কৰে। গুৱাহাটীৰ গাড়ীগাঁও মাজাৰৰ উৰুছ মেলা, জলেশ্বৰৰ মাজাৰৰ উৰুছ মেলা, বিলাসীপাৰাৰ হাসানীয়া দৰগাহ শ্বৰীফৰ পবিত্ৰ মেলা আদি সৰ্বজনবিদিত। কেইবাদিন জুৰি হোৱা এই উৰুছ মেলাত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন লোকৰ সমাগম ঘটে। মেলাৰ শেষৰ দিনা বিশ্ববাসীৰ বাবে ভক্তসকলে আখেৰী দোৱা জনায়। সমস্ত ভক্তবৃন্দই হালকা-জিকিৰ গায়, পীৰৰ বন্দনা কৰে।

মুছলমান সকলৰ মাজত বিভিন্ন ফৈদৰ লোক আছে। তেওঁলোক বিভিন্ন পন্থাত বিশ্বাসী। কিছুমান ফৈদৰ মানুহে পীৰৰ ওচৰত শৰণ লয়। তেওঁলোকৰ জীৱনত পীৰৰ প্ৰভাৱ গুৰুত্বপূৰ্ণ। পীৰৰ ইচ্ছা, পীৰৰ হকা-বধা তেওঁলোকে আখৰে আখৰে পালন কৰে। পীৰৰ মুখৰ কথাই তেওঁলোকৰ ধৰ্ম। পীৰ ধৰা এই ভক্ত শিষ্যসকলেও মিলিত হৈ মাজাৰৰ বাহিৰেও অন্য স্থানত বা পীৰৰ ঘৰতে উৰুছ মেলা পাতে য'ত পীৰৰ গুণ-গৰিমাই দিনে ৰাতিয়ে চলে। 

পুষুৰা মেলা: মাঘ বিহু উপলক্ষে মুছলমান অধ্যুষিত এলেকাত এই মেলা পাতে। সপ্তাহ যোৰা পতা এই মেলাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে বিভিন্ন ধৰণৰ লোকখেল। বিশেষকৈ লাঠিবাৰী খেল, নাওখেল, ম'হযুঁজ, কণী খেল আদি বিভিন্ন লোকখেল আদিৰ লগতে অন্যান্য লোকসাংস্কৃতিক অনুষ্ঠান আদিও পতা হয় এই মেলা উপলক্ষে। বিগত ৪০বছৰ ধৰি বৰপেটা জিলাৰ মেধেৰটেৰী অঞ্চলত এই মেলা পালন কৰি অহা হৈছে। অন্যান্য ঠাইতো এই মেলা পতা দেখা যায়।

মুছলমান জনজীৱনত মেলাৰ প্ৰভাৱ অতিকৈ ব্যাপক। বিভিন্ন উৎসৱ অনুষ্ঠান উপলক্ষে বিভিন্ন ঠাইত মেলা পতা হয় । এইসমূহ মেলাৰ লগতে মুছলমানসকলে ৰাস মেলা, দুৰ্গা পূজাৰ মেলা আদি হিন্দু ধর্মৰ অন্যান্য মেলাৰ লগতো ওতঃপ্ৰোতভাৱে জড়িত। এই আটাইবোৰ মেলা উৎসৱৰ লগতে বৰ্তমান সময়ত প্ৰায়ে বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ বাণিজ্যিক মেলাৰো আয়োজন কৰা হয়। বিশেষকৈ ব্যৱসায়িক স্বাৰ্থত পতা এইবোৰ মেলাত বিভিন্ন স্থানীয় হাতে বনোৱা সামগ্ৰীৰ ক্ৰয় বিক্ৰী কৰা হয়। ফলত এফালে যেনেকৈ এইবোৰ বিক্ৰী কৰি মানুহবোৰ লাভৱান হয় ঠিক তেনেকৈ স্থানীয় শিল্পবোৰ জীয়াই ৰখাতো সহায় হয় বুলি আমি ভাবো। ইয়াৰোপৰি, অতি সম্প্ৰতি মুছলমান সমাজত মাজে মাজে গ্ৰন্থ উৎসৱ অথবা গ্ৰন্থমেলাও পতা পৰিলক্ষিত হয় যিটো সমাজখনৰ বাবে খুবেই ইতিবাচক বাৰ্তা। আনকি যাতায়ত- যোগাযোগৰ ক্ষেত্ৰত দুৰ্গম অসমৰ মুছলমান অধ্যুষিত চৰ-চাপৰি অঞ্চলতো বৰ্তমান সময়ত গ্ৰন্থমেলা খুব জাক-জমকতাৰে অনুষ্ঠিত হয়। বৰপেটা জিলাৰ বৃহত্তৰ কয়াকুচি অঞ্চলৰ গ্ৰন্থমেলা, কলগাছিয়াৰ গ্ৰন্থমেলা, মন্দিয়াৰ গ্ৰন্থমেলা, জনীয়াৰ গ্ৰন্থমেলা আদিৰ কথাকেই ইয়াৰ উদাহৰণ হিচাপে ল'ব পাৰি।

মেলা উৎসৱ হৈছে আনন্দ বিনোদনৰ অৱলম্বন। মুছলমান জনজীৱনত ইয়াৰ প্ৰভাৱ অতিকৈ ব্যাপক। মেলাৰ জৰিয়তে বিশেষ অঞ্চলৰ অৰ্থনৈতিক আৰু সামাজিক পৰিচয় পোৱা যায়। এই মেলাৰ জৰিয়তে লোকশিল্পৰ পৰিচয়ো পোৱা যায়। মেলা উপলক্ষে পতা বিভিন্ন লোক-সাংস্কৃতিক অনুষ্ঠান আদিয়ে যেনেকৈ এফালে লুপ্ত হ'বলৈ ধৰা সংস্কৃতিক জীয়াই ৰাখে ঠিক তেনেকৈ ই বিশেষ গোষ্ঠীৰ লোকৰ সংস্কৃতিক জনাৰ সুবিধা কৰি দিয়ে, বিশ্বজনীন কৰি তোলে যিটো খুবেই শুভ আৰু ইতিবাচক। কিন্তু সম্প্ৰতি মেলাক কেন্দ্ৰ কৰি বিশেষকৈ মুছলমান অধ্যুষিত অঞ্চলবোৰত জুৱা খেলৰ যি ঘাটি দেখা যায় সেয়া সমাজখনৰ বাবে খুবেই দুৰ্ভাগ্যজনক কথা। সেইদৰে মেলা বুলি ক'লে ভক্ত শিষ্যবৃন্দৰ বিড়ি, চিগাৰেট, হোকা, গাজা আদি মাদক দ্ৰব্য সেৱনৰ ঘাটি স্থল হ'ব নালাগে। মেলাৰ নামত ভক্তসকলৰ ভণ্ডামিৰ কথা বাদ দি আৰু কেৱল ব্যৱসায়িক স্বাৰ্থৰ কথাই মনত নাৰাখি মেলাৰ প্ৰকৃত উদ্দেশ্য আৰু তাৎপৰ্য মনত ৰাখি মেলা উৎসৱ পাতিলে নিশ্চয় সমাজৰ বাবে ই কেতিয়াও হানিকাৰক নহয়; বৰঞ্চ এই মেলা উপলক্ষে পতা বিভিন্ন লোক সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে আমাৰ সংস্কৃতি জীয়াই থাকিব, বিলুপ্তপ্ৰায় অনেক লোকশিল্প লুপ্ত হোৱাৰ পৰা ৰক্ষা পৰিব। ইয়াৰ উপৰি মেলাৰ জৰিয়তে বিভিন্ন ধৰ্মালম্বী লোকৰ মাজত ই সম্প্ৰীতিৰ সূতাডাল মজুত কৰিব।

লেখিকাঃ গৱেষক, গুৱাহাটী বিশ্ববিদ্যালয়, ‎ভ্রাম্যভাষ: ৮৮৭৬৭০৫৬৭০

No comments:

Post a Comment